মুখ্য বিভেদকাৰী
(‘ডিভাইডাৰ ইন চিফ’)
(প্রকাশ - ‘টাইম’, ২০-৫-২০১৯)


Image Description

৮(২)
(যোৱা সংখ্যাৰ পৰা)

২০১৪ চনত মোডীয়ে সাংস্কৃতিক ক্রোধক অর্থনৈতিক প্রতিশ্রুতিলৈ ৰূপান্তৰিত কৰিছিল। তেওঁ চাকৰি আৰু বিকাশৰ কথা কৈছিল। সমাজবাদী ৰাষ্ট্রৰ প্রতি লক্ষ্য কৰি তেওঁ সেই বিখ্যাত উক্তি কৰিলে, 'চৰকাৰে ব্যৱসায় কৰাৰ কোনো প্রয়োজন নাই।'

('Government has no business being in business.')

যদিও এতিয়া বিশ্বাস কৰিবলৈ টান লাগে, সেই নির্বাচনটো আছিল আশাৰ নির্বাচন। যেতিয়া দিল্লীৰ সাংবাদিকে মোডীৰ ভোটাৰক টোপ দিয়াৰ চলেৰে অযোধ্যাত মন্দিৰ নির্মাণ কৰাৰ কথা সুধিলে, তেওঁলোকে যথেষ্ট শক্তিশালীভাৱে উত্তৰ দিলে, 'তোমালোকে আমাক মন্দিৰৰ কথা কিয় সুধিছা, আমি তোমালোকক কৈছোঁৱেই যে আমি তেওঁক ভোট দিছোঁ, কাৰণ আমি বিকাশ বিচাৰোঁ।'

অযোধ্যা হৈছে সেইখিনি ঠাই য’ত ১৯৯২ চনত হিন্দু ৰাষ্ট্রীয়তাবাদী দলে হিন্দু মহাকাব্যৰ উপাস্য বীৰপুৰুষ ৰামৰ জন্মস্থানৰ ওপৰত অৱস্থিত বুলি ষোল্লশ শতিকাৰ এটা মছজিদ ধ্বংস কৰিছিল। মোডীৰ ২০১৪ চনৰ শ্লোগান আছিল, 'সবকা সাথ, সবকা বিকাশ।'

এই মাহত ভাৰতে যেতিয়া ভোট দিব, এই অর্থহীন শব্দবোৰৰ কথা কোনেও নাপাহৰে। অকল যে মোডীৰ অর্থনৈতিক ভেল্কিবাজী বাস্তৱায়িত হোৱাত বিফল হৈছে তেনে নহয়, তেওঁ ভাৰতত এটা বিষযুক্ত ধর্মীয় ৰাষ্ট্রীয়তাবাদৰ বাতাৱৰণ সৃষ্টিতো সহায় কৰিছে। তেওঁৰ এজন ডেকা দলীয় সতীর্থ তেজস্বী সূর্য্যই ২০১৯ চনৰ মার্চ মাহত লুকঢাক নকৰাকৈ কৈছে, 'যদি তুমি মোডীৰ লগত আছা, তেনেহ’লে তুমি ভাৰতৰ লগত আছা। যদি তুমি মোডীৰ লগত নাই, তেনেহ’লে তুমি ভাৰত-বিৰোধী শক্তিক সহায় কৰিছা।'

ভাৰতৰ মুঠ জনসংখ্যাৰ ১৪% মুছলিম ধর্মাৱলম্বী লোকৰ ওপৰত এটাৰ পাছত এটাকৈ হিংসাত্মক ঘটনাৰ পুনৰাবৃত্তি চলি থাকিল, য’ত উচ্ছৃংখল হিন্দু দলে প্রায়ে ৰাষ্ট্রযন্ত্রৰ সহযোগত হিন্দুৰ পৱিত্র চিহ্ন ‘গো-মাতা’ৰ নামত দলীয় হত্যাকাণ্ড চলাই গ’ল। এমাহমান নৌযাওঁতেই উচ্ছৃংখল হিন্দু দলৰ হাতত অসুৰক্ষিত মুছলিম নিধনৰ দৃশ্য স্মার্টফ'নত আহি যায়।

মোডীৰ ৰাজত্বকালৰ দীর্ঘস্থায়ী ছবিৰ ভিতৰত আছে ২০১৭ চনত তেজেৰে ৰাঙলী সাজেৰে মহম্মদ নইমৰ সেই বগা বিস্ফাৰিত চকু যি মাৰমুখী জনতাই মৰিয়াই মৰিয়াই হত্যা কৰাৰ আগে আগে হাতযোৰ কৰি নিজৰ প্রাণভিক্ষা কৰিছে। প্রতিটো এনে ঘটনাৰ সময়ত নেতৃত্বৰ একেই প্রতিক্রিয়া – সম্পূর্ণ নীৰৱতা। সাধাৰণ নীতি-নিয়ম আৰু শিষ্টতাৰ এনে অৱক্ষয় হ’ল যে মোডীয়ে এই হিংস্রতাৰ দিশ নিয়ন্ত্রণ কৰিব নোৱৰা হৈ পৰিল।

এবাৰ যেতিয়া ঘৃণাৰ অনুমোদন হ’ল, ইয়াৰ লক্ষ্যক একাষৰীয়া কৰি ৰখাটো সদায় সহজ হৈ নাথাকে, আৰু বিজেপিয়ে অতি ত্রাসেৰে আৱিষ্কাৰ কৰিলে যে যিখিনি মানুহ মুছলমানক আক্রমণ কৰিবলৈ ইচ্ছুক, সেই একেখিনি মানুহেই নিম্নজাতিৰ হিন্দুক আক্রমণ কৰিবলৈকো সাজু হৈ আছে। দলে সেই নিম্নজাতিৰ মানুহৰ ভোট হেৰুৱাব নিবিচাৰে, কিন্তু মোডীৰ গৃহ ৰাজ্যতে আটাইতকৈ বীভৎস ঘটনাটো ঘটিল ২০১৬ চনত, যেতিয়া উচ্চবর্ণৰ লোকে চাৰিজন নিম্নবর্ণৰ চামৰক গৰুৰ চাল চেলুৱাৰ কথিত অপৰাধত উলংগ কৰি ৰাস্তাইদি খোজ কঢ়াই লৈ যোৱাৰ লগতে লোহাৰ ৰ'ডেৰে কোবাইছিল।

মহিলাৰ ক্ষেত্রত মোডীৰ দৃষ্টিভংগী হৈছে ভাল-বেয়াৰ সংমিশ্রণ। এফালেদি মহিলাৰ বাবে বিশেষ সুবিধা প্রদান আৰু তেওঁলোকৰ সুৰক্ষা তেওঁৰ নির্বাচনৰ এটা মূল বিষয় আছিল (২০১৮ চনৰ এটা সমীক্ষা মতে মহিলাৰ বাবে ভাৰত হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ বিপজ্জনক দেশ); আনফালেদি তেওঁ আৰু তেওঁৰ দলৰ মানুহখিনি আছিল পিতৃতান্ত্রিক ধাৰণাৰ সমর্থক। ২০১৫ চনত তেওঁ বাংলাদেশৰ মুখ্যমন্ত্রী শ্বেখ হাসিনাক লৈ কৰা এটা মন্তব্যই হৈ চৈৰ সৃষ্টি কৰিছিল, যেতিয়া তেওঁ কৈছিল যে শ্বেখ হাসিনাৰ সন্ত্রাসবাদ দমনত বেছ সুনাম আছে, 'মহিলা হোৱা সত্ত্বেও'।

মোডীৰ সহকাৰী অমিত শ্বাহে নাৰীক দেৱীতুল্য বুলি কয়, যিয়ে নাৰীক মনে মনে ৰাখিব পাৰিলেহে সুখী হয়। অৱশ্যে মোডীয়ে এগৰাকী নাৰীকে প্রতিৰক্ষা মন্ত্রী হিচাবে নিয়োগ কৰিছে।

যদি এই বৈপৰীত্যৰ পশ্চিমীয়া স্বাধীনতাক একগোট কৰি লোৱা এখন সমাজৰ অসমানতাৰ এটা অংশ হয়, এই কথা ক'বই লাগিব যে মোডীৰ অধীনত - উদাৰনীতিৰ সমর্থক আৰু নিম্নবর্ণৰপৰা মুছলিম আৰু খ্রীষ্টিয়ানলৈকে - সকলো বিধৰ সংখ্যালঘুৱেই অত্যাচাৰৰ সন্মুখীন হৈছে।

সকলোৰে বিকাশৰ তেওঁৰ যি প্রতিশ্রুতি সেয়াতো দূৰৰ কথা, তেওঁ এনে এখন ৰাষ্ট্র গঢ়িলে য’ত ভাৰতীয়সকল তেওঁলোকৰ মাজৰ বিভেদক লৈ ক্রমবর্ধমান বিকাৰগ্রস্ততাত আক্রান্ত হৈছে। ২০১৪ চনত যদি তেওঁ বিভেদক আশাৰ বাতাৱৰণলৈ সলাবলৈ সমর্থ হৈছিল, ২০১৯ চনত তেওঁ জনতাক তেওঁলোকৰ মাজৰ বিভেদৰ বাবে জীয়াই থাকিবৰ বাবেই হতাশাক প্রতিহত কৰিবলৈ আহ্বান জনালে।

তেওঁ হয়তো আকৌ জিকিব – বিৰোধী দলটো বিশৃংখল অৱস্থাত আছে, যাৰ নেতৃত্বত আছে ৰাহুল গান্ধী - এজন কোনেও শিকাব নোৱৰা বিধৰ মধ্যমীয়া বুদ্ধিসম্পন্ন ব্যক্তি আৰু নেহৰুৰ বংশধৰ। কিন্তু মোডীয়ে ২০১৪ চনৰ অলীক সপোন আৰু আশাক পুনৰবাৰ প্রতিনিধিত্ব নকৰে।

তেতিয়া বিশ্বাস কৰিব নোৱৰা বিধৰ উজ্জ্বল ভৱিষ্যতৰ পটভূমিত তেওঁ আছিল এজন ত্রাণকর্তা, এটা অংশ হিন্দু নৱজাগৰণ, এটা অংশ দক্ষিণ কোৰিয়াৰ অর্থনৈতিক আঁচনি। এতিয়া তেওঁ প্রতিশ্রুতি মতে দিবলৈ বিফল হোৱা এজন ৰাজনীতিৰ মানুহ মাথোন, যি পুনৰ নির্বাচিত হ’ব বিচাৰে।

নির্বাচনটোৰ বিষয়ে যিয়ে নকওক লাগে, আশা সেই তালিকাত নাই। ২০১৪ চনৰ নির্বাচনত মই তীর্থনগৰী বাৰানসীৰপৰা সংবাদ প্রেৰণ কৰিছিলোঁ। জেৰুজালেম, ৰোম অথবা মক্কাৰ সৈতে সমপর্য্যায়ৰ বাৰানসীৰ হিন্দুৰ ওপৰত থকা প্রভাৱক পুনৰ উজ্জীৱিত কৰাৰ মানসেৰে মোডীয়ে তেওঁৰ পুনৰুত্থানৰ ৰাজনীতিৰ সৈতে খাপ খোৱাকৈ ইয়াকে তেওঁৰ সমষ্টি হিচাবে নির্বাচন কৰিলে।

সেই নির্বাচনটোৱে মোক দ্বিবিভিক্ত কৰে – এহাতেদি মই জানো যে জন্মসূত্রে মুছলিম সংযোগ (মোৰ পিতৃ এজন পাকিস্তানী মুছলিম) আৰু ইংৰাজী কোৱা অভিজাত শ্রেণীৰ এজন সদস্য হিচাবে মোডীয়ে আনিব খোজা দেশখনত মোৰ কোনো স্থান নাই; অন্যহাতেদি ভাৰতত ক্ষমতাৰ ৰূপ আৰু তাৰ অনুভৱসম্পর্কীয় মোডীৰ যি সাংস্কৃতিক বিশ্লেষণ তাৰ প্রতি মোৰ অনুকম্পাও আছে। উদাৰপন্থী অথবা বামপন্থী মানে কিছুসংখ্যক অভিজাত লোকৰ প্রতিপত্তি বুলি যি এক অপবাদ আছে সেয়া পশ্চিমত অপেক্ষাকৃতভাৱে নতুন আৰু বিতর্কৰ বিষয়।

ভাৰতত দশকৰ পাছত দশক জুৰি বামপন্থী অথবা উদাৰপন্থী মানে হৈছে বিশেষ ক্ষমতাৰ অধিকাৰী তেনেই ক্ষুদ্র এটা জনগোট। সাম্প্রতিক সময়ৰ আগলৈকে ভাৰতৰ সোঁপন্থীৰ মাজত ‘নিউ ইংলেণ্ড ৰিপাব্লিকান’ অথবা প্রাচীন আদৱ-কায়দাৰ ‘ট'ৰী’জাতীয় তেনে কোনো গোট নাছিল। এই কথা বুজিবলৈ সহজ যে বামপন্থী মানে খুব কমসংখ্যক ক্ষমতাশালী লোকৰ এটা এলেকা যাৰ সদস্যসকল হৈছে বিদেশৰ বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰা আৰু তাৰ শেহতীয়া ৰাজনৈতিক আৰু বৌদ্ধিক দস্তুৰ গ্রহণ কৰা লোক।

২০১৪ চনত মোডীয়ে ভাৰতীয় অভিজাত শ্রেণীটোক সাংস্কৃতিকভাৱে একাষৰীয়া কৰিবলৈ সক্ষম হোৱাটো দেখাত ৰাজনৈতিক আছিল - যাক বিদেশীৰ নেতৃত্বত ‘প্রকৃত’ ভাৰতক হেয় প্রতিপন্ন কৰিবলৈ কৰা ষড়যন্ত্রৰ এটা অংশ হিচাবে তেওঁ বুজাব খুজিছিল। তেওঁ দেখুৱালে যে দেশৰ ক্ষমতাশালী লোকখিনি এটা বুদবুদৰ মাজত বাস কৰে।

এইটো এটা কার্য্যকৰী বিধৰ ৰাজনৈতিক পদক্ষেপ, কিন্তু ই এই সত্যও লুকুৱাই ৰাখিলে যে ‘প্রকৃত’ ভাৰত নিজেই এটা বুদবুদৰ মাজত বাস কৰে। নেহৰুৱে সদায় এই কথা পৰিষ্কাৰকৈ জানিছিল যে ভাৰত যথার্থভাৱে নিজৰ দৰে হৈ থাকিলে ই কেতিয়াও আধুনিক ৰাষ্ট্র হ’ব নোৱাৰে। ইয়াক পশ্চিমক লাগিব; ইয়াক বিজ্ঞান আৰু প্রযুক্তিবিদ্যা লাগিব; আৰু সর্বোপৰি ই আঁকোৱালি ল’ব লাগিব বিজ্ঞান মনস্কতা, আৰু ইয়াৰ পৰম্পৰাগত জীৱনশৈলীত যি গুপুততা আৰু যাদুৰ প্রভাৱ আছে তাৰপৰা ই দূৰত থাকিব লাগিব।

মোডীয়ে নজনাকৈয়ে হওক বা জানি-শুনিয়ে হওক, এনে এটা বিভ্রান্তিকৰ মানসিক পৰিৱেশৰ সৃষ্টি কৰিলে, যি পৰিৱেশত এতিয়া ভাৰতে বিশ্বাস কৰে যে দক্ষিণ কোৰিয়াৰ দৰে উন্নতি কৰিবলৈ হ’লে প্রাচীন ভাৰতৰ গৰিমাৰ মাজেৰে গতি কৰিলেহে সেয়া সম্ভৱ হ’ব। ২০১৪ চনত মোডীয়ে চিকিৎসক আৰু চিকিৎসা বৃত্তিৰ সৈতে জড়িত লোকৰ মুম্বাইত অনুষ্ঠিত এখন সভাত এই ইংগিত দিছিল যে প্রাচীনকালত ভাৰতীয়সকলে জেনেটিক বিজ্ঞান আৰু প্লাষ্টিক ছার্জাৰিৰ কৌশল জানিছিল।

তেওঁ হিন্দু দেৱতা গণেশৰ বিষয়ে কৈছিল, 'আমি ভগৱান গণেশক পূজা কৰোঁ। সেই সময়ত নিশ্চয় কোনোবা প্লাষ্টিক ছার্জন আছিল যি মানুহৰ দেহত এটা হাতীৰ মূৰ সংস্থাপন কৰিছিল আৰু প্লাষ্টিক ছার্জাৰিৰ অনুশীলন আৰম্ভ কৰিছিল।'

ৰাজনীতি আৰু অর্থনীতিৰপৰা ভাৰতবিদ্যালৈকে সকলো ক্ষেত্রতে মোডীৰ নেতৃত্ব দিব পৰা বিশেষ সক্ষমতা আছে, যাৰদ্বাৰা তেওঁ ভাৰতক গভীৰ বৌদ্ধিকতা-বিৰোধৰ দিশে আগুৱাই নিছে। হিন্দু ৰাষ্ট্রীয়তাবাদী মতাদর্শৰ স্বামীনাথন গুৰুমূর্তিক তেওঁ ভাৰতীয় ৰিজার্ভ বেংকৰ ব'র্ডৰ সদস্য হিচাবে নিযুক্তি দিলে। এই মানুহজনসম্পর্কে ক'লম্বিয়াৰ অর্থনীতিবিদ জগদীশ ভাগৱতীয়ে কৈছিল, 'যদি তেওঁ অর্থনীতিবিদ, তেনেহ’লে মই ভাৰতনাট্যমৰ নর্তক।'

এই গুৰুমূর্তিয়েই ক’লা-টকাৰ উপদ্রৱৰপৰা ৰক্ষা পোৱাৰ উপায় হিচাবে ২০১৬ চনত ৮৬% ভাৰতীয় বেংকনোট ৰাতিটোৰ ভিতৰতে অপ্রচলিত কৰিবলৈ পৰামর্শ দিছিল বুলি ভবা হয়, যাৰদ্বাৰা এটা বৃহৎ অর্থনৈতিক বিশৃংখলতাৰ সৃষ্টি কৰা হ’ল আৰু তাৰপৰা দেশখনে এতিয়াও গা-কৰি উঠিব পৰা নাই।

মোডীয়ে এতিয়া এক অসুখীয়া ৰাষ্ট্রীয়তাবাদৰ বাতাৱৰণত ক্ষমতা ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰু তাৰ ক্ষেত্রখন অর্থনৈতিক বিকাশতকৈ ৰাষ্ট্রীয় সুৰক্ষাৰ সৈতেহে জড়িত আৰু সাম্প্রতিক সময়ৰ ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনাৰপৰা এই লাভ উঠাবলৈ চেষ্টা কৰা হৈছে।।

অনুবাদ – ৰিপুঞ্জয় শইকীয়া