বানমুক্ত অসম!


Image Description

গৃহ মন্ত্ৰী অমিত শ্বাহে অসমক বানমুক্ত কৰিব।

হেনো! নকৈ নোৱাৰি।

অসম বানমুক্ত হ’ব নালাগে। তাকে ক'বলৈ কোনো অসমীয়া বেচেৰা নোলাল। বানৰ সময়ৰ অতিৰিক্ত পানীভাগ ধৰি ৰাখিবহে লাগে। যাতে গোটেই বছৰ পথাৰত ব্যৱহাৰ কৰিব পাৰি।

তাৰবাবে উপনৈবোৰ খান্দিব লাগিব। খান্দি থাকিব লাগিব। সেইটোৱেই একমাত্ৰ উপায়। কৰিবলগীয়া একমাত্ৰ দীঘলীয়া পৰিকল্পনা।

জমা-পানী খৰালি আকৌ ওলাই গৈ লুইতত পৰিব নালাগিব। সেই ব্যৱস্থাৰহে প্ৰয়োজন। জমা-পানীত পথাৰলৈ যাব। জমা-পানীত মাছ থাকিব। পৰিৱহণ চলিব।

খন্দা নৈৰ পাৰবোৰ ওখ হ’ব। পাৰবোৰ গছ-গছনিৰে হাবি হৈ উঠিব। জলবায়ুৰ পৰিৱৰ্তন ৰোধ হ’ব। দূৰলৈ ভাবক, শ্বাহ ডাঙৰীয়া।

নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ গাঁত খান্দিব খুজিছিল। সেইবোৰ কি হ’ল বাৰু?

বানৰ পলস আমাক লাগেহে। লুইতৰ পলসতে অসমৰ সৃষ্টি। ভূ-ইতিহাসে কয়। বানৰ পলস আমাৰ পথাৰৰ প্ৰাণ। কেৱল অতিৰিক্ত পানীভাগ নিয়ন্ত্ৰণ ব্যৱস্থাৰ প্ৰয়োজন।

আৰু পাঁচ বছৰতো একো নহয়।

আমি নিশ্চিত।।