শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ এটি চমু ইতিবৃত্ত


Image Description

উজনি অসমৰ একমাত্ৰ আৰু অসমৰ দ্বিতীয় পুৰণি শিক্ষানুষ্ঠানখনেই হ’ল বৰ্তমানৰ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়৷ ল'ৰ্ড বেণ্টিংক ভাৰতৰ বৰলাট হৈথকা কালত আইন সচিব ল'ৰ্ড মেকেলৰ পৰামৰ্শমতে শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলন কৰিলে৷

১৮৩৫ চনত প্ৰথমখন স্কুল ‘গুৱাহাটী চেমিনাৰী’ প্ৰতিষ্ঠা কৰা হৈছিল৷ ১৮৪০ চনত এই স্কুলখনেই কলেজিয়েট স্কুল নামেৰে নামকৰণ কৰা হয়৷

১৮৪১ চনত শিৱসাগৰত দ্বিতীয়খন স্কুল প্ৰতিষ্ঠা কৰা হয়৷ অৱশ্যে কিছু ব্যক্তিৰমতে ১৮৩৯ চনত এমই স্কুল হিচাপে এই স্কুল আৰম্ভ কৰা হৈছিল৷ কিন্তু এই ক্ষেত্ৰত ইতিহাস নীৰৱ৷

শিৱসাগৰৰ এই স্কুলখনেই যে অসমৰ দ্বিতীয় পুৰণি স্কুল তাৰ তথ্য এনেদৰে পোৱা গ’ল: 'As soon as the British were in full possession of Purandar Singh's territories in 1838, they established vernacular school with Bengali as the medium of instruction and a high school was established in 1841 with English as medium of instruction.'

(Sibasagar District Gazetteer)

অৱশ্যে ১৮৪০ চনত শিৱসাগৰত এমভি স্কুলখনো প্ৰতিষ্ঠা কৰা হৈছিল৷ উক্ত তথ্যৰ ভিত্তিত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়খন যে অসমৰ দ্বিতীয় পুৰণি স্কুল সেই কথা নিশ্চিত হ’ব পৰা যায়৷

প্ৰথম অৱস্থাত স্কুলত ছাত্ৰৰ সংখ্যা অতি কম আছিল৷ বৰ্তমানৰ কেন্দ্ৰীয় বজাৰ থকা স্থানতে এটা সৰু জুপুৰী ঘৰতে পাঠদান আৰম্ভ কৰা হৈছিল৷ বিদ্যালয়ৰ প্ৰথমজন প্ৰধান শিক্ষক আছিল মি. ডি. চৌজা৷ তেওঁৰ লগত ৰামসাগৰ আৰু উবিধৰ শৰ্মা নামৰ দুজন সহকাৰী শিক্ষক আছিল৷ ১৮৬৪ চনলৈকে পৰীক্ষাৰ ফলাফল সন্তোষজনক নাছিল৷

শিক্ষকৰ অধিকাংশই বঙালী সম্প্ৰদায়ৰ লোক আছিল৷ ১৮৩৬ চনত অসমৰ স্কুল, কাছাৰীত অসমীয়া ভাষাক আঁতৰাই বাংলা ভাষা প্ৰচলনৰ আইন হ’ল৷ সেই সময়ত চৰকাৰী বিষয়াই স্কুলৰ পৰীক্ষাসমূহ পৰিচালনা কৰিছিল৷ কমিছনাৰজনৰ মুখ্য সহকাৰীজনে বছেৰেকীয়া পৰীক্ষা পৰিচালনা কৰিছিল৷ উপ-সহকাৰী জন থ'ৰ্নট'নে প্ৰথম শ্ৰেণী [তেতিয়াৰ দশম শ্ৰেণী], বাবু বৰ্জনাথ ক'ৰ্ফমাৰে দ্বিতীয় শ্ৰেণী [তেতিয়াৰ নৱম শ্ৰেণী] আৰু উপ-পৰিদৰ্শক উৎসৱানন্দ গোস্বামীয়ে অষ্টম শ্ৰেণীৰ পৰীক্ষা পৰিচালনা কৰিছিল৷

সেই সময়ত শিৱসাগৰৰ স্কুলখনৰ পৰিদৰ্শন প্ৰিয়লাল বৰুৱাৰ অধীনত আছিল৷ ১৮৩৬ চনৰ পৰা সুদীৰ্ঘ ৩৭ বছৰ স্কুলৰ শিক্ষাৰ মাধ্যম বাংলা আছিল৷ সৌভাগ্যবশতঃ ১৮৭৩ চনৰ পৰা শিক্ষাৰ মাধ্যম অসমীয়া হ’ল৷ শিৱসাগৰৰ ফণীধৰ চলিহাদেৱৰ উপৰিও কেইবাজনো অসমীয়া লোক পাঠ্যপুথি বাচনি সমিতিৰ সদস্য থকাৰ বাবে শিৱসাগৰৰ স্কুলখনে আগতেই গা কৰি উঠিলে৷

অসমীয়া মাধ্যম হোৱাত ছাত্ৰৰ পঢ়াৰ সুবিধা হ’ল৷ ১৯৪৭ চনলৈকে মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰ শিৱসাগৰতে আছিল৷ শিৱসাগৰৰ ছাত্ৰই বিশেষ কাৰণবশতঃ কেইবছৰমান যোৰহাটত মেট্ৰিক পৰীক্ষা দিব লগা হৈছিল যদিও পুনৰ পৰীক্ষা কেন্দ্ৰ শিৱসাগৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ’ল৷

স্বাধীনতাৰ পাছত অসমত চৰকাৰ গঠন হ’ল আৰু শিক্ষা ব্যৱস্থাৰ কিছু সলনি কৰা হ’ল৷

অসম চৰকাৰে স্কুলসমূহৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিলে৷ প্ৰতিখন জিলাতে একোখনকৈ স্কুল চৰকাৰে ল’লে৷ শিৱসাগৰ জিলাত একমাত্ৰ এই স্কুলখনেই চৰকাৰী স্কুলৰ মৰ্য্যাদা লাভ কৰিলে৷

এই বিদ্যালয়ত অধ্যয়ন কৰা ভালেকেইজন স্বনামধন্য ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল৷ সেইসকল হ’ল:

পদ্মনাথ গোহাঁই বৰুৱা [১৯১৭],

লক্ষ্মীনাথ বেজবৰুৱা [১৯২৪],

ড॰ ময়িদুল ইছলাম বৰা [১৯৪০], যতীন্দ্ৰ নাথ দুৱৰা [১৯৫৫], বেণুধৰ শৰ্মা [১৯৫৬],

ডিম্বেশ্বৰ নেওগ [১৯৬৫],

ড॰ মহেশ্বৰ নেওগ [১৯৭৪], সীতানাথ ব্ৰহ্মচৌধুৰী [১৯৮১-৮২], ড॰ মহেন্দ্ৰ বৰা [১৯৮৭],

লীলা গগৈ [১৯৯৪] আৰু

ইমৰান শ্বাহ [২০১৩]৷

এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দেবানন্দ কোঁৱৰদেৱে ৰাজ্যপালৰ পদ অলংকৃত কৰিছিল৷ বহুকেইজন প্ৰাক্তন ছাত্ৰই বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ আসন পাবলৈ সক্ষম হৈছিল৷ সেইসকল হ’ল:

ড॰ ময়িদুল ইছলাম বৰা,

ড॰ শৈল্যধৰ গগৈ,

শ্ৰীনাথ বৰুৱা,

ড॰ জ্যোতিপ্ৰসাদ শইকীয়া৷

তদুপৰি পাৰ্বতী গোস্বামী, মুখ্য ন্যায়াধীশ, বিমলা প্ৰসাদ চলিহা, প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু প্ৰাক্তন সাংসদ, শিক্ষাবিদ, সমাজ সংগঠক পৰাগ চলিহাদেৱ এই বিদ্যালয়ৰ একালৰ ছাত্ৰ৷

১৯৫০ চনৰ পৰা বিদ্যালয়ৰ মুখপত্ৰ ‘ৰংপুৰ’ প্ৰকাশ পাই আছে৷ তদুপৰি বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা ‘থুপিতৰা’খনো ২০০১ চনৰ পৰা নিয়মিতভাৱে প্ৰকাশ হৈ আছে৷

১৯৫৫ চনত স্বৰ্গীয় পুৰ্ণেশ্বৰ দিহিঙীয়াদেৱৰ তত্বাৱধানত এই বিদ্যালয়ত প্ৰথম এনচিচি আৰম্ভ হয়৷ ইয়াৰ কিছু বছৰৰ পাছত শ্ৰীগোবিন চন্দ্ৰ বৰাদেৱৰ প্ৰচেষ্টাত স্কাউটৰ শাখা আৰম্ভ হয়৷ ১৯৩৭ চনৰ পৰা বৰ্তমানলৈকে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বহুকেইজন ছাত্ৰই প্ৰথম দহোটা স্থানৰ ভিতৰত স্থান দখল কৰি বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷

২০১৯ আৰু ২০২০ বৰ্ষ দুটাত এশ শতাংশ উত্তীৰ্ণৰ সুফল দেখুৱাবলৈ সমৰ্থ হোৱাৰ বাবে অসম চৰকাৰৰ পৰা প্ৰতিবছৰত এক লাখ টকাকৈ পুৰষ্কাৰ বুটলিবলৈ সক্ষম হৈছে৷ ১৯৫৬ চনত এই বিদ্যালয়খন তেতিয়াৰ কেন্দ্ৰীয় বজাৰৰ পৰা তুলি আনি বৰ্তমানৰ বিদ্যালয়ৰ খেলপথাৰৰ দক্ষিণ দিশৰ নতুন গৃহলৈ অনা হ’ল৷ সেই সময়ৰ তদানীন্তন কেবিনেট মন্ত্ৰী ৰোহিনী কুমাৰ চৌধুৰীদেৱে বিদ্যালয়ৰ নতুন গৃহ মুকলি কৰে৷

১৯৫৮ চনত এই বিদ্যালয়ক উচ্চতৰ মাধ্যমিক স্তৰলৈ উন্নীত কৰা হয়৷ অষ্টম শ্ৰেণীত মেধা অনুসাৰে কলা আৰু বিজ্ঞান শাখাত ভাগ কৰি পঢ়ুওৱা হয়৷ একাদশ শ্ৰেণীৰ প্ৰথম দলটোৱে চমকপ্ৰদ ফল প্ৰদৰ্শন কৰে৷ বিজ্ঞান শাখাৰ চাৰিজন ছাত্ৰই প্ৰথম দহোটা স্থানৰ ভিতৰত চাৰিটা স্থান দখল কৰিছিল৷ ১৯৭২ চনলৈকে ১০+১ স্তৰৰ পাঠ্যক্ৰম অব্যাহত আছিল৷

১৯৭২ চনৰ পৰা ১০+২ স্তৰৰ পাঠ্যক্ৰম প্ৰৱৰ্ত্তন হয়৷ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাতো ছাত্ৰই সন্তোষজনক ফল দেখুৱাইছিল৷ ১৯৭৩ চনৰ পৰা একাদশ শ্ৰেণীত ছাত্ৰীৰ নামভৰ্ত্তি কৰা হয়৷

১৯৮৫ চনত বিদ্যালয়ত প্ৰথমবাৰৰ বাবে বাণিজ্য শাখাৰ পাঠদান আৰম্ভ কৰা হয়৷ ১০+২ স্তৰত ১৯৮৫ চনতে বৃত্তিমূলক শাখাও খোলা হয়৷ ২০১৮ চনত পোন প্ৰথমবাৰৰ বাবে বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত ছাত্ৰী নামভৰ্ত্তি কৰা হয়৷ সাহিত্য, সংস্কৃতি, খেল আদি দিশতো বিদ্যালয়খন আগৰণুৱা৷ শিক্ষক, ছাত্ৰ-ছাত্ৰী মিলি কেইবাবাৰো ভাওনা প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷

বৰ্তমান বিদ্যালয় থকা স্থানৰ মাটি-কালি তেৰ বিঘা সাত লেচা আৰু বিদ্যালয়ৰ ব'ৰ্ডিং খেলপথাৰখনৰ মাটি-কালি হ’ল দহ বিঘা তিনি কঠা সোতৰ লেচা৷

বিদ্যালয়ৰ পকীবেৰৰ ভিতৰত পূব দিশত নিম্ন কাৰিকৰী বিদ্যালয়ৰ পাঠদান চলি আছে৷ ২০০০ চনত অসমৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ তথা ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিংদেৱৰ পুঁজিৰে নিৰ্মিত এটা জিম্‌নাষ্টিক হল আছে৷ ইয়াত জিলা-ক্ৰীড়া সন্থাৰ সহযোগত ছাত্ৰ-ছাত্ৰীক শিকোৱা হয়৷

বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ দক্ষিণ দিশত সকলো সুবিধাপূৰ্ণ ৩০-৩৫জন ছাত্ৰ থাকিব পৰা এটা ছাত্ৰাবাস আছে৷ এই ছাত্ৰাবাসে দূৰৰ পৰা এই বিদ্যালয়ত পঢ়িবলৈ অহা ছাত্ৰৰ বহু অসুবিধা উপশম কৰিছে৷ ২০০৪ চনত প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ দ্ৰুপদ বৰগোহাঁইদেৱৰ সাংসদ পুঁজিৰে নিৰ্মিত ছাত্ৰীৰ এটি জিৰণি কোঠা আছে৷

কাষতে স্থানীয় বিধায়ক প্ৰণৱ গগৈদেৱে আগবঢ়োৱা অনুদানেৰে এটি পুথিভঁৰাল নিৰ্মাণ কৰা হয়৷ প্ৰাক্তন যোৰহাট লোক সভাৰ সাংসদ বিজয়কৃষ্ণ সন্দিকৈদেৱৰ সাংসদ পুঁজি অনুদানেৰে বিদ্যালয়ৰ সোঁমাজত নিৰ্মিত প্ৰেক্ষাগৃহটো বৰ্তমানে তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ অনুদানেৰে আটকধুনীয়াকৈ সজোৱা হৈছে৷

২০১২ চনত মূল ঘৰটো পূৰ্বৰ আকাৰ একেই ৰাখি নবীকৰণ কৰা হয়৷ কেইবাখনো চৰকাৰী আঁচনিৰ সুফল হিচাপে বিদ্যালয়ত কম্পিউটাৰ লেব'ৰেট’ৰী, স্মাৰ্ট শ্ৰেণীকোঠা, লগতে শেহতীয়াভাৱে আধুনিক ৰ'ব'টিক তথা ইলেকট্ৰনিক শিক্ষাৰ বাটকটীয়া টিংকাৰিং লেব'ৰেট’ৰীৰ উপৰিও বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰম 'অট'ম'টিভ' আৰু সৌন্দৰ্য্যতা আৰু সজাগতা দুটা বিষয় অন্তৰ্ভুক্ত কৰা হয়৷

এটি সু-প্ৰসিদ্ধ অনুষ্ঠানৰ ইতিহাসৰ পৰা সমল সংগ্ৰহ কৰি ইতিবৃত্ত লিখাটো যথেষ্ট কষ্টসাধ্য৷ বিদ্যালয়খনৰ ইতিবৃত্তি লিখিবলৈ যাওঁতে বহু বিজ্ঞ ব্যক্তি, কিতাপ, আলোচনী আদিৰ সহায় লোৱা হৈছে৷ তথাপি অজানিতে হোৱা ভুল-ত্ৰুটীৰ বাবে মই ক্ষমাপ্ৰাৰ্থী৷