অসমীয়া ভাষাৰ বিলৈ


Image Description

অৱশেষত চৰকাৰে বিচৰামতেই বিচাৰ পালে৷ বিজেপিৰ আচল চৰিত্ৰটো আকৌ এবাৰ ওলাই পৰিল৷ লগতে ওলাই পৰিল অগপৰ নিলৰ্জ্জ আত্মসমৰ্পণ৷

এফালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে আঞ্চলিক ভাষাৰ ওপৰত গুৰুত্ব দিয়ে৷ ৰাজ্য ভাষা মৰ্য্যাদা ৰক্ষাৰ ওপৰত ভাষণ দিয়ে৷ আনফালে ৰাজ্যত বহি থকা মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে অসমৰ ৰাজ্য ভাষা আৰু অঞ্চলটোৰ জনসংযোগী ভাষা অসমীয়াৰ ওপৰত মাধমাৰ শোধায়৷

অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক বিষয় হিচাবে অসমীয়া অপসৰণ কৰা হ’ল৷ অসমীয়া ভাষাৰ প্ৰতি বিজেপি দল আৰু চৰকাৰৰ আচল মনোভাৱটো ওলাই পৰিল৷ কাৰো সন্দেহ থাকিব নালাগে যে বিজেপি দলটো আৰু চৰকাৰখন অসমীয়াকে ধৰি অসমৰ সকলো খিলঞ্জীয়া ভাষা বিৰোধী৷ ভাষাক অৱমাননা কৰা মানে মানুহৰ সংস্কৃতিকো তাচ্ছিল্য কৰা৷

নাগপুৰ আৰু দিল্লীৰ অসমৰ ৰাজনৈতিক এজেণ্টবোৰে শ্ৰুতলিপিবোৰ কামলৈ ৰূপান্তৰ কৰি আছে৷ তাৰ বিনিময়ত পদবীত আছে৷ ক্ষমতাত আছে৷ ধনী হৈছে৷

এইবোৰ কথাতে ওলাই পৰে কেন্দ্ৰীয় চৰকাৰে সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতিবেদনত কিয় চহী কৰা নাই৷ ৰক্ষাকৱচত ভাষা আৰু সংস্কৃতিৰ উন্নতি সাধনৰ প্ৰতিশ্ৰুতিবোৰ আছে৷ এতিয়া অসমীয়া ভাষা নাজানিলেও অসমৰ এছিএছ বিষয়া হ’ব পাৰিব৷ তামিলনাডুত তামিল নাজানিলে সেই ৰাজ্যৰ বিষয়া হ’ব পৰাটো সপোনৰো অগোচৰ৷

কিন্তু অসমত অসমখন হৈছে বিজেপি দল আৰু চৰকাৰৰ পৰীক্ষাভূমি৷ যি ইচ্ছা তাকে কৰি আছে৷ সোৱণশিৰিত পাহৰ খহি আছে৷ তথাপিও নদীবান্ধটো উন্মোচন হ’ব৷

ৰাজ্যৰ বিজেপিৰ চৰকাৰখনত এখন কেবিনেটে এটা সিদ্ধান্তৰে অসমীয়া ভাষা আঁতৰাই পঠিয়ালে৷ অগপ দলে মুখ মেলি চাই থাকিলে৷ অসম জাতীয় পৰিষদৰ সভাপতি শ্ৰীলুৰীণজ্যোতি গগৈয়ে চৰকাৰৰ সিদ্ধান্তটো ‘হঠকাৰী’ সিদ্ধান্ত বুলি মত প্ৰকাশ কৰিছে৷

অৱশ্যে এইটোও ঠিক যে এখন চৰকাৰৰ এখন কেবিনেটে লোৱা এটা সিদ্ধান্ত সময়ত এটা টিলিকতে উফৰি যাব৷ তেতিয়া আকৌ আজিৰ মানুহখিনিয়েই ঘঁৰিয়ালৰ চকুপানী টুকিব৷

অসমত বাস কৰা অথচ অসমৰ প্ৰতি কোনো আত্মীয়তাবোধ নথকা সৰহভাগেই বিজেপি দলৰ সমৰ্থক৷ এটা অসমীয়া ভাষা বিৰোধী লবীয়ে যে অনবৰতে চৰকাৰৰ বাহিৰে-ভিতৰে কাম কৰি আছে সেই কথাও আকৌ এবাৰ ওলাই পৰিল৷৷