যোশীমঠৰ বিননি: জগৰীয়া কোন?


Image Description

উত্তৰাখণ্ডৰ চাম’লি জিলাৰ অন্তৰ্গত, সমুদ্ৰপৃষ্ঠৰ পৰা ৬১৫০ ফুট উচ্চতাত অৱস্থিত এখনি তীৰ্থনগৰ যোশীমঠ ৷ ধৰ্মপ্ৰচাৰক আদি শংকৰাচাৰ্যই স্থাপন কৰা চাৰিখন মঠৰ অন্যতম যোশীমঠ। ভগৱান বদ্ৰীনাথৰ পীঠস্থান।

এই পৱিত্ৰ তীৰ্থভূমি সম্প্ৰতি অতি চৰ্চাত আছে কিয়নো সমগ্ৰ চহৰখন “ ডুবন্ত চহৰ ” হিচাপে চিহ্নিত কৰা হৈছে। অৰ্থাৎ তাৰ বাসিন্দাসকলৰ ঘৰ-দুৱাৰ নিজে-নিজে ফাঁট মেলি জহি-খহি যাবলৈ ধৰিছে। সমগ্ৰ চহৰখন ক্ৰমে ডুবিবলৈ ধৰিছে, স্থানীয় ৰাইজৰ নাজল-নাথল অৱস্থা হৈছে।

কিন্তু প্ৰকৃতিৰ হঠাৎ এনে ৰুদ্ৰমূৰ্ত্তি কিয়, সেয়া চিন্তাৰ বিষয় ৷ সমগ্ৰ চহৰখনেই পৃথিৱীৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব নেকি, নে পৃথিৱীয়ে কিবা বিকল্প পথ দেখুৱাব?

ভৌগোলিক দিশৰ ফালৰ পৰা এইখন ঠাই ভূকম্পন স্পৰ্শকাতৰ অঞ্চল হিচাপে ৫ নম্বৰ মণ্ডলৰ ( zone 5 ) অন্তৰ্ভুক্ত। আৰু সেই হিচাপে এই অঞ্চলৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল ইয়াৰ পাৰ্বত্য শিলাৰাশিৰ খহনীয়া বা ভূমিস্খলন। গতিকে সময়ে সময়ে তাত প্ৰকৃতিৰ বিনাশীৰূপ পৰিলক্ষিত হৈ আহিছে।

উদাহৰণ স্বৰূপে, ২০২১ বৰ্ষত পৰ্বতৰ বৰফস্খলন হৈ সৃষ্টি হোৱা বৰফৰ বানৰ কালৰূপ ( ২০০ জনৰ প্ৰাণহানি), জলবিদ্যুৎ প্ৰকল্পৰ অধীনত নিৰ্মিত বিভিন্ন সুৰংগ মাটিৰে পুতি পেলোৱা ইত্যাদিবোৰ যোশীমঠৰ কেতবোৰ সহজলভ্য দুৰ্ঘটনা। তথাপি কথাবোৰ ইমান সৰল নহয়।

পৱিত্ৰ তীৰ্থস্থানখনি কেৱল প্ৰকৃতিসৃষ্ট সমস্যাৰে ভাৰাক্ৰান্ত নে মানৱসৃষ্ট সমস্যাৰ বাবেহে যোশীমঠ সম্প্ৰতি “পাতালগামী” হ’বলৈ ধৰিছে তাৰ বিশ্লেষণৰ প্ৰয়োজন আছে।

১৯৭৬ চনত ভাৰত চৰকাৰে চাম’লি জিলাৰ সেই সময়ৰ উপায়ুক্ত এম.চি. মিশ্ৰৰ অধ্যক্ষতাত ১৮ জনীয়া এখন অনুসন্ধান সমিতি গঠন কৰি দিছিল আৰু যোশীমঠৰ কেউকাষৰ প্ৰাকৃতিক বিন্যাস অধ্যয়ন কৰি সবিস্তাৰ প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল। কথামতেই ১৮ জনীয়া সমিতিখনে সবিশেষ অনুসন্ধানৰ অন্তত এক বিশ্লেষণাত্মক প্ৰতিবেদন সাজু কৰে। এই প্ৰতিবেদন অনুসৰি যোশীমঠ পাৰ্বত্য অঞ্চলটো এক অতি স্পৰ্শকাতৰ পুৰণি খহনীয়প্ৰৱণ এলেকাত অৱস্থিত ৷ ইয়াত যদি অনিৰীক্ষণীয়, অনিয়ন্ত্ৰিত হাৰত মানৱৰ হস্তক্ষেপতাত উন্নয়নমূলক কাম-কাজ হৈ থাকে তেন্তে তাৰ পৰিণতি অতি ভয়াৱহ হ’ব।

লগতে এয়াও সদৰি কৰে যে যোশীমঠৰ আশে-পাশেও নিৰ্মাণমূলক কাম-কাজ অতি সাৱধানতাৰে প্ৰকৃতিৰ ওপৰত কোনোসধৰণৰ অনাহুত চাপ নপৰাকৈ কৰাটো বাঞ্ছনীয় হ’ব। কাৰণ এই স্থানৰ যি প্ৰাকৃতিৰ গাঁথনি বা বিন্যাস, সেয়াই ঠাইখনৰ ঠুনুকাসপ্ৰাকৃতিক অৱয়বক ৰক্ষণাবেক্ষণ দিয়াত সহায় কৰে। এই বিন্যাস বিঘ্নিত হ’লেই ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাটো অনিবাৰ্য্য যিহেতু গোটেই চহৰখনেই চূণশিলজাতীয় পুৰণি খহনীয়াপ্ৰসূত এলেকাত গঢ়ি উঠা এখন চহৰ ৷

ইয়াৰোপৰি চাম’লি জিলাৰ দুখন নদী ক্ৰমে অলকানন্দা আৰু ঢলিগংগায়ো ভূস্খলন সৃষ্টিৰ শংকা ঘনীভূত হোৱাত ভূমিকা পালন কৰে। পাচে প্ৰকৃতিয়ে অনুমতি দিয়া বা নিদিয়াক লৈ মানুহে জানো কেতিয়াবা কেৰেপ কৰিছে! যিমান পাৰি প্ৰকৃতিৰ পৰা উপুৰ্যুপৰি আহৰণ কৰাটোৱেই যেন আজিৰ মানৱকূলৰ এক ধৰ্ম। যোশীমঠতো তাৰ ব্যতিক্ৰম নহ’ল।

বিদ্যুৎ উৎপাদনৰ উদ্দেশ্যে বছৰ বছৰ ধৰি যোশীমঠত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম চৰকাৰৰ পৃষ্ঠপোষকতাত চলি আহিছে ৷ যোশীমঠ-তপোৱন প্ৰভৃতিৰ স্পৰ্শকাতৰ এলেকাত বিষ্ণুগড় জলবিদ্যুৎ প্ৰকল্পৰ দৰে বৃহৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে অনুমোদন জনালে। স্থানীয় বাসিন্দা, বেচৰকাৰী সৰবৰহী সংস্থাসমূহৰ বাৰম্বাৰ বাধা, সকীয়নি আৰু প্ৰতিবাদৰ পাছতো সেইবোৰ একাষৰীয়া কৰি চৰকাৰে ঠুনুকা প্ৰাকৃতিক গাঁথনিৰ এই অঞ্চলত জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ উদ্দেশ্যে সুৰংগ নিৰ্মাণ আদিৰ দৰে কামবোৰত মনোনিৱেশ কৰি গ’ল।

যিবোৰ ব্যক্তিগত খণ্ডৰ ক'ম্পেনীক ক্ষেত্ৰ পৰিদৰ্শন, সমীক্ষাৰ বাবে নিয়োগ কৰা হৈছিল সেইবোৰেও উচিত প্ৰতিবেদন দাখিল নকৰি নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি সমগ্ৰ তীৰ্থভূমিখনক ধ্বংসৰ গৰাহলৈ ঠেলি দিলে। উল্লেখযোগ্য যে ২০১০ বৰ্ষত গাড়োৱাল বিশ্ববিদ্যালয় আৰু দুৰ্যোগ হ্ৰাসকৰণ প্ৰৱন্ধন কেন্দ্ৰ (Disaster Mitigation Management Centre)ৰ দুুগৰাকী গৱেষক ক্ৰমে এম.পি.এছ বিষ্ট আৰু পিযুষ ৰৌতেলাই দুটি পৃথক প্ৰতিবেদনত সামগ্ৰিকভাৱে এই পাৰ্বত্য অঞ্চলটিৰ গাঁথনি আৰু ঠুনুকা বিন্যাসে চৰকাৰৰ এনে প্ৰকল্পসমূহৰ বোজা বহন কৰিবলৈ যে সমৰ্থ নহয়, তাক স্পষ্টৰূপে সদৰী কৰিছিল।

তৎসত্ত্বেও এনে সকলোবোৰ দিশ, প্ৰতিবেদন আওকাণ কৰি চৰকাৰে প্ৰকৃতিবিৰোধী কাৰ্য্যকলাপ চলাই থাকিল আৰু ফলত আজি সমগ্ৰ যোশীমঠৰ হেজাৰ হেজাৰ`স্থানীয় লোকৰ জীৱন, প্ৰাকৃতিক পৰিৱেশ আদিক সংকটাপন্ন হৈ চহৰখন এখন “ডুবন্ত চহৰ”-লৈ পৰ্য্যবসিত হ’ল।

আমাৰ অসমতো, অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত চৰকাৰৰ পৃষ্ঠপোষকতাত এনএইছপিচিয়ে বছৰ বছৰ ধৰি প্ৰকৃতিৰ নিয়ম ভাঙি গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে। ইতিমধ্যে বহু বিতৰ্কিত এই নদীবান্ধ নিৰ্মাণক লৈ বহু দল-সংগঠনৰ প্ৰতিবাদ, চৰকাৰৰ মিথ্যাচাৰ আদি আমি বিগত দিনবোৰত দেখি আহিছোঁ।

তদুপৰি এই বান্ধক “জলবোমা” বুলি অভিহিত কৰা হৈছেই। লগতে অৰুণাচল চৰকাৰেও সৌ সিদিনা (১০ জানুৱাৰী'২২) কেবিনেট বৈঠকমৰ্মে ইতিমধ্যে স্থগিত হৈ থকা পাঁচোটা জলবিদ্যুৎ তাপ উৎপাদন প্ৰকল্প ( প্ৰস্তাৱিত ৪০,০০০ কোটি টকা ব্যয় সাপেক্ষে ) পুনৰাৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গতিকে, সময়ৰ লগে লগে উত্তৰ-পূবৰ এই ৰাজ্যসমূহৰ সেই বিশেষ জিলাবোৰৰ চহৰবোৰো যে লাহে লাহে “নিঃচিহ্ণপ্ৰায় চহৰ”লৈ পৰ্য্যবসিত হ’ব সেয়া ধ্ৰুৱসত্যস্বৰূপ।।