মানৱ বিৱৰ্তনৰ পথৰ সন্ধানত
২০২২ৰ চিকিৎসাবিজ্ঞানৰ ন'বেল বঁটা বিজয়ী ছেন্তে পেব’


Image Description

আজিৰ আধুনিক মানৱৰ আদিপুৰুষ কোন আছিল?

আমাৰ আজিৰ মানৱ প্ৰজাতিৰ বাহিৰেও পৃথিৱীত কেতিয়াবা কৰ’বাত আন কোনো মানৱ প্ৰজাতি আছিল নেকি? যদিহে আছিল, সেই মানৱ প্ৰজাতিৰ সৈতে আমাৰ সম্পৰ্ক আছিলনে?

এই কৌতূহলী প্ৰশ্নবোৰৰ সন্ধানত বিজ্ঞানীসকলে বহু বছৰৰপৰা গৱেষণা চলাই আহিছিল৷ এই সমূহ গৱেষণাই মানৱ বিৱৰ্তনৰ এক ধূসৰ ছবি দাঙি ধৰিছিল।

ছেন্তে পেব’ [Svente Paabo, চুইডিছ উচ্চাৰণ, ছেন্তে পেব’] ১৯৫৫ চনত চুইডেনত জন্ম গ্ৰহণ কৰা এই বিজ্ঞানীগৰাকীৰ যোৱা প্ৰায় তিনিটা দশকৰ অবিৰত গৱেষণাই মানৱ প্ৰজাতিৰ বিৱৰ্তনৰ ছবিখনক বহু পৰিমাণে স্পষ্ট কৰি তুলিছে৷ যোৱা ৩ অক্ট’বৰত বিলুপ্ত আদিমানৱ বা হ'মিনিন [Hominin]ৰ সম্পূৰ্ণ আনুবংশিক পদাৰ্থ জিন’ম [genome] আৰু মানুহৰ বিৱৰ্তনৰ ক্ষেত্ৰত কৰা আৱিষ্কাৰৰ বাবে চুইডেনৰ কেৰ’লিন্‌স্কা ইন্‌ষ্টিটিউটৰ ন'বেল বঁটা কমিটিয়ে ছেন্তে পেব’ক ২০২২ চনৰ শৰীৰবিজ্ঞান বা চিকিৎসাবিজ্ঞান [physiology on medicine]ৰ ন'বেল বঁটা আগবঢ়োৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে৷

ছেন্তে পেব’ৰ এই অনন্য গৱেষণা যিমান মনোগ্ৰাহী তেওঁৰ জীৱন আৰু শিক্ষাও সেইদৰে আকৰ্ষণীয়। ছেন্তে পেব’ই ২০১৪ চনত প্ৰকাশ কৰা তেওঁৰ কিতাপ– 'Neanderthal Man- In search of the Last Genome'ত তেওঁৰ জীৱনৰ বিষয়ে কৰা চমু উল্লেখত লিখিছিল, ‘I grew up as the secret extramarital son of Sunne Berystrom’৷ অৰ্থাৎ পেব’ তেওঁৰ পিতৃৰ জাৰজ সন্তান আছিল৷

তেওঁক ডাঙৰ-দীঘল কৰিছিল তেওঁৰ মাক কেৰিন পেৰ’ই৷ কেৰিন পেব’ ইষ্টনিয়া [Estonia]ৰ ৰসায়নবিজ্ঞানী আছিল৷ পেব’ৰ পিতৃ ছেলে বাৰ্গষ্ট্ৰ'ম ১৯৮২ চনৰ শৰীৰবিজ্ঞান বা চিকিৎসাবিজ্ঞানৰ ন'বেল বঁটা বিজয়ী বিজ্ঞানী আছিল৷

ন'বেল বঁটা ঘোষণাৰ পাছত অলপতে এক প্ৰেছমেলত পেব’ই কয় যে আৰম্ভণিতে তেওঁৰ যি অনুসন্ধান আছিল, ই কেৱল তেওঁৰ এক হবি বা আজৰিপৰৰ চখ আছিল৷ পৰৱৰ্তীকালত এই চখৰ অনুসন্ধানে এক গভীৰ বৈজ্ঞানিক গৱেষণালৈ ৰূপান্তৰিত হৈছিল৷ সৰুকালতেই পেব’ৰ কৌতূহল মনত এই চখ সৃষ্টি হৈছিল৷

১৩ বছৰীয়া পেব’ক মাক কেৰিনে এবাৰ এটা যাদুঘৰ বা নিউজিয়ামলৈ লৈ গৈছিল৷ এই নিউজিয়ামত থকা প্ৰাচীন ইজিপ্তৰ কোনো ব্যক্তিৰ সংৰক্ষিত মৃতদেহ– মামী [mummy] এটাই কিশোৰ পেব’ৰ মনত ভীষণ কৌতূহল সৃষ্টি কৰিছিল৷ এই কৌতূহলৰ বাবেই পেব’ই চুইডেনৰ উপছালা বিশ্ববিদ্যালয়ত স্নাতক পৰ্য্যায়ৰ অধ্যয়নৰ বাবে কলা শাখাত ভৰ্ত্তি হয়৷

পেব’ৰ অধ্যয়নৰ বিষয়সমূহ আছিল বিজ্ঞানৰ ইতিহাস, ইজিপ্ত'ল'জি আৰু ৰাছিয়ান ভাষা৷ স্নাতক পৰ্য্যায়ৰ অধ্যয়ন শেষ কৰি পেব’ই চিকিৎসাবিজ্ঞানৰ অধ্যয়ন কৰে৷ ইয়াৰ পাছত তেওঁ আণবিক জীৱবিজ্ঞানৰ গৱেষণা আৰু শিক্ষকতা আৰম্ভ কৰে৷ ১৯৮৬ চনত পেব’ই উপছালা বিশ্ববিদ্যালয়ৰপৰা ভাইৰাছ সম্পৰ্কীয় গৱেষণাৰ বাবে পিএইচডি ডিগ্ৰী লাভ কৰে৷

পিএইচডিৰ বাবে গৱেষণা কৰি থকাৰ সময়তে তেওঁৰ সৰুকালৰ কৌতূহল নিবাৰণৰ কাৰণে পেব’ই প্ৰাচীন মৃতদেহৰ অৱশিষ্টৰপৰা মানুহৰ আনুবংশিক পদাৰ্থ ডিএনএ আহৰণৰ বাবেও পৰীক্ষা-নিৰীক্ষা কৰে৷ এই অনুসন্ধান পেব’ই গোপনে কৰিছিল যাতে তেওঁৰ পিএইচডি গাইড অধ্যাপকগৰাকী ক্ষুণ্ণ নহয়৷

পেব’ৰ এই গৱেষণাই প্ৰাচীন ফৰেনছিকৰ এক নতুন ক্ষেত্ৰ উন্মোচন কৰে৷ পিএইচডি গৱেষণাৰ মাজতেই এই নতুন অধ্যয়নৰ সহায়ত পেব’ই প্ৰায় ২৪০০ বছৰ প্ৰাচীন ইজিপ্তিয়ান শিশু মামী এটাৰ পৰা আহৰণ কৰা ডিএনএসম্পৰ্কীয় গৱেষণাপত্ৰ এখন ১৯৮৫ চনত প্ৰখ্যাত বিজ্ঞানৰ আলোচনী 'Nature'ত প্ৰকাশ কৰিবলৈ সক্ষম হয়৷

এই অভূতপূৰ্ব গৱেষণাই বিজ্ঞানী সমাজৰ প্ৰচুৰ সমাদৰ লাভ কৰে৷।

(অহা সংখ্যাত সমাপ্ত)