আৰএছএছ আৰু বিজেপি অসমৰ খিলঞ্জীয়াবিৰোধী শক্তি


Image Description

অসমৰ জনসাধাৰণে বুজিব নোৱৰা কাম কিছুমানত আৰএছএছ আৰু বিজেপি জড়িত হৈ পৰিছে৷ এখন চমু তালিকা এনে ধৰণৰ:

ক] প্ৰশাসনত ৰাজ্যিক ভাষা ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষা অপসৰণ কৰা হ’ল৷

খ] মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যম জাপি দিয়াৰ ষড়যন্ত্ৰ চলিছে৷ এদেও দুদেওকৈ লোটা নিয়াৰ আখৰা চলিছে৷ প্ৰথমে বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী ভাষাত শিকোৱাৰ প্ৰচেষ্টা চলি আছে৷

গ] অসমৰ সম্পদবোৰ এটা এটাকৈ আদানি-আম্বানী-শ্বাহ বাহিনীক গটাই দিয়া হৈছে৷ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ গোটেই পাৰটো অনা-অসমীয়াক গটাই দিয়া হ’ল৷ ই এক অক্ষমনীয় অপৰাধ৷ অসমৰ খিলঞ্জীয়া মানুহে এনে অপমান নাপাহৰে৷

ঘ] আনকি অসমৰ বন্যপ্ৰাণীও গুজৰাটলৈ অসমৰ মানুহৰ বিনা অনুমতিত স্থানান্তৰ কৰা হৈছে৷

ঙ] মোডী আৰু শ্বাহে অসমীয়া মানুহৰ বিনা অনুমতিত এফালে ইনাৰ লাইন পাৰ্মিট প্ৰত্যাহাৰ কৰিছে আৰু আনফালে ‘কা’ৰ জৰিয়তে অসম চুক্তি উলংঘা কৰিছে৷

চ] অসমৰ মানুহৰ ওপৰত অভূতপূৰ্ব ঋণৰ বোজা জাপি দিছে৷ বৰ্তমানলৈ এক লাখ কোটি টকাতকৈ অধিক ধাৰ ৰাজ্য চৰকাৰে লৈছে৷

ছ] মাতৃভাষাৰ বিদ্যালয়বোৰ শিক্ষকৰ অভাৱত জুৰুলা হৈছে৷ শৈক্ষিক কেলেণ্ডাৰ অনুসৰি বিদ্যালয়বোৰত চৰকাৰে পাঠদান সম্পূৰ্ণ নোহোৱাৰ ব্যৱস্থা কৰিছে৷

জ] ৰাজ্য চৰকাৰে বাতৰিকাকতৰ পৃষ্ঠা উন্নয়নমূলক আঁচনিৰ প্ৰতিশ্ৰুতিৰে ভৰাই দিছে৷ কিন্তু উন্নয়নৰ খতিয়ানৰ এটা শাৰীও পঢ়িবলৈ পোৱা নাযায়৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নৰ সৰ্বমুঠ বিশ্লেষণত উন্নয়ন তালিকাত অসমৰ স্থান তলৰ পৰা তিনি নম্বৰত।

ঝ] কয়লা ছিণ্ডিকেট, গৰু ছিণ্ডিকেট, চুপাৰি ছিণ্ডিকেট, দলীয়ভাৱে সংগঠিত আৰু পৰিচালনা কৰা হৈছে৷ আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ আঁৰত দলীয় শক্তি জড়িত আছে৷

ঞ] গোটেই ৰাজ্যখনতে মহিলাৰ ওপৰত চলা অত্যাচাৰৰ প্ৰতি ৰাজ্য চৰকাৰে পিঠি দিছে৷ এই বিষয়ত অসমৰ স্থান ওপৰত। হত্যা আৰু আত্মহত্যাই অতি চিন্তনীয় বিষয় হৈ পৰিছে৷

'খিলঞ্জীয়াৰ প্ৰভুত্ব' ইতিমধ্যে ম্লান পৰিছে। কথাৰে প্ৰভুত্ব নৰজে। কামতহে ৰজিব।।