‘হাউ টু লুজ এ কান্ট্রি : দ্য ছেভেন ষ্টেপছ ফ্রম ডেমক্রেচি টু ডিক্টেটৰশ্বিপ’
গ্রন্থখনৰ প্রস্তাৱনা


Image Description

আমাৰ অসমীয়াত এষাৰ কথা আছে ‘এডেও দুডেও লোটা নিয়াৰ ছেও’। হাত-লৰ কোনো মানুহে এখোজ দুখোজকৈ লোটা চুৰ কৰা প্রস্তুতিৰ দৰে পপুলিজমে গণতান্ত্রিক দেশ এখনৰপৰা গণতন্ত্রক আঁতৰাই তাৰ ঠাইত একনায়কত্ব প্রতিষ্ঠা কৰিবলৈ কেনেদৰে প্রস্তুতি চলায় সেই বিষয়ে টেমেলকুৰানে তেওঁৰ ‘হাউ টু লুজ এ কান্ট্রি : দ্য ছেভেন ষ্টেপছ ফ্রম ডেমক্রেচি টু ডিক্টেটৰশ্বিপ’ গ্রন্থখনত বর্ণনা কৰিছে।

তেওঁ কৈছে যে পপুলিজমে দেশ এখনক গণতন্ত্রৰপৰা একনায়কত্বলৈ নিওঁতে দেশখনে সাতটা ভিন্ন ঘটনাক্রম পাৰ কৰিবলগীয়া হয়। সেই সাতটা ঘটনাক্রমৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে লেখিকাই গ্রন্থখনত এটা ভূমিকা সংযোজন কৰিছে আৰু তাৰ নাম দিছে, ‘মই আপোনাৰ কাৰণে কি কৰিব পাৰোঁ। '

এই ভূমিকাত তুৰস্কৰ ৰাজনৈতিক ঘটনাক্রমৰ পটভূমিৰ লগতে গ্রন্থখনৰ উদ্দেশ্য সম্পর্কেও অৱগত হ’ব পৰা যায়।

টেমেলকুৰানে লিখিছে, 'এজন নির্দয় পপুলিষ্ট আৰু তেওঁৰ ক্রমবর্ধমান সমর্থকে ২০১৬ চনৰ ১৫ জুলাইৰ নিশা কেনেকৈ আৰু কিয় তুৰস্কৰ গণতন্ত্রক অৱশেষত ধ্বংস কৰিলে সেয়া এক দীঘলীয়া আৰু জটিল কাহিনী। আমি কেনেদৰে আমাৰ গণতন্ত্রক হেৰুৱালোঁ সেই বিষয়ে কোৱাটো এই গ্রন্থখনৰ উদ্দেশ্য নহুয়, ইয়াৰ উদ্দেশ্য হৈছে, সেই প্রক্রিয়াৰপৰা জ্ঞান আহৰণ কৰা যাতে তাৰপৰা বিশ্বৰ বাকী অংশৰ লাভ হয়।'

এই মন্তব্যৰ পাছত লেখিকাই অৱশ্যে এই কথা স্বীকাৰ কৰিছে যে প্রত্যেকখন দেশৰে নিজাকৈ কিছুমান নির্দিষ্ট বৈশিষ্ট্য থাকে, আৰু কিছুমান দেশে এই কথা বিশ্বাস কৰি ভাল পায় যে তেওঁলোকৰ পৰিপক্ক গণতন্ত্র আৰু শক্তিশালী ৰাষ্ট্রীয় অনুষ্ঠানে এনে জটিলতাৰপৰা তেওঁলোকক ৰক্ষা কৰিব। কিন্তু এই কথা মানিবই ল’ব লাগিব যে তুৰস্কই যি ঘটনাক্রমৰ সম্মুখীন হৈছিল আৰু তাৰ পাছৰ সময়ছোৱাত পশ্চিমীয়া দেশবোৰে যি ঘটনাৰাজিৰ সম্মুখীন হৈছে তাৰ মাজত থকা সাদৃশ্য একেবাৰে নস্যাৎ কৰিব পৰা বিধৰ নহয়।

এটা উন্মাদ প্রকৃতিৰ ৰাজনৈতিক ধাৰণাৰ কথা আমি সকলোৱে অনুভৱ কৰিব পাৰিছোঁ যাক আমি নাম দিছোঁ ‘উদীয়মান পপুলিজম’। বহুতে সেই বিষয়ে বুজি নাপালেও পশ্চিমৰ অনেকেই যে সেই অনুভৱৰ অংশীদাৰ হৈছে সেই কথা অস্বীকাৰ কৰিব নোৱাৰি।

আমেৰিকাৰ ৰাষ্ট্রপতি পদৰ বাবে হোৱা নির্বাচনত ড'নাল্ড ট্রাম্পৰ জয়লাভ আৰু ব্রিটেইনৰ ব্রেক্সিটসম্পর্কীয় গণভোটৰ যি ফল তাত টেমেলকুৰানে তুৰস্কত সংঘটিত ঘটনাৰ প্রতিচ্ছবি দেখিবলৈ পাইছে। তেওঁ কৈছে যে যেতিয়াই এজন সোঁপন্থী পপুলিষ্ট নেতাই তেওঁলোকৰ পৰিচয়জ্ঞাপক কৃত্রিম আৰু দাম্ভিকতাপূর্ণ হাঁহিৰে হঠাতে নিজৰ উপস্থিতি জাহিৰ কৰে তুৰস্কবাসীৰ মুখত এটা বেদনাৰ অভিব্যক্তিয়ে আৱৰি ধৰে।

'আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ নিশা, ব্রেক্সিট গণভোটৰ ফল ওলোৱাৰ দিনা অথবা কোনোবা স্থানীয় পপুলিষ্ট নেতাই আচৰিত হ’বলগীয়াকৈ বৃহৎসংখ্যক জনতাৰ গোট এটাক শুনাত সম্পূর্ণ অর্থহীন যেন লগা কথা কিছুমান কৈ থকা শুনাৰ পাছত অনেকেই নিজৰ নিজৰ ভাষাত একেটা প্রশ্নকে দোহাৰে, 'এইখন মোৰেই দেশনে? এইবোৰ আমাৰেই মানুহনে?'

তুৰস্কৰ জনতাই প্রায় দুটা দশক জুৰি এই প্রশ্নবোৰ সোধাৰ পাছত আৰু নিজ জন্মভূমিত ক্রমান্বয়ে হোৱা ৰাজনৈতিক আৰু নৈতিক পতন দেখাৰ পাছত অন্য এটা বিপজ্জনক সন্দেহলৈ তেওঁলোকৰ মন ঘূৰি যায়, মানৱজাতি প্রকৃতিগতভাৱেই অসৎ নেকি? তেওঁ কৈছে যে এই প্রশ্নটো হৈছে মানৱমনৰ চূড়ান্ত বিফলতাৰ প্রতিনিধি আৰু এক দীঘলীয়া আৰু যন্ত্রণাদায়ক সময়ৰ পাছতহে এই কথা বুজি পোৱা যায় যে আচলতে এই প্রশ্নটোৱেই ভুল।

লেখিকাৰ মতে ট্রাম্প অথবা এর্ড'য়ানৰ দৰে পপুলিষ্ট শাসকৰ কাইলৈ যদি অপসাৰণো হয়, তাৰ পৰা একো লাভ নহয়। কাৰণ, তেওঁলোকে প্রেৰণ কৰা বার্তা তেতিয়াও লাখ লাখ জনতাৰ মনত সঞ্চিত হৈ থাকিব আৰু ঠিক তেনে ধৰণৰ অন্য এজন নেতাৰ আজ্ঞাৱহ হৈ তেওঁৰ নির্দেশত কাম কৰিবলৈ সৰহসংখ্যক জনতা সাজু হৈ থাকিব। যদি কোনোবাই ৰাজনীতিৰপৰা আঁতৰি আছোঁ বুলি সন্তুষ্টি লভে, তেওঁকো এদিন সেই আজ্ঞাৱহ চাটুকাৰৰ দলে বিচাৰি উলিয়াব আৰু যদি তেওঁক তেওঁলোকৰ দৰে বুলি পতিয়ন নাযায় তেনেহ’লে তেওঁ বিষম পৰিস্থিতিৰ বাবে সাজু হৈ থাকিব লাগিব।

'এই ভয়ানক নীতিশাস্ত্র ৰাজনীতিৰ একেবাৰে শীর্ষস্তৰত সৃষ্টি হ’লেও ই কেইবাগুণে বৃদ্ধি হৈ তললৈ সৰকি আহি থাকিব, আপোনাৰ চহৰ পাব, আনকি আপোনাৰ সুৰক্ষিত সৰু সমাজখনতো সোমাই পৰিব। ই এটা যুগচেতনা সৃষ্টি কৰাৰ প্রচেষ্টাত আছে। এয়া এক ঐতিহাসিক প্রৱণতা। প্রত্যেক দেশতে ইয়াৰ ৰূপ বেলেগ হ’ব পাৰে, কিন্তু ই যিয়ে নহওক, সকলোকে প্রভাৱিত কৰিব পৰা অশুভ শক্তি বুলি ইয়াক ভাবিবই লাগিব।'

টেমেলকুৰানে তেওঁৰ ‘টার্কি : দ্য ইনছেইন এণ্ড মেলাংকলি’ নামৰ গ্রন্থখন উন্মোচন কৰিবলৈ লণ্ডনলৈ যাওঁতে, উন্মোচনী সভাত উপস্থিত থকা এগৰাকী দর্শকে তেওঁক সুধিছিল, 'আমি আপোনালোকৰ কাৰণে কি কৰিব পাৰোঁ?' তাৰ উত্তৰত টেমেলকুৰানে কৈছিল, 'আপোনালোকে বিশ্বাস কৰক বা নকৰক, আজি তুৰস্কত যি হৈছে সেয়া আপোনালোকলৈও আহি আছে। এই ৰাজনৈতিক উন্মাদনা এক গোলকীয় পৰিঘটনা। গতিকে প্রকৃততে প্রশ্ন হৈছে, মই আপোনালোকৰ বাবে কি কৰিব পাৰোঁ?'

তেতিয়াই এই কিতাপখন লিখাৰ কথা তেওঁৰ মনলৈ আহিল বুলি তেওঁ উল্লেখ কৰিছে, যাতে অন্য দেশবোৰে তুৰস্কৰ দৰে দশা নহ’বৰ বাবে আগতীয়াকৈ ব্যৱস্থা ল’ব পাৰে। টেমেলকুৰানে কৈছে, 'মই কৰিব পৰাৰ ভিতৰত বিভিন্ন দেশত দেখিবলৈ পোৱা ৰাজনৈতিক আৰু সামাজিক সাদৃশ্যক একত্রিত কৰি সাম্প্রতিক সময়ত উত্থান ঘটা সোঁপন্থী পপুলিজমৰ সাধাৰণ প্রৱণতা এটা উপস্থাপন কৰিব পাৰোঁ। পপুলিষ্ট নেতা এজনে এক হাস্যাস্পদ ব্যক্তিত্বৰপৰা নিজকে এজন ভয়ানক একনায়কতন্ত্রী শাসকলৈ ৰূপান্তৰ কৰোঁতে সাতোটা স্তৰ পাৰ কৰাটো মই চিনাক্ত কৰিছোঁ। ভৱিষ্যতে হ’বলগীয়া এজন একনায়কতন্ত্রী শাসকে সহজে এই সাতটা ঢাপ পাৰ কৰি যায়; কিন্তু যদি ভালদৰে মন কৰা নহয় একনায়কত্বক বিৰোধিতা কৰা লোকসকলে ইয়াক চিনাক্ত কৰিব নোৱৰাটোও সহজ কথাই হ’ব পাৰে।

গতিকেই এই স্তৰকেইটা আগতীয়াকৈ জানি লোৱাটো অত্যন্ত প্রয়োজনীয়, যাতে সমগ্র বিশ্বৰে গণতন্ত্রত বিশ্বাস কৰা লোকসকলে ইয়াক প্রতিহত কৰিবলৈ সমূহীয়া প্রচেষ্টা হাতত ল’ব পাৰে। ইয়াৰ বাবে এক গোলকীয় আলোচনা আৰম্ভ কৰিবলৈ এই কিতাপখন এক আৰম্ভণি হ’ব পাৰে।'

‘হাউ টু লুজ এ কান্ট্রি : দ্য ছেভেন ষ্টেপছ ফ্রম ডেমক্রেচি টু ডিক্টেটৰশ্বিপ’ গ্রন্থখনত ই চি টেমেলকুৰানে পপুলিজমৰ উদ্যোগত সংঘটিত স্বৈৰতন্ত্র প্রতিষ্ঠাৰ বাবে গণতন্ত্র অপসাৰণকাৰী সাতোটা ঘটনা অথবা দুর্ঘটনাৰ বিষয়ে এটা এটাকৈ বিশদভাৱে আলোচনা কৰিছে। সেই বিষয়ে চমুকৈ তলত উল্লেখ কৰা হ’ল।

(প্রথম কাৰক) এটা আন্দোলন সৃষ্টি কৰা: পপুলিজমে গণতন্ত্রক অপসাৰিত কৰাৰ প্রথম পদক্ষেপ হৈছে পপুলিজমৰ সংজ্ঞাত চিনাক্ত কৰা ‘প্রকৃত জনতা’ (real people) অর্থাৎ ‘সৎ’ জনতাৰদ্বাৰা কৰা এটা আন্দোলন। টেমেলকুৰানে লিখিছে যে এই আন্দোলনৰ ফলত এবিধ নতুন ‘আমি’ৰ উদয় হয়। এই ‘আমি’ত অভিজাত শ্রেণীৰ মানুহ অন্তর্ভুক্ত নহয়।

(দ্বিতীয় কাৰক) যুক্তি ব্যাহত কৰা/ভাষাক আতংকিত কৰি তোলা (Disrupt Rationale/Terrorise Language) : পপুলিজমক প্রতিষ্ঠা কৰাৰ দ্বিতীয় গুৰুত্বপূর্ণ কামটো হৈছে প্রতিষ্ঠিত যুক্তিক অপসাৰিত কৰি তাৰ ঠাইত কিছুমান অযুক্তিকৰ, অবৈজ্ঞানিক, মুখৰোচক কাহিনী প্রচাৰ কৰা।

(তৃতীয় কাৰক) লজ্জা আঁতৰাই থোৱা : সত্যোত্তৰ বিশ্বত অমৰত্ব জনপ্রিয় বিষয় (Remove the Shame: Immorality is ‘Hot’ in the Post-Truth World) : সমাজৰ এক বৃহৎসংখ্যক লোকক এনে বিশ্বাসৰ প্রতি আকর্ষিত কৰাৰ চেষ্টা কৰা হয় যে বিজ্ঞানৰ নামত এক শ্রেণীৰ লোকে বহুদিনৰপৰা এটা ষড়যন্ত্র কৰি আহিছে, সত্য বুলি যাক ভাবি থকা হয়, তাতো বহুখিনি সন্দেহৰ অৱকাশ আছে।

(চতুর্থ কাৰক) ন্যায়িক আৰু ৰাজনৈতিক প্রক্রিয়া ভংগ কৰা (Dismantle Judicial and Political Mechanisms) : স্বতন্ত্র ন্যায়িক ব্যৱস্থা আৰু সুস্থ ৰাজনৈতিক প্রক্রিয়া হৈছে গণতন্ত্রৰ মূল শক্তি। গতিকে গণতন্ত্রক উৎখাত কৰিব বিচৰা শক্তিৰ বাবে এই দুই ব্যৱস্থাক ধ্বংস কৰাটো অন্যতম মূল লক্ষ্য হৈ পৰে।

(পঞ্চম কাৰক) নিজৰ নাগৰিকৰ নমুনা নিজে প্রস্তুত কৰা (Design Your Own Citizen) : এই কথা আমি জানো যে পপুলিজমত জনতাৰ চিনাকি সদায় একে নাথাকে; ভিন্ন উদ্দেশ্যত এই চিনাকি ভিন্নবিধৰ হয়। চৰম সোঁপন্থী পপুলিজমত দেশৰ নাগৰিকখিনি কেনে হ’ব তাৰো নির্দেশনা থাকে।

(ষষ্ঠ কাৰক) বিভীষিকাৰ মাজতে তেওঁলোকক হাঁহিবলৈ দিয়া (Let Them Laugh at the Horror) : এই কথা বুজাবলৈ টেমেলকুৰানে এটা এনাটলিয়ান সাধু কথাৰ উল্লেখ কৰিছে। অত্যাচাৰী সম্রাটে প্রজাৰ ওপৰত খাজনা বঢ়াই গৈ আছে। প্রতিবাৰেই যেতিয়া খাজনা আদায় কৰিবলৈ সম্রাটৰ মানুহ গৈ গাঁৱত উপস্থিত হয়, গাঁৱৰ মানুহখিনিয়ে তেওঁলোকক খাজনাৰপৰা ৰেহাই দিবলৈ কাবৌ-কোকালি কৰে। কিন্তু তেওঁলোকৰ সেই প্রার্থনাৰ সলনি সম্রাটৰ পৰা আকৌ খাজনা বঢ়োৱাৰ কথাহে তেওঁলোকক জনোৱা হয়। প্রজাই লঘোণে-ভোকে থাকে, কন্দা-কটা কৰে, কিন্তু তেওঁলোকৰ সেই অৱস্থাই সম্রাটৰ বা তেওঁৰ প্রতিনিধিৰ মনত কোনো ধৰণৰ প্রভাৱ নেপেলায়। তেনেকৈয়ে আকৌ এবাৰ সেই প্রতিনিধিজন গৈ গাঁৱত উপস্থিত হ’ল আৰু তেওঁ আচৰিত হ’ল যে এইবাৰ দেখোন গাঁৱৰ মানুহে কন্দা-কটাৰ সলনি নাচিবলৈহে আৰম্ভ কৰিছে। প্রতিনিধিজনে ততালিকে গৈ সম্রাটক জনালে যে খাজনা বঢ়োৱাটো বন্ধ কৰিব লাগে। সম্রাটে তাৰ কাৰণ সোধাত প্রতিনিধিজনে জনালে যে প্রজা এতিয়া নাচৰ পর্য্যায়ত আছে।পপুলিজমত বিভীষিকাৰ মাজত সকলোৱে হাঁহিবলৈ আৰম্ভ কৰে।

(সপ্তম কাৰক) নিজৰ দেশখন নিজে গঢ়া (Build Your Own Country) : আমি এতিয়া এনে এখন দেশত বাস কৰিব লাগিব, য’ত পিছৰ প্রজন্মৰ সভ্যতা, ৰীতি-নীতি আমাতকৈ পৃথক আৰু এই ব্যৱস্থা গ্রহণ নকৰাখিনি এই দেশৰ পৰা বহিস্কৃত হ’বই লাগিব।

টেমেলকুৰানৰ গ্রন্থখনৰ এয়া এক সামান্য আভাস মাথোন। গোটেই কিতাপখন অসংখ্য কাহিনী, উক্তি, অভিজ্ঞতাৰে লেখিকাই এনেদৰে আগবঢ়াই লৈ গৈছে যে ইমান ছিৰিয়াছ বিষয় হোৱা সত্ত্বেও ইয়াৰ কথনভংগীত এনে এটা গতি আছে যিয়ে ইয়াক অত্যন্ত সুখপাঠ্য কৰি তোলাত সহায় কৰিছে। তুৰস্কৰ ঘটনা হ’লেও বহু কথাই আমাৰ বাবেও যেন অতি চিনাকি তেনে ভাবটোৱেও ইয়াক বেছি আপোন কৰি তুলিব পাৰে।।