অসম চুক্তিৰ মৃত্যু হৈছে
অসম চুক্তি দীৰ্ঘজীৱী হওক


Image Description

ক্ষোভ, হতাশা আৰু অসহায়তাৰ অনুভৱেৰে এই কথাখিনি লিখিছোঁ।

অসম চুক্তি মতে ১৯৭১ চনৰ ২৫ মাৰ্চ আৰু তাৰ পাছত অহা বিদেশীৰ চিনাক্তকৰণ আৰু নাম কৰ্তন কৰা হ’ব আৰু তেওঁলোকক বহিস্কাৰৰ বাবে 'বাস্তৱ কাৰ্য্যবাৱস্থা' গ্ৰহণ কৰা হ’ব (practical steps will be taken to expel such foreigners)।

কিন্তু নাগৰিকত্ব আইন ১৯৫৫ আৰু ইয়াৰ পৰৱৰ্তী সংশোধনসমূহৰ মতে,

(১) ২৬ জানুৱাৰী ১৯৫০ তাৰিখে বা তাৰ পিছৰ পৰা আৰম্ভ কৰি ১ জুলাই ১৯৮৭ লৈ জন্ম হোৱা সকল জন্মসূত্ৰে ভাৰতীয় নাগৰিকৰূপে পৰিগণিত হ’ব।

(২) ১জুলাই ১৯৮৭ ৰ পৰা আৰম্ভ কৰি ৩ ডিছেম্বৰ ২০০৪ লৈ জন্ম গ্ৰহণ কৰা সকলৰ মাক-দেউতাকৰ এজন ভাৰতীয় হ’লে তেওঁলোক জন্মসূত্ৰে ভাৰতীয় বুলি পৰিগণিত হ’ব।

(৩) ৩ ডিছেম্বৰ ২০০৪ তাৰিখে বা তাৰ পিছত জন্ম গ্ৰহণ কৰা সকলৰ মাক-বাপেকৰ দুয়োজন ভাৰতীয় হ’লেহে তেওঁলোক জন্মসূত্ৰে ভাৰতীয় বুলি পৰিগণিত হ’ব। এই বিধানসমূহৰ মতে অসমলৈ ২০০৪ চনৰ ৩ ডিছেম্বৰলৈ অহা সকলোকে নাগৰিকত্ব প্ৰদান কৰা হৈছে। তাৰ পাছত নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ মতে,

(৪) ২০১৪ চনৰ ৩১ ডিছেম্বৰলৈ অহা হিন্দুধৰ্মীয় বিদেশীক নাগৰিকত্ব প্ৰদান কৰা হ’ব। (আইন হৈছে যদিও এতিয়ালৈ বলবৎ হোৱা নাই।)

এই আটাইবোৰ অসমৰ ক্ষেত্ৰতো প্ৰযোজ্য আৰু এইসমূহে অসম চুক্তিক নসাৎ কৰিছে। চৰকাৰৰ যদি সদিচ্ছা আছে তেনেহ’লে এই ঘোষণা কৰক যে অসম এইসমূহ আইনৰ আওতাৰ অধীনলৈ নাহে। এইসমূহ অসমত বলবৎ নহয়।

কেৱল অসমৰ বাবে যদি অসম চুক্তি অনুসৰি নাগৰিকত্ব আইন ১৯৫৫ ৰ ৬(ক)অনুচ্ছেদ সংযোজন কৰিব পাৰে (এই ধাৰাটোত স্পষ্টভাবে লিখা আছে- Special provisions as to citizenship of persons covered by the Assam Accord), তেনেহ’লে সেই চুক্তিক নসাৎ কৰা বিধানসমূহ অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি আইন বলবৎ কৰিব কিয় নোৱাৰি?

এনেকুৱা হ’ব বুলি কোনোবাই বিশ্বাস কৰেনে? কোনোবাই এতিয়াও সঁচাকৈ বিশ্বাস কৰেনে যে বিদেশী বহিস্কাৰ দূৰৈৰ কথা, চিনাক্তও হ’ব?

আৰু ‘অসমীয়াৰ সাংবিধানিক ৰক্ষাকবচ’ অসম চুক্তিৰ ৬ নম্বৰ দফা সেইটোকো চৰকাৰে এটা নতুন পেৰ'ডীলৈ ৰূপান্তৰিত কৰিছে। এটা ‘ব্লেক পেৰডী’- বহুজনৰ জীৱনৰ বিনিময়ত ৰচিত।

অসম চুক্তি ইতিমধ্যে নিজৰেই পেৰ'ডীত পৰিণত হৈছে, আৰু আমি বিদেশী বহিস্কাৰৰ কথা কৈ থকা সকল নিজৰেই পেৰ'ডীত পৰিণত হৈছো। এই পেৰ'ডীটোক ছিৰিয়াছ ৰূপত গাই থকা আমাৰ প্ৰহসনটোৰ অন্ত পেলোৱাৰ সময় হৈছে। আপোনজন ঢুকালে সেই বিচ্ছেদ অসহনীয় হ’লেও সকলোৱে মানি ল'বলৈ বাধ্য হয় আৰু মানুহে সেই মৃত্যুক গ্ৰহণ কৰি জীবনৰ বাটত আগুৱাই যায়।

অসম চুক্তিও বহুজনে জীৱন দান দি, ঘূণীয়া হৈ, ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি জন্ম দিছিল। অসম চুক্তিৰ যদি মৃত্যু হৈছে তেনেহ’লে তাক আপোনজনৰ মৃত্যুৰ দৰে গ্ৰহণ কৰি আগুৱাই যোৱাৰ সময় হৈছে। আপুনি কি ভাবে? অসম চুক্তি এতিয়াও জীয়াই আছেনে?

১৯৮৫ চনৰ পৰা আমি কেৱল বিদেশীক নাগৰিকত্ব দিয়াৰ আয়োজনেই দেখিলোঁ।

অসম চুক্তিৰ মৃত্যু হৈছে। অসম চুক্তি দীৰ্ঘজীৱী হওক!

ৰাজতন্ত্ৰত ৰজাৰ আদেশ ৰাজ-ঘোষকে ঢোল বজাই চিঞৰি চিঞৰি প্ৰজাক জনাইছিল।ইংলণ্ডৰ ৰাজ ঘোষকে প্ৰতিটো ঘোষণাৰ অন্তত ৰজাৰ দীৰ্ঘায়ু কামনা কৰি উদাত্ত কন্ঠেৰে চিঞৰি উঠিছিল-long live the king-মহাৰাজ দীৰ্ঘায়ু হওক। ৰজাৰ মৃত্যু হোৱাৰ পিচত ৰজাৰ মৃত্যু ঘোষণা কৰাৰ পাছতো ৰাজ-ঘোষকে অভ্যাসবশত চিঞৰি উঠিছিল- ‘মহাৰাজৰ মৃত্যু হৈছে, মহাৰাজ দীৰ্ঘজীৱী হওক’! আমিও অসম চুক্তিৰ মৃত্যুৰ পিচতো অভ্যাসবশত চিঞৰি আছো- অসম চুক্তি দীৰ্ঘজীৱী হওক।