অভিশপ্ত চাৰি জুলাই


Image Description

(২)
(১০ জুলাই সংখ্যাৰ পৰা)
হ'ষ্টেলৰ ৰুমত সোমোৱাৰ পাছত ‘ফায়াৰ ব্ৰিগেড’ৰ গাড়ী এখন চাইৰেন বজাই আহিল৷ চাৰিওফালে হুলস্থূল৷ এনেকুৱা সময়তে ৰঞ্জিৎ বৰপুজাৰীয়ে সাৰ পাই সন্মুখৰ বাৰাণ্ডাখনেৰে ক'ৰিডৰৰ ফালে অহা দেখিলোঁ– সি 'কি হৈছে? কি হৈছে' বুলি চিঞৰি সুধিছে৷

তাৰ কথাৰ উত্তৰ নিদি তাক ৰুমত সোমাই থাকিবলৈ ক’লোঁ৷ সি ৰুমলৈ গ’ল, কিন্তু গাত চোলাটো সোমাই লৈ দুয়োটা ব্লকৰ পশ্চিম প্ৰান্তত থকা বাগানখনৰ কাষেৰে দ্বিতীয় ব্লকলৈ ঢাপলি মেলিলে৷ ঠিক সেইখিনি সময়তে তদানীন্তন পুলিচ অধীক্ষক পাব্বীৰ নেতৃত্বত এদল পুলিচৰ সশস্ত্ৰ বাহিনী মতিলাল নেহৰু পথৰপৰা ডনব’স্কৰ সন্মুখৰ ৰাস্তাটোৰে আহি হ'ষ্টেলৰ দ্বিতীয় ব্লকটোৰ পশ্চিমৰ ছয়ফুটীয়া লোহাৰ বেৰখনৰ সিপাৰে নামি পৰিল আৰু পুলিচ অধীক্ষকগৰাকীৰ নিদেৰ্শত হ'ষ্টেলৰ ফাললৈ লক্ষ্য কৰি গুলীয়াবলৈ ধৰিলে৷

ৰঞ্জিৎ বৰপুজাৰীয়ে দ্বিতীয় ব্লকত উঠিয়ে সশস্ত্ৰ পুলিচ দেখি বাৰাণ্ডাৰে যাওঁতেই তেৰ নম্বৰ ৰুমৰ সন্মুখত পুলিচৰ গুলীত বাগৰি পৰিল৷ মই গোটেই ঘটনাটো নিজৰ ৰুমৰ গ্লাছৰ মাজেৰে দেখি আছোঁ।

পুলিচে গুলী কৰা দেখি বাৰাণ্ডাত যিসকল ছাত্ৰ আছিল তেওঁলোকক মাটিত বাগৰি দিবলৈ কিছুমানে ভিতৰৰপৰা চিঞৰিলে– পুলিচৰ এই নিৰ্বিচাৰ গুলীচালনাত ৰঞ্জিৎ বৰপুজাৰীৰ থিতাতে মৃত্যু ঘটিছিল আৰু ছয়জন ছাত্ৰ আঘাতপ্ৰাপ্ত হৈছিল৷

সেইসকল আছিল অমৃত ভট্টাচাৰ্য্য [পৰৱৰ্তীকালত তিনিচুকীয়া কলেজৰ অধ্যাপক], ৰুদ্ৰ গোহাঁই, অমৰ হাজৰিকা [প্ৰাক্তন ৰাজ্যিক টেনিছ খেলুৱৈ], ভূপেন শৰ্মা, তিলক হাজৰিকা [ইঞ্জিনিয়াৰ– বৰ্তমান গুৱাহাটীৰ বাসিন্দা], নেত্ৰধৰ দাস [বৰ্তমান দিছপুৰ নিবাসী]৷

পুলিচৰ গাড়ীখন উভতি যোৱা দেখি দৌৰি আহি ৰঞ্জিতক জোকাৰি চাওঁ যে ৰঞ্জিত নাই– কাষত তেজৰ ডোঙা– চাৰিওফালে চিঞৰ-বাখৰ বাহিৰত বিচনা এখন উলিয়াই দি এজনক শুৱাই দিছে।

ৰ’ব নোৱাৰি কলেজলৈ দৌৰ মাৰিলোঁ– চকিদাৰ দুখকাইক ছাৰৰ অফিছ ৰুমটো খুলি দিবলৈ ক’লোঁ– ফোনটো দাঙি ‘টেলিফ'ন এক্সেঞ্জ’ত ক’লোঁ– কটন হ'ষ্টেলত পুলিচে গুলীচালনা কৰি এজন মাৰিছে আৰু কেবাজনো আহত হৈছে– চিভিল চাৰ্জনক লগাই দিয়ক।

অলপ পিছত এজনে খবৰ দিলে তেখেতৰ অসুখ– এম্বুলেন্স এখন পঠাবলৈ কাতৰ অনুৰোধ কৰিলোঁ– উত্তৰ আহিল চালক নাই৷ তেতিয়া এক্সচেঞ্জৰ জনৈক অপৰেটৰে ক’লে– পালোঁ ডাঃ কনকলাল বৰুৱাক৷

তাৰ পাছত আৰু দুজনমানক চেষ্টা কৰি নোপোৱাত হ'ষ্টেললৈ উভতি আহিলোঁ– বাটতে কলেজৰ অধ্যক্ষ হৰিশ গোস্বামী ছাৰক কোৱাৰ্টাৰলৈ গৈ খবৰ দি তেখেতক মাতি আহিলোঁ৷ ইপিনে অনিল ৰতন বৰঠাকুৰে [তেতিয়া গুৱাহাটীৰ মেজিষ্ট্ৰেট] নিজৰ মটৰ চাইকেলেৰে গোটেই হ'ষ্টেলত খবৰ দিলে– ল’ৰা, প্ৰফেছৰ আহি আমাৰ হ'ষ্টেল ভৰি পৰিছে৷

ডাক্তৰ এজনো আহি পোৱা নাই৷ মই আকৌ কলেজলৈ দৌৰ মাৰিলো– ফোন উঠালোঁ, ডাঃ নলিনী শৰ্মা ঘৰত নাই বুলি জনালে– ডাঃ কনকলাল বৰুৱাকো নাই পোৱা। এনেতে সাংসদ হেম বৰুৱা ছাৰৰ অফিচলৈ সোমাই আহি মোৰ পৰা ফ'নটো লৈ টেলিফ'ন অ’পাৰেটৰজনক ক’লে, ‘মই হেম বৰুৱা এমপিয়ে কৈছোঁ– মোক মুখ্য মন্ত্ৰী বিমলা চলিহাক লাগে– আৰ্জেণ্ট কল৷’

লগে লগে অপাৰেটৰজনে ক’লে,‘লগাই দিছোঁ৷ আপুনি কথা পাতক৷’ হেম বৰুৱা ছাৰে ক’লে, ‘মই হেম বৰুৱা এমপিয়ে কৈছোঁ, মোক বিমলা প্ৰসাদ চলিহাদেৱক লাগে৷’ মুখ্য মন্ত্ৰীৰ সহকাৰীগৰাকীয়ে ক’লে, ‘মই লগাই দি আছোঁ৷’

অলপ পাছতে সহকাৰীগৰাকীয়ে ক’লে ‘ছাৰৰ অসুখ, শুই আছে৷’ তেতিয়া হেম বৰুৱা ছাৰে গদগদ ভাষাৰে গম্ভীৰ কণ্ঠেৰে ক’লে– তেখেতক ক’বা মই হেম বৰুৱা এমপিয়ে কৈছোঁ– কটন হ'ষ্টেলত পুলিচে গুলীচালনা কৰিছে আৰু কেবাজনো আহত হৈছে– তেখেতক শীঘ্ৰে ভৈয়ামলৈ নামি আহিবলৈ ক’বাঁ৷’

মই হ'ষ্টেললৈ দৌৰি আহিলোঁ– ইতিমধ্যে ডাঃ নলিনীকান্ত শৰ্মাদেৱ আৰু কনকলাল বৰুৱাদেৱে কলা প্ৰিফেক্ট গাড়ীখনেৰে আহি ভিতৰ পাইছেহি– আটাইকে চাই, দুজনক গাড়ীত ভৰাই লৈ ৰিক্সা বা অইন কিহবাত বাকীকেইজনক হস্পিতাললৈ লৈ আহিবলৈ ক’লে৷

ইতিমধ্যে অমৰ হাজৰিকাই নিজেই ৰিক্সা এখনত উঠি হস্পিতাল পাইছিলগৈ৷ তেতিয়া হস্পিতালত ছাত্ৰ-শিক্ষক, অন্য লোক ঠাহ খাই আছে– এনেতে সশস্ত্ৰ পুলিচ বাহিনী লৈ গাড়ীখনেৰে আৰক্ষী অধীক্ষক পাব্বী হ'ষ্টেলত প্ৰৱেশ কৰিবলৈ উদ্যত হ’ল– বন্দুকধাৰী পুলিচকেইজনে বন্দুক টোঁৱালে– অধ্যক্ষ হৰিশ গোস্বামী ছাৰ, অধ্যাপক তাৰিণী কান্ত ভট্টাচাৰ্য্যকে ধৰি উপস্থিত সকলোৱে উভতি দৌৰ মাৰিলে– ভালেমানৰ চোতালত বাগৰি পৰোঁতে জখমো হ’ল– তাৰিণী ভট্টাচাৰ্য্য ছাৰক হস্পিতালত ভৰ্তি কৰাবলগীয়া হৈছিল৷

এনেতে ক'ছম' হ'ষ্টেলৰ অধীক্ষক ঈশ্বৰ চন্দ্ৰ ভূঞা ছাৰে লোহাৰ গেটখন দুই হাতেৰে জপাই ধৰি বজ্ৰ কণ্ঠত কৈ উঠিল– ‘ইউ কাণ্ট এণ্টাৰ ইন্‌টু দ্য হোষ্টেল৷’ আৰক্ষী অধীক্ষক পাব্বী ছাৰৰ থমকি ৰ'ল। সোমাবলৈ সাহস নকৰিলে৷ বেঙে মুটা গৰুৰ দৰে সশস্ত্ৰ বাহিনীক লৈ উভতি গ’ল৷

আজি মই নিশ্চয়কৈ বিশ্বাস কৰোঁ যে তথাকথিত সেই তিনিগৰাকী অসমপ্ৰেমী আছিল আৰক্ষীৰ মানুহ৷ তেওঁলোকক নিশ্চয় দায়িত্ব দিয়া হৈছিল ছাত্ৰসকলক হ'ষ্টেলৰপৰা বাহিৰলৈ উলিয়াই নিয়া আৰু সমাজবিৰোধী কৰ্মত নিয়োগ কৰোৱাই তেনে এটা অৱস্থাত শিয়াল-কুকুৰক মৰাদি গুলীয়াই মৰাৰ– তেনেকৈ ভাষা আন্দোলনৰ সমাপ্তি ঘটোৱাৰ৷

সি যিয়েই নহওক আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই পাটনাৰ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ চন্দ্ৰকান্ত সিনহাৰ নেতৃত্বত তদন্ত আয়োগ বহৱালে৷

আমি ভালেই পালোঁ ন্যায়াধীশ এজনক দায়িত্ব অৰ্পণ কৰিছে৷ একেখন চৰকাৰৰ দুটা বিভাগ- এটা শিক্ষা, আনটো আৰক্ষী বিভাগ৷ কলেজখন সম্পূৰ্ণ চৰকাৰী ।তাত গুলীচালনা হৈছে– কিন্তু চৰকাৰে আৰক্ষী বিভাগৰ কাৰণে বাহিৰৰ নামজ্বলা উকীল সিদ্ধাৰ্থ শংকৰ ৰয়ক আনিলে– সকলো অৰ্থৰ যোগান ধৰিলে।

কিন্তু আনটো বিভাগৰ কাৰণে একো নকৰিলে– বৰং তিনিজন অধ্যাপকৰ বিৰুদ্ধে ‘শ্ব' কজ’ নটিছ জাৰি কৰি শৃংখলাভংগৰ অভিযোগ আনিলে৷

কটনিয়ানৰ সম্পাদকীয়ত চৰকাৰৰ এই পক্ষপাতিত্বৰ কথা তুলি ধৰিছিলোঁ৷

তদন্ত হওঁতে আমি লাহে লাহে বুজি উঠিছিলোঁ যে এইটোও এটা ভেকোঁভাওনা ৷ সঁচাকৈয়ে যেতিয়া প্ৰতিবেদন প্ৰকাশ হ’ল আমি দেখিলোঁ– ৰঞ্জিৎ বৰপুজাৰীৰ হেনো হ'ষ্টেল চৌহদৰ লোহাৰ বেৰখন বগাওঁতে লোহাৰ খুঁটিত মূৰ ফাটি মৃত্যু হৈছে৷

নিজৰ চকুৰে দেখা এটা হত্যাকাণ্ডৰ এনেহেন দুৰ্গতি দেখি তথাকথিত এই ন্যায় প্ৰক্ৰিয়াৰ প্ৰতি বিশ্বাস আমাৰ হেৰাই গ’ল৷ এনেহেন কথাত ন্যায় বোলা কথাটো সদায় চৰকাৰী স্বাৰ্থৰ পক্ষতহে হয়৷

কটনিয়ানৰ সম্পাদকীয়ত খোলাকৈ নিজৰ বক্তব্য দাঙি ধৰিবলৈ পাৰিছিলোঁ– আলোচনীখনৰ বেটুপাত শিল্পী তৰুণ দুৱৰাৰ দ্বাৰা অঁকাইছিলো– ডাঠ কলা ৰং, তাৰ ওপৰত বাঁওফালে তেজৰ চেঁকুৰা, তলত এগছি জ্বলি থকা মাটিৰ চাকি৷

ষাঠি চনৰ অক্ট'বৰ মাহত 'কটনিয়ান'খন ছাত্ৰ-শিক্ষকৰ হাতত তুলি দিছিলোঁ৷ আজিৰ দিনত হোৱা হ’লে সম্পাদকে সেই কাম কৰিবলৈ পাৰিলেহেঁতেননে?

(সমাপ্ত)