বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ৯
অসমীয়ায়ো আকোঁৱালি লৈছিল


Image Description

অধ্যাপক আব্দুল মান্নানে ‘অনুপ্ৰৱেশ, অসম আন্দোলনৰ আদি কথা’ গ্ৰন্থত বঙ্গমূলীয় মুছলমানৰ অসমীয়া জাতিত আত্মলীনৰ বিষয়ে লিখিছে, '১৯১৭ চনত সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল । ওচমান আলী সদাগৰে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনতে সদস্যভুক্ত হৈছিল আৰু সভালৈ ১০টকা ৰূপ বৰঙণি আগবঢ়াইছিল । দহ টকাৰে তেতিয়া দহ বিঘা মাটি কিনিব পাৰিছিল । এনে দূৰদৰ্শিতা আৰু সদাৰ্থক দৃষ্টিভঙ্গীৰ কাৰণে বহু ঠাইত স্থানীয়লোকৰ সৈতে গঢ়ি উঠা সদ্ভাৱ আৰু সংমিশ্ৰণৰ আকৰ্ষণে সন্দিহান কৰি নোতোলা প্ৰব্ৰজনকাৰী মুছলমান খেতিয়কক স্থানীয় লোকে আকোঁৱালি ল'বলৈ দ্বিধাবোধ কৰা নাছিল ।

অসম সাহিত্য সভাই পূৰ্ব বঙ্গৰ পৰা অহা মুছলমান কৃষকক অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি অসমীয়া সমাজৰ সৈতে মিলি যাবলৈ উদগনি দিছিল । ১৯২৬ চনত সভাৰ ধুবুৰী অধিৱেশনৰ সভাপতি বেণুধৰ ৰাজখোৱাই তেওঁৰ অভিভাষণত কৈছিল:

'অসমলৈ মৈমনসিংহ জিলাৰ বহু মানুহ আহিছে । যি প্ৰদেশ সমৃদ্ধিশালী, অনেক ঠাইৰ পৰা মানুহ আহি তাত বাস কৰেহি । আৰ্য্যবিলাক এইদৰে বহু দূৰৰ পৰা আহি বসতি কৰিছে । কোচ, কছাৰী, আহোম প্ৰভৃতি জাতি অসমৰ খিলঞ্জীয়া অধিবাসী হ’ল। মিৰজুমলাৰ লগত অহা বহু মুছলমান অসমত থাকি গ'ল, তেওঁবিলাক অসমীয়া জাতিৰ লগত মিহলি হ’ল।মৈমনসিঙীয়াসকলে এইদৰে অসমতে চিৰস্থায়ীকৈ বাস কৰি অসমীয়া বুলিবলৈ গৌৰৱ অনুভৱ কৰিব,তাত কোনো ভুল নাই ।'

অসমৰ প্ৰায় সকলো সাহিত্যিক, বুদ্ধিজীৱীয়ে জনগোষ্ঠীটোৰ অসমীয়া জাতীয় জীৱনৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে শলাগ লৈ আহিছে। অসম সাহিত্য সভাৰ প্ৰায়সকল সভাপতিৰ অভিভাষণত বঙ্গমূলীয় অসমীয়া মুছলমানসকলৰ প্ৰশংসাসূচক উল্লেখ লক্ষ্য কৰা যায় ।

১৯৩৭ চনত নেহৰু অসমলৈ আহোঁতে অসমীয়া সংৰক্ষণী সভাৰ হৈ নীলমণি ফুকন আৰু অম্বিকাগিৰি ৰায়চৌধুৰীয়ে নেহৰুক অৱগত কৰে যে বাঙালী পমুৱা মুছলমানখিনিয়ে ভাষা আৰু সংস্কৃতিৰ ফালৰ পৰা নিজকে অসমীয়া হিচাপে চিনাকি দিবলৈ ইচ্ছুক, কিন্তু বৰ্তমান তেওঁলোকক ফুচুলাই আৰু ‘জোৰ কৰি’ বাংলা পঢ়িবলৈ বাধ্য কৰা হৈছে ।

অধ্যাপক আব্দুল মান্নানৰ ‘অনুপ্ৰৱেশ, অসম আন্দোলনৰ আদিকথা’ত উল্লেখ কৰিছে , “ ১৯৪০ চনৰ ২৯ আগষ্ট তাৰিখে গুৱাহাটীৰ কাৰ্জন হল (স্বাধীনতা লাভৰ পাছত নবীন বৰদলৈ হল নামকৰণ কৰা হৈছে)ৰ বাকৰিত অম্বিকাগিৰি ৰায়চৌধুৰীৰ সভাপতিত্বত এখন বিৰাট ৰাজহুৱা সভা অনুষ্ঠিত হয় । এই সভাই গ্ৰহন কৰা এটা প্ৰস্তাৱত কোৱা হৈছে: ‘এই ৰাজহুৱা সভাই ১৯৩৭ চনৰ আগতে অসম উপত্যকালৈ আহি অসমীয়াৰ মাজত স্থায়ীভাৱে বসতি কৰা সকলো শ্ৰেণীৰ ইমিগ্ৰেণ্টছক অসমীয়া জাতীয় স্বাৰ্থৰ লগত জড়িত হৈ অহা চেন্সাচত নিজক অসমীয়া বুলি লিখিবলৈ অনুৰোধ কৰে আৰু সেইদৰে চেন্সাচ কৰ্তৃপক্ষকো তেওঁলোকক অসমীয়াৰ লগত চামিল কৰি ধৰিবলৈ অনুৰোধ কৰে । 'ৰায় চৌধুৰীৰ প্ৰচেষ্টাৰ প্ৰতি পূৰ্ববংগীয় মূলৰ মুছলমান খেতিয়কৰ সঁহাৰি কিমান ইতিবাচক আছিল সেয়া ডেকা অসম (ষষ্ঠ বছৰ, চতুৰ্থ সংখ্যা, ২৩ আঘোণ, ১৮৬২ শক)ত প্ৰকাশিত এখন দৰ্খাস্তত প্ৰতিফলিত হৈছে । বৰপেটা মহকুমাৰ প্ৰব্ৰজনকাৰীসকলৰ হৈ কেইগৰাকীমান মুখিয়াললোকে দৰ্খাস্তখন সেই সময়ৰ অসমৰ প্ৰধান মন্ত্ৰীলৈ দিছিল । দৰ্খাস্তখনৰ আছিল হুবহু এনে ধৰণৰ:

'শ্ৰীযুত অসমৰ প্ৰধান মন্ত্ৰী মান্যবৰেষু,

মহোদয়,

অধীন বৰপেটা মহকুমাৰ ইমিগ্ৰেণ্ট প্ৰজাবৃন্দৰ সবিনয় নিবেদন এই যে আমালোকে ২৫/৩০ বছৰ হ’ল অসমত স্থায়ীভাৱে বসতি কৰি আছোঁ । আমালোকৰ ল’ৰা-ছোৱালীক অসমীয়া ভাষাত শিক্ষা দিছোঁ, আৰু আমালোকেও বহুতে অসমীয়া ভাষা শিকিছোঁ, তদুপৰি যিবিলাকে অসমীয়া ভাষা নাজানে সিবিলাকেই নিশা স্কুল পাতি অসমীয়া ভাষা শিকিবলৈ ধৰিছে । গতিকে মহোদয়ে ১৯৪১ চনৰ চেন্সাচত আমাক অসমীয়া ভাষা-ভাষী আৰু অসমীয়া বুলি ধৰাৰ কাৰণে গোহাৰি জনালোঁ ।

ইতি,

আবেদনকাৰী প্ৰজাবৃন্দৰ চহী :

১) ৰিয়াজুদ্দিন আহমেদ, সাং হাউলী বজাৰ,

২) গাৰগালি চৰকাৰ, সাং ৰায়পুৰ, লোকেল বোৰ্ড মেম্বৰ,

৩) পিয়াৰ উল্লা সৰকাৰ, ভূতপূৰ্ব লোকেল বোৰ্ড মেম্বৰ, সাং মাজগাঁও, পল্লাৰ পাৰ,

৪) আব্দুল মজিদ খাঁ, চেক্ৰেটাৰী, কুজাৰপিট মাইনৰ স্কুল,

৫) আলি আমজদ খাঁ, সাং বেতবাৰী,

৬) হবিবুল্লা মুন্সী, সং হাতিদানা দলগাঁও,

৭) দয়ামুল্লা সৰকাৰ, সাং কলাবাৰী,

৮) আমিৰ আলি সৰকাৰ, সাং ৰায়পুৰ,

৯) কালিমুদ্দিন সেখ, পণ্ডিত । '

অসমৰ অৰ্থনীতি বিশেষকৈ কৃষি আৰু শ্ৰমৰ অৰ্থনীতিত বঙ্গমূলীয়সকলৰ অৱদান বিশেষভাৱে স্বীকাৰ্য্য । এই বিষয়ে আলোচনা কৰিবলৈ সুকীয়া প্ৰৱন্ধ এটাৰ প্ৰয়োজন হ’ব । থোৰতে এটা কথাই ক'ব পাৰি যে পূৰ্বতে অসমৰ অৰ্থনীতিৰ এই দুয়োটা খণ্ডতে ৰাজ্যখনৰ পৰা এক বুজন পৰিমাণৰ ধন বাহিৰলৈ ওলাই গৈছিল, এতিয়া সেইখিনি ৰাজ্যখনতে ৰৈ গৈছে আৰু অসমৰ অৰ্থনীতিত বিনিয়োগ হৈছে । অসমীয়া সাহিত্য চৰ্চাৰ ক্ষেত্ৰত বঙ্গমূলীয় অসমীয়া মুছলমানসকলৰ অৱদানৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, এয়া এক সৰ্বজন স্বীকৃত অধ্যায়।।

(পৰৱৰ্তী, অৰ্থাৎ শেষ অংশ: অসমীয়া জাতি সত্তাৰ পৰা আঁতৰাই পঠিওৱাৰ চক্ৰান্ত সত্বেও বঙ্গমূলীয় মুছলমানে অসমীয়া জাতীয় সত্তাক খামুচি থাকিল)