আইনবহিৰ্ভূত হত্যা তেজে ধোৱা বুৰঞ্জীৰ এক অধ্যায়
উচ্চপদস্থ সামৰিক বিষয়াৰ যাৱজ্জীৱন কাৰাদণ্ড


Image Description

১৩ অক্ট’বৰ ২০১৮। ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু ন্যায়িক ব্যৱস্থাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন৷ ২০১৮ চনৰ ১৩ অক্ট’বৰত সন্ধিয়া উজনি অসমৰ দিনজান সামৰিক শিবিৰত এটা ২৪ বছৰীয়া পুৰণি গোচৰৰ ক’ৰ্ট মাৰ্চেলৰ ৰায়দান হৈছিল৷

৯জন নিৰীহ যুৱকক সেনাই ঘৰৰ শোৱাপাটীৰ পৰা উঠাই নি পৰৱৰ্তী সময়ত তাৰে ৫ জনক নৃশংসভাৱে হত্যা কৰি সংঘৰ্ষৰ ৰূপ দিছিল আৰু এই গোচৰ ন্যায়ালয়ত চলি আছিল আৰু উক্ত গোচৰৰ ফলত এই ৰায়দান৷

এই ৰায়দানে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু ন্যায়িক ব্যৱস্থাৰ গৰিমা অধিক বৃদ্ধি কৰিলে৷ এই ৰায়দানে ভাৰতবৰ্ষৰ সাংবিধানিক বিধি-ব্যৱস্থাৰ ওপৰত জনগণৰ আস্থা বৃদ্ধিৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাবে সদায়েই চিহ্নিত হৈ ৰ’ব৷ ডুমডুমাৰ পৰা শদিয়াৰ দিশলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থাকিলে তালাপ পাৰ হৈ ডাঙৰী গাঁও পোৱা যায়৷ এই বাটেৰে অহা-যোৱা কৰা সকলোৰে ডাঙৰী গাঁৱৰ পথৰ দাঁতিত থকা পঞ্চ ছহিদ ক্ষেত্ৰ দৃষ্টিগোচৰ হয়৷ ৫টা স্মৃতিসৌধ আৰু এখন বৃহৎ ফলকেৰে এই ক্ষেত্ৰখনেই ২৪ বছৰৰ পূৰ্বৰ তেজে ধোৱা বুৰঞ্জীৰ সেই অধ্যায়ৰ কথা আজিও সোঁৱৰাই আছে৷

১৯৯৪ চনৰ ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৫.৩০ মান বজাত আমাৰ গুৱাহাটী বাসগৃহৰ টেলিফ'নটো বাজি উঠিল। ফ'নটো ধৰিলোঁ। সিটো মূৰৰ পৰা এজন সতীৰ্থই জনালে যে যোৱা নিশা ডাঙৰীৰ ঘৰৰ শোৱাপাটীৰ পৰা তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰবীণ সোণোৱালক সেনাবাহিনীৰ লোকে উঠাই লৈ গৈছে৷

মই সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি আছিলোঁ৷ টেলিফ'নত মোক এইটোও জনোৱা হ’ল যে যোৱা দুদিনত আৰু কেইবাজনো যুৱকক সেনাবাহিনীয়ে উঠাই লৈ গৈছে৷ মই ক’লো যে মই জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিম, কিন্তু এতিয়ালৈকে যিসকলক সেনাবাহিনীয়ে লৈ গৈছে তেওঁলোকৰ সবিশেষ তথ্য সংগ্ৰহ কৰিব লাগে আৰু সংশ্লিষ্ট পৰিয়ালৰ দ্বাৰা নিকটৱৰ্তী আৰক্ষী থানাত লিখিতভাৱে জনাব লাগে৷

পুৱা ৮মান বজাত মই সেই সময়ৰ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক আৰ পি সিং [আইপিএছ]ৰ লগত টেলিফ'নত যোগাযোগ কৰিলোঁ আৰু ঘটনাটোৰ বিষয়ে জানিবলৈ দিলোঁ। যুৱকসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ৷ তেওঁ মোক যথেষ্ট যোগাত্মক সঁহাৰি দিছিল আৰু মোক চিন্তা কৰিব মানা কৰিছিল৷ [এইখিনিতে উল্লেখ কৰাটো উচিত হ’ব যে আৰ পি সিং এজন অতি বিচক্ষণ বিষয়া আছিল৷ পৰৱৰ্তী সময়ত এইজন বিষয়াক আলফাই হত্যা কৰিছিল৷]

দিনৰ ১০ মান বজাত মই তিনিচুকীয়া জিলাৰ উপায়ুক্তক বিষয়টো অৱগত কৰিছিলোঁ৷ ২০ ফেব্ৰুৱাৰীৰ পুৱা পুনৰ মই ডাঙৰী অঞ্চলৰ বিভিন্নজনৰ লগত যোগাযোগ কৰি জানিব পাৰিছিলোঁ যে যুৱককেইজনক এই পৰ্য্যন্ত মুকলি কৰি দিয়া নাই৷ ইতিমধ্যে সংগৃহীত তথ্যৰ পৰা জানিব পাৰিছিলোঁ যে সেই তিনি দিনত মুঠ ৯ জন যুৱকক সেনাবাহিনীয়ে উঠাই নিছিল: প্ৰবীণ সোণোৱাল, অখিল সোণোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, ভবেন মৰাণ, গুণীন হাজৰিকা, মতেশ্বৰ মৰাণ, প্ৰকাশ শৰ্মা আৰু মনোৰঞ্জন দাস৷

২০ ফেব্ৰুৱাৰীৰ পুৱাবেলা খবৰ পাইছিলোঁ যে উক্ত যুৱকসকলৰ মুক্তিৰ দাবীত গাঁৱৰ মহিলাসকলে থানা আৰু সামৰিক শিবিৰৰ মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে৷ ২০ ফেব্ৰুৱাৰীৰ দিনৰ ১১ মান বজাত মই সেই সময়ৰ অসমৰ মুখ্য সচিবৰ কাৰ্য্যালয় আৰু আৰক্ষী সঞ্চালকপ্ৰধানক বিষয়টো অৱগত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ৷ সন্ধিয়া তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ পৰা পুনৰ জানিব বিচাৰিলোঁ যে যুৱককেইজনক মুকলি কৰি দিয়া হ’ল নেকি। আৰক্ষী অধীক্ষকে মোক জনালে যে যুৱককেইজনক ধলাৰ সেনা শিবিৰত ৰাখিছে আৰু তেওঁ সেনাবাহিনীৰ কৰ্ণেলৰ লগত যোগাযোগ কৰি আছে৷

২১ ফেব্ৰুৱাৰীৰ পুৱা যেতিয়া পুনৰ নিশ্চিত হ’লোঁ যে যুৱককেইজনক মুকলি কৰি দিয়া নাই, লগে লগে মই ৰাজভৱনলৈ ফ'ন কৰি ৰাজ্যপালৰ এডিচিগৰাকীক বিষয়টো অৱগত কৰি ৰাজ্যপালৰ দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনালোঁ৷ সন্ধিয়া পুনৰ আৰক্ষী অধীক্ষকৰ লগত যোগাযোগ কৰি জানিব বিচাৰিলোঁ যে আৰক্ষীৰ তথ্যমতে যুৱককেইজন কোনো ধৰণৰ আপত্তিজনক কামত জড়িত আছে নেকি? আৰক্ষী অধীক্ষকে মোক জানিবলৈ দিছিল যে আৰক্ষীৰ নথিত এই যুৱককেইজনৰ কোনো অপৰাধজনিত কামৰ তথ্য নাই৷

২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰণৱানন্দ পাঠকৰ ঘৰলৈ গ’লোঁ আৰু এখন ‘হেবিয়াছ কৰপাছ’ কৰিম বুলি জনালোঁ৷ তেওঁ মোৰ পৰা ৯জন যুৱকৰ সবিশেষ তথ্য জমা ল’লে আৰু ২২ ফেব্ৰুৱাৰীৰ পুৱা ১০.৩০ বজাত মোক গুৱাহাটী উচ্চ ন্যায়ালয়লৈ আহি স্বাক্ষৰ কৰিবলৈ ক’লে৷

সেইদৰে ২২ ফেব্ৰুৱাৰীৰ পুৱা মই গুৱাহাটী উচ্চ ন্যায়ালয় পালোঁ আৰু নিৰ্ধাৰিত দায়িত্বসমূহ পালন কৰিলোঁ৷ সেইদিনাই দিনৰ ২ মান বজাত অধিবক্তা এজনে মোক জানিবলৈ দিলে যে মাননীয় উচ্চ ন্যায়ালয়ে যুৱককেইজনক নিকটৱৰ্তী দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাবলৈ নিৰ্দেশ দিছে৷

উক্ত নিৰ্দেশত স্বাক্ষৰ কৰিছিল সেই সময়ৰ মুখ্য ন্যায়াধীশ এছ এন ফুকন আৰু ন্যায়াধীশ এ কে পাটনায়কে৷ মই স্বস্তিৰ নিশ্বাস পেলাইছিলোঁ আৰু পৰিয়ালৰ লোকসকলক আশ্বস্ত কৰিছিলোঁ যে বিশেষ চিন্তা কৰিব নালাগে৷ সন্ধিয়া উচ্চ ন্যায়ালয়লৈ গৈ উক্ত নিৰ্দেশৰ প্ৰমাণিত প্ৰতিলিপি সংগ্ৰহ কৰিলোঁ৷

ক্ষমতাৰ অসাংবিধানিক প্ৰয়োগৰ বিৰুদ্ধে প্ৰথমে জিলা প্ৰশাসন আৰু পিছত ৰাজ্য চৰকাৰ আৰু পিছত ৰাজ্যপাল, পৰিশেষত গুৱাহাটী উচ্চ ন্যায়ালয় আৰু তাতেই ন্যায় পালোঁ৷

ন্যায়পালিকাই মোক নিশাটো নিশ্চিত মনে শুবলৈ দিলে৷ কিন্তু পিছদিনা পুৱা ২৩ ফেব্ৰুৱাৰী, শুই উঠি বাতৰিকাকতবোৰ মেলিয়েই মই মুখামুখি হ’লোঁ মোৰ জীৱনত চৰম আশ্চৰ্য্যজনক মুহূৰ্তটোৰ স’তে৷ কাকতবোৰৰ প্ৰথম পৃষ্ঠাত দেখিলোঁ ডিব্ৰু-ছৈখোৱা বনাঞ্চলত আলফা আৰু সেনাবাহিনীৰ সংঘৰ্ষৰ খবৰ আৰু মই আগদিনা যিকেইজন যুৱকৰ বাবে ন্যায়ালয়ৰ ‘হেবিয়াছ কৰপাছ’ কৰিছিলো আৰু ন্যায়ালয়ে দণ্ডাধীশৰ ওচৰত যিকেইজনক হাজিৰ কৰাবলৈ নিৰ্দেশ দিছিল তাৰে ৫জন যুৱকৰ উগ্ৰপন্থী বুলি চিহ্নিত কৰা মৃতদেহৰ ছবি৷

মই হুকহুকাই কান্দি উঠিলোঁ আৰু খন্তেক পিছতেই মই মোৰ অধিবক্তা প্ৰণৱদাক ফ'ন কৰি ঘটনাটো জনালোঁ৷ প্ৰণৱদাই মোক উচ্চ ন্যায়ালয়লৈ আহিবলৈ ক’লে৷ আনফালে অসমৰ সংবাদ মাধ্যমে বিষয়টো ভুৱা সংঘৰ্ষ বুলি গুৰুত্বসহকাৰে প্ৰচাৰ কৰা বাবে সেইদিনা সমগ্ৰ ৰাজ্যত এই ঘটনাটোৱে তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল৷ মই ৯মান বজাত উচ্চ ন্যায়ালয় পালোঁ৷ অধিবক্তাসকল এজন এজনকৈ আহিবলৈ আৰম্ভ কৰিছিল৷

সেইদিনা উচ্চ ন্যায়ালয়ৰ সকলোৰে মাজত এই বিষয়টোৱেই চৰ্চা লাভ কৰিছিল৷ ৯.৩০ বজাত প্ৰণৱদা আহিল আৰু মোৰ লগত বিষয়টো আলোচনা কৰিবলৈ আৰম্ভ কৰিলে। সকলোৰে এটাই প্ৰশ্ন কি পৰিস্থিতিত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি সামৰিক বাহিনীয়ে যুৱককেইজনক হত্যা কৰিলে?

সেই সময়তেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্য্যই আমাৰ ওচৰলৈ আহি আমাক জনালে যে এই মোকদৰ্মাটোত তেওঁ কোনো পাৰিশ্ৰমিক নোলোৱাকৈ যুঁজ দিব বিচাৰে৷ মই যথেষ্ট প্ৰেৰণা পালোঁ আৰু সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই অনিল ভট্টাচাৰ্য্যই ১৯৯৪ চনৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত এক দীঘলীয়া সময় বিনাপাৰিশ্ৰমিকে এই মোকৰ্দমাটোত যুঁজ দিছিল ৷

পৰৱৰ্তী সময়ত মোকৰ্দমাটো উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ৷ সেইদিনা দিনটো আদালতৰ বিধিসমূহ সম্পূৰ্ণ কৰি পুনৰ এখন আবেদন দাখিল কৰিলোঁ৷ গোটেই নিশা উজাগৰে কটালোঁ৷ পিছদিনা ২৪ ফেব্ৰুৱাৰীৰ পুৱাই ডাঙৰীলৈ ৰাওনা হ’লোঁ৷ গুৱাহাটীৰ পৰা ডাঙৰীলৈ যোৱা এই দীঘলীয়া পথছোৱা গাড়ীত মই নিজকে এটা প্ৰশ্নই কৰি গ’লো– কিয় এনেকুৱা হ’ল? ন্যায় ক’ত আছে? প্ৰথমে জিলা প্ৰশাসন, তাৰ পিছত ৰাজ্য চৰকাৰ, তাৰ পিছত ৰাজ্যপাল, পৰিশেষত ন্যায়ালয় আৰু ক’লৈ যাম?কিয় মই নিৰ্দোষী যুৱককেইজনৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলো?

(অহা দেওবাৰে শেষাংশ, লেখকৰ অনুমতি লৈ পুনৰ মুদ্ৰিত)