জাগীৰোড কাগজকলৰ প্ৰতিবাদস্থলীত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ সৈতে এখন্তেক


Image Description

অসম আৰু অসমীয়াৰ এক জটিল সন্ধিক্ষণত অসম জাতীয় পৰিষদ দলৰ জন্ম৷ অসম প্ৰথম, সদায় আৰু চিৰদিন নীতিৰে জন্মৰ মাত্ৰ এশ দিনৰ ভিতৰত দলটিয়ে ১২৬ টা সমষ্টিৰ অসম বিধান সভাৰ ৮৩টা সমষ্টিত প্ৰতিদণ্ডিতা কৰে৷ কিন্তু ইয়াৰে এটা সমষ্টিটো দলটি জয়লাভ কৰিবলৈ সক্ষম নহ’ল যদিও সমগ্ৰ অসমত মুঠ সাত লাখতকৈও অধিক ভোট লাভ কৰিবলৈ সক্ষম হ’ল৷ মাত্ৰ এশ দিনীয়া দল এটাই বিজেপি আৰু কংগ্ৰেছৰ দৰে শক্তিমান প্ৰতিপক্ষৰ বিৰুদ্ধে ইমান সংখ্যক ভোট লাভ কৰাটো যথেষ্ট তাৎপৰ্য্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ সেয়েহে হয়তো দলটোক বৰ্তমানেও সকলো ক্ষেত্ৰতে সক্ৰিয় ৰূপত দেখা পোৱা গৈছে৷

নিৰ্বাচনৰ পূৰ্বে মিকিৰ বামুণী গ্ৰাণ্ট আৰু লাইকা দধিয়াবাসীৰ হৈ দলটি যি ধৰণে সোচ্ছাৰ হৈছিল ঠিক একে ধৰণে নিৰ্বাচনৰ পিছত ভোট গণনাৰ মাজৰ সময়চোৱাত দলটিৰ সক্ৰিয়তা ৰাজনৈতিক পৰ্য্যবেক্ষক মহলে লক্ষ্য কৰিছে৷ ১৯ এপ্ৰিলত বাপতি সাহোন বিহুটিৰ গুৱাহাটীত হেৰাই যাবলৈ ওলোৱা বিহু হুচৰীৰ পৰম্পৰা পুনৰ উভতাই আনিব বিচৰা প্ৰচেষ্টা আৰু ২৭ এপ্ৰিলত মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান বিভাগৰ শৱযাত্ৰা কৰি লুইতত উটোৱাই দিয়া কাৰ্য্যসূচী ইয়াৰ ভিতৰত উল্লেখযোগ্য৷ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত ‘কৰোণা’ৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে তাৎক্ষণিক ভাবে সমগ্ৰ অসমতে সেৱা গোট গঠন কৰি জনসাধাৰণলৈ সহায় সহযোগিতা আগবঢ়োৱা তথা ৯ জুনত জাগীৰোডত নগাওঁ আৰু কাছাৰ কাগজ কল পুনৰোজ্জীৱিত কৰাৰ কাৰ্য্যসূচী ৰূপায়ণ নিশ্চয়কৈ দলটিৰ উল্লেখযোগ্য পদক্ষেপ৷ সেইদিনা জাগীৰোডত দলটিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ‘প্ৰত্যাহ্হবন’ৰ এক প্ৰশ্নত কয়–

যোৱা কিছুদিনৰ পৰা নগাওঁ আৰু কাছাৰ কাগজ কল দুটা বিক্ৰী কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ আমি বিৰোধিতা কৰি আছোঁ৷ এইখিনিতে এটা ধাৰণা শুদ্ধ কৰা ভাল, সেইটো হ’ল হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্বনে কাগজ কল দুটাৰ সকলো সম্পদ বিক্ৰী কৰিবৰ বাবে নিবিদা আহ৩ান কৰোঁতে, এচামে বুজিবলৈ বা বুজাবলৈ চেষ্টা কৰিছিল যে, কাগজ কল দুটা ব্যক্তিগত খণ্ডৰ দ্বাৰা পুনৰোজ্জীৱিত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে৷ কিন্তু এই ধাৰণা শুদ্ধ নহয়৷ কাগজ কল দুটা পুনৰোজ্জীৱিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ প্ৰকৃততে এই সম্পদসমূহ বিক্ৰী কৰিবলৈহে নিবিদা আহ৩ান কৰা হৈছে৷ কোনোবা ব্যক্তিগত পুঁজিপতিয়ে সম্পদসমূহ ক্ৰয় কৰি উক্ত মাটি যি কোনো কামত ব্যৱহাৰ কৰিব পাৰে৷

এতিয়া প্ৰশ্ন হ’ল, প্ৰচুৰ সম্ভাৱনা থকা স্বত্তেও এই কাগজৰ উদ্যোগক পুনৰোজ্জীৱিত কৰিবলৈ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কিয় কিঞ্চিতো উদ্যোগ নল’লে? ভালদৰে চলি থকা মিল দুটা কাৰ স্বাৰ্থত মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ’ল?

ভাৰতবৰ্ষত উৎপাদন হোৱা মুঠ বাঁহৰ ১৬ শতাংশ বাঁহ অসমত উৎপাদন হয়৷ বাঁহৰ পৰা কাগজ উৎপাদন কৰিও তাৰপৰা নিথানল, ইথানল, বিমান ইন্ধন আদি উৎপাদন কৰিব পাৰি৷ মিথানল আৰু ইথানল আজিৰ আধুনিক বিশ্বত প্ৰদূষণমুক্ত ইন্ধন হিচাবে পৰিচিত৷ বাঁহৰ পৰা এনে ধৰণৰ বহুমুখী প্ৰকল্প স্থাপনৰ সম্ভাৱনা থকাৰ পিছতো এই কাগজ কল দুটা বন্ধ কৰাৰ বাবে কিয় ষড়যন্ত্ৰ কৰা হ’ল? ব্যক্তিগত খণ্ডক প্ৰাধান্য দি পৰোক্ষ চৰকাৰী নিয়ন্ত্ৰণৰ দ্বাৰাও মৃতপ্ৰায় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ পুনৰোজ্জীৱিত কৰিব পৰা যায়৷

ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ বাবে অসমৰ বিভিন্ন নগৰত একোটাকৈ স্বতন্ত্ৰ অৰ্থনীতি গঢ় লৈ উঠিছে৷ ডিগবৈ, মাৰ্ঘেৰিটা, ডুলিয়াজান, শিৱসাগৰ, নামৰূপ, মৰাণ, জাগিৰোড, বঙাইগাঁও, নাজিৰা, আদি অসমৰ নগৰসমূহত বহু বছৰৰ পৰা এটা স্বতন্ত্ৰ অৰ্থনীতিয়ে ঠন ধৰি উঠিবলৈ সুবিধা পোৱাৰ কাৰণ হ’ল এই ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ৷ কিন্তু দুৰ্ভাগ্যজনক ভাৱে যোৱা প্ৰায় ১০য১৫ বছৰ মানৰ পৰা এই ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক কেন্দ্ৰ কৰি গঢ়ি উঠা

এই নগৰসমূহৰ গৰিমা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে৷ কাৰণ এটাই, এই উদ্যোগসমূহক পুনৰোজ্জীৱিতকৰণৰ বাবে চৰকাৰী প্ৰচেষ্টাৰ অভাৱ৷

এটা কথা মই দৃঢ়তাৰে বিশ্বাস কৰোঁ যে চৰকাৰৰ দূৰদৃষ্টি, দৃঢ়তা আৰু ৰাজনৈতিক সদিচ্ছা থাকিলে শুকান বাঁহৰ পৰাও সম্পদ আহৰণ কৰিব পাৰি৷

২০১৭ চনত ৰাজ্য চৰকাৰে মোক অসমৰ পেট্ৰ’কেমিকেল লিমিটেডৰ অধ্যক্ষ ৰূপে নিযুক্তি দিছিল৷ দায়িত্ব লৈয়েই মই দেখিছিলোঁ যে তাৰ পূৰ্বৰ তিনিটা বছৰত এই উদ্যোগে প্ৰায় ২৪ কৌটি টকাৰ লোকচানত চলি আছে, আৰু অধিক লোকচান হ’লে এই উদ্যোগটো এদিন বন্ধ হৈ যাব৷ মই প্ৰত্যাহ৩ান হিচাবে লৈ বিভিন্ন সংস্কাৰমূলক আঁচনিৰে বিষয়া-কৰ্মচাৰীসকলৰ সহযোগত ২০১৯ বৰ্ষত, দুবছৰতেই ২৬ টকাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ মই আজিও বিশ্বাস কৰোঁ যে, ৰাজনৈতিক দূৰদৃষ্টি থাকিলে, সততা আৰু সদিচ্ছা থাকিলে, কোনো আদানী বা আম্বানীৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ৰাজ্য চৰকাৰৰ পৰিকল্পনা আৰু নিয়ন্ত্ৰণৰ দ্বাৰা এক শক্তিশালী জাতীয় অৰ্থনীতি গঢ়িব পাৰি৷ যদি ইচ্ছা কৰোঁ, প্ৰদূষণ সৃষ্টি কৰি মানুহৰ জীৱন দুৰ্বিসহ কৰি তোলা পৌৰ নিগমৰ জাবৰৰ মাজতো সম্পদৰ সন্ধান কৰিব পাৰি৷

ইয়াৰ পিছতে শ্ৰীভূঞাক ভাৰতৰত্ন গোপীনাথ বৰদলৈ আন্তৰাষ্ট˜ীয় বিমান বন্দৰ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদ সোচ্ছাৰ হোৱাৰ কাৰণ জানিব খোজাত তেওঁ কয় যে–গুৱাহীটাৰ গোপীনাথ বৰদলৈ বিমান বন্দৰ গৌতম আদানী নামৰ এজন ব্যৱসায়ীক হস্তান্তৰ কৰিব বিচৰা হৈছে৷ গৌতম আদানী নামৰ এই গুজৰাটী ব্যৱসায়ীজনক গুৱাহাটীয়েই নহয়, মুম্বাই, লক্ষ্ণৌ, জয়পুৰ, আহমেদাবাদ, থিৰুভন্তপুৰম আৰু মাঙ্গালোৰ বিমান বন্দৰো হস্তান্তৰ কৰা হৈছে৷

ভাৰতীয় বিমান প্ৰাধীকৰণৰ তত্বাৱধানত চলি থকা আমাৰ দেশৰ বিমানবন্দৰ সমূহ অতি বেয়া চলি আছিল৷ তেনে নহয়, আৰু অধিক উন্নত কৰাৰ অবকাশ আছে৷ কিন্তু তাৰ বাবে গৌতম আদানী বা আম্বানী কিয়? ভাৰতীয় বিমান প্ৰাধীকৰণে আন্তৰাষ্ষ্টট্ৰ˜ীয় পৰ্য্যায়ৰ কনচালটেণ্ট হায়াৰ কৰিও নিজৰ নিয়ন্ত্ৰণত ইয়াক উন্নত কৰাৰ থল আছিল৷ ইতিমধ্যে আদানীয়ে অধিগ্ৰহণ কৰা বিমান বন্দৰ সমূহত গ্ৰাউণ্ড চাৰ্‌ভিচ চাৰ্জ আৰু পাৰ্কিঙ চাৰ্জ ১০০% বৃদ্ধি কৰিছে৷ ৰাষ্ট˜ীয় বিমান প্ৰাধিকৰণৰ হাতত থকা হ’লে ২৫ বা ৫০% বৃদ্ধি কৰিয়েই উন্নত সেৱাঁ আগবঢ়াব পাৰিলেহেতেন৷

এতিয়া কথা হ’ল, আদানী কোন? ২০১৪ চনৰ আগলৈকে আদানীৰ নাম আমাৰ দেশৰ মানুহে শুনা নাছিল৷ ২০১৪ চনত প্ৰধান মন্ত্ৰী মোডীৰ নেতৃত্বত বিজেপি ক্ষমতালৈ অহাৰ পিছৰে পৰাই এই গুজৰাটী ব্যৱসায়ীজন বাধাহীন ভাৱে আগুৱাই গ’ল আৰু আমাৰ দেশৰ শীৰ্ষতম পূজিপতি সকলৰ মাজত স্থান ল’লে৷ আদানী আৰু আম্বানীৰ প্ৰতি থকা অহেতুক প্ৰীতিৰে মোডীয়ে গুজৰাটী জাতীয়বাদ আৰু এটা সমান্তৰাল অৰ্থনীতিৰ সম্প্ৰসাৰণ কৰিব বিছৰা যেন লাগে৷ মোডী আৰু অমিত শ্বাহৰ গুজৰাটী স্বাভিমান আছে আৰু আমাৰ অসমীয়া স্বাভিমান আছে৷ আমি ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ নামেৰে নামাকৰণ হোৱা বিমান বন্দৰ গুজৰাটী স্বাভিমান প্ৰতিষ্ঠাৰ বাবে এৰি দিব নোৱাৰোঁ৷ আমি বিছাৰোঁ গুৱাহাটীৰ বিমান বন্দৰ উন্নত হওক, ভাৰতৰ শ্ৰেষ্ঠ বিনাম বন্দৰ হওঁক আৰু অসমৰ স্বাভিমান জিলিকি থাকক৷

গুৱাহাটী বিমান বন্দৰৰ সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ কাম চলি আছে৷ হাজাৰ হাজাৰ কোটি চৰকাৰী টকা ব্যয় কৰি সম্প্ৰসাৰণ কৰা বিমান বন্দৰ আদানীয়ে বিনামূলীয়াকৈ লাভ কৰিব৷ যদি আদানীকেই দিব লগা আছিল এই সম্প্ৰসাৰণৰ কাম আদানীৰ ধনেৰে কৰিব লাগিছিল৷

আমাৰে ধনেৰে বিমান বন্দৰ নিৰ্মাণ কৰিব আৰু আদানীক ধন ঘটিবলৈ সমৰ্পন কৰিব আৰু আদানীয়ে আমাৰ যাত্ৰীৰ মূৰত ৰাম টাঙোন মাৰি নিজৰ জেপত লাভাংশ ভৰাব, এইটো চুৰান্ত প্ৰতাৰণা আৰু অন্যায়৷