ঐতিহ্য আমাৰ, পুৰণি গুৱাহাটী নগৰ


Image Description

আসাম বন্ধু

১৮৮৫-১৮৮৭

তৃতীয় আৰু শেষ খণ্ড

বাণেশ্বৰ দেৱালয়ৰ দক্ষিণে ওখ ঠাইত নাওশলীয়া বৰুৱাৰ টোল আছিল। তাৰ পূবে শুক্ৰেশ্বৰ, জনাৰ্দন আৰু বাণেশ্বৰ দেৱালয়ৰ পাইক আছিল। তাৰ ওচৰৰ পৰা এতিয়াৰ পাণবজাৰৰ অধিকাংশ ঠাইত খৰঙী পাইকৰ খেল আছিল। লগতে নগঞা আৰু দৰঙী পাইকো আছিল। এতিয়া যি ঠাইত কাছাৰী আৰু স্কুল, সেই ঠাইত গুৱাহাটীয়া মজুমদাৰ বৰুৱা আৰু ডেকাহঁতৰ ঘৰ। সেই কাৰণে কাছাৰী ঘৰৰ ওচৰত লুইতৰ দাঁতিত থকা শিলছটাক মজুমদাৰৰ শিল বোলে। এতিয়াৰ ডাক বঙলা, য'ত কলৰ পানীৰ আধাৰ পতা হৈছে তাৰ আৰু তাৰ পূবৰ টিলাত খাৰ বটা হৈছিল।

কাছাৰীৰ পৰা জজ কমিশ্যনাৰ চাহাবৰ বঙলা পৰ্য্যন্ত লুইতৰ দাঁতিৰ ঠাইত ডোম গাঁও আছিল আৰু তাৰ ইফালে পহুমৰীয়া নগোঁসাইৰ ঘৰ আছিল। তাৰো ইফালে এতিয়াৰ পথাৰত কিছুমান ৰোৱতী মাটি আছিল। মজুমদাৰ আৰু কাকতি বংশৰ ঘৰ দীঘলীপুখুৰীৰ দক্ষিণ-পশ্চিম পৰ্য্যন্ত ব্যাপি আছিল। তাত আনৰো ঘৰ আছিল।

ইয়াতে চিত্ৰকৰ নামঘৰ বা মজুমদাৰৰ নামঘৰ নামে এটা নামঘৰ আছিল। মজুমদাৰৰ এই ঘৰটো আৰু তেওঁলোকৰে ওচৰৰে কিছু মাটি কেতেকীবাৰী বুলি জনা গৈছিল। লতাশিলত ছত্ৰাকাৰ দেৱালয়ৰ পাইক, কিছু অন্য পাইক আৰু কিছুমান বৰা বিষয়া জ্যোতিষীয়া মানুহ আছিল। উগ্ৰতাৰা দেৱালয়ৰ ফালে সেই দেৱালয়ৰ পাইক আৰু আন লোকৰ ঘৰ আছিল। শুক্ৰেশ্বৰৰ আগত কেঞাৰ এখন গোলা আছিল।

এতিয়াৰ দৰে ঘৰবোৰ তেতিয়া নাছিল। চুবা চুবাকৈ আছিল। ঘৰৰবোৰৰ ওচৰত ঘৰৰ বাৰীবোৰো আছিল। থুকুবলীয়া গাঁও লুুইতৰ দাঁতিত আছিল। নগৰত দুখন বজাৰ আৰু এখন গোলা আছিল। শুক্ৰেশ্বৰ দেৱালয়, জনাৰ্দন দেৱালয়, বাণেশ্বৰ দেৱালয়, শুক্ৰেশ্বৰৰ দৌল, ছত্ৰাকাৰ দেৱালয়, উগ্ৰতাৰা দেৱালয়, চিত্ৰাচল বা নৱগ্ৰহ দেৱালয় আদি দেৱালয় নগৰত আছিল। উমানন্দ দেৱালয় ব্ৰহ্মপুত্ৰ নদীৰ মাজত। কৰ্মনাশা আৰু উৰ্বশীও নদীৰ মাজৰ পাহাৰত । দোবদৰৰ মাটিত বঙালহটীয়া দুলীয়াৰ ছাউনি। চলাৰ ওচৰত টকৌবাৰী সত্ৰ। উত্তৰপাৰে অশ্বক্লান্ত, মণিকৰ্ণেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ দেৱালয়। এই সমস্ত ঘৰবোৰ পকীঘৰ।

গুৱাহাটীৰ দক্ষিণফালে ভৰলুৰ ওচৰত কুমাৰপাৰা গাঁও আছিল। নকোণীয়া পুখুৰী, উগ্ৰতাৰাৰ পুখুৰী, দীঘলীপুখুৰী, কমাৰপুখুৰী, লাখটকীয়াৰ পুখুৰী, খাৰ বটা বা মজুমদাৰৰ পুখুৰী এইকেইটা প্ৰধান জলাশয়।

চলাবিলত মাছখোৱা আৰু লাখটকীয়াৰ দুটা মছজিদ ঘৰ আছিল। তিনি পৰ চাৰি দণ্ড মাৰিবৰ পৰা পৰগনীয়া কামৰূপী মানুহ নগৰৰ ভিতৰত থাকিব নোৱাৰিছিল। অশ্বক্লান্তৰ পাৰত অথবা নীলাচলৰ পশ্চিমফালৰ পশ্চিমে পাণ্ডুত পৰগনীয়া বিষয়াবোৰ আৰু পৰগনীয়া মানুহবোৰ আছিল। নীলাচলৰ পূবে আমৰাজুলি ঘাটৰ ওচৰত আন্ধাৰুবালি নামে যি বালি তাৰ নাম আজি প্ৰায় চাৰিশ বছৰৰ পৰা প্ৰখ্যাত।

দুলীয়াৰ ছাউনিৰ দক্ষিণে আলিৰ কাণত কেইটামান পুখুৰীত ভাল ভাল শাল খুটা পানীত থোৱা হৈছিল। তাৰ ওচৰতে ৰজাঘৰীয়া ইটা বনোৱা হৈছিল। সেই পুখুৰী ইটাপুখুৰী নামে প্ৰসিদ্ধ। তাৰপৰ অলপ ভটিয়াই আহিলে দুৰ্গা সৰোবৰ। উত্তৰ গুৱাহাটীত কাকতী চুক , মজুমদাৰ চুক প্ৰভৃতি নামে ঠাইত গুৱাহাটীয়া কাকতী আৰু মজুমদাৰৰ ঘৰ আছিল। ব্ৰাহ্মণ আৰু অন্য জাতিৰ বিষয়া আৰু অন্যান্য লোকৰো ঘৰ আছিল। তাত ডোম গাঁওও আছিল। অশ্বক্লান্ত দেৱালয়ৰ ওচৰৰ ডোম গাঁও মাজগাঁও নামে প্ৰসিদ্ধ।

গুৱাহাটী নগৰৰ প্ৰজাৰ সংখ্যা সাত হাজাৰৰ অধিক নাছিল। উত্তৰ গুৱাহাটীৰ লোকসংখ্যা তিনি হাজাৰমান হ'ব। নগৰত থিতাপি হৈ থকা মানুহ পাঁচ হাজাৰমানহে মাত্ৰ। অধিকাংশ পাইক খটা বা বিষয় কৰা লোক। নগঞা খৰঙী গুৱাহাটীয়া কিছুুমান লোক সৈন্যদলত ভুক্ত আছিল। সেইবোৰ লোক খেলে খেলে আছিল। বৰফুকনৰ পৰা অতি দীন দৰিদ্ৰ পৰ্য্যন্ত সকলোৰে বাঁহ, কাঠ আৰু খেৰৰ ঘৰ। নদীৰ ঘাটত দুৱৰীয়াৰ ঘৰৰ 20 খনমান হোলোং নাও আৰু আন মুদৈৰ কিছুমান বেপাৰী নাও আছিল।

ৰজাঘৰীয়া কাৰ্য্যৰ কাৰণে পানীফুকনৰ চকীত খাৰঘৰৰ ঘুলিত আৰু নগৰৰ ঘাটতে কিছুমান সেই ধৰণৰ নাও আছিল। ৰজাদুৱাৰ, অশ্বক্লান্ত আৰু পাণ্ডুত পাৰঘাট আছিল। এতিয়া যি ঠাইত অতি উচ্চ গিৰ্জা ঘৰ, তেতিয়া সেই ঠাইত মজুমদাৰৰ ঘৰৰ বহতীয়াৰ ক্ষুদ্ৰ পঁজা আছিল। হাজৰিকা, বৰা, শইকীয়া প্ৰভৃতি বিষয়া যি খেলৰ সেই সেই খেলৰ লগতে কাম কৰিছিল।

কটকী, খাউণ্ড, জ্যোতিষীয়া আদি আন গুৱাহাটীয়া বিষয়াসকলৰ ঘৰ এই নগৰত আছিল । সেইসকলৰ থকাৰ স্থানৰ কোনো বিশেষ নিশ্চয়তা নাছিল। এতিয়াৰ দৰে তেতিয়া নগৰখন শোভিত, শ্ৰেণীবদ্ধ আৰু স্বাস্থ্যকৰ নাছিল। নগৰৰ লোকে খাজনা বা আন কোনো কৰ নিদিছিল।

পুৰণি গুৱাহাটী নগৰৰ অতিৰিক্ত আৰু সংশোধিত বিৱৰণ অশ্বক্লান্তত যি চকীৰ কথা লেখা আছে প্ৰকৃততে অশ্বক্লান্ততে সেই চকী নাছিল। অশ্বক্লান্তৰ উত্তৰে অলপ কেইমাইলমান দূৰত সেন্দুৰী ঘোপাত ঘাই চকী আছিল। অশ্বক্লান্তত তলতীয়া চকীৰ দৰেহে আছিল। সেইৰূপে ৰজাদুৱাৰতো মূল চকী নাছিল। তাৰ কেইবামাইল উত্তৰে এখন চকী আছিল। দৰং প্ৰদেশৰ ৰজা আৰু পাইক এই ৰজাদুৱাৰতে থাকে দেখি ইয়াক ৰজাদুৱাৰ বোলে।

খাৰঘৰৰ ঘুলিৰ সেইখিনিত মূল চকী নাছিল, লতাশিলতহে আছিল। বিচপ চাহাবৰ বঙলা এতিয়া যি ঠাইত আছে সেই ঠাইতে চকী আছিল। খাৰঘৰৰ সেইখিনিত খাৰঘৰ ৰখা চকী আছিল। দৰং প্ৰদেশৰ পৰা অহা যৱখাৰ সেই ঠাইত লোৱা হৈছিল আৰু খাৰ বটা ঘৰৰ কথা যে লেখা হৈছে সেই ঠাইত খাৰ প্ৰস্তুত কৰা হৈছিল। গুৱাহাটীৰ দক্ষিণে ফটাশিল নামে এখন পাহাৰ আছে, তাৰে সমীপতে ধৰমদুৱাৰ থকা বুলি বুঢ়া লোকে কয়।

গুৱাহাটীত কোনো লোকে বসতি কৰিবলৈ ইচ্ছা কৰিলে লতাশিলৰ পৰা ফটাশিলৰ মাজৰ ঠাইত বসতি কৰিবলৈ কোনো সময়ত ৰাজ আজ্ঞা থকা যেন বিবেচনা হয়। কিয়নো এতিয়া পৰ্য্যন্ত লোকে কয়, 'লতাশিলৰ পৰা ফটাশিললৈকে মাটি দিম।'

বৰফুকনৰ টোলৰ পশ্চিমৰ আৰু দক্ষিণৰ বসতিখিনিক মাছখোৱা বুলিছিল, সেইমতেই এতিয়াৰ মাছখোৱা গাঁও সেই সীমাতে পৰে। এতিয়াৰ কাছাৰী ঘৰৰ অলপ পূবৰ পৰা থুকুবলীয়া গাঁও লৈকে ডোমৰ যি বসতি তাক বৰখেলীয়া গাঁও বুলিছিল। এতিয়াও তাৰ অংশ আছে।

কমাৰপটীৰ পুখুৰীৰ আন এটা নাম গেগোৱা পুখুৰী। ইয়াৰ ওচৰতে এখন স্থাপিত দেৱালয় আছিল। এই দেৱালয়ৰ ৰজা ঘৰৰ পৰা দিয়া মাটি আৰু পাইক একো নাছিল। মাছখোৱাৰ দক্ষিণ-পূবে সৰু চলাৰ ওচৰত মুছলমানৰ কবৰস্থান বা মৈদাম দিয়া ঠাই। আন্ধাৰু বালি বা চাপৰিত আফু খেতি কৰিছিল।।

(শব্দ আৰু বাক্যৰ ঠাঁচ প্ৰয়োজনত সামান্য সলনি কৰা হৈছে। বিৱৰণ একে আছে। 'অতিৰিক্ত' সংযোজন লগতে দিয়া হ'ল।

সম্পাদনা কমিটী।।