ঐতিহ্য আমাৰ, পুৰণি গুৱাহাটী নগৰ
(তিনিটা খণ্ডৰ দ্বিতীয়টো)


Image Description

আসাম বন্ধু

১৮৮৫-১৮৮৭

এপাকে চালে পশ্চিমে নীলাচল পাহাৰৰ নিম্নভাগৰ অলপ পিছুৱাই দুৱাৰগড়ীয়া চকীৰ পৰা জয়দুৱাৰ চকী পৰ্য্যন্ত গুৱাহাটী নগৰ। দীঘে প্ৰায় চাৰি মাইল। ভৰলুৰ পৰা সেই চকী প্ৰায় চৌবিছ মাইল।পথালিয়ে গড়ে আধা মাইল । উত্তৰ গুৱাহাটী হ'লে সৰাইচকীৰ পৰা ৰজাদুৱাৰ পৰ্য্যন্ত পাঁচ মাইলমান দীঘল, অৰ্থাৎ পথালিয়ে গড়ে আধা মাইলমান হ'ব কামৰূপৰ পৰগণা।

বন্দোবস্ত মতে গুৱাহাটী বংশৰ পৰগণাত পৰে। ইয়াৰ দক্ষিণ- পশ্চিমে ৰামচা পৰগণা। প্ৰকৃততে ক'বলৈ গ'লে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পশ্চিমে ভৰলু, পূবে চিত্ৰাচল, উত্তৰে ব্ৰহ্মপুত্ৰ , ভৰলু আৰু চলাবিল; এয়ে গুৱাহাটী।

ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে অশ্বক্লান্তৰ পৰা ৰজাদুৱাৰ পৰ্য্যন্ত হ'ল গুৱাহাটীৰ সীমা। গুৱাহাটীৰ উত্তৰ পাৰক পানীফুকনৰ পাৰো বোলে। অশ্বক্লান্তৰ সমীপতে পানীফুকন নামেৰে বৰফুকনৰ অধীন এজন প্ৰধান ফুকনৰ নগৰ আছিল।

গুৱাহাটীৰ উত্তৰপাৰে তিনিখন চকী। এই চকীত চকীয়াল বিষয়া থাকে। প্ৰথম সৰাইচকী, দ্বিতীয় অশ্বক্লান্তৰ চকী, তৃতীয় ৰজাদুৱাৰৰ চকী।এই তিনি চকীৰ অধিপতি পানীফুকন। গুৱাহাটীৰ দক্ষিণপাৰে দুৱাৰগড়ীয়া চকী, ধৰমদুৱাৰৰ চকী আৰু জয়দুৱাৰৰ চকী।

ইয়াৰ ওচৰতে কুকুৰাকটা প্ৰাচীন চকী। জয়দুৱাৰৰ চকী চিত্ৰাচল বা নৱগ্ৰহ পাহাৰৰ কিছু ওপৰত। খাৰঘৰৰ ঘূলীৰ ওচৰত লুইতৰ কাণতে খাৰঘৰৰ চকী। ইয়াৰ উজনিত পানীখাইতিৰ এখন চকী আছিল।

ভৰলুৰ ওপৰত এখন কাঠৰ দলং আছিল। তাত পহৰাদাৰীয়ে পহৰা দিছিল। তাৰ অলপ পশ্চিমে 'দোপদৰ' নামে এটা বৰঘৰ আছিল। এইটো বৰফুকনৰ মেল বা সভাঘৰ। ইয়াৰ ওচৰত লুইতৰ কাণতে আৰ্জিখোৱা নামে এটা গড় আছিল। সেই গড় ভৰলুৰ মুখতে শেষ হৈছে বাবে ভৰলুমুখৰ পশ্চিম ঠাইডোখৰক গড়চুক বোলে।

এই ঠাইতে ডোম গাঁও আছিল। দুৱাৰগড়ীয়া চকীৰ পৰা নীলাচলৰ নিম্নাংশ, দুৰ্গা সৰোবৰ আৰু দোপদৰৰ কাষেৰে অহা পথ আহি দলঙত শেষ হৈছে। সেই ঠাইৰ পৰা এটা বাট লুইতৰ ফালে আৰু এটা উজাই পূবৰ ফালে মাছখোৱা, আঠগাঁও, সাতগাঁওৰ মাজেৰে চলাবিলৰ কাণেৰে গৈ লাখটকীয়াৰ আলিত মিলিছে।

ভৰলুৰ মুখৰ পৰা এটা আলি লুইতৰ দাঁতিয়ে দাঁতিয়ে আৰু শুক্ৰেশ্বৰৰ পূবেৰে গৈ, এতিয়াৰ জজ কমিশ্যন চাহাবৰ বাংলোৰ পূবেৰে, লুইতৰ ফালে গৈ থুকুবলীয়া ডোম গাৱঁৰ পূবে এতিয়াৰ বিচপ চাহাবৰ পাহাৰৰ ওচৰতে শেষ হৈছে। তাৰপৰা উজাই বাট এটা আছিল। জজ কমিশ্যনাৰ চাহাবৰ বাংলোৰ ওচৰৰ পৰা এটা বাট পূবফালে খাৰঘৰৰ চকী হৈ পানীখাইতি পৰ্য্যন্ত গৈছে।

ভৰলুমুখৰ পৰা আন এটা বাট উজাই গৈ এতিয়াৰ কেঞাপতি আৰু ফাটেকৰ ওচৰেৰে গৈ এতিয়াৰ পাণবজাৰৰ ফালে গৈছে। আন এটা বাট ফৌদাৰ গাৱঁৰ ওপৰে লাখটকীয়াৰ ভিতৰেৰে উজাই গৈ চলাবিলৰ কাণে যোৱা বাটেৰে মিলি নকোণীয়া পুখুৰীৰ কাষতে জয়দুৱাৰ চকীলৈ গৈছে।এইকেইটাই দীঘল বাট। ই‌য়াৰ বাহিৰেও উত্তৰা-দক্ষিণাকৈ কেইটামান আলি আছিল। এই বাটবোৰ এতিয়াৰ দৰে আহল -বহল আৰু পৰিষ্কাৰ নাছিল।

ভৰলুৰ মুখতে বৰফুকনৰ তলত খটা আঠগঞা খেলৰ কিছুমান আৰু আন খেলৰ মানুহ কিছুমানো আছিল। ভৰলুমুখৰ পৰা এতিয়াৰ কেঞাপতি পৰ্য্যন্ত লুইতৰ দাঁতিৰ আলিৰ পূবে এটা খাল আছিল। অনুমান হয় পুৰণি কালত লুইতৰ দাঁতিত গড় আছিল। তাৰ লগতে এইটো খাল।

এই খালত শালখুটা পেলোৱা আছিল।এই খালৰ এডোখৰ অৰ্থাৎ এতিয়াৰ কেঞাপতিৰ ওচৰতে দীঘে ১০/১২টা,প্ৰস্থে ২০০টা মান হাতীশালৰ খাৱৈৰূপে ব্যৱহৃত হৈছিল। এই হাতীশালত বৰফুকনৰ অধীনৰ হাতী আছিল।এতিয়াৰ ফাঁচীবজাৰৰ আৰু তাৰ পূবফালৰ বঙালৰ টোল ,আনফালে লুইতৰ কাণৰ আলিৰ দক্ষিণ কাণ আৰু দক্ষিণে সেই বাট পৰ্য্যন্ত, এইখিনিয়ে বৰফুকনৰ টোল।

ইয়াৰ চাৰিওফালে বাঁহৰ কোঠ; টোলৰ পশ্চিমে বৰ বাটচৰা বা বৰদুৱাৰ। উত্তৰে পানীদুৱাৰ; এই টোলৰ ভিতৰতে বৰচৰাও আছিল। বৰফুকনৰ টোলৰ পশ্চিমফালে লুইতৰ পৰা এটা বাট দক্ষিণফাললৈ গৈছে। সেই বাট এতিয়াও আছে।এই বাটে গৈ নগাঁৱৰ পৰা বৰফুকনৰ পালখটা সৰুচলাৰ কাণত থকা সাতগঞা আঠগঞা খেলৰ লোক আছিল।

সেই বাটৰ দাঁতিতে পূবফালে চেতিয়া ফুকনৰ টোল আছিল। সেই বাটৰ পূবৰ পৰা উজাই কিছুদূৰ লৈ লাখটকীয়াৰ প্ৰায় ওচৰলৈকে ফৌদাৰ গাঁও বুলিছিল। ইয়াত মুছলমান আৰু হিন্দু লোক আছিল। লাখটকীয়াত মুছলমান মানুহ আছিল। সেই মুছলমানৰ কিছুমান কমাৰ আছিল। এতিয়াৰ ফাটেকৰ অলপ দক্ষিণ পশ্চিমতো নগঁঞা পাইক আছিল। তাৰ পিছফালে প্ৰায় নদীৰ কাষৰে পৰা দক্ষিণফাললৈ আলিৰ দুইফালে মুছলমান মানুহ আছিল। এই খণ্ডক মাছখোৱা বোলে। দৰ্জি আৰু পহৰা দিয়া লোকৰ সংখ্যা ইয়াত অনেক।

বৰফুকনৰ টোলৰ সন্মুখতে আৰু হাতীশালৰ ওচৰত পহৰাদাৰীয়ে পহৰা দিছিল। এতিয়া য'ত ফাটেক তাত বিশেষ মানুহৰ ঘৰ নাছিল। বৰফুকনৰ টোলৰ পূবে নদীৰ কাষত আৰু তাৰ ওপৰৰ ওখ ঠাইত, যি ঠাইত এতিয়া কমাৰপতিৰ পুখুৰী আছিল, সেই ঠাইতে বাৰী আছিল।মাজে মাজে সেৰেঙা জনবসতি আছিল।।

(শব্দৰ ৰূপ আৰু বাক্যৰ ঠাঁচ প্ৰয়োজন অনুসৰি সলনি কৰা হৈছে। বিষয়বস্তু একে আছে। - সম্পাদনা কমিটী)

সংগ্ৰহ