'কাশ্মীৰী ফাইলছ'
- নিজা প্ৰতিবেদক
- /
- March 27, 2022

সন্ত্ৰাসবাদীৰ পৰিচয় এটাই।
সন্ত্ৰাসবাদী।
সন্ত্ৰাসবাদ সদায়েই গৰিহণাৰ যোগ্য। সন্ত্ৰাস মানেই হিংসা। যি কোনো হিংসা অমানৱীয়।
সন্ত্ৰাসবাদীয়ে সৰ্বাধিক প্ৰচাৰ বিচাৰে। সেইবোৰ কাম কৰে যিবোৰে সৰ্বাধিক প্ৰচাৰ আনে। সকলো সন্ত্ৰাসবাদীৰ কামৰ ধৰণ-কৰণ একে।
কাশ্মীৰত সন্ত্ৰাসবাদীৰ তাণ্ডৱ চলি আহিছে। নিৰ্বাচিত শ্ৰেণী সৰ্বাধিক আক্ৰান্ত হৈছে। প্ৰশ্ন উঠিছে চৰকাৰে কঠোৰ হাতেৰে সন্ত্ৰাসবাদীক দমন নকৰিলে কিয়? সেই সময়ত বিজেপিৰ দায়িত্ব আছিল।
বুৰঞ্জীক ধৰি ৰখাৰ প্ৰয়াস কাম্য।
নিৰপেক্ষতাও কাম্য। গণতন্ত্ৰত সমালোচনাৰ বাট নমৰে। কেজৰিৱালৰ প্ৰশ্ন: ছিনেমাখন ইউ টিউবত নিদিলে কিয়?
অৰ্ধ ছুটীত ধন খৰচ কিয়?
এতিয়া হেনো বাংলাদেশৰ ফাইলছ হ'ব।
সুধিবৰ মন যায়: অসম আন্দোলনত ৮৫৫+ জনে প্ৰাণ দিলে। চৰকাৰৰ গুলীত। দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰাণ দিছিল। শ্বহীদৰ ফাইলছ কোনে কৰিব, কেতিয়া কৰিব?