আনন্দৰাম ঢেকিয়াল ফুকনৰ বিচক্ষণতা


Image Description

চন ১৮৩৬। প্ৰশাসনিক সুবিধাৰ বাবে বৃটিছ শাসকে এচাম বঙালী আমোলা নিয়োগ কৰি অসমতো বাংলা ভাষাত কাম-কাজ পৰিচালনা কৰাৰ সিদ্ধান্ত ল'লে।

সেই সময়ৰ ৰাজহ আয়ুক্ত জেনকিন্সৰ উদ্যোগ লগতে উইলিয়াম ৰ'বিনছৰ চেষ্টাত অসমৰ পঢ়াশালি , আদালত, চৰকাৰী কাৰ্য্যালয় সকলোতে বাংলা ভাষা বাধ্যতামূলক কৰিলে। বৃটিছৰ শিক্ষা নীতিৰো প্ৰধান লক্ষ্য আছিল চৰকাৰ আৰু জনতাৰ মাজত সম্পৰ্ক ৰক্ষাকাৰী এনে এটা শ্ৰেণী সৃষ্টি কৰা যি 'Indian in blood, in colour, but English in taste, in opinions, in morals and intellect.' (মেকলেৰ স্বীকাৰোক্তি)।

কোনো এটা জাতিৰ জাতীয় চেতনাৰ উদ্ৰেক হয় প্ৰধানতঃ মধ্যবিত্ত শ্ৰেণীৰ মাজেৰে। কিন্তু অসম আৰু অসমীয়াৰ দুৰ্ভাগ্য যে, বাংলা ভাষা জাপি দিয়াৰ কেইবাবছৰলৈও মধ্যবিত্তসকলৰ মাজত ইয়াৰ কোনো প্ৰতিক্ৰিয়াই হোৱা নাছিল। কাৰণ, তেতিয়ালৈকে অসমীয়া ভাষা -সাহিত্য সম্পৰ্কীয় জাতীয় চেতনাৰ বিকাশেই হোৱা নাছিল।

মধ্যবিত্ত শ্ৰেণীটোৰ জীৱন-জীৱিকা বৃটিছৰ অনুগ্ৰহৰ ওপৰত নিৰ্ভৰশীল আছিল।এই বিষয়ত ডঃ হীৰেন গোহাঁইৰ মন্তব্য উল্লেখনীয়-' অসমীয়া মধ্যবিত্তৰ দুৰ্বলতাৰ বাবেই বৃটিছসকলে তেওঁলোকৰ ওপৰত বাংলা ভাষা জাপি দিব পাৰিছিল।'

১৮৩৫ চনত গুৱাহাটীত যি 'ইংলিছ চেমিনাৰী' স্থাপন হৈছিল সেই বিদ্যালয়ত পাঠদান কৰা হৈছিল বাংলা আৰু ইংৰাজীত। আন এখন ইংৰাজী মাধ্যমৰ স্কুল প্ৰতিষ্ঠা কৰা হৈছিল শিৱসাগৰত।এই দুখন স্কুলত শিক্ষাগ্ৰহণ কৰিবলৈ আহিছিল অসমৰ উচ্চ বংশজাত শিক্ষাৰ্থীসকলেহে।এই সকলৰ ভিতৰত যি সকলে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল, আৰু উভতি আহোঁতে যি সকলে আধুনিক জগতৰ বাতৰি অসমলৈ বহন কৰি আনিছিল তেওঁলোকৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন অগ্ৰগণ্য।

কলিকতাত পঢ়ি থাকোঁতেই তেওঁলোক সৰ্বভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটৰ লগত পৰিচিত হৈছিল আৰু তেওঁলোকে অনুভৱ কৰিছিল যে আন ভাৰতীয় জাতিসমূহে নিজ নিজ মাতৃভাষাৰ জৰিয়তে শিক্ষা লৈ, নিজ মাতৃভাষাৰ সহায়ত ইংৰাজী শিকি বিদ্যা-বুদ্ধিত আগবাঢ়ি উচ্চ পদবীবোৰ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।

আনন্দৰাম , গুণাভিৰাম, হেমচন্দ্ৰ বৰুৱা আদি শিক্ষিতসকলে বুজি উঠিলে যে, অসমীয়াসকলৰ সৰ্বাংগীন বিকাশত মূল বাধা হিচাপে দেখা দিছে বাংলা ভাষা। সেয়েহে তেওঁলোকে বৃটিছৰ প্ৰতি নিজ আনুগত্য প্ৰদৰ্শন কৰিও ভাষিক আত্মপ্ৰতিষ্ঠাৰ বাবে যত্নপৰ হ'ল।

এই সময়তে ঢেকিয়াল ফুকনৰ সহায় বিচাৰি আগবাঢ়ি আহিল আমেৰিকান বেপ্তিষ্ট মিছনেৰী ডঃ মাইলছ ব্ৰন্সন আৰু নাথান ব্ৰাউন। খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ বাবে আহি শিৱসাগৰ আৰু নগাঁওত থিতাপি লোৱা এই মিছনেৰীসকলেও অনুধাৱন কৰিছিল যে অসমীয়া মানুহখিনিক শিক্ষিত কৰিব নোৱাৰিলে খ্ৰীষ্টধৰ্মৰ আলোকেৰে মানুহৰ মন পোহৰ কৰা টান হ'ব।

কিন্তু সেই সময়ত অসমৰ অফিছ-কাছাৰীত চলি আছিল বাংলা ভাষা। অসমীয়াসকলক শিক্ষিত কৰাত মূল বাধা সৃষ্টিকাৰী বাংলা ভাষা গুচাই অসমতে নিৰ্বাসিত হোৱা অসমীয়া ভাষাৰ পুনঃপ্ৰতিষ্ঠা কৰিব নোৱাৰিলে সেইটো অসম্ভৱ।

তাক সম্ভৱপৰ কৰাৰ হেতু প্ৰয়োজন হ'ব বিপুলসংখ্যক জনতাৰ জাতীয় চেতনাৰ জাগৰণ ও সমৰ্থন। জনতাৰ সমৰ্থনৰ বাবে জনমত গঠনৰ ক্ষেত্ৰত বাতৰিকাকত বা আলোচনীৰ বিকল্প আন কিবা হ'ব পাৰে জানো?

সেয়েহে ১৮৪৬ চনতে শিৱসাগৰৰ পৰা তেওঁলোকৰ (মিছনেৰীসকলৰ ) দ্বাৰা প্ৰকাশিত 'অৰুনোদই 'ত লিখিবলৈ ফুকনক টানি অনুৰোধ কৰিলে।

ডঃ ব্ৰন্সনৰ অনুৰোধৰ প্ৰতি সমৰ্থন জনাই ফুকনে অৰুনোদইৰ পাতত লিখিবলৈ আৰম্ভ কৰিলে। অসমীয়া ছাত্ৰসকলৰ জ্ঞানৰ বিকাশৰ বাবে দুটা খণ্ডত প্ৰকাশ কৰিলে 'অসমীয়া ল'ৰাৰ মিত্ৰ'নামৰ মুঠ চাৰিশ পৃষ্ঠাৰ পুথিখন। এই অৰুনোদইৰ পাততে ১৮৪৭চনত ফুকনৰ ইংলণ্ডৰ বিৱৰণো প্ৰকাশ হয়।এই সময়তে তেওঁ চৰকাৰী চাকৰিতো সোমায়।

১৮৫৩ ঢনত অসমৰ প্ৰশাসন সম্পৰ্কে অনুসন্ধান কৰিবলৈ অহা ম'ফাত মিলছৰ আগত ফুকনে অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু অসমৰ ভাষা তথা শিক্ষা সমস্যাৰ পু্ংখানুপুংখ বিশ্লেষণেৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। এই আৰ্জিত তেওঁ অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ বিষয়ে জোৰ দিয়ে।এইখনেই আছিল অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে কৰা প্ৰথম আৰ্জি। এই আৰ্জিত পূৰ্ণ সমৰ্থন জনাই মিলছে অসমীয়া ভাষা পুনৰ প্ৰচলনৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দিয়ে।

চৰকাৰে এই বিষয়ত কাণসাৰ নিদিয়াত ১৮৫৫ চনত ফুকনে 'A Native' ছদ্মনামত 'A few Remarks on the Assamese Language,and on Vernacular Education in Assam' শীৰ্ষক পুষ্টিকা এখনৰ এশ কপি শিৱসাগৰৰ বেপ্টিষ্ট প্ৰেছত ছপা কৰি বংগ চৰকাৰ আৰু দেশৰ মুখিয়াল লোকসকললৈ প্ৰেৰণ কৰিছিল।

এই পুষ্টিকাখনে অসমীয়া ভাষা পুনঃপ্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও ফুকনে তেওঁৰ পিতৃ হলিৰাম ঢেকিয়াল ফুকনে বঙালীত লিখা 'অসম বুৰঞ্জী'খন ইংৰাজীলৈ তৰ্জমা কৰিছিল।

পৰৱৰ্তী কালত তেওঁ ইংৰাজী-অসমীয়া অভিধান এখনৰ কামতো হাত দিছিল বুলি জনা যায়। তেওঁ আছিল বহু ভাষাবিদ। সংস্কৃতকে আদি কৰি, ইংৰাজী বাংলা, উৰ্দু , পাৰ্চী আদিতো তেওঁৰ বুৎপত্তি লভিছিল।

১৮৩৬ চনত অসমৰ অফিছ, কাছাৰী, আদালত, বিদ্যালয়ৰ পৰা নিৰ্বাসিত হোৱা অসমীয়া ভাষাক ১৮৭৩ চনত পুনৰ প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা লোৱা, আধুনিক অসমীয়া জাতি গঢ়াৰ স্বপ্নদ্ৰষ্টা তথা শিক্ষিত অসমীয়া মধ্যবিত্তক বাট দেখুৱাওঁতা এইজনা মহান পুৰুষে অসমীয়া যে এটা পূৰ্ণাংগ ভাষা তাক ব্ৰিটিছ শাসকগোষ্ঠীৰ আগত যুক্তিসহকাৰে প্ৰতিপন্ন কৰিছিল।

ফুকনৰ বিচক্ষণতা, বুদ্ধিমত্তা, আধুনিক মানসিকতা, সাহস, দূৰদৰ্শিতা আৰু জ্ঞানৰ পৰিসৰৰ প্ৰতি লক্ষ্য কৰি কৰ্ণেল হপকিন্স চাহাবে মন্তব্য কৰিছিল, 'বংগ দেশত ৰাজা ৰামমোহন ৰায় যেনে, অসমত আনন্দৰাম ঢেকিয়াল ফুকনো তেনে আছিল; কিন্তু অল্পায়ু ফুকনৰ কাৰ্য্যকলাপ লৈ চাই ৰামমোহন ৰায়তকৈ তেওঁক উচ্চ স্থান দিব পাৰি।'

তেওঁ আছিল অসমৰ আধুনিক চেতনাৰ বাৰ্তাবাহক। সেই সময়ত স্ত্ৰীশিক্ষাৰ প্ৰতিষ্ঠান নথকাৰ বাবে নিজ পত্নী মাহিন্দ্ৰী দেৱীক ঘৰতে লিখা-পঢ়া শিকাইছিল।

ফুকনৰ সুযোগ্যা দুহিতা পদ্মাৱতী দেৱী ফুকননী সেই সময়ৰে এগৰাকী বিদুষী মহিলা লেখিকা। তেওঁৰ দ্বাৰা ৰচিত 'সুধৰ্মাৰ উপাখ্যান' আছিল প্ৰথম অসমীয়া উপন্যাস।

১৮২৯ চনৰ ২২ ছেপ্টেম্বৰত (প্ৰাক্ অৰুণোদয় যুগত ) জন্ম গ্ৰহণ কৰা হলিৰাম ঢেকিয়াল ফুকন আৰু প্ৰসূতি দেৱীৰ সুযোগ্য সন্তান এইজনা অসমপ্ৰেমী ব্যক্তিৰ মাত্ৰ উনত্ৰিছ বছৰ বয়সতে (১৮৫৯) ইহলীলা সম্বৰণ অসম ও অসমীয়া সমাজৰ বাবে এক অপূৰণীয় ক্ষতি।

কিন্তু এই চমু জীৱন কালতেই অসমৰ বাবে তেওঁ যি বহুমূলীযা অৱদান আগবঢ়াই থৈ গ'ল সেইখিনিয়েই অসমীয়াক তেখেতৰ ওচৰত চিৰ ঋণী কৰিবৰ বাবে যথেষ্ট।।