সোৱণশিৰি নদীবান্ধ বিপদসংকুল


Image Description

নামনি সোৱণশিৰি নদীবান্ধ সম্পূৰ্ণ হোৱাৰ পথত৷

প্ৰথমৰ পৰাই নদীবান্ধটো নিৰ্মাণ কৰোঁতে কেতবোৰ কাৰিকৰী দিশ আওকাণ কৰা হৈছিল৷

নদীবান্ধটো ভূকম্পন এলেকাত অৱস্থিত৷ এই লৈ অসমৰ বিশেষজ্ঞসকলে আপত্তি দৰ্শাইছিল৷ আপত্তি নৰজিল৷ নদীবান্ধটো একপ্ৰকাৰে জাপি দিয়া হৈছে৷ যিমান তলৰ পৰা গাঁঠিব লাগিছিল, সিমান তলৰ পৰা ভেটিটো গঢ়া হোৱা নাই৷ প্ৰায় ৯ মিটাৰ ভেটি বন্ধা নহ’ল৷ এই বিষয়ে নদীবান্ধ কৰ্তৃপক্ষই কোনো উত্তৰ নিদিয়ে৷

কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ আগষ্ট মাহত প্ৰকল্পটো উন্মোচন কৰিব৷ ইতিমধ্যে কিন্তু যি দুটা ইউনিট মুকলি কৰিব, সেই দুটা ইউনিটৰে সুৰক্ষাৰ ব্যৱস্থা সম্পূৰ্ণ হৈ উঠা নাই৷

যোৱা ২০২২ চনৰ ০১ এপ্ৰিলত ইউনিট দুটাৰ পকীবেৰ পানীৰ সোঁতে ভাঙিছিল৷ আকৌ নিৰ্মাণ হৈ আছে যদিও কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে বেৰৰ দক্ষতা পুনৰ মূল্যায়নৰ পৰামৰ্শ দিছে৷ মাজত মাত্ৰ দুমাহ থাকোঁতে এনে মূল্যায়ন হৈ উঠা নাই৷

একেদৰে প্ৰাধিকৰণে যিবোৰ সুৰঙ্গ খন্দা হৈছে সেইবোৰৰো পুনৰ মূল্যায়নৰ পৰামৰ্শ দিছে৷ এই কামতো নদীবান্ধ কৰ্তৃপক্ষই হাত দিয়া নাই৷

অথচ আগষ্ট মাহত নদীবান্ধ মুকলি কৰিব৷ হয়তো জাতিটোৰ নামত উৎসৰ্গা কৰিব৷ কিন্তু সুৰক্ষা সম্পৰ্কীয় দিশবোৰ সম্পূৰ্ণ হোৱা নাই৷ নদীবান্ধ ভাঙিলে অসমৰ নামনি অঞ্চলত অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব৷

নামনি অঞ্চলত যিবোৰ সুৰক্ষা ব্যৱস্থা লোৱা হৈছে সেইবোৰে নামনিৰ জীৱন ৰক্ষা নকৰে৷ পানীৰ প্ৰৱল সোঁতে আনকি মাজুলীকো খুন্দিয়াব৷ অসম চৰকাৰে কোনো মন-কাণ দিয়া নাই৷

অতি আচৰিত কথা যে অৰুণাচল চৰকাৰে নদীবান্ধটো হ’বলৈ পৰিৱেশসম্পৰ্কীয় যি অনুমতি পত্ৰ দিব লাগে সেয়া যোৱা ১৮ বছৰে দিয়া নাই৷ দিল্লীৰ পৰিৱেশ মন্ত্ৰণালয়ে বাৰে বাৰে বিচাৰি আছে।

কিন্তু অৰুণাচল চৰকাৰে প্ৰয়োজনীয় অনুমতি পত্ৰ দাখিল কৰা নাই৷ হয়তো তেনে বিধিগত প্ৰয়োজনীয়তা আওকাণ কৰিয়েই নদীবান্ধ মুকলি কৰা হ’ব৷

নামনিৰ অসমবাসীৰ জীৱনবোৰ অনিশ্চয়তাৰ মাজত সদায়ে দুলি থাকিব৷৷