ধৰ্ ধৰ্ ধৰ্...! সৌটো হাতলৰ, এইবাৰ পানীতো কৰ!


Image Description

দাম্ভিক, অহংকাৰী, মদগৰ্বী, সাধাৰণ ৰাইজৰ তেজ খোৱা এইখন চৰকাৰে এইবাৰ পানীতো কৰ-কাটল লগোৱাৰ যো-জা চলাইছে৷

হয়, পানী ব্যৱহাৰৰ বাবেও এতিয়া আপুনি আৰু মই কৰ পৰিশোধ কৰিব লাগিব।

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনাই এক ভয়াৱহ সংকটৰ চিন্তা উদ্ৰেক কৰিছে।

কেন্দ্ৰৰ এই নিৰ্দেশনা অনুসৰি ভূগৰ্ভস্থ পানী ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ কঠোৰ নীতি জাৰি কৰা হৈছে । যেনে, চৰকাৰী পানী যোগান সংস্থা, নগৰীয় অঞ্চলৰ বৃহৎ পানীযোগান কৰ্তা, আৱাসিক এপাৰ্টমেণ্ট, হাউছিং ছ’ছাইটি ইত্যাদি সকলোৱেই নতুন নিয়ম অনুসৰি পঞ্জীয়ন মাচুল পৰিশোধ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ’ব।

তদুপৰি পঞ্জীয়ন কৰিবলৈ যাওঁতে আৱেদনকাৰীয়ে চৰকাৰীভাৱে যে পানী যোগান ধৰিবলৈ অসমৰ্থ তাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ পাছতহে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আৱেদন কৰিব পাৰিব।

আন আন কেতবোৰ নিয়ম হ’ল:

পঞ্জীয়ন মাচুল একলাখ টকা পৰ্যন্ত হ’ব পাৰে।

মাচুল আদায়ত পলম হ’লে বৃহৎ ধনৰাশিৰ অতিৰিক্ত জৰিমনা ভৰিব লাগিব।

ব্যৱহাৰ কৰা পানীৰ বিপৰীতে ৰাইজে ডিজিটেল মিটাৰ স্থাপন কৰিব লাগিব তথা তাৰ মাপ অনুসৰি বিল আদায় দিব লাগিব৷

আৱাসিক এলেকাৰ পৰিসৰত থকা নৰ্দমাৰ পানী শোধন কৰাৰ ব্যৱস্থা কৰিব লাগিব তথা সেই পৰিশোধিত পানী আন আন চাফ-চিকুণতাৰ কামত পুনৰ্ব্যৱহাৰ কৰিব লাগিব।

এই সমগ্ৰ নিয়মাৱলী সম্পাদনৰ অন্তিমটো দিন ৩০ ছেপ্টেম্বৰ ধাৰ্য্য কৰা হৈছে৷

কিন্তু লক্ষ্যণীয় কথাটো হ’ল পানীৰ ওপৰত নিয়ন্ত্ৰণ তথা অধিকাৰৰ প্ৰসংগটো সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ অধীনত থাকে ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে উদাসীন মনোভাব দৰ্শোৱাটো আশ্চৰ্য্যৰ বিষয়৷

গুৱাহাটী মহানগৰীৰ কাষেৰেই ব্ৰহ্মপুত্ৰখন বৈ যোৱাৰ সত্ত্বেও আজিকোপতি চৰকাৰে সুলভভাৱে পানী যোগান ধৰিব পৰা নাই। পৌৰসভা / পৌৰনিগমে ইতিমধ্যেই যোগান ধৰা পানীৰ ওপৰত কৰ-কাটল আৰোপ কৰি জনসাধাৰণক বোজা দি ৰাখিছেই।

তেনেস্থলত এতিয়া ভূতৰ ওপৰত দানহ পৰাদি পুনৰ কেন্দ্ৰীয় চৰকাৰৰ এই নীতিনিয়মে ৰাইজক যে মাধমাৰ শোধাব।

মুঠতে, ধান পকে মানে টুনীৰ মৰণ।।