মাজুলীত অসমৰ আত্মা ৰক্ষাৰ যুঁজ


Image Description

মাজুলী - প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱ আৰু সন্মানৰ এটি শব্দ। অসম আৰু অসমীয়াক নিজৰ জ্যোতিৰে জগতসভাত মাজুলীয়ে উজলাই ৰাখিছে। মাজুলী অসমীয়াৰ হিয়াৰ মুকুতা।

মাজুলীৰ সংকট মানে অসমৰ সংকট, মাজুলীৰ বিপদ মানে অসমৰ বিপদ। কিন্তু মাজুলীত বসবাস কৰা তেজ-মঙহৰ মানুহজাকৰ সুখ-দুখৰ, জীৱন-জীৱিকাৰ খবৰ ৰাখিবলৈ আজিও ৰজাঘৰৰ সময় নাই। নিজ জ্যোতিৰে উজলি থকা মাজুলীক বিশ্বমানৰ মৰ্য্যাদা দিয়াত আজিও দিল্লী-দিছপুৰৰ চিৰাচৰিত অৱহেলা।

মাজুলীবাসীৰ উন্নয়ন, বিকাশৰ কথাবোৰ কেৱল সভাৰ ভাষণতেই সামৰি থোৱা যেন এক পুৰণি ৰাজনৈতিক পৰম্পৰা।

মাজুলীক লৈ নিৰ্বাচনী সভাত বহু প্ৰতিশ্ৰুতি দিয়া হ'ল। মাজুলীৰ বাটেৰেই আহি, মাজুলীবাসীৰ বিশ্বাসৰ সাঁকো গছকি মানুহ মুখ্য মন্ত্ৰী হ'ল। কিন্তু আজিও মাজুলীৰ উন্নয়নৰ নামত আধাৰশিলাৰ বাহিৰে একোৱেই পোৱা নাই মাজুলীবাসীয়ে। উন্নত শিক্ষা ব্যৱস্থা, স্বাস্থ্যসেৱাকে ধৰি এক স্বাচ্ছন্দ্য জীৱন-যাপনৰ প্ৰতিটো প্ৰয়োজনীয় সা-সুবিধাৰ পৰা আজিও বঞ্চিত মাজুলীবাসী।

শাসনত থকা বিজেপি দলৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে আজি অসমৰ একতা, সম্প্ৰীতি আৰু সমন্বয়ৰ সামাজিক পৰিকাঠামোলৈ সংকট আনিছে। কেৱল শাসনত থকাৰ বাবেই মানুহৰ মনবোৰ বিষাক্ত কৰি তোলাৰ সংকল্প লৈছে দলটোৱে।

উন্নয়ন, প্ৰগতিৰ সলনি অসমৰ বতাহত ঘৃণা আৰু সন্দেহৰ বীজ সিঁচি প্ৰতাৰণা কৰিছে দলটোৱে। মাজুলীবাসীয়ে তেওঁলোকৰ মনৰ ক্ষোভবোৰ, অভিযোগবোৰ বুজিব পৰা, বিধান সভাত সজোৰে উত্থাপন কৰিব পৰা এগৰাকী প্ৰাৰ্থী বিচাৰিছিল। কিন্তু নানা দুৰ্নীতিৰ অভিযোগ থকা, অসৎ পথেৰে ধনৱান হোৱা বুলি কুখ্যাতি থকা এগৰাকী প্ৰাৰ্থীকেই শাসনৰ গাদীত বহি থকা দলটোৱে আগুৱাই দিছে।

উদ্দেশ্যে, পৰিকল্পনা আৰু আঁচনি একেই - আকৌ মাজুলীক অৱহেলা আৰু মাজুলীবাসীক প্ৰতাৰণা।

সেয়ে এইবাৰ মাজুলীত এই অন্যায়, অৱহেলা আৰু প্ৰতাৰণাৰ বিপৰীতে ন্যায় প্ৰতিষ্ঠাৰ যুঁজ। মধ্যযুগীয় চিন্তা-চর্চা আৰু বিভেদৰ বীজ সিঁচি মাজুলীৰ পবিত্ৰভূমিক অপবিত্ৰ কৰাৰ কৌশল ৰচাসকলৰ বিৰুদ্ধে নতুন প্ৰজন্মৰ আলোকমুখী, সাহসী মনবোৰৰ যুঁজ।

বিভাজনৰ নীতিৰে আগুৱাই অহাসকলৰ বিৰুদ্ধে সমন্বয়ৰ বাৰ্তাৰে হাতে হাতে ধৰি আগুৱাই অহাসকলৰ যুঁজ। আধাৰশিলা স্থাপনতেই উন্নয়নৰ পৰিভাষা সামৰি থোৱাসকলৰ বিৰুদ্ধে প্ৰগতিৰ ন স্বপ্ন লৈ, বাস্তৱসন্মত কার্যসূচী লৈ আগুৱাই অহাসকলৰ যুঁজ।

এইবাৰ মাজুলীত সঁচা অৰ্থত খিলঞ্জীয়া ভূমিপুত্ৰৰ বিকাশ আৰু উন্নয়নৰ বাবে এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰৰ নেতৃত্বত ন উদ্যমেৰে আৰম্ভ হোৱা জাতীয়তাবাদৰ যুঁজ। অসমত সৰ্বকালৰ বাবে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্ব সুৰক্ষাৰ যুঁজ।

এইবাৰ মাজুলীত সম্প্ৰীতি, সমন্বয় আৰু একতাৰ অসমখন সুৰক্ষাৰ যুঁজ। এইবাৰ মাজুলীত অসমৰ আত্মা ৰক্ষাৰ যুঁজ। এইবাৰ অসমীয়াৰ হিয়াৰ মুকুতা মাজুলীক নতুন স্বপ্ন, নতুন চিন্তা আৰু নতুন কামেৰে জিলিকাই তোলাৰ যুঁজ।।