'পপুলিজম'ৰ উৎস


Image Description

এগৰাকী আলোচকে উল্লেখ কৰিছে যে পপুলিজম শব্দটো ভিন্নবিধৰ আন্দোলন আৰু বিশ্বাসৰ প্রসংগত যেনেদৰে ব্যৱহাৰ কৰা হৈ আহিছে তাত বিতর্ক আৰু ভ্রান্ত ব্যাখ্যাৰ পয়োভৰ ঘটিছে।

উইল ব্রেট নামৰ ৰাজনীতিবিজ্ঞানীজনৰ মতে অত্যধিক প্রয়োগ আৰু অপপ্রয়োগৰ ফলত নিজৰ ৰূপ হেৰুৱাই পেলোৱা প্রসাৰিত ধাৰণাৰ আটাইতকৈ ভাল দৃষ্টান্ত হৈছে পপুলিজম।

ৰাজনীতিবিজ্ঞানী পল টেগার্টে পপুলিজমক ‘আমাৰ সময়ৰ আটাইতকৈ বেছি ব্যৱহাৰ কৰা, কিন্তু খুব কমকৈ বুজি পোৱা ৰাজনৈতিক ধাৰণাসমূহৰ অন্যতম’ বুলি চিহ্নিত কৰিছে।

কেম্ব্রিজ অভিধানৰপৰা আমি পপুলিজমৰ অর্থ পাইছোঁ এনেদৰে, 'সাধাৰণ মানুহে যি বিচাৰে তাকে দি তেওঁলোকৰ সমর্থন লাভৰ উদ্দেশ্যত প্রতিষ্ঠিত ৰাজনৈতিক ধাৰণা আৰু কর্মৰাজি।'

এই ব্যাখ্যাৰ লগতে এটা টিপ্পনি দিয়া হৈছে, ‘মুখ্যতঃ অনভিপ্রায়’। অক্সফ'র্ড অভিধানত পপুলিজমৰ এটা অর্থ আছে এনেদৰে,

'প্রতিষ্ঠিত অভিজাত শ্রেণীয়ে সাধাৰণ জনতাৰ চিন্তাৰ বিষয় (উদ্বেগ) উপেক্ষা কৰে বুলি ভবা লোকক আকর্ষণ কৰিব বিচৰা এটা ৰাজনৈতিক পন্থা।'

(A political approach that strives to appeal to ordinary people who feel that their concerns are disregarded by established elite groups.)

ভিন্ন অভিধানৰ ব্যাখ্যাত শব্দৰ প্রয়োগত কিছু পার্থক্য থাকিলেও এই অর্থৰপৰা পপুলিজম সম্পর্কে এটা থূলমূল ধাৰণা কৰিব পৰা হয়। সেয়া হৈছে, সাধাৰণ লোকৰ উদ্বেগ অথবা অসন্তুষ্টি আৰু ইয়াক নিৰাময়ৰ প্রস্তাৱ এই ধাৰণা বা মতবাদৰ এটা মুখ্য উপাদান। অৱশ্যে অভিধানৰ এই ব্যাখ্যাতে সন্তুষ্ট নাথাকি ইয়াক ভালদৰে বুজিবলৈ কিছু বিস্তৃত আলোচনাৰ প্রয়োজন হ’ব।

পপুলিজমৰ উৎস বিচাৰি ইতিহাসিবিদে ইয়াৰ উৎপত্তি ‘পপুলিষ্ট’ শব্দৰপৰা হৈছে বুলি অনুমান কৰে। ঊনবিংশ শতিকাৰ শেষৰ ফালে, অর্থাৎ ১৮৯০ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্রত ‘পিপলছ পার্টি’ নামৰ এটা ৰাজনৈতিক দলৰ উত্থান হৈছিল।

এই ‘পিপোলছ পার্টি’ক ‘পপুলিষ্ট পার্টি’ নামেৰেও জনা গৈছিল; আৰু, ইয়াৰ সমর্থকসকলে নিজকে ‘পপুলিষ্ট’ বুলি পৰিচয় দিছিল। পপুলিষ্ট দলটো আছিল মূলতঃ ক্ষুদ্র কৃষক আৰু কৃষি শ্রমিকৰ সমৰ্থনপুষ্ট এটা দল।

আমেৰিকাৰ পশ্চিম আৰু দক্ষিণ অঞ্চলত এটা গুৰুত্বপূর্ণ ৰাজনৈতিক শক্তি হিচাবে এটা সময়ত পৰিগণিত হ’লেও ইয়াৰ স্থায়িত্ব খুব কম সময়ৰ বাবেহে আছিল। ১৮৯৬ চনৰ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ পাছত ইয়াৰ গুৰুত্ব কমি গৈ কুৰি শতিকাৰ আৰম্ভণিৰপৰা ই প্রায় অস্তিত্ত্বহীন হৈ পৰে।

আমেৰিকাৰ সোণালী যুগত (১৮৭০-১৯০০) বিভিন্ন ক'ম্পেনী তথা ব্যাৱসায়িক গোষ্ঠীৰ বৃহৎ শক্তিৰ বিৰুদ্ধে কৃষক শ্রেণীৰ এক প্রতিবাদ বুলি ইতিহাসবিদে পপুলিষ্ট দলক চিনাক্ত কৰিব বিচাৰে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাজনৈতিক ক্ষেত্রত পপুলিষ্ট নামটোৰ সৈতে বামপন্থী চিনাকিটো কুৰি শতিকাৰ মাজমানলৈকে তিষ্ঠি আছিল।

১৯৫০ৰ দশকৰপৰাহে ইয়াক প্রতিষ্ঠানবিৰোধী আন্দোলনৰ সৈতে জড়িত কৰিবলৈ আৰম্ভ কৰা হয়।

উল্লেখযোগ্য যে আমেৰিকাত পপুলিষ্ট দল স্থাপনৰ কেইবছৰমান আগতে, ১৮৬০ আৰু ১৮৭০ৰ দশকত, ৰুছ সাম্রাজ্যত ৰাজনৈতিকভাৱে সচেতন বুদ্ধিজীৱীসকল এটা আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল, যাক ‘নাৰডনিকছ’ বুলি জনা গৈছিল। এই আন্দোলনৰ মূল মতবাদ, ‘নাৰডিজম’ বা ‘নাৰডবাদ’ আছিল কৃষিভিত্তিক সমাজবাদ (agrarian socialism)।

ৰুছ ভাষাত ‘নাৰড’ মানে জনতা, লোক (people, folk)। সেইবাবে নাৰডবাদক প্রায়ে ভ্রান্ত অনুবাদেৰে ‘পপুলিজম’ বুলি কোৱা হয়। এই মতবাদৰ সমর্থকসকলৰ মূলমন্ত্র আছিল, ‘জনতাৰ কাষলৈ যোৱা’।

আমেৰিকাৰ পপুলিষ্টসকলৰ তুলনাত ৰুছদেশৰ নাৰডবাদীৰ স্থায়িত্ব আছিল দীঘলীয়া আৰু ৰুছ বিপ্লৱৰ আগতে আৰু বিপ্লৱৰ সময়তো উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা শক্তি হিচাবে তেওঁলোক পৰিগণিত হৈছিল।

আমেৰিকা আৰু ৰুছিয়াৰ প্রায় সমসাময়িক এই দুটা দলৰ উদ্দেশ্য আৰু গঠনত থকা পার্থক্য মন কৰিবলগীয়া। আমেৰিকাৰ পপুলিষ্ট দলটো কৃষক আৰু কৃষি শ্রমিকৰদ্বাৰা গঠিত হোৱাৰ বিপৰীতে ৰুছদেশৰ দলটো আছিল মূলতঃ বুদ্ধিজীৱীৰদ্বাৰা গঠিত।

এই পার্থক্য সত্বেও দুয়োটাৰে নামৰ ক্ষেত্রত থকা সাদৃশ্যই প্রায়ে আলোচকক বিমোৰত পেলায়। এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে কুৰি শতিকাৰ আৰম্ভণিতে কেৱল ৰাজনৈতিক দলৰ সদস্যক পপুলিষ্ট হিচাবে চিনাক্ত কৰাৰ সময়তে সেই শতিকাৰে কুৰিৰ দশকত ফৰাছী ভাষাত ইয়াক অন্য এক অর্থতহে প্রয়োগ কৰা হৈছিল; সেই সময়ত ফৰাছী ভাষাত সাধাৰণ জনতাৰ প্রতি সহানুভূতিশীল লেখকক ‘পপুলিষ্ট’ বুলি জনা গৈছিল।

এগৰাকী ৰাজনীতিবিজ্ঞানী মার্গাৰেট কেনভেনৰ মতে আন্তর্জাতিক ক্ষেত্রত আত্ম-সচেতনভাৱে কোনো ধৰণৰ এটা আন্দোলন হ’লে সেই আন্দোলনৰ নামটোৰ ক্ষেত্রত অথবা আন্দোলনৰ সমর্থকৰ পৰিচয়ৰ প্রয়োগত এটা নিয়ন্ত্রণ অথবা সীমাবদ্ধতা আহে। কিন্তু পপুলিষ্ট বা পপুলিজমৰ ক্ষেত্রত তেনে কোনো নির্দিষ্ট আন্তৰ্জাতিক আন্দোলন বা চিন্তা-চর্চা হোৱা নাছিল। তাৰ ফলত পপুলিষ্ট শব্দ প্রয়োগ কৰোঁতাসকলে ইয়াক মুক্তভাৱে, ভিন্ন বিষয়ত আৰু ভিন্ন অর্থত প্রয়োগ কৰা আৰম্ভ কৰাৰ সুবিধা লাভ কৰে।

এই ক্ষেত্রত পপুলিজম অন্য ৰাজনৈতিক অভিধাৰ সৈতে পৃথক হৈ ৰয়। উদাহৰণ হিচাবে, সমাজবাদ অথবা ৰক্ষণশীলতাৰ সমর্থকসকলে সচেতনভাৱে নিজ পৰিচয়ৰ বাবে যেনেদৰে সমাজবাদী অথবা ৰক্ষণশীল শব্দ ব্যৱহাৰ কৰে তাত পপুলিজমৰ দৰে মুক্ত প্রয়োগৰ সুবিধা নাথাকে; তেনে ক্ষেত্রত সমর্থকসকলে প্রদান কৰা এক নির্দিষ্ট সংজ্ঞাৰ পৰিসীমাৰ ভিতৰত ইয়াৰ পৰিচয় আবদ্ধ হৈ থাকিবলৈ বাধ্য হয়।

পপুলিজমৰ ক্ষেত্রত তেনে কোনো নির্দিষ্ট সংজ্ঞা নথকা বাবে তাৰ ব্যাখ্যাৰ ক্ষেত্রত স্বাভাৱিকতে মুক্ত বিচৰণৰ সুবিধা আহি পৰিছে।।