টেঁটুচেপা মূল্যবৃদ্ধি আৰু নতুন জিএছটি


Image Description

প্ৰগতিশীল চিন্তাধাৰা সমাজৰ বাবে এক অতি প্ৰয়োজনীয় প্ৰসংগ ৷ সমাজ তথা দেশৰ উন্নতিৰ হকে প্ৰগতিবাদী চিন্তাক প্ৰশ্ৰয় দিবই লাগিব।

দেশৰ সৰ্বাংগীণ বিকাশ আৰু উন্নয়নৰ স্বৰূপ নিৰ্ভৰ কৰিব দেশখনৰ অৰ্থনৈতিক স্থিতিৰ ওপৰত আৰু তাৰ বাবে শাসকীয় পক্ষই বহু সময়ত যে কিছু কঠোৰ স্থিতিও গ্ৰহণ কৰিবলগীয়াত পৰে বা পৰিব সেইকথাও একেষাৰে নুই কৰিব পৰা নাযায়।

কিন্তু প্ৰগতিশীল চিন্তাক কেৱল একপক্ষীয়ভাৱে ধাৱিত কৰিলে দেশৰ আৰু সমাজৰ প্ৰতিটো স্তৰৰ জনজীৱনক যে চুই যাব নোৱাৰিব সেই কথাও কিন্তু উপেক্ষণীয় নহয় ৷ হাতেহাত ধৰি সকলোকে আগুৱাই লৈ যাব পৰাটোহে চৰকাৰ এখনৰ মূল লক্ষ্য আৰু কৰ্মৰাজিত সেয়া প্ৰকাশ্য হ’ব লাগে ৷

অলপতে বিজেপি চৰকাৰে নিত্যব্যৱহাৰ্য্য সামগ্ৰীসমূহৰ ওপৰত নতুনকৈ সংশোধিত জিএছটি আৰোপ কৰিছে ৷ অস্বাভাৱিকভাৱে কেতিয়াও কৰৰ আওতালৈ নহা কেইবাবিধো খাদ্যসামগ্ৰীত সংশোধিত কৰ আৰোপ কৰিছে।আৰু ইয়াৰ বিন্যাসে এনে এটি পৰ্য্যায় পাইছে যে সৰ্বসাধাৰণৰ বাবে এয়া এক পৰ্বতসম প্ৰত্যাহ্বানৰূপে দেখা দিছে।যিখন চৰকাৰে বিৰোধীৰ ভূমিকা পালন কৰি থকা অৱস্থাত তাহানি মূল্যবৃদ্ধি সমস্যাকেই মূল এজেণ্ডা হিচাপে লৈছিল আৰু ইউপিএ চৰকাৰক সঘনাই আক্ৰমণ কৰিছিল, যিখন চৰকাৰ বিৰোধী পক্ষত থাকোঁতে মূল্যবৃদ্ধিৰ প্ৰতিবাদ এক নিয়মিত কাৰ্য্যসূচী আছিল, মূল্যবৃদ্ধিৰ লগতে আন আন সমস্যাসমূহো সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল, এতিয়া শাসনলৈ অহাৰ পাছত 'পাৰ পালে যমুনা, ভুঁৰত মাৰে লাঠি' জাতীয় চিন্তাৰে জনবিৰোধী চিন্তাৰ পোষকতা কৰিবলৈ ধৰিলে ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশৰ জনতাৰ ওপৰত যি প্ৰচণ্ড মাধমাৰ শোধাইছে, তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ বিজেপি চৰকাৰৰ কিছু অবিবেচকী, অদূৰদৰ্শী পৰিকল্পনাৰ হেতু দেশৰ অৰ্থনীতিয়ে ত্ৰাহিমধূসূধন সুঁৱৰিছে৷ চৰকাৰৰ জনবিৰোধী নীতিৰ ফলত অত্যধিক মুদ্ৰাস্ফীতি ঘটিছে আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ ভাৰতীয় টকাৰ মূল্য মাৰ্কিন ডলাৰৰ তুলনাত তাচপাতৰ দৰে খহিছে ৷

দেশৰ ৭৫ বছৰীয়া ইতিহাসত কেতিয়াও নোহোৱা-নোপজা কেতবোৰ চকুত কেৱল চমকলগা, বাহিৰেহে ৰং-চং থকা নীতিৰে বিজেপি চৰকাৰে সমগ্ৰ দেশৰে পৰিস্থিতিতন্ত্ৰক এক সন্দিহান ভৱিষ্যতৰ দিশে ঠেলি দিবলৈ প্ৰয়াস কৰিছে।

অলপতে ৪৭সংখ্যক জিএছটি সংসদৰ বৈঠকৰ জৰিয়তে দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কিছু পণ্য, চিকিৎসা সেৱা, হোটেল খণ্ড, ইলেক্ট্ৰনিক সা-সামগ্ৰী ইত্যাদিত জিএছটিৰ হাৰ বৃদ্ধি পাব বুলি উল্লেখ কৰে আৰু সেই অনুযায়ী, পনীৰ, লাচ্চি, দৈ, মাখন, আটা, বাৰ্লি, অ’টছ্, চাউল, খাদ্যশস্য, মাছ-মাংস, মুড়ি, গুৰ আদি পেকেটৰূপে বজাৰত উপলব্ধ থকা সামগ্ৰীৰ কৰ ৫% বৃদ্ধি পাব।

অৰ্থাৎ এইবোৰ সামগ্ৰীৰ দাম বৃদ্ধি হ’ব।ব্ৰেণ্ডেড আৰু পেকেজিং জাতীয় সামগ্ৰীৰ জিএছটিৰ হাৰ গতিকে ৫% ধাৰ্য্য কৰা হৈছে৷ চিকিৎসা খণ্ডত হাস্পতালৰ ৫০০০ টকাৰ মূল্যৰ অধিক ৰূম ভাড়া ল’লে তাৰ বাবদ ৫% জিএছটিৰ হাৰ ধাৰ্য্য কৰা হৈছে।

হোটেল খণ্ডত ১০০০ টকাৰ কম মূল্যৰ কোঠা আৰক্ষণ কৰিলে ১২% জিএছটি তাৰ সতে সংযোজন কৰা হৈছে। ইয়াৰোপৰি ইলেক্ট্ৰনিক খণ্ডত এলইডি বাল্বত ১৮%, শিক্ষণ সামগ্ৰী, যেনে, কাগজ কটা কটাৰী, কলম, কাঠ পেঞ্চিল, শ্বাৰ্পনাৰ, চামুচ, কাঁটা চামুচ ইত্যাদিত ১৮%, ছ’লাৰ ৱাটাৰ হিটাৰ আদিত ১২% আৰু বেংকে চেকবুক দিলে পূৰ্বৰ তুলনা এতিয়া গ্ৰাহকে ১৮% জিএছটি ভৰিব লাগিব।

সাংঘাতিকভাৱে আৰোপ কৰা এই জিএছটি বা কৰৰ যি বিন্যাস বা পৰিসৰ, সি সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলাব।এনে জনবিৰোধী পৰিকল্পনা তথা সিদ্ধান্তই দেশৰ অৰ্থনৈতিক উত্তৰণৰ দিশত কিদৰে প্ৰভাৱ পেলাব আৰু পেলালেও যে সেই দিনলৈ তেনে পৰিৱৰ্তন দেখিবলৈ ৰাইজ বাচি থাকিব নে নাথাকিব সেই কথাহে লক্ষ্যণীয় হ’ব।।