সমস্যাকেন্দ্ৰিক নিৰ্বাচনী প্ৰচাৰ
- নিজা প্ৰতিবেদক
- /
- April 17, 2022

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব।
সকলোবোৰ দলে প্ৰচাৰ চলাইছে। প্ৰচাৰ বিভিন্ন মাধ্যমত চলে। ডিজিটেল প্ৰচাৰৰ আকৰ্ষণ বৃদ্ধি পাইছে।
'গুৱাহাটীবাসীক উত্তৰ লাগে' শীৰ্ষক ডিজিটেল মাধ্যমে বিশেষ ঠাই পাইছে।
খোৱাপানীৰ অভাৱ কিয়?
জাৱৰ-জোঁথৰ কিয় পৰি থাকে?
নলা-নৰ্দমা কিয় অপৰিস্কাৰ?
ভৰলু কিয় গৌৰৱৰ নদী হৈ নুঠিল?
দীপৰ বিল কিয় অৱহেলিত?
ইত্যাদি। ইত্যাদি।
সমস্যাবোৰ গুৱাহাটীবাসীৰ চকুৰ আগত। সমস্যাসমূহ একেই আছে। দল ভিন্ন হ'লেও, চৰকাৰ ভিন্ন হ'লেও, একেজন ব্যক্তি দায়িত্বত আছে। সুদীৰ্ঘ দিন। ব্যক্তিজন বৰ্তমানৰ মুখ্য মন্ৰী।
স্বাভাৱিকতে গুৱাহাটীবাসীক উত্তৰ লাগে।
ষ্টীট লাইট নগৰখনৰ আধাতে নাই। বাট-পথ আধাতে নাই। ধন আহে। আচঁনি হয়। মানুহে সুবিধাবোৰ নাপায়। নেদেখে।
উত্তৰ নাই বাবে আকৌ হিতাধিকাৰীৰ প্ৰসংগ। আকৌ ভীতি। নামবোৰ কটা যাব। তালিকাত নাম নোসোমায়। ইত্যাদি।
আৰু এটা বিশেষ চকুত পৰা চতুৰালি।
কিছুমান ৱাৰ্ডত ১০-১২-১৫-১৮ হাজাৰ ভোটাৰ। কিছুমানত ৬-৮ হাজাৰ। সৰুবোৰত প্ৰধানকৈ অসমীয়া-ভিন্ন ভোটাৰ।
ডিজিটেল মাধ্যমত অসম জাতীয় পৰিষদে নতুন ৰূপ লৈছে। বাস্তৱ সমস্যাবোৰ ফুটি উঠিছে।
গুৱাহাটীবাসী সজাগ হ'বৰ হ'ল। ধনৰ অপচয়ে পাহাৰৰ ৰূপ লৈছে। গুৱাহাটীবাসীয়ে অভিভাৱকৰ দায়িত্ব লওক। উত্তৰ বিচাৰিবৰ সময় নিচেই ওচৰত।।