ভাৰতীয় সংসদীয় গণতন্ত্ৰত বিজেপিৰ আধিপত্য আৰু কিমান দিন?


Image Description

বয়সৰ জোখেৰে ভাৰতীয় জনতা পাৰ্টীৰ অহা ৬ এপ্ৰিলত ৪২ বছৰ অতিক্ৰম কৰি ৪৩ বছৰত ভৰি দিব৷ অৰ্থাৎ বিজেপি এতিয়া চফল ডেকা বা পূৰ্ণবয়স্ক৷ এজন মানুহৰ জীৱনৰ আয়ুস ৰেখাত এই সময়ছোৱা অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হয়৷ এই বয়সতে মানুহ এজনে জীৱনত সকলোখিনি কৰিবৰ বাবে পূৰ্ণতা প্ৰাপ্তিৰ লগতে শক্তি, সামৰ্থ্য, অভিজ্ঞতা আদিৰে শাৰীৰিক আৰু মানসিকভাৱে সক্ষম হয়৷।

অৱশ্যে মানৱ জীৱনৰ আয়ুস ৰেখাৰ লগত স্বাভাৱিকতে এটা ৰাজনৈতিক দলৰ আয়ুস ৰেখা নিমিলে যদিও কথাখিনি এই কাৰণেই অৱতাৰণা কৰিছোঁ যে এজন মানুহে দুকুৰি বছৰ দেওনালৈকে প্ৰচুৰ কৰ্মশক্তিৰে বলীয়ান হৈ যি কোনো কঠিন কাম কৰিবলৈ সক্ষম হোৱাৰ দৰে আজিৰ দুকুৰি বছৰ অতিক্ৰম কৰা বিজেপি দলো প্ৰচুৰ শক্তিৰ গৰাকী বুলি ধৰিব পাৰি৷

দেশ শাসনৰ বাঘজৰী লৈ থকাৰ সূত্ৰে এই দলটোৱে এতিয়া যি ইচ্ছা তাকেই মন-মৰ্জি মতে কৰা বা কৰিবলৈ উদ্যত হোৱা দেখিবলৈ পোৱা গৈছে৷ বিগত দুটাকৈ সংসদীয় সাধাৰণ নিৰ্বাচনত একেলেথাৰিয়ে দুবাৰকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰি দলটোৱে সফলতাৰ চূড়ান্ত শিখৰত আৰোহণ কৰা বুলি ক’লেও হয়তো বঢ়াই কোৱা নহ’ব৷

বিজেপিৰ এই উত্থান-পতন, অতীত-বৰ্তমান, ইতিহাস বা ভৱিষ্যতৰ কথা লিখিবলৈ লোৱাৰ আগতে আমি বিজেপিৰ ৰূপ লোৱা ভাৰতীয় জন সংঘৰ ইতিহাসলৈ পুনৰ ঘূৰি যাব লাগিব৷ ঠিক সেইদৰে ভাৰতীয় জন সংঘৰ সংগঠন, ইয়াৰ উত্থান-পতন আদিৰ কথা বিশ্লেষণ কৰাৰ আগতে আমি তাৰো আগলৈ গৈ হিন্দু মহাসভা আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জন্ম, ইয়াৰ সংগঠন আদিৰ কথা যদি চৰ্চা নকৰোঁ তেনেহ’লে মই ভাবোঁ সঠিক বা নিমোৰ্হ বিশ্লেষণ আজিৰ বিজেপিৰ ক্ষেত্ৰত কৰিব পৰা নাযায় বা কোনোবাই যদি কৰেও সেইয়া সম্পূৰ্ণ হ’ব বুলি আমি বিশ্বাস নকৰোঁ৷

এই কথা মনত ৰাখিয়েই প্ৰাক্‌ স্বৰাজোত্তৰ বৃটিছ ভাৰতৰ ধৰ্মীয় ৰাজনীতিৰ পটভূমিলৈ কিছু পৰিমাণে ঘূৰি যাব লাগিব৷ এলান অক্ট'ভিয়ান হিউম নামৰ এজন বৃটিছ অৱসৰপ্ৰাপ্ত ভাৰতীয় অসামৰিক সেৱাৰ বিষয়াৰ মূল প্ৰচেষ্টাতে ১৮৮৫ চনৰ ২৮ ডিছেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জন্ম হয়। পৰৱৰ্তী দিনবোৰত দলৰ নেতৃত্ব আৰু চিন্তা-চৰ্চাত কিছু পৰিমাণে ভাৰতীয় উচ্চ বৰ্ণ হিন্দুৰ প্ৰভাৱ পৰে।

আৰু ১৯০৫ চনৰ ১৬ অক্ট'বৰত ল'ৰ্ড কাজনে বঙ্গ-ভঙ্গ কাৰ্য্যকৰীকৰণৰ যোগেদি হিন্দু-মুছলমানৰ মাজত ধৰ্মীয় বিভেদৰ বীজ চৰকাৰীভাৱে সিঁচি দিয়াৰ পিছত সংখ্যাগৰিষ্ঠ হিন্দুসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাত কংগ্ৰেছ দলেও বিৰোধিতা কৰি সমগ্ৰ ভাৰততে প্ৰতিবাদী আন্দোলন বিয়পাই দিয়াৰ লগতে বিদেশী বস্তু বৰ্জনৰ যোগেদি স্বদেশী আন্দোলনৰে বৃটিছক শলঠেকত পেলোৱাৰ চেষ্টা কৰে৷

এই কাৰ্য্য ঢাকাৰ নৱাবে মনে-প্ৰাণে ভাল পোৱা নাছিল৷ নৱাবে বঙ্গ-ভঙ্গ সমৰ্থন কৰিছিল৷ [উল্লেখযোগ্য যে বঙ্গ-ভঙ্গৰ সিদ্ধান্তমৰ্মে সেই সময়ৰ বেংগল প্ৰেছিডেন্সীৰ পূব অংশৰ মুছলমানপ্ৰধান অঞ্চলবোৰ চিটাগং, ঢাকা আৰু ৰাজশ্বাহী ডিভিজন, মালডা জিলা, পাৰ্বত্য ত্ৰিপুৰা, ছিলেট আৰু কুমিলা আদি অঞ্চলবোৰ অসমৰ লগত সংযোগ কৰি ঢাকাক ৰাজধানী ৰূপে এখন মুছলমান সংখ্যাগৰিষ্ঠ নতুন প্ৰদেশ Eastern Bengal and Assam সৃষ্টি কৰাত অসম আৰু অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি তীব্ৰ ভাবুকি অহাৰ লগতে আজি পৰ্য্যন্ত অসমীয়া জাতিয়ে ইয়াৰ বিষময় ফল ভোগ কৰি আছে]৷

এই ঘটনাৰ পিছত সংখ্যালঘু মুছলমানসকলে তেওঁলোকৰ স্বাৰ্থত মাত মতা এটা নতুন ৰাজনৈতিক দল জন্ম দিয়াৰ চিন্তা-চৰ্চা আৰম্ভ কৰে৷ এইদৰে ১৯০৬ চনৰ ডিছেম্বৰ মাহত ঢাকাত বহা সদৌ ভাৰত মুছলিম শিক্ষা সন্মিলনৰ অধিবেশনত ৩০ ডিছেম্বৰ তাৰিখে ঢাকাৰ নৱাব সল্লিমউল্লাহ খানৰ পৃষ্ঠপোষকতাত সৰ্বভাৰতীয় লীগৰ জন্ম হয়৷

এই দলে কংগ্ৰেছ দলৰ ধৰ্মনিৰপেক্ষতাৰ বিপক্ষে গৈ ধৰ্মীয় ৰাজনীতিৰ পোষকতা কৰে৷ মুছলিম লীগে বৃটিছৰ প্ৰৰোচনা আৰু প্ৰত্যক্ষ পৃষ্ঠপোষকতাত মুছলমান ধৰ্মীয় ৰাজনীতি আগ্ৰাসী ৰূপত চলাই যোৱাত সেই সময়ৰ অবিভক্ত ভাৰতৰ পঞ্জাব প্ৰদেশত হিন্দুসকলৰ ধৰ্মীয় সংগঠনবোৰে বিশেষকৈ আৰ্য্য সমাজৰ নেতাসকলে হিন্দুসকলৰ স্বাৰ্থৰ হকে এটা হিন্দুত্ববাদী ৰাজনৈতিক দল গঠনৰ পোষকতা কৰে৷

এই নেতাসকলে অভিযোগ কৰে যে কংগ্ৰেছ দলে হিন্দুসকলৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিব নোৱাৰে৷ ১৯০৯ চনত পঞ্জাবৰ আৰ্য্য সমাজৰ নেতা ৰায় বাহাদুৰ লালা লাল চন্দৰ 'My objections against the Congress' আৰু বঙ্গৰ হিন্দুত্ববাদী নেতা কৰ্ণেল ইউ.এন. মুখাৰ্জীৰ 'Hindus- the Dying Race' নামৰ এলানি লিখনিৰ যোগেদি কংগ্ৰেছক তীব্ৰ ভাষাত সমালোচনা কৰে আৰু মুছলিম লীগৰ সাম্প্ৰদায়িক ৰাজনীতিক কংগ্ৰেছে বিৰোধ কৰাৰ পৰিৱৰ্তে কংগ্ৰেছত থকা মুছলমান নেতাসকলক নমনীয় দৃষ্টিভংগীৰে চোৱা আৰু কংগ্ৰেছ নেতৃত্বই সেইসকলক তুষ্টিকৰণ কৰা বুলি অভিযোগ আনে৷

কংগ্ৰেছে হিন্দুসকলক সুৰক্ষিত কৰিব নোৱৰাৰ অভিযোগ তুলি, হিন্দুসকলৰ আৰ্থ-ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক উত্তৰণৰ লগতে হিন্দুসকলৰ নিজৰ ভৱিষ্যতৰ স্বাৰ্থত দেশৰ ভিন্ন প্ৰান্তত থকা হিন্দু সংগঠনবোৰ, নেতৃস্থানীয় হিন্দুলোক আৰু হিন্দু দেশীয় ৰজাবোৰক একগোট হৈ এটা সৰ্বভাৰতীয় হিন্দু ৰাজনৈতিক দলৰ জন্ম দিবলৈ আহবান জনায়৷

১৯০৮ চনৰ ৬ মে তাৰিখে লণ্ডনত মুছলিম লীগৰ বৃটিছ সমিতি চৈয়দ আমিৰ আলিৰ নেতৃত্বত গঠন হোৱাৰ ছয়দিন পিছত আমিৰ আলিৰ সভাপতিত্বত বহা মুছলিম লীগৰ বৃটিছ শাখাই ভাৰতীয় মুছলমানৰ বাবে জনসংখ্যাৰ ভিত্তিত চৰকাৰত পৃথক প্ৰতিনিধি আৰু চৰকাৰী চাকৰি সংৰক্ষণৰ প্ৰস্তাৱ গ্ৰহণ আৰু ৯ আগষ্টত আলিগড়ত বহা মুছলিম লীগৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত ভাইছৰয় কাৰ্য্যকৰী পৰিষদ আৰু উচ্চ ন্যায়ালয়ত মুছলীম ন্যায়াধীশ নিযুক্তিৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।

সেই বছৰৰ ৩০ আৰু ৩১ ডিছেম্বৰ তাৰিখে অমৃতচৰত বহা মুছলিম লীগৰ দ্বিতীয় অধিবেশনত ভাৰত চৰকাৰ আৰু প্ৰাদেশিক চৰকাৰত সুকীয়া মুছলীম প্ৰতিনিধি আৰু গৰ্ভণৰ জেনেৰেলৰ বিধান পৰিষদ আৰু প্ৰাদেশিক বিধান পৰিষদবোৰত মুছলিমৰ বাবে সুকীয়া নিৰ্বাচক মণ্ডলীৰ গঠনৰ দাবী জনোৱাত হিন্দু নেতাসকলৰ মনত ক্ষোভৰ জুই জ্বলে আৰু হিন্দু নেতাসকল সু-সংগঠিত হোৱাত এই কাৰ্য্যই অধিক সহায় কৰে৷

এইদৰেই পঞ্জাব প্ৰদেশত সেই সময়ৰ আভিজাত্য হিন্দু নেতাসকলৰ সহযোগত লালা লাল চন্দৰ নেতৃত্বত হিন্দু সভা নামেৰে এটা ৰাজনৈতিক দলৰ জন্ম দিয়ে ১৯০৯ চনত৷ সেই বছৰৰে ২১ আৰু ২২ অক্ট'বৰত লাহোৰত পণ্ডিত মদন মোহন মালব্যৰ সভাপতিত্বত প্ৰাদেশিক হিন্দু সন্মিলন অনুস্থিত হয়৷ ইয়াৰ ঠিক এবছৰ পিছত এলাহাবাদত কংগ্ৰছৰ ৰূপালী জয়ন্তী বৰ্ষৰ অধিবেশন অনুস্থিত হয়৷ এই অধিবেশনৰ পিছতেই এলাহাবাদত [বৰ্তমান প্ৰয়াগৰাজ] সদৌ ভাৰত হিন্দু মহাসভাৰ জন্ম হয় বছৰৰ শেষৰ দিনটোত৷

লালা বিজ নাথৰ সভাপতিত্বত দলটো সৰ্বভাৰতীয় পৰ্য্যায়ত বিশেষ কোনো ধৰণে সংগঠনিকভাৱে অগ্ৰগতি লাভ কৰিব নোৱাৰিলে৷ হিন্দু মহাসভাৰ কাম-কাজ প্ৰাদেশিক ভিত্তিত কেৱল পঞ্জাব প্ৰদেশতেই সীমাবদ্ধ হৈ ৰয়৷ ১৯১১ চনত অমৃতচৰ, ১৯১২ চনত দিল্লী [সেই সময়ত পঞ্জাব প্ৰদেশৰ অন্তৰ্গত] আৰু ১৯১৩ চনৰ আম্বালাত বহা পঞ্জাব প্ৰাদেশিক হিন্দু সন্মিলনে সৰ্বভাৰতীয় পৰ্য্যায়ত পুনৰ হিন্দু মহাসভা গঠন কৰি হিন্দুৰ উন্নয়নৰ কাৰণে কাম-কাজ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷

এইদৰেই ১৯১৫ চনৰ ৩০, ৩১ মাৰ্চ আৰু ১ এপ্ৰিলৰ কুম্ভমেলাতেই হৰিদ্ধাৰত অনুস্থিত অধিবেশনত পণ্ডিত মদন মোহন মালব্যৰ সভাপতিত্বত সৰ্বভাৰতীয় হিন্দু মহাসভাই পুনৰ আত্ম প্ৰকাশ কৰে৷

১৯০৯ চনত ভাৰতৰ সাংবিধানিক সংস্কাৰৰ বাবে গঠিত ম'ৰ্লে- মিন্টু কমিটীৰ যোগেদি মুছলমানসকলে ভাৰতীয় পৰিষদ আইন ১৯০৯ অনুসৰি কেন্দ্ৰীয় বিধান পৰিষদ আৰু প্ৰাদেশিক বিধান পৰিষদবোৰক সুকীয়া নিৰ্বাচক মণ্ডলীৰ জৰিয়তে আসন সংৰক্ষণৰ সুবিধা আদায় কৰে৷

কংগ্ৰেছ আৰু হিন্দুত্ববাদী নেতাসকলৰ বিৰোধিতা সত্বেও বৃটিছ শাসকে এই সিদ্ধান্ত কাৰ্য্যকৰী কৰি হিন্দুত্ববাদী নেতাৰ মনত মুছলিম লীগৰ বিৰুদ্ধে থকা ক্ষোভ অধিক তীব্ৰ কৰি তুলে৷ হিন্দুত্ববাদীসকলৰ মনত জ্বলি থকা জুইকুৰাত যেন বৃটিছে ঘিঁউহে ঢালি দিলে৷ এইদৰেই বৃটিছে হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক মেৰু বিভাজনেৰে ৰাজনৈতিকভাৱে ভাগ ভাগ কৰি দিয়ে৷

এই ঘটনাৰ পিছত হিন্দুত্ববাদী নেতাসকল সংগঠিত ৰূপত অধিক সক্ৰিয় হৈ পৰে৷ সমগ্ৰ ভাৰততে এটা শক্তিশালী ৰাজনৈতিক দল গঠন কৰি মুছলিম লীগৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিপক্ষে হিন্দুত্ববাদৰ ৰাজনীতিৰ পোষকতা কৰাৰ লগতে ধৰ্মনিৰপেক্ষ কংগ্ৰেছ দলৰ বিৰোধিতা কৰি যায়৷

কংগ্ৰেছ দলৰ ভিতৰত থকা সাম্প্ৰদায়িক মনোভাৱাপন্ন উভয় পক্ষৰে হিন্দু আৰু মুছলমান নেতাসকলে মুকলিমুৰীয়াকৈ হিন্দু মহাসভা আৰু মুছলমানৰ মুছলিম লীগৰ সহায়-সহযোগ কৰিবলৈ ধৰিলে৷ অতি আচৰিতভাৱে পণ্ডিত মালব্যই কংগ্ৰেছৰ বিৰোধিতাৰে গঠন হোৱা পঞ্জাব হিন্দু সভাৰ লাহোৰ সন্মিলনত সভাপতিত্ব কৰাৰ দুমাহৰ পাছত কংগ্ৰেছৰ ২৪তম লাহোৰ অধিবেশনত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে৷

পৰৱৰ্তী কালত জৱাহৰলাল নেহৰু [১৯২৯-৩০ লাহোৰ, ১৯৩৬ এপ্ৰিল- লক্ষ্মৌ, ১৯৩৬ ডিচেম্বৰ - ফইজপুৰ [মহাৰাষ্ট্ৰ] আৰু ১৯৪৬ জুলাই - [এ.আই.চি.চি. বিশেষ সভা- বোম্বাই] আৰু পণ্ডিত মালব্য [১৯০৯- লাহোৰ, ১৯১৮- দিল্লী, ১৯৩২- দিল্লী আৰু ১৯৩৩- কলকতা অধিবেশনত] হ’ল প্ৰাক্ স্বাধীনতা কালৰ কংগ্ৰেছৰ চাৰিবাৰকৈ সভাপতি নিৰ্বাচিত হোৱা ব্যক্তি৷

সেই একেজন মালব্যই আকৌ কংগ্ৰেছৰ নীতি-আদৰ্শ সমৰ্থন নকৰা হিন্দু মহাসভাৰো ছয়বাৰকৈ সভাপতি [১৯১৫- হৰিদ্বাৰ, ১৯৩২- বেনাৰস, ১৯২৪- বেলগ্ৰাম [বিশেষ অধিবেশন], ১৯২৬- গুৱাহাটী [বিশেষ অধিবেশন], ১৯২৭- মাদ্ৰাজ [বিশেষ অধিবেশন] আৰু ১৯৩৫ -পুণা অধিবেশন ] দায়িত্ব লৈছিল৷ ইয়াৰ উপৰিও পঞ্জাব প্ৰাদেশিক হিন্দু মহাসভাৰ অধিবেশনত দুবাৰকৈ সভাপতিত্ব কৰিছিল [১৯০৯- লাহোৰ আৰু ১৯১২- দিল্লী]৷

অকল মালব্যই নহয় প্ৰাক্‌ স্বৰাজোত্তৰ কালছোৱাত কংগ্ৰেছ দলৰ বহুসংখ্যক হিন্দু আৰু মুছলমান নেতাই সাম্প্ৰদায়িক দল হিন্দু মহাসভা আৰু মুছলিম লীগৰ বিভিন্ন স্তৰত ভিন্ন সময়ত দায়িত্ব গ্ৰহণ কৰিছিল৷

(পৰবৰ্তী সংখ্যাত)