সফল সংগঠন


Image Description

বিভিন্ন সময়ত বিভিন্ন কাৰণত বেলেগ বেলেগ সংগঠনৰ জন্ম হয়৷ যি কোনো এটা সংগঠনৰ প্ৰয়োজনসপেক্ষে জন্ম হয়৷

অসমীয়া জাতিৰ বিভিন্ন সংকটৰ সময়ত ভাষা-কৃষ্টি-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত বহু সংগঠনৰ জন্ম হৈছে৷ অসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত অসম সাহিত্য সভাৰ নিচিনা এটা সংগঠনে ১৯১৭ চনত পূৰ্ণাংগ ৰূপ পাই অধিবেশনৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিছিল৷

অসমীয়া খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ বিষয়টোক লৈ যেতিয়া ভাবুকি সৃষ্টি হৈছিল, তেতিয়াই অসম আকৌ উন্নতি পথত জয় আই অসম বুলি কৈ সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজক লগত লৈ আগবাঢ়ি যোৱাৰ কথা ভাবি এটা ছাত্ৰ সংগঠনৰ জন্ম দিছিল৷

সেইদৰে মহিলাৰ শোষণ আৰু নিস্পেষণৰ কথা যেতিয়াই উপলব্ধি কৰিছিল তাৰ পৰা কেনেকৈ মহিলাসকলক উদ্ধাৰ বা মহিলাৰ প্ৰাপ্য অধিকাৰসমূহ বিচাৰিবলৈ বিভিন্ন মহিলা সংগঠনৰ জন্ম হৈছিল৷ গাঁৱত প্ৰতিষ্ঠা হোৱা বিভিন্ন যুৱক সংঘ বা ক্লাৱৰ জৰিয়তে গাঁৱৰ ল’ৰা-ছোৱালীৰ দৈহিক, মানসিক, শৈক্ষিক আৰু সংস্কৃতিকভাৱে আগুৱাই নিয়াৰ কথা বিবেচনা কৰিছিল৷

আচলতে সময়সাপেক্ষে বিভিন্ন কাৰণত এনেদৰেই বহু সংগঠনৰ জন্ম হৈছিল৷ এটা জাতিক আগবঢ়াই নিবলৈ জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কাম কৰি যাবৰ বাবে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ জন্ম হোৱাৰ উদাহৰণ আছে৷

সংগঠন এটাৰ সফলতা আৰু বিফলতা সময়সাপেক্ষে৷ তথাপিও এটা সংগঠনৰ সুনিৰ্দিষ্ট আদৰ্শ, লক্ষ্য আৰু উদ্দেশ্য তথা কাৰ্য্যপন্থাই সংগঠনটোৰ প্ৰভাৱ জনমানসত বৃদ্ধি কৰে৷ সংগঠন এটা সুচাৰুৰূপে পৰিচালনা কৰাত কেইবাটাও দিশে ক্ৰিয়া কৰে৷

উদাহৰণ স্বৰুপে, এটা নিৰ্দিষ্ট সংবিধানিক গণ্ডীৰ মাজত থাকি কাম-কাজসমূহ আগবঢ়াই নিব লাগিব৷ অন্যথা সংগঠনটো মূল সুঁতিৰ পৰা বিচলিত হ'ব।

দ্বিতীয়তে, সংগঠনৰ নেতৃত্ব, নেতৃত্বত থকা ব্যক্তিসকলৰ যাতে সমাজত গ্ৰহণযোগ্যতা থাকে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত৷ নেতৃত্বত থকাসকলে সংগঠনটোৰ প্ৰত্যেকজন সদস্যৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব৷ প্ৰত্যেকজন সদস্যক সমআচৰণ কৰি যথাযোগ্য সন্মান প্ৰদান কৰাটো সংগঠন এটাৰ নেতৃত্বৰ অন্যতম কৰ্তব্য হ’ব লাগিব৷

তৃতীয়তে অধ্যয়নপুষ্ট, সামগ্ৰিক প্ৰেক্ষাপট সম্পৰ্কে নেতৃত্বত থকা ব্যক্তিসকলে জনাটো অতিকৈ প্ৰয়োজন৷ তাৰ বাবে নেতৃত্বই পৃথিৱীৰ সমল ব্যক্তিসকলে বিভিন্ন বিষয়ত লিখি থৈ যোৱা কিতাপসমূহ অধ্যয়ন কৰি সমাজ এখন কেনেকৈ আগবঢ়াই নিব পাৰি তাৰ চিন্তা-চৰ্চা কৰিব পাৰিব লাগিব৷ জনাজনক সন্মান কৰি জনাজনৰ পৰা শিকি-বুজি সমাজক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা হাতত ল’ব পাৰিব লাগিব৷ সমাজ এখনৰ প্ৰতি শ্ৰদ্ধাশীল হৈ সমাজৰ বাবে আপোচহীনভাৱে কাম কৰিব পাৰিলেহে সংগঠনটোৱে সফলতাৰ মুখ দেখিব৷

মুঠতে সফল সংগঠন এটাৰ সংজ্ঞা দিয়াটো কঠিন৷ শিপা খামুচি নিজ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা বিচলিত নহৈ নিৰৱছিন্নভাৱে কাম কৰি সংগঠটোক আগবঢ়াই লৈ যোৱাটোৱেই অন্যতম কৰ্তব্য হ’ব লাগিব৷।