পঞ্চল্লিশ বছৰীয়া অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ


Image Description

(প্ৰথম খণ্ড)
সত্তৰৰ দশকত অৰাজনৈতিকভাৱে যুৱ ছাত্ৰক একত্ৰিত কৰা কোনো সংগঠন অসমত নাছিল৷ সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহৰ ছাত্ৰ সংগঠনসমূহে যুব ছাত্ৰক একত্ৰিত কৰি দিল্লীৰ শোষণ গোষ্ঠীক সহায় কৰিছিল৷ সেই সময়ত অসমৰ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ বহিৰাগতৰ দপদপনিয়ে থলুৱা যুৱ ছাত্ৰক হতাশগ্ৰস্ত কৰি তুলিছিল। নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল৷

মুঠতে বহিৰাগতৰ আগ্ৰাসনৰ ফলত অসমীয়াই জাতীয় জীৱনৰ অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছিল৷ সদৌ অসম ছাত্ৰ সন্থা আছিল যদিও তেওঁলোকে একো একোটা বিশেষ সমস্যাক লৈহে আন্দোলন কৰিছিল৷ ১৯৬২ চনত ভাষা আন্দোলন, ১৯৭১ চনত মাধ্যম আন্দোলন আৰু ১৯৭৩ চনত মূল্যবৃদ্ধিৰ আন্দোলন কৰিছিল৷ নিৰবচ্ছিন্নভাৱে জাতিটোৰ ৰক্ষণাবেক্ষণ দিবলৈ আন কোনো সংগঠন সেই সময়ত নাছিল৷

১৯৭৭ চনত নিবাৰণ কৰাৰ নেতৃত্বত ‘পূৰ্বাঞ্চলীয় লোক পৰিষদ’ ৰাজনৈতিক দল গঠন হৈ সমগ্ৰ পূৰ্বাঞ্চলক ৰাজনৈতিকভাৱে একত্ৰিত কৰি বহিৰাগতৰ সমস্যাৰ বাবে জনমত গঠন কৰিছিল৷ নেছাব আহমেদ, নগেন হাজৰিকা, গিৰীণ বৰুৱা আদিৰ নেতৃত্বত জাতীয়তাবাদী দল গঠন কৰি গুৱাহাটী পৌৰ নিগমত সাতোজনকৈ প্ৰতিনিধি নিৰ্বাচিত কৰিবলৈ সক্ষম হৈছিল৷

এনে এক সন্ধিক্ষণতে অসমীয়া জাতিক ৰক্ষণাবেক্ষণ দিবলৈ কেইজনমান অসমীয়া যুব ছাত্ৰ একত্ৰিত হয় আৰু এক অৰাজনৈতিক সংগঠন জন্ম দিবলৈ সংকল্পবদ্ধ হয়৷ বিমল প্ৰসাদ চৌধুৰী, দিলীপ শংকৰ শইকীয়া, মিত্ৰদেৱ মহন্ত প্ৰমুখ্যে আঠজন যুৱকে গুৱাহাটী নবীন বৰদলৈ হলত ১৯৭৮ চনৰ ১২ মাৰ্চত গঠন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰ এক অৰাজনৈতিক সংগঠন৷ জন্মলগ্নতে তিনিটা মূল দাবী পূৰ্ণ স্বায়ত্ব শাসন, দ্বি-নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা- ইয়াকে লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জনমত গঠনৰ কামত তেওঁলোক ব্ৰতী হৈছিল৷

সংগঠনটোৱে সমগ্ৰ অসমতে শিপাই ঠন ধৰি উঠিবলৈ ধৰা সময়তে আৰম্ভ হৈছিল আছুৰ নেতৃত্বত বিদেশী বহিৰাগত বিতাৰণৰ বাবে অসম আন্দোলন৷ যুব ছাত্ৰ পৰিষদে আন্দোলনত ‘সদৌ অসম গণ সংগ্ৰাম পৰিষদ’ৰ এক মুখ্য অংশাদাৰী সংগঠন হিচাপে জপিয়াই পৰিল৷ আন্দোলনৰ মাজতে সংগঠনটোৱে বিস্তাৰ লাভ কৰিলে৷ অসমৰ জনগণে ভাবিবলৈ চেষ্টা কৰিলে যুৱ ছাত্ৰ পৰিষদৰ মূল দাবীৰ যুক্তিযুক্ততা৷

অসম আন্দোলনৰ সমূহ কাৰ্য্যসূচীত সক্ৰিয়ভাৱে জড়িত হোৱাৰ উপৰিও পৰিষদে নিজাকৈ কাৰ্য্যসূচীৰে অসমৰ জনগণক জাগ্ৰত কৰি তুলিছিল৷ সংকল্প শিখা শদিয়াৰ পৰা গুৱাহাটীলৈ কঢ়িয়াই আনি আৰু গুৱাহাটীৰ পৰা ধুবুৰীলৈ নি সমগ্ৰ অসমতে এক প্ৰবল জনমত গঠন কৰিলে৷ পৰিষদৰ এক সংবিধানৰ উপৰিও নীতি আৰু আদৰ্শৰ লিপিবদ্ধ এখন ইস্তাহাৰ প্ৰকাশ কৰিলে৷ অসমৰ ভূমিনীতি, জনজাতীয় নীতি, বানপানীৰ সমস্যা, বহিৰাগত সমস্যা, নিবনুৱা সমস্যা আদি পৰিকল্পনাৰে এক বিস্তৃত ইস্তাহাৰ প্ৰকাশ কৰিলে৷

সম্ভৱতঃ অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ একমাত্ৰ অৰাজনৈতিক সংগঠন, যাৰ এখন ইস্তাহাৰ আছে৷ সাংগঠনিক শৃঙ্খলা, নিয়মানুৱৰ্তিতা ৰক্ষা কৰিবলৈ কিছুমান সক্ৰিয় সদস্যৰ সহযোগত গঠন কৰা হৈছিল ‘জাতীয় ৰক্ষা বাহিনী’৷ অসম আন্দোলনৰ সময়ত জাতীয় ৰক্ষা বাহিনীয়ে কিছু অসামাজিক কামেৰে অসমৰ সৰ্বনাশ কৰিব বিচৰা দুকৃষ্টিকাৰীক কঠোৰ হাতেৰে বিৰোধিতা কৰিছিল৷।

(অহা সংখ্যাত)