বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ৫


Image Description

মুছলমানৰ ‘ৰক্ষাকৰ্তা’ৰ ৰূপত অৱতীৰ্ণ ভেদবাদী বৃটিছ, ৰবি ঠাকুৰৰ বিভেদ ৰোধৰ চেষ্টা ভদ্ৰলোক বংগভাষীয়ে বৃটিছ আনুগত্য ত্যাগ কৰাত বৃটিছে বঙ্গৰ মুছলমানৰ মাজত তেওঁলোকৰ অনুগত শ্ৰেণী তৈয়াৰ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰে । বাংলা বিধান সভাত এক নতুন ব্যৱস্থাৰ প্ৰস্তাৱ কৰা হ’ল য’ত ২৫০খন আসনৰ ১১৭খন মুছলমানৰ বাবে সংৰক্ষণ কৰা হ’ল । আন আন সংৰক্ষণৰ পিছত সাধাৰণ আসনৰ সংখ্যা নিৰ্ধাৰণ কৰা হ’ল মাত্ৰ ৮২ খন । হিন্দু, বৌদ্ধ, জৈন, পাৰ্চি, ইহুদীৰ বাবে ৰখা ৮২ খন সাধাৰণ আসনৰ ভিতৰতো আকৌ সংৰক্ষণ – অনুসূচীত জাতিৰ বাবে ৩০ খন ।

ক্ৰমশঃ স্বাধীনতাৰ দাবীৰ ফালে আগুৱাই যোৱা বাঙালী বৰ্ণ হিন্দুক জব্দ কৰাৰ উদ্দেশ্যেই ঔপনিৱেশিক চৰকাৰে এই সাম্প্ৰদায়িক বঁটাৰ প্ৰচলন কৰিছিল সেয়া স্পষ্ট । ক্ৰুদ্ধ হিন্দু বাঙালী গৰ্জি উঠিল, নতুন সুযোগ সুবিধা লাভ কৰি চুপ হৈ ৰ'ল বাঙালী মুছলমান।

১৯৩৭ চনৰ বাংলা বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছে ৫৪ খন, ফজলুল হকৰ প্ৰজা কৃষক পাৰ্টিয়ে ৪৪খন, মুছলিম লীগে প্ৰায় সমসংখ্যক আসন লাভ কৰিলে । নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰা বাবে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰিলে । ফজলুল হকে কংগ্ৰেছৰ শৰৎ বোসক ক'লে, ‘লীগক আঁতৰাই ৰখাৰ বাবে আহক আমি মিলিজুলি চৰকাৰ চলাওঁ ।'

পটুৱাখালিৰ এক নিৰ্বাচনী সভাত ফজলুল হকে কৈছিল যে তেওঁ কোনোদিন মিৰজাফৰ আৰু ল'ৰ্ড ক্লাইভৰ বংশধৰসকলৰ লগত হাত নিমিলায় । লীগৰ শীৰ্ষনেতা নাজিমুদ্দিন আছিল ঢাকাৰ নৱাবৰ বংশধৰ । কিন্তু সৰ্বভাৰতীয় নীতি পালন কৰিবলৈ গৈ কংগ্ৰেছ আগবাঢ়ি নাহিল । শৰৎ বোস আৰু ফজলুল হকৰ একাধিক বৈঠকেও ঈপ্সিত ফল লাভ নকৰিলে । বাঙালী মুছলমানৰ মাজত এই ধাৰণা দৃঢ় হৈ পৰিল যে কংগ্ৰেছ আচলতে হিন্দুৰ দল । অভিমানত আহত ফজলুল হক মুছলিম লীগৰ লগ লাগিবলৈ বাধ্য হৈছিল । আচৰিত ঘটনা যে মুছলিম লীগৰ লগত ফজলুল হকক লগ লগাই দিয়াৰ প্ৰধান উদ্যোক্তাজন আছিল আকৌ ধুৰন্ধৰ বাঙালী হিন্দু ব্যৱসায়ী নলিনী ৰঞ্জন সৰকাৰ ।

সুনীল গঙ্গোগোপধ্যায়ৰ বহু পঠিত দুটা খণ্ডৰ মহাকাব্যিক উপন্যাস ‘পূৰ্ব-পশ্চিম’ত লিখিছে, 'সেই অবিভক্ত বাংলাৰ বিধান সভায় নবনিৰ্বাচিত মুছলমান সদস্যৰাই ছিল প্ৰথম খাটি বাঙালি । এৰ আগে ৰাজনীতিতে আসতেন শুধু বড় বড় জমিদাৰ, উকিল-ব্যাৰিষ্টাৰ বা ৰায়বাহাদুৰ, খান বাহাদুৰৰা । তাঁদেৰ পোশাক হয় সাহাবী অথবা চোগা চাপকান। মুখেৰ ভাষা সব সময় ইংৰাজী । কিন্তু গ্ৰাম-বাংলাৰ বিভিন্ন প্ৰান্ত থেকে নিৰ্বাচিত মুছলমান প্ৰতিনিধিৰা বিধান সভায় নিয়ে আসলেন বাংলা ভাষা । লুঙ্গিৰ ওপৰে পাঞ্জাবী পৰে আসতেও তাদেৰ দ্বিধা নাই ।'

বঙ্গত মুছলীম লীগ শাসন প্ৰতিষ্ঠা হোৱা দেখি পাঞ্জাৱ আৰু সিন্ধু প্ৰদেশৰ ডাঙৰ ডাঙৰ মুছলমান ব্যৱসায়ীসকলে আহি কলকতাত ঘাটি পাতিবলৈ আৰম্ভ কৰিলে । জিন্নায়ো কলকতালৈ গলে ইস্পাহানি, আদমজী, হাজি ডাউড আদি ডাঙৰ ডাঙৰ অবাঙালী মুছলমান ব্যৱসায়ীসকলৰ লগতহে উঠা-বহা কৰে । সুনীল গঙ্গোপধায়ৰ ভাষাত , 'শক্তিশালী অবাঙালী মুছলমানগোষ্ঠী কৰ্তৃক বঙ্গ বিজয়ৰ পৰিকল্পনা তখন থেকে আস্তে আস্তে গড়ে উঠে।'

বৃটিছৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এনেকৈয়ে বাঙালী জাতিৰ মাজত গঢ়ি উঠা ধৰ্মীয় বিভেদে জাতিটোক ধৰ্মীয় মেৰুকৰণৰ ফালে ক্ৰমাগত ঠেলি নিয়ে আৰু জাতিটো ধৰ্মৰ ভিত্তিত দ্বিবিভক্ত হৈ পৰে । ইয়াক ৰাজনৈতিক-ভৌগলিক ৰূপ দিবলৈকে ১৯০৫ চনত বঙ্গ ভঙ্গ কৰিছিল বৃটিছ চৰকাৰে । বঙ্গ ভঙ্গবিৰোধী আন্দোলনে সৃষ্টি কৰা জাতীয়তাবাদী ঢৌৱে পূৰ্ব বঙ্গৰ মুছলমানক স্পৰ্শ কৰাত ব্যৰ্থ হ’ল ।

ৰবীন্দ্ৰ নাথ ঠাকুৰে হিন্দু-মুছলমানৰ মাজৰ এই বিভেদৰ পৰিণাম সম্পৰ্কে আৰম্ভণিৰে পৰা সচেতন আছিল আৰু অকল বঙ্গৰ ক্ষেত্ৰতে নহয়, সৰ্বভাৰতীয় প্ৰেক্ষাপটতো বিষয়টোৰ গুৰুত্ব উপলদ্ধি কৰিছিল । ‘হিন্দু বিশ্ববিদ্যালয়’ শীৰ্ষক নিৱন্ধত ৰবীন্দ্ৰ নাথে লিখিছিল, 'কিছুদিন আগতে হিন্দু-মুছলমানৰ মাজত এই স্বাতন্ত্ৰৰ অনুভূতি তীব্ৰ নাছিল । আমি এনেভৱে মিলি আছিলোঁ যে আমাৰ মাজত ভিন্নতাখিনি চকুত নপৰিছিল । কিন্তু স্বাতন্ত্ৰ অনুভূতিৰ অভাৱ এটা ভাব মাথোন, সি ভাবাত্মক নহয় । অৰ্থাৎ আমাৰ মাজত সঁচাসঁচি অভেদ আছিল বাবেই যে ভেদ সম্বন্ধে আমি অচেতন আছিলোঁ, সি নহয় ; আমাৰ মাজত প্ৰাণশক্তিৰ অভাৱ ঘটিছিল বুলিহে এক নিশ্চেতনাই আমাক অভিভূত কৰি লৈছিল ।

এনে এদিন আছিল যেতিয়া হিন্দুৱে নিজৰ হিন্দুত্ব লৈ গৌৰৱ কৰিবলৈ উদ্যত হ’ল । তেতিয়া মুছলমান যদি হিন্দুৰ গৌৰৱ মানি লৈ নিজে মনে মনে পৰি থাকিলহেঁতেন, তেতিয়া হিন্দুৱে বৰ ৰং পালেহেঁতেন, সন্দেহ নাই ; কিন্তু যি কাৰণত হিন্দুৰ হিন্দুত্ব উগ্ৰ হৈ উঠিল, সেই কাৰণতে মুছলমানৰ চেতনা মূৰ তুলি উঠিল। এতিয়া তেওঁ মুছলমানৰূপেই প্ৰৱল হ’ব বিচাৰে, হিন্দুৰ লগত সান-মিহলি হৈ প্ৰৱল হ’ব নোখোজে ।

এতিয়া কি উপায়ে ভেদ গুচাই এক হ’ব, সেইটো জগত জুৰি থকা সমস্যা নহয়, সমস্যা হ’ল ভেদ ৰক্ষা কৰিয়েই মিলন হ’ব । সেইটো কাম টান ; কাৰণ, তাত কোনো প্ৰকাৰৰ ফাঁকি নচলিব, তাত পৰস্পৰে পৰস্পৰক ঠাই এৰি দিব লাগিব । সেইটো সহজ নহয় ; কিন্তু যিটো সহজ সি আকৌ সাধ্য নহয় ; পৰিণামৰ ফালে চালে দেখা যায় যিটো কঠিন সেইটোহে সহজ ।

আজি আমাৰ দেশত মুছলমানে স্বতন্ত্ৰভাৱে থাকি নিজৰ উন্নতি সাধনৰ চেষ্টা কৰিছে। সি আমাৰ কাৰণে যিমানে অপ্ৰিয় হওক আৰু তাৰ পৰা দেখাত আমাৰ যিমানেই অসুবিধা হওক, এদিন পৰস্পৰৰ যথাৰ্থ মিলন সাধনৰ সিয়ে প্ৰকৃত উপায় । ধনী নহ'লে দান কৰা কষ্টকৰ; মানুহে যেতিয়া নিজক মহান কৰে, তেতিয়াই নিজে ত্যাগো কৰিব পাৰে । যিমান দিন তেওঁৰ অভাৱ -আতুৰ-ক্ষুদ্ৰতা থাকে, সিমান দিন থাকে তেওঁৰ ঈৰ্ষা আৰু বিৰোধ । সিমান দিনলৈকে যদি তেওঁ কাৰোবাৰ লগত মিলে, তেনে দায়ত পৰিহে মিলে, সেই মিল কৃত্ৰিম মিল । সৰু বুলি আত্মলোপ কৰাটো অকল্যাণ, ডাঙৰ হৈ আত্ম-বিসৰ্জন কৰাটোৱেই শ্ৰেয়।'

১৯০৯ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আহবানৰ প্ৰতি সঁহাৰি জনাই ঢাকা, কলিকতা আৰু ছিলেটত হিন্দু-মুছলমানৰ মাজত ৰাখীবন্ধন কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল বঙ্গ বিভাজনৰ প্ৰতিবাদ কৰিবলৈ । ৰাখীবন্ধন কাৰ্য্যসূচীত যথেষ্টসংখ্যক লোকে অংশগ্ৰহণ কৰিছিল ।।

(পৰৱৰ্তী অংশত –ফজলুল হকৰ প্ৰজা কৃষক পাৰ্টিক সমৰ্থনৰ অস্বীকাৰ কংগ্ৰেছৰ, মুছলিম লীগৰ উত্থান)