অসমত ক'ভিড ব্যৱস্থাপনাত চৰকাৰী ধনৰ ব্যাপক অপচয় হৈছিল


Image Description

এতিয়াৰ মুখ্য মন্ত্ৰী তথা তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰে কেইগৰাকীমান ঘনিষ্ট ব্যৱসায়ীয়ে সন্দেহজনক উপায়েৰে কোটি কোটি টকা আহৰণ কৰিছিল৷

ডঃ শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠ ব্যক্তি জড়িত হৈ থকা ক'ম্পেনীয়ে অবৈধভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, চমুকৈ এনএইচএমৰ পৰা পিপিই কিট আৰু ছেনিটাইজাৰ যোগানৰ ঠিকা লাভ কৰিছিল।

উক্ত সামগ্ৰী বজাৰ দামতকৈ ৪৩১ শতাংশলৈকে অধিক মূল্যত যোগান ধৰা বিধি-ব্যৱস্থাৰ বাহিৰত অত্যধিক লাভ আদায় কৰিছিল।

আনুষ্ঠানিকভাৱে পোৱা তথ্যই দেখুৱাই যে ক'ভিডৰ সময়ত ৰিণিকি ভূঞা শৰ্মাৰ জেবিএছ ইণ্ডাষ্ট্ৰীজ আৰু মুখ্য মন্ত্ৰীৰ ঘনিষ্ঠ ঘনশ্যাম ধানুকাৰ মেডিটাইম হেল্থকেয়াৰ লিমিটেডে এনএইচএমৰ পৰা স্বাভাৱিকতকৈ ৬৫ শতাংশ অধিক দামত পিপিই কিট আৰু অন্য চিকিৎসা সামগ্ৰী ক্ৰয় কৰিছিল৷

আনহাতে এনএইচএমে ধনুকাৰ ক'ম্পেনী জিআৰডি ফাৰ্মাচিউটিকেলছে ৪৩১ শতাংশ অধিক দামত ছেনিটাইজাৰ ক্ৰয় কৰিছিল।

লগতে মুখ্য মন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁলোকৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ নাম জড়িত হৈ থকা আৰবি ৰিয়েলটর্ছ নামৰ ক'ম্পেনীৰ কলকাতাস্থিত এনে ব্যাৱসায়িক প্ৰতিষ্ঠানৰ সৈতে লেনদেন আছে যাৰ সৈতে দিল্লীৰ কেজৰিৱাল চৰকাৰৰ অলপতে গ্ৰেপ্তাৰ হোৱা মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ অবৈধ লেনদেনৰ বাতৰি ওলাইছে৷

স্বাভাৱিকতে উচ্চ পৰ্য্যায়ৰ তদন্তৰ জৰুৰী প্ৰয়োজন হৈছে। এনে তদন্ত প্ৰধান মন্ত্ৰীৰ তত্বাৱধানত হোৱা উচিত। তদন্ত কেন্দ্ৰীয় সংস্থাৰ অধীনত হোৱা উচিত। ৰাজহুৱা জীৱনত সকলো পৰিষ্কাৰ হোৱাটো নিতান্তই দৰকাৰ।

অকাট্য তথ্যৰ ভিত্তিত এনে দাবী তুলিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই। প্ৰধান মন্ত্ৰীলৈ তদন্তৰ দাবী প্ৰেৰণ কৰিছে।।