তুৰং সমাজৰ মাঘ বিহু: মাইক’চুমফাই


Image Description

বৌদ্ধ ধৰ্মাৱলম্বী তাইসকলৰ সংস্কৃতি ধৰ্মৰ সৈতে এনেদৰে বিজৰিত যে এটাৰ পৰা আনটোক পৃথক কৰিব নোৱাৰি৷ আনহাতে আন আন বৌদ্ধগোষ্ঠীয়ে পালন কৰা ধৰ্মীয় অনুষ্ঠানতকৈ তাইসকলে পালন কৰা ধৰ্মীয় উৎসৱ-অনুষ্ঠানসমূহৰ সুকীয়া বৈশিষ্ট্য দেখা যায়৷ পইচাংকন, মাইক’চুমফাই, অকৱা, পয়লেং আদি এনে উৎসৱ-অনুষ্ঠানৰ উদাহৰণ৷

ভগৱান বুদ্ধই বহাগী পূৰ্ণিমাত তেখেতৰ পৰিনিৰ্বাণ হ’ব বুলি তিনিমাহৰ পূৰ্বেই শিষ্যবৰ্গৰ আগত ভৱিষ্যতবাণী কৰিছিল৷ সেইবাবে মাঘী পূৰ্ণিমাৰ দিনটো বৌদ্ধ পূৰ্ণিমা তিথিত তাই-বৌদ্ধসকলে মাইক’চুমফাই বা মেজি জ্বলায়৷

এই উপলক্ষে গাঁৱৰ যুৱক-যুৱতীসকলে প্ৰায় এমাহমানৰ আগৰে পৰা মাইক’ চুমফাই বাবে কাঠ যোগাৰ কৰে৷ ইয়াৰ বাবে টান কাঠৰ গছ, ডাল আদি কাটি আনি বাকলি আদি গুচাই ৰ’দত শুকুৱাই ৰখা হয়৷ যুৱক-যুৱতীসকলে দল বান্ধি ওচৰৰ হাবিলৈ গৈ নাইবা অন্য ঠাইৰ পৰা এই কাঠ সংগ্ৰহ কৰে৷ ৰ’দত কেইদিনমান ৰখাৰ পিছত পুলি গছ, জাল আদি ধুনীয়াকৈ শুকাই ল'লেই মেজিৰ খৰিৰ উপযুক্ত হৈ পৰে৷

ডাল খৰি নাপালে ফলা খৰিকে জাল খৰিৰ আকৃতিত চাঁচি লোৱা হয়৷ যুৱকসকলে এই খৰি জোখত কাটি মেজিৰ বাবে সাজু কৰে৷ মাইক’ চুমফাইৰ বাবে বাঁহজোপাৰ ভিতৰত আটাইতকৈ দীঘল বাঁহ নিৰ্বাচন কৰি ইয়াৰ উচ্চতা নিৰ্ধাৰণ কৰা হয়৷ অৰ্থাৎ অতি দীঘল বাঁহৰ সমান ওখ কৰি মেজিৰ খুটা কাটে৷ এযোৰ এযোৰকৈ চাৰি চুকত মুঠ চাৰিযোৰ, অৰ্থাৎ আঠোটা বাঁহৰ খুটি পুতি তাৰ লগত খাপ খুৱাই মেজিৰ খৰি এনেদৰে বান্ধি দিয়ে যেন এপাহ সম্পূৰ্ণ ফুলি উঠা কেতেকী ফুলহে৷

মাইক’চুমফাইৰ গুৰি আৰু শীৰ্ষ অংশৰ তুলনাত মাজৰচোৱাত আকাৰ কিছু ডাঙৰ হয়৷ ইয়াৰ মাজৰ ফোঁপোলা অংশত শুকান শুকান বাঁহ, কাঠ, পানীহিলৈ আদি ভৰোৱা হয়৷ শীৰ্ষ অংশত জুই দিব পৰা ব্যৱস্থা ৰখা হয়৷ মেজি সজা সম্পূৰ্ণ হোৱাৰ পিছত কলপটুৱা, ৰঙীণ কাগজ আদিৰে মনমোহাকৈ সজাই-পৰাই তোলা হয়৷

অষ্টকোণী বেৰ এখনৰ দ্বাৰা মাইক’চুমফাই সম্পূৰ্ণ উলম্বভাৱে ৰাখিবলৈ মাটিত খুটি পুতি চাৰিদিশত শীৰ্ষ অংশৰ সৈতে ৰচীৰে সংলগ্ন কৰি ৰখা হয়৷ অষ্টকোণী বেৰখনৰ ভিতৰফালে কাগজৰ চাকু-টানখন [ধবজা] পুতি ৰাখে৷

মাঘী পুৰ্ণিমাৰ আগদিনা গধূলি মাইক’চুমফাইৰ কাষত গাঁৱৰ ৰাইজ সমবেত হৈ বৌদ্ধভিক্ষুৰ উপস্থিতিত ৰাইজৰ হৈ চাউজেৰে [পাঠকে] ৰেজাক [উৎসৰ্গা] কৰে৷ এই উৎসৰ্গা উৎসৱত সমবেত ৰাইজে পঞ্চশীল গ্ৰহণ কৰে আৰু ভিক্ষুৱে মঙ্গল সূত্ৰ পাঠ কৰে৷ মাঘ বিহুৰ মেজিত কৰাৰ দৰে ইয়াত ভোজ আদিৰ আয়োজন কৰা নহয়৷

যুৱকসকলে মেজিৰ কাষত ৰাতিটো কটায়৷ ৰাতিপুৱা দোকমোকালিতে নিৰ্বাচিত এজন যুৱকে গা-পা ধুই মেজিৰ ওপৰত উঠি গৈ তাত অগ্নিসংযোগ কৰে৷ মেজিটো ওপৰফালৰ পৰা ক্ৰমে জ্বলি আহে৷ মাইখ’চুমফাই জ্বলি থকা অৱস্থাত কাষত থকা লোকসকলে বুদ্ধ, ধৰ্ম আৰু সংঘৰ জয়ধবনি দি থাকে৷

পুৱাবেলা বৌদ্ধ বিহাৰত ৰাইজ পুনৰ সমবেত হয়৷ বিশ্ব বৌদ্ধ ভাতৃত্ব সংঘৰ পতাকা ভিক্ষুৱে উত্তোলন কৰে৷ ৰাইজে পঞ্চশীল আৰু অষ্টশীল গ্ৰহণ কৰে আৰু ভিক্ষুৱে ধৰ্মদেশনা দিয়ে৷ আবেলি বৌদ্ধ বিহাৰত চাউজেৰেয়ে তাই ভাষাৰ বৌদ্ধ ধৰ্মৰ পুথি পাঠ কৰে আৰু ৰাইজে মনযোগেৰে শুনে৷ ৰাতি পুনৰ শীল গ্ৰহণ, বুদ্ধ বন্দনা, ধৰ্ম বন্দনা আৰু সংঘ বন্দনা আদি কৰা হয়৷

মাইক’চুমফাই জ্বলোৱাৰ পিছত মাঘী পুৰ্ণিমাত তাই বৌদ্ধসকলে খাউয়াকুঃ নামৰ এবিধ খিচিৰিজাতীয় আহাৰ প্ৰস্তুত কৰি খায়৷ এই খাউয়াকুঃ লাহী চাউল, মাটি কলাই, তিল, আদা আদি মিহলি কৰি ৰান্ধে৷ এনে খিচিৰি খাবলৈকো বৰ সোৱাদ লগা হয়৷ গৃহস্থই নিজে খায় আৰু ওচৰ চুবুৰীয়াকো বিতৰণ কৰে৷

কেইবাটাও উপগোটত বিভক্ত তাই বৌদ্ধসকলৰ মাইক’চুমফাই আদি ধৰ্ম-সাংস্কৃতিক উৎসৱ পালনৰ পদ্ধতি আদিৰ ক্ষেত্ৰত পাৰ্থক্য পৰিলক্ষিত নহয়৷।