আকৌ গুণৰ উৎসৱ


Image Description

অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত আকৌ গুণৰ উৎসৱ ৰাজ্য চৰকাৰে পাতিছে৷

যি কোনো উৎসৱ আনন্দৰ বিষয়৷ তাতে আকৌ গুণৰ উৎসৱ৷ উৎসৱত আমাৰ কুমলীয়া ছাত্ৰ-ছাত্ৰীৰ গুণবোৰ উদ্ভাসিত হ’ব বুলি আশা কৰিয়েই উৎসৱবিধ চৰকাৰে পাতে৷ বিষয়টো শুনিবলৈ ভাল

সকলোৱে আশা কৰে যে ইয়াৰ পৰা অসমৰ স্কুলীয়া শিক্ষা জগতখনৰ আৰু উন্নতি হ’ব৷ আৰু বিকাশ হ’ব৷

নিৰ্মোহভাৱে চালে উৎসৱটোৱে উদ্দেশ্য পূৰণ কৰিব পৰা নাই৷ উৎসৱৰ মাজেদি স্কুলীয়া ব্যৱস্থাটোৰ সকলো দুৰ্বলতা ওলাই আহে৷ আগৰবোৰ প্ৰতিবেদনত ছাত্ৰ-ছাত্ৰীৰ সবলতা নিঃকিন ৰূপতহে ধৰা পৰিছে আৰু ওলাই আহিছে। মুষ্টিমেয় কেইজনমানে এখন বিদ্যালয় নুবুজায়

ৰাজ্যখনৰ বহু হাজাৰ সমল ব্যক্তিক ছাত্ৰ-ছাত্ৰীৰ গুণবোৰ, বিদ্যালয়খনৰ শক্তিশালী দিশবোৰ উন্মোচন কৰিবলৈ নিয়োগ কৰা হয়৷ কিমান ল’ৰা-ছোৱালীয়ে একেবাৰে সৰুতে বিদ্যালয় এৰে চৰকাৰে জানে। কিন্তু পৰৱৰ্তী সময়ত স্কুল ত্যাগ কৰা সকলক ঘূৰাই আনিবলৈ কোনো ব্যৱস্থা লোৱা নহয়৷

পৰিস্থিতি একে থাকে৷ উন্নয়ন স্থৱিৰ হৈয়ে থাকে৷ ডেক্স-বেঞ্চৰ অভাৱ অভাৱ হৈয়ে থাকে৷ ছোৱালীৰ বাবে সকলো স্কুলত আছুতীয়া প্ৰসাৱগাৰ নাই৷ সকলোৰে বাবে খোৱাপানীৰ ব্যৱস্থা নাই৷

পাঁচোটা-ছয়টা শ্ৰেণীৰ বাবে বহু স্কুলত সেই অনুপাতে কোঠা নাই৷ প্ৰতিটো পিৰিয়ডত প্ৰতিটো শ্ৰেণীত শিকাবলৈ একোজন শিক্ষক নাই৷

শ শ স্কুলত বিজ্ঞানৰ শিক্ষক নাই৷ গণিতৰ শিক্ষক নাই৷ কথিত ইংৰাজী শিকোৱা শিক্ষক নাই৷ অথচ ল’ৰা-ছোৱালীয়ে কিমান জানে তাৰ একোখন প্ৰশ্নাৱলী থাকিব আৰু তাৰ ওপৰতে প্ৰতিবেদন যুগুত হ’ব

প্ৰতিবেদনবোৰ অহা বছৰৰ একেটা সময়লৈ একে ঠাইতে থাকিব৷ সেইবোৰ কোনেও নাচায়, নপঢ়ে আৰু তাৰ প্ৰতিকাৰ বাজেটত ওলায় নপৰে৷ এনেদৰে এটা প্ৰহসন বছৰৰ পিছত বছৰ বাগৰে ।

ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলোৱে গতানুগতিকভাৱে আকৌ এটা দিন পাৰ কৰিব৷ বিধায়ক-মন্ত্ৰী-বিষয়াই নিজৰ সন্তানক মাতৃভাষাৰ মাধ্যমৰ পৰা নিলগাই ৰাখে৷ তাৰ বাহিৰে যিবোৰ কথা কয় আৰু কাম কৰে সেইবোৰ মাঁথো উদ্দেশ্যশূন্যভাৱে আওৰায়৷