স্মৃতি, সময় আৰু আনি আৰনত্ত


Image Description

আনি আৰনত্ত [ফৰাচী উচ্চাৰণ আনি এখনও]ৰ সাহিত্য সৃষ্টিৰ অসাধাৰণ প্ৰতিভা আৰু শৈলীক এই বৰ্ষত ন'বেল বঁটাৰে ভূষিত কৰা হৈছে৷

আৰনত্তৰ কিতাপসমূহ চুটি আৰু তেওঁৰ প্ৰকাশভংগী চিধা আৰু সৰল৷ তেওঁৰ সাহিত্যত অনাহক শব্দৰ খেল নাই৷ কম শব্দতে তেওঁ নিজৰ ক’বলগীয়াখিনি চিধাকৈ দৈ পেলায় আৰু তেওঁৰ ব্যক্তব্যই পাঠকৰ হৃদয় চুই যায়৷

সাহিত্য সৃষ্টিৰ এই খেলখনত আৰনত্তৰ অস্ত্ৰ হৈছে স্মৃতি৷ আৰনত্তৰ প্ৰায়বোৰ কিতাপৰেই উৎস হৈছে তেওঁৰ স্মৃতি৷ স্মৃতিৰ লগত তেওঁ শব্দৰে এখন সূক্ষ্ম আৰু হৃদয়স্পৰ্শী ছবি আকেঁ; এই ছবি হৈ পৰে সময়, জাতি, দেশ আৰু ধৰ্মৰ প্ৰাচীৰ ভাঙি বিশ্বৰ প্ৰতিজন পাঠকৰ হৃদয়ত আলোড়নৰ সৃষ্টি কৰিব পৰাৰ ক্ষমতা থকা এখন অসাধাৰণ ছবি৷

আৰনত্তৰ কিতাপবোৰ আচলতে উপন্যাস নহয়, স্মৃতিৰ টুকুৰা কিছুমানহে৷ বহুতেই আৰনত্তৰ কিতাপসমূহক তেওঁৰ আত্মজীৱনীৰ একো একোটা টুকুৰা বুলি কয়৷ এই ক্ষেত্ৰত নাম ল'ব পাৰি তেওঁৰ বহুপাঠিত উপন্যাস ‘'হেপেনিং'ৰ৷ ১৯৬৩ চনত আনি আৰনত্ত গৰ্ভৱতী হৈ পৰিছিল৷ তেওঁৰ বয়স আছিল ২৩ বছৰ আৰু তেওঁ আছিল অবিবাহিত৷ ক’লেজৰ চোকা শিক্ষাৰ্থী হিচাপে আৰনত্তৰ সপোন আৰু আকাংক্ষা সীমাহীন আছিল; কিন্তু অনাংকাক্ষিত গডধাৰণে তেওঁক লাজ আৰু ভয়ৰ এন্ধাৰৰ পিনে ঠেলি লৈ যাবলৈ ধৰিলে৷

ফ্ৰান্সত সেই সময়ত গৰ্ভপাত নীতি বহিৰ্ভূত আছিল৷ এই অনৈতিক কাম কৰা নাৰীসকলক সমাজে হেয়ৰ চকুৰে চাইছিল৷ আৰনত্তৰ মানসিক অৱস্থাও দিনে দিনে বেয়াৰ ফালে ঢাল খালে৷ অহৰহ তেওঁ ভাবি থাকিব ধৰিলে ডাক্টৰৰ ওচৰ নচপাকৈ কেনেকৈ তেওঁ গৰ্ভত থকা ভ্ৰূণটোক আঁতৰাব পাৰে৷ সেই দিনবোৰৰ কথা সুঁৱৰি তেওঁ লিখিছে, ‘'দুশ্চিন্তাই মোক আৱৰি ধৰিছিল৷ বাকী সকলো কথা অৰ্থহীন হৈ পৰিছিল৷’

এই গৰ্ভধাৰণে কেনেকৈ তেওঁক এগৰাকী ‘বেয়া’ নাৰী হিচাপে প্ৰমাণিত কৰিব; কেনেকৈ তেওঁৰ পঢ়াৰ সপোন, চাকৰিৰ সপোন ভাঙি চূৰমাৰ কৰিব; কেনেকৈ তেওঁ অৱশেষত এটি ‘'ৱৰ্কিঙ ক্লাছ প্ৰডাক্টত’'পৰিণত হ’ব– এনেবোৰ চিন্তাই আৰনত্তক দিকভ্ৰান্ত কৰি তুলিলে৷

ক’লেজৰ বাথৰূমত নিজে গৰ্ভপাত কৰাবলৈ চেষ্টা কৰি আনি প্ৰায় মৃত্যুৰ দুৱাৰদলি পালে৷ হস্পিটেলত ডাক্টৰবোৰৰ ককৰ্থনাৰ সন্মুখীন হ’ল৷ এজন ডাক্টৰে ইমান বেয়াকৈ গালি পাৰিলে যে আৰনত্তৰ অনুভৱ হ’ল, ‘তেওঁ চাগে মোক মৰিবলৈ এৰি দিব৷’

আনিৰ স্মৃতিৰ এই সৰু টুকুৰাটোৱে হৈ পৰিল এখন আলোড়নকাৰী, চিন্তা উদ্ৰেককাৰী উপন্যাস৷ এই উপন্যাসৰ, এই ঘটনাৰ কোনো সময় নাই, সমাজ বা দেশ নাই৷ আনি আৰনত্তৰ এই উপন্যাসে যুগ যুগ ধৰি, প্ৰতেটো সময়ৰ, প্ৰতিখন সমাজৰ নাৰীৰ বিবেক আৰু হৃদয় তাড়নাৰ কথা কয়৷

অবিবাহিত অৱস্থাত গৰ্ভধাৰণ কৰা প্ৰতিগৰাকী নাৰীৰ মনস্তত্বৰ প্ৰতিফলন ঘটিছে আনি আৰনত্তৰ উপন্যাস ‘হেপেনিং’ত৷ কেৱল ৯৩ পৃষ্ঠাৰ এই উপন্যাসখনে দেখুৱাই দিয়ে লিখক, মানুহ আৰু এগৰাকী নাৰী হিচাপে আনি আৰনত্ত কিমান প্ৰতিভাশালী আৰু কিমান সাহসী৷।