বিশুদ্ধ খোৱা পানী
ৰঙীন বিজ্ঞাপনৰ মৰীচিকা আৰু জন সচেতনতা


Image Description

জনস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সবাতোকৈ গুৰুত্বপূৰ্ণ হ'ল বিশুদ্ধ বায়ু আৰু পানী। দুর্ভাগ্যক্ৰমে সম্প্ৰতি এই দুয়োটাই দুৰ্লভ হৈ পৰিছে। বায়ু প্ৰদূষণ, গোলকীয় সমস্যা কোনেও অকলে দূৰৈৰ কথা,একোখন দেশেও অকলে ইয়াৰ প্ৰতিকাৰ কৰিব নোৱাৰে। কিন্তু দৈনন্দিন খোৱা পানীখিনি অলপ সতৰ্কতাৰে ঘৰতে স্বাস্থ্যসন্মত কৰি ল'ব পাৰি।

কিন্তু বজাৰত উপলব্ধ পানী বিশুদ্ধিকৰণ যতনসমূহৰ ৰংচঙীয়া বিজ্ঞাপনৰ মৰীচিকাই জনসাধাৰণক কিদৰে বিভ্ৰান্ত কৰিছে সেয়া চিন্তনীয়। পানীত কি কি অলাগতিয়াল তথা ক্ষতিকাৰক উপাদান থাকে?

প্ৰথমবিধ জৈৱিক, যেনে, বিবিধ বেক্টেৰিয়া, অন্যান্য অণুজীৱ, যেনে, ভেঁকুৰ,শেলাই আদি বা সিবিলাকৰ ৰেণু। দ্বিতীয়বিধ হ'ল পানীত ওপঙি থকা ক্ষুদ্ৰাকাৰ গোটা দ্ৰব্য, যেনে, ধূলি,গেছ,মিহি বালি আৰু অন্যান্য মাটিৰ উপাদান। তৃতীয়বিধ কেতবোৰ ৰাসায়নিক দ্ৰব্য, যেনে, মাত্ৰাধিক লো, ফ্ল'ৰাইড,সীহ এম'নিয়াম ইত্যাদি। দ্বিতীয়বিধে পানীক ঘোলা পানীৰ ৰূপ দিয়ে। পৌৰ নিগম বা জনস্বাস্থ্য বিভাগে যোগান ধৰা পানী খোৱাৰ কিমান উপযোগী সেয়া বাতৰিকাকতত প্ৰায়ে ওলাই থাকে।

বজাৰত সচৰাচৰ উপলব্ধ পানী বিশুদ্ধিকৰণৰ এবিধ যতন হ'ল য'ত এডাল বিশুদ্ধিকৰণ যন্ত্ৰ(ফিল্টাৰ কেণ্ডেল) আৰু লগতে অতিবেঙুনীয়া ৰশ্মিৰ উৎস।দণ্ডডালে ছেকনিৰ কাম কৰে আৰু গোটা অদ্ৰৱণীয় দ্ৰব্যবোৰ দূৰ কৰে। পিচে সংলগ্ন অতিবেঙুনীয়া জীৱাণুনাশকৰ প্ৰভাৱ কিমান সেয়া বিচাৰযোগ্য।

অতিবেঙুনীয়া ৰশ্মি তিনি প্ৰকাৰৰ। ক ,খ আৰু গ। ইয়াৰে কেৱল গ বিধ কিছু শক্তিশালী আৰু ই জীৱাণু নাশ কৰিব পাৰে। তাকো দীর্ঘ সময় বিকিৰণৰ পাছত। গৱেষণাৰ কামত কোঠালি বা যতন আদি জীৱাণুমুক্ত কৰিবলৈ অতিবেঙুনীয়া গ ৰশ্মিৰ বিকিৰণ দিয়া হয়, তাৰ পাছতো অতিৰিক্ত ব্যৱস্থা ল'ব লগা হয়। অতিবেঙুনী ৰশ্মি সকলো জীৱৰ বাবে ক্ষতিকৰ । ই আনকি শৰীৰৰ ডিএনএ আৰু আৰএনএ , প্ৰ'টিন আদিকো ভাঙি দিব পাৰে । অনুৰূপ ই পানীৰ অণুকো আয়নীকৃত ( অৰ্থাৎ দ্বিখন্দিত ) কৰিব পাৰে । এনে পানী ৰাসায়নিকভাৱে অতি ক্ৰিয়াশীল আৰু শৰীৰৰ বাবে ক্ষতিকৰ ।

নিৰ্মাতা প্ৰতিষ্ঠানসমূহৰ ৰংচঙীয়া বিজ্ঞাপনত এইবোৰ তল পৰি যায়। ২০২০ চনত ক'ভিড ১৯ ৰ বাবে তলাবন্ধ সময়ত একাংশ ইলেক্ট্ৰনিক মাধ্যমত দেখা গ'ল কোনো কোনো উদ্ভাৱকে ভাইৰাছ বা জীবাণুনাশক যতন প্ৰস্তুত কৰিছে। সেয়া হ'ল এটা বাকচৰ ভিতৰত এটা অতিবেঙুনী ৰশ্মিৰ টিউব লাইট, দেখুওৱা হ'ল জোতা, কাপোৰ আদি উক্ত বাকচত ভৰাই কেইমিনিটমানৰ বাবে চুইচ অন্ কৰিব লাগে। কিন্তু সেয়া অতিবেঙুনী ক, খ নে গ কোনটো তাৰ উল্লেখ নাই। উপৰোক্ত ব্যাখ্যাৰ ভিত্তিত বোধগম্য যে এয়া অতিপ্ৰচাৰৰ প্ৰৱণতা।

বজাৰত উপলব্ধ আন এক পানী বিশুদ্ধকৰণৰ যতনৰ ভিত্তি হ'ল উভতনি অগ্ৰাসন ('ৰিভাৰ্ছ অছম'ছিছ') প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত বিদ্যুতচালিত যন্ত্ৰৰ সহায়ত অতি উচ্চ চাপত পানী এখন বিশেষ আৱৰণৰ মাজেৰে ঠেলি পঠিওৱা হয়। এই পানী অৱশ্যে বিশুদ্ধ, কিন্তু পানীত সচৰাচৰ থাকিব লগা আৱশ্যকীয় খনিজ লোণ, যেনে, পটেছিয়াম, ছ'ডিয়াম, কেলছিয়াম আদি প্ৰায় নাথাকে। ৰঙীন বিজ্ঞাপনৰ মায়াজালত এনেবোৰ কথা তল পৰি যায়। এই পদ্ধতি আৰু যতন অতি ব্যয়বহুল, মাজে মাজে ব্যয়বহুল মেৰামতিৰ প্ৰয়োজন। অৱশ্যে এনে পানী গৱেষণাগাৰৰ কামত ব্যৱহাৰ হয়।

সততে ব্যৱহৃত আন এবিধ হ'ল ফিল্টাৰ বা শোধন যতন। ইয়াৰ ওপৰৰ পাত্ৰত থাকে এডাল বা দুডাল শোধন দণ্ড (ফিল্টাৰ কেণ্ডেল), যিয়ে চেকনিৰ দৰে কাম কৰে। ইয়াৰ মাজেদি পানীত থকা গেদ বা গোটা দ্ৰব্য, জীৱাণু আদি সৰকি যাব নোৱাৰে। অতিৰিক্তকৈ এনে পানী উতলাই ল'লে ভাল। পানী জীৱাণুমুক্ত কৰাৰ সহজতম আৰু ফলপ্ৰসূ উপায় হ'ল উতলাই লোৱা।

সাধাৰণ শোধন যতনৰ গঠন আৰু কাৰ্য্যপদ্ধতি সৰল। মূল্যও তুলনামূলকভাৱে কম, দুখীয়া নিচলাইও কিনিব পাৰে। ইয়াৰ চোৱাচিতা কৰিবলৈ কাৰিকৰী ব্যক্তি অনাৰ প্ৰয়োজন নাই, মাজে মাজে দণ্ডডাল খুলি নিজে পৰিস্কাৰ কৰি ল'ব লাগে আৰু পুৰণা হ'লে পেলাই নতুন দণ্ড লগাব লাগে। আঁভুৱা ভৰা বিজ্ঞাপনত থকা ব্যয়বহুল বিলাসী পানী বিশুদ্ধকৰণ যতনতকৈ ই বেছি ফলপ্ৰসূ । ইয়াৰ বাবে বিজুলী শক্তিও নালাগে।

প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে কোনো পদ্ধতি বা যতন ১০০% নিৰ্ভুল নহয়। গতিকে ৰংচঙীয়া বিজ্ঞাপনৰ কথামতে বাট নুবুলি বিচাৰ-বিবেচনাৰে বহু বেয়াৰ মাজৰ সবাতোকৈ কম বেয়াটো বাচি লোৱাই শ্ৰেয়।।