মাঘৰ বিহু – তাহানিৰ


Image Description

১৯৬২ চনৰ চীনা আক্ৰমণৰ পিছৰ কথা৷ আমি তেতিয়া হাইস্কুলৰ ওপৰ শ্ৰেণীৰ ছাত্ৰ৷ ডিছেম্বৰ মাহ কেতিয়া পাৰ হয় তাৰ বাবে আটায়ে উদগ্ৰীৱ হৈ বাট চাই থাকোঁ৷ ডিছেম্বৰৰ শেহৰ ফালে আমাৰ বছেৰেকীয়া পৰীক্ষাবোৰ থাকে৷ কেতিয়া শেষ হয়, কেতিয়া শেষ হয় লাগি থাকে৷

জানুৱাৰী সোমালেই মাঘৰ বিহুৰ প্ৰস্তুতি আৰম্ভ হয়৷ আৰু তাৰ বাবেই আমি ৰৈ থাকোঁ৷ আমাৰ কাম আছিল মেজিঘৰৰ বাবে ধানৰ নৰা কাটি আমি গোটাই থোৱা৷ ডাঙৰবোৰে পিছত একেলগ হৈ এসাজ খোৱাৰ বাবে৷ বহুতে ভেলাঘৰো কয়– কিন্তু আমি মেজিঘৰ বুলিয়েই কৈছিলো৷

তেতিয়া অতিশয় ডাঠ কুঁৱলীয়ে পুৱা নমান বজালৈকে সূৰ্য্যটো ঢাকি ৰাখে৷ ঠেঁটুৱৈ ধৰা জাৰ৷ গৰম কাপোৰৰো অভাৱ তেতিয়া৷ মা-বাইদেউহঁতে ঘৰতে গুঠি দিয়া চুৱেটাৰ পিন্ধি কোনোমতে জাৰ গুচাওঁ । ৰাতিপুৱা আৰু গধুলি জুই ফুৱাওঁতে ফুৱাওঁতে ভৰিত জুই আঙনি ধৰি যায়৷

ঠাণ্ডাৰ মাজতে বেলি ভালকৈ ওলাই অহাৰ পিছত আমি লগৰবোৰ হাতত কাঁচি লৈ নৰা কাটিবলৈ ওলাওঁ– ঠিয় হৈ থকা দীঘল নৰা বিচাৰি ফুৰোঁ৷ য’তে ত’তে কাটিবও নোৱাৰোঁ– কিছুমানে নিদিয়ে কাটিবলৈ৷ মানে আমাৰ গাঁৱৰ যিকেইঘৰ মানুহৰ অৱস্থা অতিশয় বেয়া, তেওঁলোকে সেই নৰা কাটি নি থকা ঘৰ সাজে৷ এবছৰ কোনোমতে পাৰ হ’লে পিছৰ বছৰ আকৌ নতুনকৈ কটা নৰা লগায়৷ তাৰ বাহিৰে বাকী নৰা আমি কাটিব পাৰোঁ৷

আমাৰ দাদাহঁতৰ লগৰ ল’ৰাবোৰৰ কোনোবা এজনে মাজতে আহি আমাৰ কাম চাই যায়৷ কটা নৰাবোৰ মুঠা বান্ধি যি ঠাইত মেজি হ’ব তালৈ লৈ যায়৷ আমাৰ বিহুৰ প্ৰস্তুতি চলি থাকে৷ উৰুকাৰ আগদিনা আমি ঘৰে ঘৰে গৈ ভোজৰ বাবে চাউল আৰু শাক-পাচলি তুলি আনোঁ৷ যিবোৰৰ ঘৰত ভাল খেতি হয়, তেওঁলোকৰ পৰা আলু, ফুলকবি, বন্ধাকবি, ওলকবি, বেঙেনা সংগ্ৰহ কৰি আমি এঠাইত জমা কৰোঁ৷ সৰু সৰু কাম, কিন্তু এইবোৰ কৰি যে কি ফুৰ্তি পাইছিলোঁ৷ দিনটো ক’ব নোৱাৰাকৈ পাৰ হৈ যায়৷

যিমানেই উৰুকাৰ ওচৰ চাপে সিমানেই আনন্দ-উলাহ বাঢ়ে৷ ঘৰে ঘৰে ঘূৰি ফুৰোঁতে বিহুৰ বাবে বনোৱা পিঠা-পনাৰো সোৱাদ পাওঁ৷ কাৰোবাৰ ঘৰত ঘিলা পিঠা, কাৰোবাৰ ঘৰত ভূলভূলি পিঠা, তিল পিঠা, খোলাচাপৰি পিঠা, কাঠ আলু ভজা, নিমখীয়া পিঠা, ইত্যাদি৷ গোটেই গাওঁখনেই যেন এঘৰ মানুহহে– ভিনপৰ নাই৷

এইখিনি সময়ত আমাতকৈ ডাঙৰবোৰে মেজিৰ বাবে কাঠ সংগ্ৰহ কৰাত লাগি গৈছিল৷ দুই এঘৰ মানুহে বাৰীৰ চুকৰ গছ এজোপা-দুজোপা কাটি আনিবলৈ দিছিল৷ ৰাতি দুই-এজোপা মনে মনে কাটিও আনিছিল৷ এনেকৈ চুৰ কৰি কাটি আনোঁতে পিছদিনা কেতিয়াবা গুৱালগালিও খাইছিল৷ সকলোবোৰ আছিল বিহুৰ আয়োজনৰ অংগ৷

আমাৰ গাঁৱৰ পৰা ৩/৪ কিল'মিটাৰ উত্তৰে সৰুচৰাই বুলি বিৰাট এখন ৰিজাৰ্ভ আছিল– পশ্চিম যোৰহাটৰ এটা বিশাল এলেকা সাঙুৰি৷ আমি শুনিছিলোঁ এই অৰণ্যখনে দেৰগাঁও চুইছিলেগৈ হেনো৷ এতিয়া অস্তিত্বও নোহোৱা হ’ল৷ শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰীয়ে লিখাৰ দৰে ‘‘ইয়াত এখন অৰণ্য আছিল’’৷

আমাৰ ডাঙৰবিলাকে সৰুচৰাই ৰিজাৰ্ভলৈও গৈছিল মেজিৰ বাবে গছ বিচাৰি৷ ৰখীয়াবোৰ বৰ কঢ়া, পিছে দুই-এজোপা গছ আনিবলৈ দিছিল নজনা ভাও ধৰি৷ মুঠতে মেজিৰ বাবে যথেষ্ট কাঠ গোট খাইছিল আৰু উৰুকাৰ দিনা মেজি সাজোঁতে দাদাহঁতৰ লগৰবোৰে জখলাত উঠিহে কাঠ জাপিব লগা হৈছিল৷ আমি সৰুবোৰে ঘৰে ঘৰে গৈ শুকান কলপাত সংগ্ৰহ কৰি আনিছিলোঁ আৰু তাৰে ওখকৈ এটা পাতমেজি বনাইছিলোঁ– এটা পাতমেজি, এটা কাঠমেজি উৰুকাৰ দিনা সন্ধিয়ালৈ সাজু হৈ গৈছিল৷

উৰুকাৰ দিনা আবেলিৰ পৰাই ৰাতিৰ সাজ বনোৱাৰ কাম আৰম্ভ হৈছিল৷ তাৰ বাবেও নিৰ্দিষ্ট মানুহ আছিল৷ উৰুকাৰ সাজ বহুতো গাঁৱত দিনতে খাইছিল, আমি ৰাতিহে খাইছিলোঁ৷ ভাত, দাইল এখন, ভাজি দুখনমান আৰু বৰালি অথবা চিতল মাছৰ আঞ্জা৷ মাইকী মানুহবোৰে ঘৰ এৰিব নোৱাৰে– উৰুকাৰ দিনা পিঠাপনা বনোৱাৰ কামো থাকে, গতিকে তেওঁলোকে ঘৰতে খাইছিল৷ বাকী মানুহখিনিয়ে একেলগ হৈ এসাজ খাইছিল৷ ৰাতি নমান বজাতে খোৱাৰ কাম শেষ হৈছিল৷

যোৰহাট টাউনৰ পৰা ৬/৭ কিল'মিটাৰ দূৰত হ’লেও আমাৰ তাত তেতিয়াও বিজুলীবাতি হোৱা নাছিল৷ ধনী মানুহ কেইঘৰমানৰ পেট্ৰমাক্স লাইট আছিল, তাকেই আনি পোহৰৰ ব্যৱস্থা কৰা হৈছিল৷ নাতিদূৰতে ঘোৰ অন্ধকাৰ আৰু ডাঠ কুঁৱলি ৷ আমি বাহিৰত বেছি ঘূৰি-ফুৰা নাছিলোঁ৷ বাঘৰ ভয়ো আছিল, ভুতৰ ভয়ো আছিল৷ দুদিনমানৰ আগতে যদি ওচৰে-পাজৰে কোনোবা ঢুকাইছে, আমাৰ ধাৰণা আছিল তেওঁৰ ভুতটোৱে মেজিঘৰৰ আশে-পাশে বিচৰণ কৰি থাকিব৷ আমি সেইবাবে পেট্ৰমাক্স লাইটৰ পোহৰৰ বেষ্টনীৰ ভিতৰতে আছিলোঁ৷ এই লাইটবোৰৰ পৰা মাজে-মাজে ভমক ভমক জুই ওলাইছিল আৰু পোহৰ কমি আহিছিল৷ ডাঙৰ মানুহৰ কোনোবা এজনে তেতিয়া লাইটো তললৈ নমাই আনি পাম্প দিছিল আৰু আকৌ ফটফটীয়া পোহৰ বিয়পি পৰিছিল৷ তেতিয়া সেয়াও আমাৰ বাবে এক আশ্চৰ্য্য আছিল৷

বাঘৰ ভয়টোও প্ৰকৃত আছিল৷ সন্ধিয়া কেতিয়াবা পেউৰাই ফেউ ফেউ কৈ ৰৈ ৰৈ চিঞৰে, সেই মাতে অন্ধকাৰত এক বিভীষিকাৰ সৃষ্টি কৰিছিল৷ বৌতিয়ে কৈছিল বাঘ ওলাইছে, মনে মনে শুই থাক৷ আমাৰ মুখৰ মাত হৰিছিল৷ ঘৰবোৰ আছিল কাঠ-বাঁহৰ, ওপৰত খেৰ৷ মনে মনে ভাবিছিলোঁ বাঘটো যদি জপিয়াই ঘৰৰ ভিতৰলৈ সোমাই আহে!

এবাৰ সাঁচকৈয়ে এটা আমোদজনক ঘটনা ঘটিছিল৷ বিহুৰ সময়তে৷ আমাৰ গাঁৱতে লাগি থকা কাষৰীয়া গাঁওখনত ৷ ঘন কুঁৱলীয়ে আৱৰি ৰাখিছে ধানকটা পথাৰবোৰ৷ এইখিনি সময় বৰ ভাল, পথাৰলৈ গৈ ৰাতিপুৱাৰ কামখিনি কৰি অহাৰ বাবে৷ আমাৰ কাৰো ঘৰত পায়খানাৰ ব্যৱস্থা তেনেকৈ নাছিল বুলিবই পাৰি৷ আমিও ঘৰৰ পিছফালৰ পথাৰলৈ দৌৰ মাৰিছিলোঁ৷

আমাৰ বাইদেউ এজনীয়ে সেইদিনা পথাৰলৈ গৈ ধানৰ পথাৰৰ আলিত বহি কামফেৰা কৰিবলৈ সাজু হৈছে মাত্ৰ, দেখিলে ওচৰতে এটা নাহৰফুটুকী বাঘ৷ তেওঁলৈ জাপ ল’লেই৷ বাইদেৱে হেনো শুনিছিল যে বাঘৰ মুখত যি হাত ভৰাব পাৰে, তেওঁৰ সমান কোনো হ’ব নোৱাৰে৷ গতিকে তৎক্ষণাত বাইদেৱে হাতখন বাঘৰ মুখত সুমাই দিলে, লগে লগে বিকট চিঞৰ৷ বাঘ 'নাৰ্ভাচ'৷ ককায়েক দুজন দৌৰি আহিল আৰু কোৰেৰে মৰিয়াই বাঘটো মাৰিলে৷ বাইদেউ বহুতখিনি জখম হ’ল৷ বহুত বছৰলৈকে এই সঁচা কাহিনীটো আমি শুনিছিলোঁ আৰু বাইদেউ ‘ফেমাছ’ হৈ পৰিছিল৷

এইবোৰ হাঁহি-কান্দোনৰ মাজতে আমাৰ মাঘৰ বিহুটো পাৰ হৈছিল৷ কাঠৰ মেজিৰ জুই তিনি-চাৰি দিন আছিল আৰু দিনত আমি তাত নতুন আলু পুৰি খাইছিলোঁ৷ কি যে দিন আছিল সেইবোৰ৷

মিলাপ্ৰীতিৰ মাজেদি গাঁৱে গাঁৱে অসমীয়াত্ব জাহিৰ হৈছিল– এক অনন্য ৰূপত৷।