ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ
- নিজা প্ৰতিবেদক
- /
- March 07, 2022

এখন দেশৰ নিজৰ স্বাধীনতা ৰক্ষা কৰাৰ অধিকাৰ আছে। নিৰপেক্ষ হৈ থাকিব নে নাথাকে সেইয়া ঠিক কৰাৰ অধিকাৰ আছে। নিৰপেক্ষ হৈ থাকিব নিবিচাৰিলে কাৰ পক্ষত থাকিব সেইয়া ঠিক কৰাৰ অধিকাৰ আছে।
ইউক্ৰেইনে নিজৰ অধিকাৰ সাব্যস্ত কৰিছে। ৰাছিয়াই সেই অধিকাৰ খৰ্ব কৰিছে। পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা বুলি স্পষ্ট মত দিলে।
আমাৰ দেশে ৰাষ্ট্ৰসংঘত মত দিয়াৰ পৰা বিৰত থাকিল। ই নিৰপেক্ষতাৰ উদাহৰণ ন'হল। আমি ৰাছিয়াৰ পক্ষ ল'লোঁ। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা যুক্তি মানিলোঁ। বিশ্বই তাকে জানিলে।
ইমান ফল অশুভ হ'ব।
চীনে অৰুণাচল দাবী কৰে। সীমান্তত টনা-আঁজোৰা চলি আছে। ১৯৬২ চনত চীনে আমাৰ দেশ আক্ৰমণ কৰিছিল। অৰুণাচল নিজৰ দেখুৱাবলৈ। ৰাছিয়াই একে মনোভাৱ দেখুৱাইছে। আৰু আমাৰ দেশে পৰোক্ষভাৱে সমৰ্থন দিছে।
সময় আৰু বুৰঞ্জী কঠিন হৈ উঠিব পাৰে। চৰকাৰৰ ভুলৰ পৰিণতিত।