সাংবিধানিক ৰক্ষাকৱচ


Image Description

[২]
যোৱা সংখ্যাত অসমীয়া মানুহৰ সংজ্ঞাটোৰ বিষয়ে লিখা হৈছিল৷ সংজ্ঞাটোৱে তিনিটা দিশৰ স্পষ্টভাৱে ইঙ্গিত দিছিল৷

[ক] ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত অসমলৈ অহা কোনো প্ৰব্ৰজনকাৰী সংজ্ঞাটোৰ অন্তৰ্ভুক্ত নহয়৷

[খ] একেখিনি সময়ৰ ভিতৰত অসমলৈ আন ৰাজ্যৰ পৰা অহা ভাৰতীয় নাগৰিক সংজ্ঞাটোৰ অন্তৰ্ভুক্ত নহয়৷

[গ] ১৯৭১ চনৰ পিছত অসমলৈ অহা অবৈধ বাংলাদেশী সংজ্ঞাটোৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে৷

প্ৰথম দুটা পৰোক্ষভাৱে ওলাই পৰে। তিনি নম্বৰটো প্ৰত্যক্ষভাৱেই উল্লেখ কৰা হৈছে। বহিস্কাৰ কৰিবলৈ পৰামৰ্শ দিছে।

অসমে ১৯৭১ চনলৈ সেই সময়ৰ পূব পাকিস্তানৰ পৰা অসমলৈ অহা সকলো প্ৰব্ৰজনকাৰীৰ বোজা মূৰ পাতি ল’ব লগা হৈছিল৷ ইয়াৰ ফলত অসমৰ জনগাঁথনিৰ বিন্যাস সলনি হৈছিল আৰু দ্বিতীয়তে অৰ্থনৈতিক বিকাশত বাধা পৰিছিল৷ ইয়াৰ মূলতে হ’ল যে এই বোজা বহনৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক কোনো ধৰণৰ আৰ্থিক অনুদান সুকীয়াকৈ আগবঢ়োৱা নাছিল৷ বৰঞ্চ আমাৰ সকলোৰে মনত আছে যে প্ৰব্ৰজনকাৰীক চৰকাৰী মাটি নিদিয়া বাবে তেতিয়াৰ প্ৰধান মন্ত্ৰী জৱহৰলাল নেহেৰু আৰু গৃহ মন্ত্ৰী বল্লভভাই পেটেলে অসমৰ মুখ্য মন্ত্ৰী গোপীনাথ বৰদলৈক চোকা ভাষাৰে সমালোচনা কৰিছিল৷

ইতিমধ্যে উল্লেখ কৰা হৈছে যে সাংবিধানিক ৰক্ষাকৱচ নিৰ্ণয় কৰিবলৈ দায়িত্ব অৰ্পণ কৰা কমিটীখনক বিধান সভাত অসমীয়া মানুহৰ বাবে যথোপযুক্ত আসন সংৰক্ষণৰ বিষয়টো পৰীক্ষা কৰিবলৈ কৈছিল৷ স্বাধীনতাৰ পিছৰে পৰা অসমলৈ তেতিয়াৰ পূব পাকিস্তানীৰ অবৈধ প্ৰব্ৰজন নোহোৱা হ’লে অসম বিধান সভাৰ সকলো সদস্য অসমীয়া মানুহৰ সংজ্ঞাৰ ভিতৰত পৰিলহেঁতেন৷

কিন্তু স্বাধীনতাৰ পিছৰে পৰা কেন্দ্ৰীয় চৰকাৰে অসম আৰু পূব পাকিস্তানৰ সীমা সুৰক্ষিত কৰিবলৈ কোনো ব্যৱস্থাই লোৱা নাছিল৷ এই দিশত কেন্দ্ৰীয় চৰকাৰৰ চৰম অৱহেলা চৰকাৰী প্ৰতিবেদনবোৰতে লিপিবদ্ধ হৈ আছে৷ একে সময়তে শাসনত থকা অসমৰ কংগ্ৰেছ চৰকাৰবোৰেও দায়িত্ব পালন কৰা নাছিল৷ পূব পাকিস্তানৰ অবৈধ প্ৰব্ৰজনে অসমীয়া মানুহৰ পৰিচয় কেনেকৈ সলনি কৰিব সেই কথা কংগ্ৰেছৰ নেতাসমূহে উপলব্ধি কৰিব পৰা নাছিল৷ এই বিষয়ে কোনো অজুহাত বুৰঞ্জীয়ে মানি নলয়৷

ৰক্ষাকৱচ কমিটীখনে অসম বিধান সভাত অসমীয়া মানুহৰ বাবে ৮০ শতাংশ আসন সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছিল৷ হয়তো ওপৰত উল্লেখ কৰা (ক) আৰু (খ) শ্ৰেণীৰ বাবে ২০ শতাংশ মুকলি কৰি ৰখা হৈছে। বিধান সভাৰ দৰে স্থানীয় নিকায়সমূহতো অসমীয়া মানুহৰ বাবে একে পৰিমাণৰ সংৰক্ষণ ব্যৱস্থা নাথাকিলে ৰক্ষাকৱচৰ অৰ্থটো অসম্পূৰ্ণ হৈ ৰ’ব৷ অৱশ্যে স্থানীয় নিকায়সমূহে ষষ্ঠ অনুসূচীৰ পৰিষদসমূহক সামৰি লোৱা নাই৷

কমিটীয়ে একে সময়তে লিপিবদ্ধ কৰিছে যে ছাত্ৰ সন্থাই বিধান সভাত অসমীয়া মানুহৰ বাবে ১০০ শতাংশ আসন সংৰক্ষণৰ দাবী উত্থাপন কৰিছে৷

এই পৰামৰ্শ কাৰ্য্যকৰী কৰিবলৈ কোনবোৰ আইনগত ব্যৱস্থা ল’ব লাগিব সেই বিষয়েও প্ৰতিবেদনখনত উল্লেখ কৰা আছে৷ অসমৰ বিধান সভা আৰু লোক সভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কাম বৰ্তমান স্থগিত হৈ আছে৷ এই স্থগিতকৰণ প্ৰত্যাহাৰ কৰি নিৰ্বাচন আয়োগে সীমা নিৰ্ধাৰণৰ পথ সুগম কৰিব লাগিব৷ সীমা নিৰ্ধাৰণৰ সময়ত অসমীয়া মানুহৰ স্বাৰ্থ যাতে বিঘ্নিত নহয় সেই দিশত মনোনিৱেশ কৰিব লাগিব৷

আসন সংৰক্ষণৰ বিষয়টো আলোচনা কৰোঁতে ৰক্ষাকৱচ কমিটীয়ে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ আৰু বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ লগত স্বাক্ষৰিত সকলো চুক্তি পালন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ এনে কৰোঁতে অঞ্চলবোৰত বাস কৰা খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ আৰু প্ৰদত্ত সুবিধা সুৰক্ষিত কৰিবলৈকো পৰামৰ্শ আগবঢ়ায়৷

সেইদৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, টিৱা স্বায়ত্তশাসিত পৰিষদ, মিছিং স্বায়ত্তশাসিত পৰিষদ, দেউৰী স্বায়ত্তশাসিত পৰিষদ, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক সম্পূৰ্ণৰূপে কাৰ্য্যকৰী ৰূপ দিবলৈ পৰামৰ্শ দিছে৷ ইয়াৰ বাবে পৰিষদসমূহক উপযুক্ত বিত্তীয় আৰু প্ৰশাসনীয় সমৰ্থন ৰাজ্য চৰকাৰে আগবঢ়োৱা উচিত৷

অসম আন্দোলনৰ সময়ৰ পৰাই অসমত এখন উচ্চ সদন গঠনৰ দাবী উত্থাপিত হৈ আহিছে৷ অসম ভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাজ্য৷ সকলো জনগোষ্ঠী নিজা নিজা ভাষা-সংস্কৃতিৰে পৰিপুষ্ট৷ কিন্তু সকলো জনগোষ্ঠীৰ প্ৰতিনিধিয়ে বিধান সভাত নিজৰ আশা -আকাঙ্খা উত্থাপিত কৰিবলৈ সুযোগ-সুবিধা নাপায়৷

সেই উদ্দেশ্য আগত ৰাখিয়েই অসমৰ খিলঞ্জীয়া মানুহে দীঘলীয়া সময়ৰ বাবে এখন উচ্চ সদন গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়াই আহিছে৷ ৰক্ষাকৱচ কমিটীয়ে অসমৰ খিলঞ্জীয়া মানুহৰ অনুভূতিৰ প্ৰতি সন্মান জনাই উচ্চ সদন গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷

বহুতো কথা ৰাজ্য চৰকাৰে নিজৰ ফালৰ পৰা কৰিব পাৰে৷ অথচ কোনো কামতে হাত দিয়া হোৱা নাই৷ ইয়াৰ মূলতে আছে যে কেন্দ্ৰীয় চৰকাৰে অসমীয়া মানুহৰ সংজ্ঞাটোকে গ্ৰহণ কৰা নাই৷ আৰু এই সংজ্ঞাটোৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰক্ষাকৱচ কমিটীৰ প্ৰতিবেদনখনেই হাতত তুলি লোৱা নাই৷ ৰাজ্য চৰকাৰে প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিবলৈ কোনো প্ৰচেষ্টাও চলোৱা নাই৷

এইখিনিতে উল্লেখ কৰি থোৱা উচিত হ’ব যে কা-আন্দোলনৰ সময়ত অসমীয়া মানুহক তোষামোদ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে দাড়ি-ক’মা সলনি নকৰাকৈ ৰক্ষাকৱচ কমিটীৰ প্ৰতিবেদন গ্ৰহণ কৰা হ’ব বুলি সংসদত স্বভাৱসুলভ দাম্ভিক মন্তব্য আগবঢ়াইছিল৷ সেয়া এতিয়া অতীতৰ অতল গৰ্ভত৷ অসমীয়া মানুহৰ সংজ্ঞা কেন্দ্ৰীয় চৰকাৰে মানি লোৱাৰ লগে লগে ইয়াৰ লগত জড়িত আইনগত ব্যৱস্থাৱলীও কেন্দ্ৰীয় চৰকাৰে হাতত লোৱাৰ বাট প্ৰশস্ত হ’ব৷

বিধান সভাত অসমৰ মানুহৰ বাবে ৮০ শতাংশ আসন কেনেদৰে সম্ভৱপৰ বুলিও এচামে প্ৰশ্ন তোলে৷ এই কথা পাহৰি যোৱা হয় যে অসমে অবৈধ প্ৰব্ৰজনকাৰীৰ বোজা যিদৰে ল’ব লগা হৈছিল, আন কোনো ৰাজ্যলৈ তেনে দুৰ্য্যোগ চৰকাৰৰ অদক্ষতাৰ বাবে নামি অহা নাছিল৷ অসম চুক্তি এখন বিশেষ চুক্তি ৷ সংসদত উত্থাপিত এখন চুক্তি৷

সেইবাবেই অসমৰ কাৰণে ৰক্ষাকৱচৰ বিশেষ ব্যৱস্থা ল’লে আইনৰ ফালৰ পৰা কোনো বাধা থাকিব নোৱাৰে৷ কোনখন আইন কেনেকৈ সংশোধন কৰিব লাগিব তাকো কোৱা হৈছে। শাসনাধিষ্ঠ বিজেপি দলৰ সংখ্যাগৰিষ্ঠতা সংসদত আছে৷ ইচ্ছা কৰিলেই পৰামৰ্শৱলী ৰূপায়ণৰ কামত আগবাঢ়িব পাৰে৷ ৰাজনৈতিক ইচ্ছা নাই বাবেহে পৰামৰ্শৱলী ফাইলতে পৰি আছে৷ হিন্দু বাংলাদেশীৰ চিন্তাই বিজেপি চৰকাৰ দুখনক ৰাজনৈতিকভাৱে মোহাচ্ছন্ন কৰি ৰাখিছে৷৷

[আগলৈ...]