অসমীয়া গামোচাৰ আনুষ্ঠানিক স্বীকৃতি আৰু কিছু কথা


Image Description

জাতীয় জীৱনৰ অন্যতম প্ৰতীক, স্বকীয় সত্তাৰে উদ্ভাসিত অসমৰ গামোচাই কিছুদিন পূৰ্বে ভাৰত চৰকাৰৰ ভৌগলিক পৰিচয় সূচাংক ( GI Tag - Geographical Identification ) ৰ দৰে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

এগৰাকী অসমীয়া হিচাপে বা এজন অসমবাসী হিচাপে এয়া আমাৰ বাবে এক অত্যন্ত গৌৰৱৰ কথা। ইয়াৰ জৰিয়তে অসমৰ গামোচাখন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰিসৰত এক নিজা, স্বকীয় পৰিচয়েৰে চিহ্নিত হ’ব।

অসমীয়াৰ পৰিচয় তথা গৌৰৱ গামোচাখনৰ বিষয়ে বিশেষ বহলাই কোৱাটো নিষ্প্ৰয়োজন ৷ স্বয়ংসম্পূৰ্ণ গৰিমাৰে এইখনি বস্ত্ৰই জাতীয় সমাজ জীৱনক সৰ্বদায় সমৃদ্ধ কৰি আহিছে। তথাপি গামোচাখনৰ প্ৰকৃত মৰ্য্যাদা আমি স্থানীয়চামেই ক’ৰবাত নহয় ক’ৰবাত হীন-ডেঢ়ি ঘটাইছোঁ যেন অনুভৱ হয়।

বিভিন্ন সময়ত গামোচাখনৰ অবিবেচক ব্যৱহাৰক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হোৱাটো আমি দেখি আহিছোঁ। কেতিয়াবা যদি কোনোবা বলিউডী অভিনেত্ৰীৰ ছবি অংকন কৰা হৈছে, কেতিয়াবা আকৌ গামোচা পাৰি তাতে যোগাভ্যাস কৰাও দেখা গৈছে। কোনোবাই আকৌ গামোচাখনকে শোৱাপাটী যদি কৰিছে, কাৰোবাৰ বাবে আকৌ গামোচাখন হৈ পৰিছে তেনেই সাধাৰণ আহিলাস্বৰূপ ৷

মুঠতে আপোন সমাজতেই জাতীয় বস্ত্ৰখনিৰ বহু সময়ত মৰ্য্যাদা হানি হৈছে ৷ তাৰবাবে জানো দায়ী আমিয়েই নহয়!

ৰাইজৰ স্বীকৃতিয়ে নিজৰ স্বাভিমানী চিন্তাৰে এইখনি জাতীয় সম্পদৰ মান আমিয়েই ৰক্ষা কৰিব লাগিব ৷ সেয়া আমাৰ কৰ্তব্য তথা দায়িত্ব।

অন্য এক প্ৰসংগলৈ আহোঁ। অসম বুলিলে বিভিন্ন জাতি-জনগোষ্ঠীৰ দেশ বুলি সূচায়। গতিকে গামোচাখনৰ ক্ষেত্ৰতো এই প্ৰসংগ খাটে ৷ যেনে, বড়ো সমাজত গামোচাখনক গাম্-চা ( Gamsa), তিৱা সমাজত ফালি( Phali ), ডিমাচাসকলে ৰিচাহ ( Risah), টাই ভাষাত ফা-চীত ( Pha-sit) ইত্যাদি হিচাপে জনা যায় ৷ অৰ্থাৎ ভৌগলিক পৰিচয়কৰণৰ স্বীকৃতিৰ ক্ষেত্ৰত সকলো জনগোষ্ঠীয় অংগবস্ত্ৰবিধ অন্তৰ্ভুক্ত হোৱাৰ থল নথকা নহয়।

কেৱল অসমীয়াৰ গামোচাখনৰহে যে মান আছে বা আন থলুৱা জনগোষ্ঠীসকলৰ যে গামোচাখনৰ মান বা ৰাষ্ট্ৰীয় স্তৰত স্বীকৃতি পোৱাৰ যোগ্যতা নাই তেনে বুলি কোনো কথা নাই ৷ হয়, তাৰবাবে পৰ্য্যায়ক্ৰমে প্ৰচেষ্টাৰ কথা কৰিব লাগিব। খিলঞ্জীয়াৰ অস্তিত্ব বহন কৰা এইবিধ সম্পদৰ মান চৰকাৰে সকলো দিশৰ পৰাই সমভাৱাপন্নকৈ বিবেচনা কৰাটো উচিত বুলি ভাবোঁ।এইক্ষেত্ৰত আমাৰো কৰণীয় বহু আছে।

কেৱল কান্ধত গামোচাখন পিন্ধিলেই আমাৰ দায়িত্ব শেষ হৈ নাযায় ৷ এই ক্ষেত্ৰত অসমীয়া গামোচাখনৰ স্বীকৃতিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে যি প্ৰচেষ্টা-পদক্ষেপ গ্ৰহণ কৰি আহিল বা আহিছে সেয়া অতিশয় প্ৰশংসনীয় তথা অসমীয়া সমাজ তাৰবাবে কৃতজ্ঞ।তথাপি সাতভনীৰ মাজৰ বৰভনী “অসমী”-ৰ বুকুত বাস কৰা অভিজাত জনগোষ্ঠীয় অনন্য পৰিচয়ৰ বাহকস্বৰূপ তেখেতসকলৰ “গামোচা”খনিয়েও ৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় স্তৰত স্বীকৃতি পাওক, চৰকাৰৰ দৃষ্টি তাতো পৰক। তাকে কামনা কৰোঁ।।