উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন


Image Description

দেশৰ উচ্চতম ন্যায়ালয়ে এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত অতি তাৎপৰ্য্যপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে৷

দেশৰ প্ৰধান মন্ত্ৰীয়ে নিযুক্তি দিয়া এজন বিষয়াই প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে প্ৰয়োজন হ’লে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰিব নে নকৰে?

দেশৰ গণতান্ত্ৰিক কাঠামো সুদৃঢ় আৰু সুৰক্ষিত কৰিবলৈ নিৰ্বাচন আয়োগৰ ভূমিকাৰ গুৰুত্ব অপৰিসীম৷ যোৱা প্ৰায় দুটা দশকত দেশৰ নিৰ্বাচন আয়োগক কংগ্ৰেছ আৰু বিজেপি উভয় দলে অপব্যৱহাৰ কৰি আহিছে বুলি সন্দেহ ব্যক্ত কৰিছে৷ দুয়োখন চৰকাৰে মুখ্য নিৰ্বাচন আয়ুক্তক সঘনে সলনি কৰি আহিছে৷

কোনো এটা বিধি ব্যৱস্থাৰ মাজেৰে নোযোৱাকৈ মুখ্য নিৰ্বাচন আয়ুক্তক নিৰ্বাচন কৰি আহিছে৷ নিজৰ পছন্দৰ জ্যেষ্ঠ আৰু অৱসৰী আইএএছ বিষয়াক মুখ্য নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত আৰু আন সদস্যক নিযুক্তি দি আহিছে৷ মূলতঃ প্ৰধান মন্ত্ৰীৰ ইচ্ছা অনুসৰি দায়িত্ব অৰ্পণ কৰা হয়৷

এই প্ৰসঙ্গতে উচ্চতম ন্যায়ালয়ে প্ৰশ্ন তুলিছে যে প্ৰধান মন্ত্ৰীয়ে নিযুক্তি দিয়া মুখ্য নিৰ্বাচন আয়ুক্ত এগৰাকীয়ে প্ৰয়োজন হ’লে আৰু পৰিস্থিতিয়ে বিচাৰিলে প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা ল’বলৈ সাহস কৰিবনে? চৰকাৰী পক্ষৰ পৰা এই প্ৰশ্নটো কোনো পোনপটীয়া উত্তৰ দিয়া হোৱা নাই৷

উল্লেখযোগ্য যে অলপতে আয়োগৰ এগৰাকী সদস্যক প্ৰায় ২৪ ঘণ্টাৰ ভিতৰতে বাছনি কৰি, প্ৰধান মন্ত্ৰীয়ে অনুমোদন দি নিযুক্তি দিয়া হৈছে৷ উচ্ছতম ন্যায়ালয়ে এনে তড়িৎ গতিৰে নিযুক্তি দিয়া কাৰ্য্যত তবাধ মানিছে৷ আৰু চৰকাৰৰ কোনো বিধি ব্যৱস্থাৰ প্ৰতি দায়বদ্ধতাহীন আঙুলিয়াই দিছে৷

উচ্চতম ন্যায়ালয়ে এটা নিৰ্দিষ্ট পদ্ধতিৰে গোটেই কাৰ্য্যকালৰ বাবে নিৰ্বাচন আয়োগৰ সকলো সদস্যকে নিযুক্তি দিয়াৰ সপক্ষে মত প্ৰকাশ কৰিছে৷ এই বিষয়ত সকলো পক্ষৰ মতামত বিচাৰিছে৷ আমিও বিচাৰোঁ যে অতি নিৰপেক্ষভাৱে আৰু কটকটীয়া নিৰীক্ষণ আৰু পুনৰীক্ষণৰ জৰিয়তে নিৰ্বাচন আয়োগৰ সকলো সদস্য নিযুক্ত হোৱা উচিত যাতে প্ৰয়োজন হ’লে প্ৰধান মন্ত্ৰীকো বিচাৰৰ কাঠগোৰাত তুলিব পাৰে৷৷