মানুহৰ বাবে ঔষধ নে ঔষধৰ বাবে মানুহ


Image Description

বিষয়টো খুবেই চিন্তনীয়। ঔষধ আজি মানুহৰ বাবে হৈ থকা নাই, বৰঞ্চ ঔষধৰ কাৰণহে মানুহ বাচি থাকিবলগীয়া হৈছে যেন লাগে।

ৰোগীয়ে চিকিৎসকে লিখি দিয়া ঔষধৰ সকলো ক্ৰয় কৰিব নোৱাৰে। দুই-এটা ঔষধ কিনি সন্তুষ্টি লভিবলগীয়া হয়। ফলত অসুখ সম্পূৰ্ণ ভাল নহয়।

চৰকাৰৰ ঔষধৰ মূল্য নিৰ্দ্ধাৰণ কৰা সমিতিয়ে যুক্তি দৰ্শোৱা মতে ক'ভিড মহামাৰীৰ সময়ত বিদেশৰ পৰা আনিবলগীয়া কেঁচামাল অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হোৱাত আৰু ঔষধ পেকেট কৰা প্লাষ্টিক বা অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত ঔষধ মূল্যবৃদ্ধি কৰিবলগীয়া হয়।

এইটো চৰকাৰী কৰ্তৃপক্ষৰ সহজে দায় সৰা মন্তব্য। কেতিয়াবা ক'ভিড, কেতিয়াবা ইউক্ৰেইন যুদ্ধ, কেতিয়াবা কেঁচাসামগ্ৰীৰ মূল্যবৃদ্ধি ইত্যাদি যুক্তিৰে সাধাৰণ শ্ৰেণীৰ মানুহক মাধমাৰ সোধাইছে। ইয়াৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় নাই।

একমাত্ৰ উপায় এটাই: ডাক্তৰক ঔষধৰ জেনেৰিক নাম লিখিবলৈ বাধ্য কৰোৱা। চৰকাৰে মাজে মাজে অধিসূচনা জাৰি কৰি ডাক্তৰক জেনেৰিক নাম লিখিবলৈ কয় যদিও এই ক্ষেত্ৰত চৰকাৰে অলপো কঠোৰ ব্যৱস্থা লোৱা দেখা নগ'ল।

'Down to Earth' নামৰ বহু প্ৰচলিত আলোচনীৰ এক সমীক্ষা মতে স্বাস্থ্য বিভাগক পৰ্য্যাপ্ত পৰিমাণৰ ধন আৱণ্টন নিদিয়াৰ বাবে ৭ শতাংশ মানুহ দৰিদ্ৰ সীমাৰেখাৰ তললৈ নামিছে আৰু প্ৰায় ২৩ শতাংশ লোকে ঔষধ-পাতি কিনিব নোৱাৰি এক কষ্টকৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।

'নেশ্বনেল হেলথ প্ৰ'ফাইল'ৰ ২০১৮ চনৰ সমীক্ষা মতে স্বাস্থ্য সেৱাৰ কাৰণে কম ধন আৱণ্টন দিয়া দেশৰ ভিতৰত ভাৰতবৰ্ষ অন্যতম।

ভাৰতৰ বজাৰত বিভিন্ন ব্ৰেণ্ডৰ যি ঔষধ প্ৰচলিত হৈ আছে তাৰ সংখ্যা প্ৰায় ৪৫,০০০তকৈও অধিক হয়। অথচ ভাৰতৰ মানুহে সাধাৰণতে যিবিলাক ৰোগতক ভোগে সেই ৰোগবোৰক ভালকৈ অধ্যয়ন কৰি চালে দেখা য়ায় এইবোৰ ৰোগ প্ৰতিকাৰৰ কাৰণে প্ৰয়োজন হয় মুঠেই ১১৭ বিধ ঔষধ।

এই তথ্য হাথী কমিটিয়ে ১৯৭৪ চনত দিয়া প্ৰতিবেদনত উল্লেখ আছে। (জয়চুখলাল হাথী আছিল ঔষধ অনুসন্ধান সমিতিৰ অধ্যক্ষ, ভাৰত চৰকাৰ)। আমাৰ দেশত এনে কিছুমান ঔষধ তৈয়াৰী আৰু বিক্ৰী হয় যিবোৰ ঔষধ পৃথিৱীৰ বহু দেশে ক্ষতিকাৰক বুলি বন্ধ কৰি দিছে। এই বিষয়ে ডাক্তৰৰ সীমিত জ্ঞানে ঢুকি নাপাব পাৰে।

'ফাৰ্মাক'পিয়া'ত এনে ধৰণৰ বহুতো ন ন তথ্য সন্নিবিষ্ট হৈ থাকে। এই মূল্যবান গ্ৰন্থখনো হয়তো সময় মতে নোলায়। গতিকে চিকিৎসকৰ জ্ঞান সমযোপযোগী কৰি তুলিবলৈ কোনো ধৰণৰ বিশেষ ব্যৱস্থা নাথাকে। ঔষধৰ ব্যৱহাৰ সম্বন্ধে ডাক্তৰক বৈজ্ঞানিক মনোভাৱ গঢ়ি নুঠাৰ কেইবাটাও কাৰণ আছে। যেনে, আমাৰ দেশত ডিগ্ৰী পোৱাৰ পিছত ডাক্তৰক চিকিৎসা বিজ্ঞানৰ তথ্যৰ যোগান ধৰি সময়োপযোগী কৰি তোলাৰ বাবে কোনো সুবিধা নাই।

ডাক্তৰ হৈ কামত যোগ দিয়াৰ পিছতো হয়তো বহুতো ন ন ঔষধ আৱিষ্কাৰ হৈছে—কিন্তু সেইবোৰ জনাৰ কোনো সুবিধা নাই। পশ্চিমীয়া দেশবোৰত চিকিৎসকৰ বাবে নিয়মীয়া প্ৰশিক্ষণ বা কৰ্মশালাৰ ব্যৱস্থা আছে। আমাৰ দেশত এই সুবিধাবোৰ নথকাৰ ফলত চিকিৎসক সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হ’বলগীয়া হয় ক'ম্পেনীৰ প্ৰচাৰপত্ৰিকাৰ ওপৰত, ক'ম্পেনীয়ে নিয়োগ কৰা প্ৰতিনিধিত্বকাৰীৰ ওপৰত।

চিকিৎসকক নানা ধৰণৰ মূল্যৱান উপঢৌকন, যেনে, ফ্ৰিজ, ওভেন, ৱাচিং মেচিন, ইত্যাদি আৰু মাজে সময়ে বিদেশ ভ্ৰমণ কৰোৱাই নিজৰ ক'ম্পেনীৰ ঔষধ লিখিবলৈ অনুৰোধ কৰা হয়। সেই সময়ত ঔষধৰ গুণাগুণৰ মানদণ্ড গৌণ হৈ পৰে। এইদৰে চলিছে আমাৰ দেশৰ চিকিৎসা ব্যৱস্থা।।

(অহা সংখ্যাত সমাপ্ত)