ভয়ঙ্কৰ ষড়যন্ত্ৰ
- নিজা প্ৰতিবেদক
- /
- June 26, 2022

অসমত এবিধ নতুন সেনা সক্ৰিয় হৈ আছে৷
সেনাবিধৰ নাম বঙ্গ সেনা৷
সেনাবিধৰ কাম কি সেই লৈ বহুত জল্পনা-কল্পনা চলিছে৷ সেনাবিধে নিজৰ সদস্যক পৰিচয় পত্ৰ দিয়ে৷ আৰু পৰিচয় পত্ৰটোত ‘ৰাষ্ট্ৰীয় সেনা’ বুলি উল্লেখ কৰা আছে৷
আমি এজন ব্যক্তিৰ এখন পৰিচয় পত্ৰ ইয়াৰ লগতে গাঁঠি দিছোঁ৷
আমি অনুসন্ধান কৰি জানিব পৰা গ’ল যে বঙ্গ সেনাৰ শাখা-প্ৰশাখা অসমৰ বহু ঠাইত আছে৷
এটা গণতান্ত্ৰিক অনুষ্ঠান হ’লে ক’বলগীয়া একো নাই৷ বঙ্গ সেনাই নিজৰ সকলো পৰিচয় ৰাইজৰ আগত দাঙি ধৰা ভাল৷
এইটো নিসন্দেহে ক'ব পাৰি যে বঙ্গ সেনাৰ ৰাজনৈতিক অভিপ্ৰায় আছে৷ কাৰ্বি আংলঙৰ যোৱা নিৰ্বাচনৰ সময়ত বঙ্গ সেনাই সক্ৰিয় ভূূমিকা লৈছে৷
অনুসন্ধান কৰি এইটোও জানিব পৰা হ’ল যে বঙ্গ সেনাই বিভিন্ন ৰাজনৈতিক দলত প্ৰৱেশ কৰে আৰু ৰাজনৈতিক মাধ্যমৰ জৰিয়তে নিজৰ উদ্দেশ্য আগবঢাই নিয়ে৷
বঙ্গ সেনাৰ বিষয়ে অসমৰ আৰক্ষী অৱগত৷ সেই বিষয়েও কোনো সন্দেহ নাই৷ বঙ্গ সেনাই আন ভাষীৰ লোক সদস্য হিচাবে লয় যদিও এইটো মূলতঃ বঙ্গভাষী মানুহৰ এটা অনুষ্ঠান৷
আমাৰ শংকা যে অনুষ্ঠানটো কি উদ্দেশ্য লৈ গঠন হৈছিল? আমি জানিব বিচাৰো সংগঠনটোৰ কেতিয়া আৰম্ভ হৈছিল?
সংগঠনটোৰ মুখ্য কাৰ্য্যালয় ক’ত আৰু ইয়াৰ মূল নেতাজন কোন?
অসমৰ বিভিন্ন ঠাইত অসমৰ স্বাৰ্থৰ বিৰুদ্ধে যিবোৰ ঘটনা অনুষ্ঠিত হৈছিল সেইবোৰত বঙ্গ সেনা জড়িত আছে নেকি জনসাধাৰণে জনাৰ অধিকাৰ আছে৷
বঙ্গ সেনাই যিখন প্ৰমাণ পত্ৰ দিয়ে সেইখনত 'বঙ্গভূমিৰ চৰকাৰ' বুলি লিখা আছে৷ এই চৰকাৰখনৰ কৰ্মক্ষেত্ৰ কোনখন? আৰু অসমৰ কোনখন ঠাইত এই চৰকাৰখনে কাম কৰি আছে জনসাধাৰণে সেই বিষয়ে জনাবলৈ অসম আৰক্ষীক আহবান জনাইছে৷
এই কথাটো সহজে অসম আৰক্ষীয়ে লোৱা উচিত নহয় বুলি আমি বিবেচনা কৰোঁ৷ জনসাধাৰণ এই বিষয়ে সচেতন হৈ থকা উচিত।।