ৰবীন্দ্ৰ নাথ ঠাকুৰৰ চৰ্ত
- নিজা প্ৰতিবেদক
- /
- August 15th, 2022

এসময়ত শ্যামাপ্ৰসাদ মুখাৰ্জী কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আছিল৷ উপাচাৰ্য্যই ৰবীন্দ্ৰ নাথ ঠাকুৰক বাৰ্ষিক সমাৱৰ্তনত ভাষণ দিবলৈ অনুৰোধ কৰিছিল৷ উপাচাৰ্য্যই অনুৰোধ পোৱাৰ পিছত ৰবীন্দ্ৰ নাথ ঠাকুৰে সন্মতি দিবলৈ এটা চৰ্ত আৰোপ কৰে৷ চৰ্তটো অসমৰ আজিৰ পৰিস্থিতিত বাৰুকৈয়ে প্ৰযোজ্য৷ যি সময়ত ৰাজ্যিক বিজেপি চৰকাৰে অসমীয়া ভাষাক বাৰেপতি অসন্মান কৰি আহিছে, সেই প্ৰসঙ্গত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দৃষ্টিভঙ্গী আমাৰ অসমৰ শাসকসকলে জানি থ’লে সকলোৰে উপকাৰ হ’ব পাৰে৷
১৪ নভেম্বৰ ১৯৩৬
মোৰ মৰমৰ শ্যামাপ্ৰসাদ,
বিশ্ববিদ্যালয়ৰ সমাবৰ্তন উৎসৱত মোক বক্তৃতা দিবলৈ পুনৰবাৰ কৰা আপোনাৰ চিন্তাৰ মই বাৰুকৈয়ে শলাগ লৈছোঁ৷ মই অনুভৱ কৰিছোঁ এইবাৰ মই তোমাৰ অনুৰোধ প্ৰত্যাখান কৰিব নোৱাৰোঁ৷ কিন্তু বিশেষ এটা চৰ্ততহে মই এই সন্মানক আদৰি ল’ম৷
আপুনি জানে– মোৰ জীৱনৰ প্ৰধান আকাংক্ষা হ’ল আমাৰ ভাষাই গজগজীয়াকৈ স্থিতি পাওক আৰু শেষত বিশ্ববিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাবে প্ৰতিস্থা হওক, যিটো আন্দোলন আপোনাৰ মহান পিতাই আৰম্ভ কৰি গৈছিল আৰু সম্ভৱতঃ সেই মহান কৰ্ম সম্পূৰ্ণ কৰাৰ দায়িত্ব আপোনাকে দিব৷
আপুনি পৰম্পৰা ভাঙি মোৰ দৰে এজন বহিৰাগতক সমাবৰ্তনত বক্তৃতা দিবলৈ মাতিছে৷ আপুনি লগতে আন এটা পৰম্পৰাও ভাঙিব লাগিব আৰু মোক বক্তৃতা বাংলা ভাষাত দিবলৈ দিব লাগিব৷
যদি বিশ্ববিদ্যালয়ে ইয়াৰ প্ৰতি সন্মতি জনায় মই বহু আনন্দেৰে দায়িত্বটো ল’ম যদিও চুক্তিটো [বন্দবস্ত] বৈশিষ্ট্যহীন আৰু দৈহিকভাৱে কষ্টকাৰক হ’ব৷
স্নেহেৰে আপোনাৰ,
ৰবীন্দ্ৰ নাথ ঠাকুৰ
শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে চৰ্তটো মানিলে। ন'বেল বঁটা বিজয়ী ৰবীন্দ্ৰ নাথ ঠাকুৰে বক্তব্য বাংলা ভাষাতে দিলে।।