হৰি নামৰ মাহাত্ম্য আৰু ভাদ মাহ


Image Description

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ধুৱাহাটাৰ বেলগুৰি থানত বসবাস কৰাৰ সময়ৰ কথা। তাত গুৰুজনাৰ সৈতে নাম-কীৰ্ত্তন কৰিবলৈ অনেক ভকত-ভকতনী আহিছিল। তাৰ মাজৰ দুগৰাকী বৃদ্ধাক এদিন বাটত গুৰুজনাৰ বংশৰে হাথিয়া দলৈ নামৰ দুষ্ট মানুহ এজনে আগছি ধৰিলে। তেওঁলোক ক'লৈ যায় সোধাত বুঢ়ী দুগৰাকীয়ে ক’লে যে তেওঁলোকে শ্রীমন্ত শঙ্কৰদেৱৰ সৈতে নাম-কীৰ্ত্তন গাবলৈ যায়। হাথিয়াই তেওঁলোকক তাচ্ছিল্যৰ সুৰত সুধিলে বোলে হৰিনামতনো কিডাল আছে।

ভকতনী দুগৰাকীয়ে হাথিয়াক এৰাই আপোন বাট ল’বলৈ চেষ্টা কৰিলে যদিও হাথিয়াই কোনোপধ্যে তেওঁলোকক বাট এৰি নিদিলে। সি ওচৰতে পৰি থকা মৰা গৰু এটা দেখুৱাই বুঢ়ী দুগৰাকীক ক’লে যে তেওঁলোকে হৰি নাম গাই সেই গৰুটো জীয়াই তুলিব লাগে, তেতিয়াহে সি হৰিনামৰ মাহাত্ম্য মানি ল’ব। বৃদ্ধা দুগৰাকীয়ে সেই কথা আওকাণ কৰি পুনৰ বাট বুলিবলৈ চেষ্টা কৰিলে, কিন্তু হাথিয়া নাচোৰবান্দা। সি ভাবুকি দিলে যে তাৰ কথা নুশুনিলে সি দুয়োকে প্রাণে মাৰিব।

অগত্যা ভকতনী দুগৰাকীয়ে মৰা গৰুটোৰ দুফালে বহি লৈ গুৰুজনাক চিন্তি ঈশ্বৰৰ নাম ল’বলৈ ধৰিলে। তেওঁলোকৰ কাতৰ প্ৰাৰ্থনাত সঁচাকৈয়ে কিছুপৰ পিছত গৰুটো জী উঠিল আৰু ঘাঁহ-বন খাই মল-মূত্ৰ ত্যাগ কৰিলে। তাৰ পাছত গৰুটো পুনৰ আগৰ দৰে পৰি মৰি থাকিল।

হাথিয়া দলৈ বিস্ময়ত অভিভূত হ'ল। সি ভকতনী দুগৰাকীৰ আগত একশৰণ হৰিনামৰ মহিমা স্বীকাৰ কৰিলে। 'যা যা, নামো সত্য, ধর্মো সত্য। তহঁতো সত্য, যাহঁক।'সেইবুলি সি বৃদ্ধা দুগৰাকীক যাবলৈ অনুমতি দিলে।

বৃদ্ধা দুগৰাকী গৈ গুৰুজনাৰ থানত উপস্থিত হ’ল। গুৰুজনাই আই দুগৰাকীক তেওঁলোকৰ পলম হোৱাৰ কাৰণ সুধিলে। তেওঁলোকে হাথিয়া দলৈৰ উপদ্ৰৱৰ কথা তেৰাৰ আগত বিৱৰি ক’লে। লগতে হৰিনামৰ অলৌকিক মহিমাৰ কথাও ক'লে।

পিচে গুৰুজনাই এই কথাত আনন্দ পাওক চাৰি অতি বেজাৰহে পালে। কাৰণ তেৰাৰ বাবে হৰি নাম হৈছে সংসাৰৰ বান্ধোনৰ পৰা আধ্যাত্মিক মুক্তি লাভৰহে এক উপায়। তাক ক্ষুদ্ৰ জাগতিক স্বাৰ্থত ব্যৱহাৰ কৰাতো তেৰাৰ বাবে মুঠেও গ্ৰহণযোগ্য নহয়।

গুৰুজনাই ভকতনী দুগৰাকীক ক'লে যে তেওঁলোকে ঈশ্বৰৰ নামক মন্ত্ৰৰূপে ব্যৱহাৰ কৰাত তেৰাই বৰ দুখ পাইছে। এইবুলি কৈ গুৰুজনাই বহাৰপৰা উঠি গৈ নিজকে শুচি কৰিবলৈ স্নান পৰ্য্যন্ত কৰিলে।

চৰিত পুথিত উল্লেখ থকা এই আখ্যানটোৰ পৰা একশৰণ নাম-ধৰ্মৰ এক প্ৰধান বৈশিষ্ট্য চকুত লগাকৈ ওলাই পৰে। সেয়া হৈছে হৰিনামৰ আধ্যত্মিক গুৰুত্ব। গুৰুজনাই কৈ গৈছে যে হৰিক স্মৰণ কৰিবলৈ বেলেগকৈ স্থান বা কাল নালাগে, যি কোনো সময়তে হৰিৰ নাম লৈ পাপ-সাগৰৰ পৰা তৰিব পাৰি। কীৰ্তন ঘোষাৰ অজামিল উপাখ্যানত মহাপাপী অজামিলে মৰণৰ আগত ভুলক্ৰমে নাৰায়ণৰ নাম লৈ সংসাৰ বান্ধোনৰ পৰা মুক্তি লভিছে। সেইদৰে কীৰ্তনৰ গজেন্দ্ৰ উপাখ্যানত গজেন্দ্ৰ নামৰ হাতীটোৱে হৰিক স্মৰণ কৰিয়েই গ্ৰাহৰ গৰাহৰ পৰা মুক্তি পাইছে।

পিচে এই মুক্তি জীৱাত্মাৰ পৰম মুক্তি, তাত জীৱৰ ব্যক্তিগত ক্ষুদ্ৰস্বাৰ্থ পূৰণৰ কোনো উপায় নাই। অৰ্থাৎ, গুৰুজনাৰ নামধৰ্মত ভকতে চাকৰি এটা পাবলৈ বা পৰীক্ষাত ভাল নম্বৰ পাবলৈ হৰিনামৰ কোনো বিধান নাই। কোনোবাই সেই উদ্দেশ্য হৰিনামৰ ব্যৱহাৰ কৰিলেও সেয়া হৰিনামৰ অপপ্ৰয়োগহে।

এয়া হৈছে হৰিনামৰ একান্ত ব্যক্তিগত দিশ। কিন্তু নৱবৈষ্ণৱ নামধৰ্মৰ এক শক্তিশালী সামাজিক দিশো আছে। সেই দিশটো দেখা যায় নামঘৰত হোৱা দৈনিক চৌধপ্ৰসংগত অথবা ভাদমহীয়া পালনামসমূহত। এনে নাম-প্ৰসংগত সমাজৰ সকলোৱে একেলগ হৈ নামঘৰলৈ যোৱা, একেখন মজিয়াত বহি নাম-কীৰ্তন কৰা, নামৰ শেষত প্ৰসাদ গ্ৰহণ কৰি সকলোৱে আকৌ ঘৰা-ঘৰি যোৱা — এই সকলোবোৰে অসমীয়া সমাজৰ ঐক্য, সম্প্ৰীতি আৰু আধ্যাত্মিকতাৰ এখন সুন্দৰ ছবি দাঙি ধৰে। লগতে এই কাৰ্য্যসমূহে ভকতসকলক গাইগোটাকৈ ঈশ্বৰ-ভক্তি কৰাৰ লগতে সমজুৱাভাৱে সকলোৰে সৈতে একমুঠ হৈ থকাৰো প্ৰেৰণা যাঁচে।

কৃষিজীৱি লোকসকলেও ভাদ মাহটোতে ৰোৱা-তোলা সামৰি আজৰি হৈ উঠে। সেইখিনি সময়ত ৰাজ্যখনৰ লোকসকলে বাৰিষাৰ ঢলৰ উপদ্ৰৱৰ পৰাও কিছু উপশম লাভ কৰে। ফলত নামঘৰৰ মজিয়া সকলো লোকৰ সমাগমেৰে মুখৰিত হৈ উঠে

পৱিত্ৰ ভাদ মাহতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু গুৰু দুজনাৰ তিথি উপলক্ষে আয়োজন কৰা নাম-প্ৰসংগসমূহে গোটেই ৰাজ্যখনতে এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে। এই নাম-কীৰ্তনত গাঁও-নগৰ সকলো ঠাইৰে পুৰুষ-মহিলা, উচ্চ-নীচ, জাত-পাত, ধনী-দুখীয়া নিৰ্বিশেষে সকলোৱে সমানে অংশগ্ৰহণ কৰি সমন্বয়ৰ এক দৃষ্টান্ত দাঙি ধৰে।

নাম প্ৰসঙ্গৰ এই সামাজিক দিশটোও আধ্যাত্মিক দিশৰ সমানে গুৰুত্ব পূৰ্ণ। এনে সমূহীয়া নাম প্ৰসংগই সামাজিক বান্ধোন দৃঢ় কৰে, মানুহৰ মনবোৰ নিকা কৰে, শৰীৰৰ অৱসাদ দূৰ কৰে। এইদৰে এই নাম-কীৰ্তনসমূহে ভক্তপ্ৰাণ ৰাইজক ব্যক্তিকেন্দ্ৰিক আধ্যাত্মিকতাৰ উৎকৰ্ষ সাধন কৰাৰ লগতে সমজুৱা আধ্যাত্মিকতা আৰু সম্প্ৰীতি সাধনৰ বাটো দেখুৱায়।।