বিদ্যালয়ৰ স্বীকৃতি বাতিল! কেৰোণ ক’ত?


Image Description

অসম মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ ছেবাই অসমৰ বিভিন্ন জিলাৰ মুঠ ১০৫খনকৈ বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে সৰ্বমুঠ ২৪৯খন বিদ্যালয়লৈ, বিদ্যালয়সমূহৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ৰমাগত দুৰ্বল প্ৰদৰ্শন সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছিল--- তাৰে ১৮৭ খন বিদ্যালয়ে তাৰ সঁহাৰি জনোৱাৰ বিপৰীতে ১০৭খন বিদ্যালয়ে কাৰণ দৰ্শোৱাৰ পৰা বিৰত থাকে।

১০৭খনৰ ভিতৰত দূখন বিদ্যালয়, ক্ৰমে নগাঁৱৰ শ্ৰীশ্ৰী ৰামানন্দ দেৱ ছোৱালী হাইস্কুল আৰু কোকৰাঝাৰ জিলাৰ মৰনাই চাহ বাগিছা হাইস্কুলক বিশেষ সুযোগ প্ৰদান কৰি বাকী ১০৫খন বিদ্যালয়ৰ শেহতীয়া (২০২২ ) দুৰ্বল ফলাফলৰ হেতু স্বীকৃতি বাতিল হ’ব বুলি পৰিষদে সদৰি কৰিছে। কিন্তু ছেবাৰ এই সিদ্ধান্ত কিমান দূৰ যুক্তিসংগত সেয়া বিচাৰ্য্য।

অসমৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাৰ কথা সৰ্বজনবিদিত ৷ বিদ্যালয়ৰ সামগ্ৰিক আন্তঃগাঁথনি, ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে পৰ্য্যাপ্ত শিক্ষকৰ নাটনি, শিক্ষা প্ৰদান প্ৰক্ৰিয়া, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি / অনুপস্থিতি, ব্যক্তিগত বিদ্যালয়খণ্ডৰ আগ্ৰাসন, চৰকাৰী বিদ্যালয়ৰ দুৰ্বল ব্যৱস্থা ইত্যাদি কাৰকসমূহৰ বিশ্লেষণ এই ক্ষেত্ৰত প্ৰয়োজন আছে।

যিসময়ত শিক্ষাৰ্থী নথকাৰ অজুহাতত শিক্ষাবিভাগে বিদ্যালয় সংলগ্নকৰণৰ নামত এখনৰ পিছত আনখন নিম্ন প্ৰাথমিক, উচ্চ মাধ্যমিক বিদ্যালয় চিৰদিনৰ বাবে বন্ধ কৰি দিছে, সীমিত সংখ্যক শিক্ষকৰ দ্বাৰাই বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ পাঠদান কৰোৱাইছে, ৰাজকোষৰ অভাৱত শিক্ষকৰ দৰমহা অনিয়মীয়াকৰণ হৈছে, তেনেস্থলত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা লাভৰ মান সন্তুষ্টিদায়ক হ’ব বুলি আশা কৰাটো বৃথা।

সঁচা যে বহু সময়ত বহু শিক্ষকেও নিজ কৰ্তব্য পালনত গাফিলতি কৰা দেখা যায়। কিন্তু তাৰ বিহিত ব্যৱস্থা, পৰ্যায়লোচনামূলক বিশ্লেষণৰ অৱকাশ নাই বুলি ক’ব পাৰি জানো !

এনে ভিন্ন কাৰণতে বিদ্যালয়সমূহে দুৰ্বল প্ৰদৰ্শন কৰাটো স্বাভাৱিক। তথাপি এই বিদ্যালয়সমূহেই একো একোটা অঞ্চলৰ বাবে শিক্ষা প্ৰদানৰ একমাত্ৰ উৎস স্বৰূপ। চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবেই হওক নতুবা ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহত শিক্ষানুষ্ঠান স্থাপনৰ যথোচিত ব্যৱস্থা নকৰাৰ বাবেই হওক, ৰাইজে দুখ-কষ্টৰে তথা সমূহীয়া প্ৰচেষ্টাৰে এইসমূহ বিদ্যালয় গঢ়ি তুলিছিল।

ক্ৰমে চৰকাৰৰ অৱহেলা, শিক্ষকৰ অভাৱ, ছাত্ৰ-ছাত্ৰীৰ অভাৱ আদি কাৰণত বিদ্যালয়সমূহৰ ফলাফল দুৰ্বল হৈছে। বহু ঠাইত বিদ্যালয়গৃহৰ অবয়ৱ জহি-খহি গৈছে, বহু ঠাইত জৰাজীৰ্ণ, পৰিত্যক্ত অৱস্থাত ৰৈছে ৷ সেইবোৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ কোনো সদ্দিচ্ছা নাই ৷

এই লেখকে ব্যক্তিগতভাৱেই এনে বহু বিদ্যালয় প্ৰত্যক্ষ কৰিছে য’ত শিক্ষাপ্ৰদানৰ ন্যূনতম সুবিধাকণো নাই ৷ এনে ঘূণে ধৰা ব্যৱস্থাৰে পৰিচালিত বিদ্যালয়সমূহৰ আশাব্যঞ্জক ফলাফল আশা কৰাটো বাতুলামি মাঁথোন। এনে পৰিস্থিতিত উচিত পদক্ষেপ গ্ৰহণৰ পোষকতাৰহে প্ৰয়োজন। তাকে নকৰি চৰকাৰীগৃহই বিবেচনাহীনভাৱে কেৱল বিদ্যালয়সমূহৰ ওপৰতে সমগ্ৰ দোষ জাপি দি স্বীকৃতি বাতিলকৰণৰ দৰে পদক্ষেপ গ্ৰহণ কৰিলে এই বিকাৰগ্ৰস্ত ব্যৱস্থাটোত আৰু অধিক বিৰূপ প্ৰভাৱ পৰাৰহে সম্ভাৱনা অধিক।

যি সময়ত দেশৰ চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্য্যকৰীকৰণৰ গুৰুত্ব আৰোপ কৰিছে, সেই সময়তে ছেবাৰ দৰে এক গুৰুত্বপূৰ্ণ বিভাগীয় অংগই এনে অকৰ্তৃত্বশীল আচৰণ প্ৰদৰ্শন কৰাটো অতিশয় দুৰ্ভাগ্যজনক। আশা কৰোঁ এই সন্দৰ্ভত পৰিষদে এই সিদ্ধান্তৰ পুনৰ বিবেচনা কৰিব।।