অসম সাহিত্য সভাৰ গৰিমা অটুট ৰ’বনে!


Image Description

অসমৰ জাতীয় জীৱনৰ চৰিত্ৰত সুৱগা চৰাই যোৱা বিভিন্ন জাতীয় অনুষ্ঠানৰাজিৰ মাজত অন্যতম অসম সাহিত্য সভা। অসমীয়াই কেতিয়াও এৰাই চলিব নোৱৰা এটি জাতীয় অনুষ্ঠানৰূপে স্বীকৃত অসম সাহিত্য সভা ৷

তথাপি অনবৰতে বিতৰ্কৰ আৱৰ্তত থাকি নিজা জাতীয় চৰিত্ৰক ম্লান কৰাৰ ক্ষেত্ৰত যিসমূহ জাতীয় অনুষ্ঠান আছে তাৰে মাজত অসম সাহিত্য সভাও অন্তৰ্ভুক্ত। আমি সকলোৱেই জ্ঞাত যে অসমীয়া ভাষা-সাহিত্যৰ সৰ্বাঙ্গীণ উন্নতিৰ লক্ষ্য- উদ্দেশ্যেৰে এই মহৎ জাতীয় অনুষ্ঠানটিয়ে গঢ় লৈ উঠিছিল।এই অৰ্থে অসমৰ এচাম গুণী-জ্ঞানী সাহিত্যিকৰ দ্বাৰা এই অনুষ্ঠানটি প্ৰতিষ্ঠা হৈছিল ৷ বহুতো ঘাত-প্ৰতিঘাত, আলোচনা-বিতৰ্ক ইত্যাদিৰ মাজেৰে আগুৱাই আহি প্ৰতিজন অসমীয়াৰ বুকুত নিগাজীকৈ স্থান ল’বলৈ সক্ষম হৈ এটা পৰ্য্যায়ত উপনীত হৈছিলহি অসম সাহিত্য সভা।

তাহানিৰ এচাম বৰেণ্যৰ নেতৃত্বৰ আশিসেৰে পুষ্ট হৈ সাহিত্য সভাই লাভ কৰিছিল এক অনন্য স্বীকৃতি। অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত সভাই অসমীয়া সমাজখনক ঐক্যবদ্ধ কৰাৰ প্ৰয়াস কৰিছিল। প্ৰতিবছৰে সভাই আয়োজন কৰা অধিবেশন আজিৰ দৰে বৰ জাকজমকতাপূৰ্ণ নাছিল। তথাপি তাত ৰাইজৰ সঁহাৰি আছিল চকুত লগা। দূৰ-দূৰণিৰ গাঁৱৰ চহা ৰাইজো বৰ উচাহেৰে সভাবোৰত চামিল হৈছিলহি।

কিন্তু এতিয়াৰ সাহিত্য সভাৰ চৰিত্ৰ বিষম । এতিয়া আৰু সাহিত্যৰ উৎকৰ্ষকেন্দ্ৰিক সেই নিভাঁজ চৰিত্ৰ সভাৰ মাজত নাই ৷ অসমীয়া জাতিৰ দাপোণস্বৰূপ এই জাতীয় অনুষ্ঠানটি সম্প্ৰতি হেজাৰটা বিতৰ্ক, অভিযোগ, অপবাদেৰে ভাৰাক্ৰান্ত। যি সমগ্ৰ জাতিৰ জাতীয় চৰিত্ৰৰে যে স্খলন তাত কোনো সন্দেহ নাই৷ এচাম ক্ষমতালোভী, ৰাজনীতিকৰ হাতোৰাত আজিৰ সাহিত্য সভা বন্দী৷

শতায়ু গৰকা অনুষ্ঠানটিৰ মূল লক্ষ্য-উদ্দেশ্যক ক’ৰবালৈ নিক্ষেপ কৰি মাথোঁ এক আনুষ্ঠানিকতাৰহে পৰিচয় দি এচামে সভাক কেৱল নামমাত্ৰহে জীয়াই ৰাখিছে। যাৰ কাষত ক্ষমতাধিষ্ঠ ৰাজনীতিকৰ আশীৰ্বাদ আছে তেওঁবিলাকেহে সাহিত্য সভাৰ মূলস্থান দখল কৰিবলৈ সক্ষম। প্ৰকৃত নীতিনিষ্ঠ, জ্ঞানীজনৰ স্থান উৎখাত হয়।

অসমীয়া সমাজত এতিয়া ভোগবাদৰ উত্তৰণ। এই উত্তৰণৰ ফল স্বৰূপে ক্ষমতালোভী মানুহৰ সংখ্যা বাঢ়িল। ক্ষমতা-চল-বল-কৌশলৰ প্ৰয়োগ সমাজৰ প্ৰতিটো অনুষ্ঠানতে ঘটিবলৈ ধৰিলে, সৃষ্টি হ’ল চৰম অৰাজকতাৰ। অসম সাহিত্য সভাতো এই নীতিৰ ব্যতিক্ৰম নঘটিল। ভাষা-সাহিত্যলৈ অৱদান থকা-নথকাটোৱে গৌণস্থান লাভ কৰি ক্ষমতাশালী, প্ৰভাৱশালী ব্যক্তিত্ব অনুসাৰে সভাশুৱনি হ’বলৈ ধৰিলে। তেওঁলোকেই সৰ্বেসৰ্বা হ’ল, তেওঁলোকেই সকলোতে সমাদৃত হ’ল।

সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাই প্ৰথমখন অধিবেশন ( ১৯১৭, শিৱসাগৰ )ত কৈছিল:

'ভাবতকৈ ভাষা আগেয়ে ব্যক্ত হয়, গতিকে আগৰটিতকৈ পাছৰটি সদায় এখোজ আগ। সেইদৰে, দূৰৈ-ভৱিষ্যতৰ সম্পৰ্কত, ভাষাতকৈ সাহিত্য সদায় এখোজ আগবাঢ়ি যায় ৷ আৰু, কোনো এটা জাতিয়ে জাতীয়ত্বৰ চিনাকি দিবলৈ হ’লে, সেই জাতীয় ভাষা আৰু সাহিত্যইহে আগধৰি চিনাকি দিয়ে।......'

গতিকে অসম সাহিত্য সভা নামৰ জাতীয় অনুষ্ঠানটো আজি ক্ষমতালোভী ৰাজনীতিকৰ বিচৰণথলীলৈ পৰিণত হ’বলগীয়া হোৱাটো জাতীয় জীৱনৰে দুঃসময় বুলি বিবেচনা কৰিব লাগিব। এনে পৰিস্থিতিত 'সাহিত্য সভা'ৰ প্ৰকৃত গৰিমা অটুট ৰ’বনে সেয়া বিচাৰ্য্য।।