বিশ্বাসহীনতাৰ মাত্ৰা


Image Description

গোটেই পৃথিৱীজুৰি বিভিন্ন শিতানত জড়িত চিকিৎসক, বিজ্ঞানী, শিক্ষক, ‘সাধাৰণ’ ব্যক্তি আৰু আনকি সেনাবাহিনীৰ ওপৰতো মানুহৰ বিশ্বাস আচৰিত ধৰণে হ্ৰাস পাইছে৷

গোটেই পৃথিৱীতে চলোৱা সমীক্ষা অনুসৰি জনসাধাৰণে চিকিৎসকক শতকৰা ৫৪ ভাগ, বিজ্ঞানীক শতকৰা ৫১ ভাগ, শিক্ষকক শতকৰা ৪৩ ভাগ, সাধাৰণ ব্যক্তিক শতকৰা ২৭ ভাগ আৰু আনকি সেনাবাহিনীকো মাত্ৰ শতকৰা ২২ ভাগহে বিশ্বাস কৰে৷

সমাজৰ অতি গুৰুত্বপূৰ্ণ শিতানত জড়িত ব্যক্তিসকলৰ ওপৰত মানুহৰ বিশ্বাস এনেদৰে হ্ৰাস হোৱাটো অকণো আশাজনক কথা নহয়৷ চিকিৎসকক মানুহে বিপদৰ সময়ত অতি ভক্তিৰে চায়৷ তেনে চিকিৎসকৰো শতকৰা বহু ভাগক বিশ্বাসত নোলোৱাটো সমাজখনৰ বাবেই ক্ষতিকৰ কথা৷

সেইদৰে শিক্ষকক সমাজ গঢ়োঁতা আসনত থোৱা হয়৷ তেনে শিক্ষকৰো আধাভাগে বিশ্বাস ভঙ্গ কৰাটো অশুভ ভৱিষ্যতৰ ইঙ্গিত মাথোঁ৷ একেদৰে বিজ্ঞানীৰ কৰ্মদক্ষতা আৰু বিশ্বাসযোগ্যতা হ্ৰাস হোৱাটো গৱেষণাৰ প্ৰতিষ্ঠানসমূহৰ ওপৰতে মানুহৰ সন্দেহৰ আঙুলি উঠিছে৷

একেটা সমীক্ষাত আন কেতবোৰ সমাজকৰ্মীৰ ওপৰত মানুহৰ বিশ্বাসে ঋণাত্মক দিশত গতি কৰিছে৷ উদাহৰণ স্বৰূপে, গোটেই পৃথিৱীতে ৰাজনৈতিকক আধাতকৈও বেছি [শতকৰা ৫২ ভাগ] ভাগ মানুহে আস্থাত নলয়৷ চৰকাৰী মন্ত্ৰীসৱক শতকৰা ৩৯ ভাগ মানুহে আস্থাত নলয়৷

গোটেই পৃথিৱীতে সকলো সমাজতে নানান সামাজিক বিষয়ত অশান্তিয়ে ছানি ধৰিছে৷ সাংবাদিকৰ ক্ষেত্ৰতো বিশ্বাসযোগ্যতা ঋণাত্মকমুখী।

পৃথিৱীখনৰ সকলো চুকতে হিংসা-হত্যা-যুদ্ধ-চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ আদিয়ে পৰিৱেশ নিৰাপত্তাহীন কৰি তুলিছে৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক গুলিয়াবলৈকো সমাজবিৰোধীয়ে অকণো সংকোচ নকৰে৷ এই সকলো ধৰণৰ বিশ্বাসহীনতাৰ গুৰিতে আছে পৃথিৱীৰ প্ৰায় সকলো দেশৰ ৰাজনৈতিক দলবোৰৰ দূৰদৰ্শিতা আৰু নেতৃত্বৰ অভাৱ৷

ধনৰ প্ৰতি লোভ আৰু ক্ষমতাত আজুৰি থকা ৰাজনৈতিক ব্যক্তিৰ পয়োভৰে সাধাৰণ মানুহক এক ভয়াৱহ পৰিস্থিতিৰ ফালে ঠেলি দিছে৷ পৃথিৱীৰ জনসংখ্যা প্ৰায় ৮০০ কোটিৰ ওচৰ চাপিছে৷ ইয়াৰ ফলত গুণসম্পন্ন শিক্ষা ব্যৱস্থা, স্বাস্থ্য সেৱা আৰু জনহিতকৰ কামবোৰত যে প্ৰচণ্ড বাধা পৰিব সেই বিষয়ে কোনো সন্দেহ নাই৷

মানৱ সমাজ নিশ্চিতভাৱে অনিশ্চয়তাৰ ফালে গতি কৰিছে৷ পৃথিৱীৰ উষ্ণতা বৃদ্ধিয়ে ৰাজনীতিকে ভাবিব নোৱৰা পৰিস্থতিৰ সৃষ্টি কৰিব৷

সমাধান সূত্ৰ এটাই৷ সকলো সমাজৰে সকলো মানুহে নিজ গুণে ভাবি-চিন্তি চিন্তাশীল, কৰ্মদক্ষ আৰু সমাজমুখী ব্যক্তিৰ হাতত ৰাজনৈতিক ক্ষমতা অৰ্পণ কৰিব লাগিব৷৷