সাংবিধানিক ৰক্ষাকৱচ


Image Description

[৩]
যোৱা দুটা সংখ্যাত সামৰি লোৱা মূল বিষয়কেইটা হ’ল:

[১] অসমীয়া মানুহৰ সংজ্ঞা,

[২] বিধান সভা, লোক সভা আৰু স্থানীয় নিকায়বোৰত ৮০ শতাংশ আসন সংৰক্ষণ আৰু ছাত্ৰ সন্থাৰ ১০০ শতাংশ আসন সংৰক্ষণৰ দাবী আৰু

[৩] অসমত এখন উচ্চ সদনৰ পৰামৰ্শ৷

এইটোও উল্লেখ কৰা হৈছিল যে যিহেতু অসম চুক্তিখন এখন বিশেষ চুক্তি আৰু অবৈধ বিদেশীৰ বোজা বহন কৰা বাবে অসমক কেন্দ্ৰীয় চৰকাৰৰ লগতে সকলো ৰাজনৈতিক দল চুক্তিখনৰ ৰূপায়ণৰ প্ৰতি দায়বদ্ধ, সেয়েহে আইন সংশোধনৰ জৰিয়তে ওপৰৰ তিনিওটা পৰামৰ্শ ৰূপায়িত কৰিবলৈ কোনো বাধা থাকিব নালাগে৷

ইয়াৰ বাবে নতুনকৈ কোনো আলোচনা-বিলোচনাৰ প্ৰয়োজন আচলতে নাই৷ আলোচনাৰ অচিলা লৈ সময়ৰ অপচয় কৰিছে৷ ৰূপায়ণৰ সকলো দিশ পিছুৱাই গৈছে৷

কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰতিবেদনখন দিব নোৱৰাটোৱেই ৰাজ্য চৰকাৰৰ অন্যতম ব্যৰ্থতা৷ ইয়াৰ অবিহনে দিশপুৰত চলি থকা আলোচনাবোৰৰ বিশেষ প্ৰাসংগিকতা নাই৷

এইটো সংখ্যাত প্ৰতিবেদনত অসমৰ ভাষাসমূহৰ বিষয়ে কেনে ধৰণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে তাৰ আভাস দিয়া হৈছে৷

[ক] আমাৰ ৰাজ্যখনত ৰাজ্যিক ভাষাক, অৰ্থাৎ অসমীয়া ভাষাক, সংবিধানৰ অনুচ্ছেদ ৩৭১খ অনুসৰি সাংবিধানিক মৰ্য্যাদা দিয়া উচিত৷

[খ] ১৯৬০ চনৰ অসম ৰাজ্যিক ভাষা আইন অনুসৰি অসমীয়া গোটেই ৰাজ্যতে ৰাজ্যিক ভাষা হিচাবে অব্যাহত থাকিব৷ লগতে আইনখনত থকা অনুসৰিয়েই বৰাক উপত্যকা, পাহাৰীয়া জিলা আৰু বড়োলেণ্ডত স্থানীয় ভাষা ব্যৱহৃত হ’ব৷

[গ] ১৯৬০ চনৰ অসম ৰাজ্যিক ভাষা আইন কঠোৰভাৱে ৰূপায়িত হোৱা উচিত আৰু ইয়াৰ উলংঘা কৰিলে শাস্তিমূলক ব্যৱস্থা আইনখনত অন্তৰ্ভুক্ত হোৱা উচিত৷

[ঘ] সকলো চৰকাৰী কাৰ্য্যালয়ত চৰকাৰী আইন, নীতি-নিয়ম, অধিসূচনা, নিৰ্দেশনা আদি ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰাটো বাধ্যতামূলক৷ সেইদৰে কেন্দ্ৰীয় চৰকাৰৰ সকলো যোগাযোগ অসমীয়া ভাষাতো প্ৰকাশ হোৱা উচিত৷

এই লিখনিটোত নকৈ নোৱাৰিলোঁ যে কমিটীখনে নিজেই নিজৰ প্ৰতিবেদন মাথোঁ ইংৰাজী ভাষাতহে প্ৰকাশ কৰিলে৷

[ঙ] অসমৰ এখন স্বতন্ত্ৰ ভাষা আৰু সাহিত্য একাডেমী পৰিষদ গঠন হোৱা উচিত৷ এজন বৰণ্য সাহিত্যিকৰ নেতৃত্বত অসমৰ সকলো খিলঞ্জীয়া ভাষাৰ ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু উন্নয়নৰ হকে কাম কৰিবলৈ উপযুক্ত মৰ্য্যাদা দিয়া উচিত৷

ৰাজ্যখনৰ সকলো খিলঞ্জীয়া ভাষাৰ সাহিত্যসম্পৰ্কীয় অনুষ্ঠানসমূহ পৰিষদৰ সদস্য হ’ব৷ পৰিষদখনক ভাষিক আৰু সাহিত্যিক কাম-কাজৰ বাবে সকলো ধৰণৰ বিত্তীয় অনুদান দিয়া উচিত৷

পৰিষদৰ অধীনত ১৯৭২ চনৰ ৰাষ্ট্ৰসংঘৰ পৰম্পৰা অনুসৰি অসমৰ সকলো সাংস্কৃতিক ঐতিহ্য ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণৰ বাবে অন্তৰ্ভুক্ত হোৱা উচিত৷

[চ] ৰাজ্য আৰু কেন্দ্ৰীয় ব’ৰ্ডৰ অধীনত থকা সকলো ইংৰাজী মাধ্যমৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া বিষয়টো অন্ততঃ অষ্টম শ্ৰেণী /দশম শ্ৰেণীলৈ বাধ্যতামূলকভাৱে শিকোৱা হ’ব৷

[ছ] অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ বিভাগ খোলা উচিত আৰু দুয়োখনতে যথাক্ৰমে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু সাহিত্যকাণ্ডাৰী পদ্মনাথ গোঁহাই বৰুৱাৰ নামত আসন প্ৰৱৰ্তন কৰা উচিত৷

[জ] ৰাজ্য চৰকাৰৰ সকলো নিয়োগতে অসমীয়া ভাষাৰ এখন প্ৰশ্নকাকত বাধ্যতামূলক হ’ব৷ অৱশ্যে ১৯৬০ চনৰ অসম ৰাজ্যিক ভাষা আইন অনুসৰি বৰাক উপত্যকা, বড়োলেণ্ড আৰু পাহাৰীয়া জিলাত বৰ্তমানৰ বিধিব্যৱস্থা অব্যাহত থাকিব৷

কেন্দ্ৰীয়, অৰ্ধ-কেন্দ্ৰীয় খণ্ডৰ সকলো গোটত নিযুক্তিৰ বাবে অসমীয়া ভাষাৰ জ্ঞান অতিৰিক্ত অৰ্হতা হিচাবে পৰিগণিত হ’ব৷

[ঝ] অসমীয়া ভাষাৰ লগতে আন সকলো খিলঞ্জীয়া ভাষাৰ সকলো প্ৰকাৰৰ উন্নয়নৰ বাবে সাহিত্য একাডেমীৰ এটা শাখা অসমত স্থাপন কৰা উচিত৷

[ঞ] অসমত চাৰি-ভাষাৰ নীতি প্ৰচলন হোৱা উচিত৷ নীতিটোক বিধায়িনী ৰক্ষণাবেক্ষণ দিয়া উচিত৷

[ট] কলেজসমূহত খিলঞ্জীয়া ভাষা শিকোৱাৰ বাবে চৰকাৰে শিক্ষকৰ নিযুক্তি নিশ্চিত কৰিব৷

[ঠ] কলিকতাৰ ৰাষ্ট্ৰীয় পুথিভঁৰালৰ আৰ্হিত অসমত অসমীয়া আৰু আন সকলো খিলঞ্জীয়া ভাষাৰ বাবে এটা বহুভাষিক কেন্দ্ৰীয় পুথিভঁৰাল স্থাপন কৰা উচিত৷

[ড] ৰাজ্যখনৰ সকলো জিলা সদৰত একোটা বহুমুখী সাংস্কৃতিক প্ৰকল্প গঢ়ি তোলা উচিত৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন হিচাবে প্ৰকল্পসমূহ চিহ্নিত হোৱা উচিত৷ প্ৰকল্পসমূহত অত্যাধুনিক প্ৰেক্ষাগৃহ, আলোচনা ভৱন, আৰ্ট গেলেৰী আদি থকা উচিত৷

[ঢ] বৃহত্তৰ অসমীয়াৰ সাংস্কৃতিক উপাদানসমূহ দেখুৱাবলৈ দেশৰ নিৰ্বাচিত বা সকলো মূল নগৰসমূহত বহুমুখী সাংস্কৃতিক প্ৰকল্প স্থাপন কৰা উচিত৷

ওপৰত উল্লেখ কৰা সকলো বিষয়তে ৰাজ্য চৰকাৰে নিজৰ ভূমিকা পালন কৰিব পাৰে৷ প্ৰয়োজন অনুসৰি বিধিগত ব্যৱস্থাও ৰাজ্য চৰকাৰে হাতত ল’ব পাৰে৷ এইবোৰৰ কাৰণে নতুনকৈ কোনো আলোচনাৰ প্ৰয়োজন নাই৷

আচলতে কামবোৰ হাতত ল’ব নোৱৰা বাবেহে চৰকাৰে আলোচনাৰ নতুনকৈ পাতনি মেলিছে।।

[আগলৈ...]