হনুমানৰ বিষয়ে এখন পঢ়াশলীয়া ৰচনা


Image Description

আৰম্ভণি
আজিলৈকে পৃথিৱীত বহুতো বীৰৰ জন্ম হৈছে আৰু তেওঁলোকৰ মৃত্যুও (মহাপ্ৰয়াণো !) ঘটিছে । এই বীৰসকলৰ কিছুমান হ'ল মানৱ-দেহধাৰী আৰু অইন কিছুমান বীৰ হ'ল মানৱেতৰ-দেহী।

লক্ষ্য কৰিলে দেখা যায় যে বীৰসকলে প্ৰথমে বীৰ হিচাপেই মানৱ সমাজত (কোনো কোনোৱে মানৱেতৰ সমাজতো) প্ৰতিষ্ঠা লাভ কৰে । কিন্তু দিন বাগৰি গৈ থাকোঁতে থাকোঁতে কল্পনাপ্ৰৱণ মানুহৰ কল্পনাৰ বোকোচাত উঠি উঠি তেনে কিছুমান বীৰ আকৌ অলৌকিক শক্তিৰো গৰাকী হয়গৈ।

এসময়ত তেওঁলোকে ঐশ্বৰিকত্ব (!) লাভ কৰি মানুহৰ পূজাৰ বেদীত ঠাই পায় । আনকি তেওঁলোক লোক-মানসত ঈশ্বৰ-পুৰুষতো পৰিণত হয় । প্ৰসংগান্তৰত ক'ব পাৰি যে মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ চতুৰ্ভুজ ৰূপ তেওঁৰ পৰম ভক্ত চান্দসায়ে দেখিছিল বুলি চৰিতকাৰে গুৰুচৰিতত লিখি থৈ গৈছে।

আজি আমি হনুমান নামেৰে বানৰ বীৰ এগৰাকীৰ বিষয়ে লিখিব খুজিছোঁ ।

বিৱৰণ

হনুমান হ'ল এজনা বৰ শক্তিশালী আৰু শ্রেষ্ঠ বানৰ বীৰ । তেওঁৰ পিতাকৰ নাম বায়ু দেৱতা আৰু মাকৰ নাম অঞ্জনা (অৰ্থাৎ অঞ্জনা নামৰ এজনী বান্দৰী ৷)

মূল সংস্কৃত ৰামায়ণত থকা বৰ্ণনা অনুসৰি হনুমানে জন্মৰ পাছতে হেনো ভোকত ৰ'ব নোৱৰা হৈ ফল বুলি ভাবি নৱ-উদিত প্ৰকাণ্ড বেলিটোকে ধৰিবলৈ জাঁপ মাৰিছিল। সিদিনা পিছে হনুমানৰ দিন আছিল বেয়া । কিয়নো, সিদিনা ৰাহু আহিছিল বেলিক গ্ৰাস কৰিবলৈ । হনুমানে ৰাহুক দেখি ৰাহুকেই মাৰিবলৈ উদ্যত হ'লত ৰাহু হনুমানৰ ভয়ত পেঁপুৱা লাগিল । ভয়তে ৰাহুৱে দেৱৰাজ ইন্দ্ৰৰ কাষ চাপিলগৈ ৷

তাৰ পাছত হনুমানে ঐৰাৱতক দেখিলে । ঐৰাৱতক দেখি হনুমানৰ ভাব হ'ল – 'এয়া চোন এটা প্ৰকাণ্ড ফল ।' ইয়াকে ভাবি হনুমানে ঐৰাৱতকে গ্ৰাস কৰিবলৈ গ'ল। হনুমানৰ এনে অদ্ভুত কাৰ্য্যত দেৱৰাজো শংকিত হ'ল | ততালিকে দেৱৰাজে তেওঁৰ বজ্ৰাস্ত্র উলিয়াই ল'লে । সেই বজ্ৰাস্ত্রৰে তেওঁ হনুমানৰ বাম হনুটোকে ভাঙি পেলালে ।

দেৱৰাজৰ বজ্ৰৰ আঘাতত বেচেৰা হনুমান থিৰেৰে থাকিব নোৱৰা হ'ল । পৰ্বতৰ ওপৰত ঠেকেচকৰে পৰি গ'ল ৷ ইফালে পুত্ৰ হনুমানৰ দুখ দেখি বায়ু দেৱতা উধাতু খাই লৱৰি আহিল । দুখতে তেওঁ পুত্র হনুমানক লৈ গুহাৰ ভিতৰত সোমালেগৈ ৷

বায়ু দেৱতা গুহাত সোমালত চাৰিওদিশ বায়ুশূন্য হ'ল আৰু সকলোফালে হাঁহাকাৰ লাগিবলৈ ধৰিলে । দেৱতাৰ সমাজতো খলকনি লাগিল | তেনেতে তাত আহি উপস্থিত হ'ল ব্রহ্মা আদি দেৱতাসকল ।

সৃষ্টিকৰ্তা ব্রহ্মাদেৱে হনুমানক হাতেৰে সস্নেহে হাত বুলাই দিলত হনুমানৰ চেতনা ঘূৰি আহিল । দেৱৰাজ ইন্দ্ৰয়ো হনুমানক দিলে ইচ্ছামৃত্যু বৰ । বজ্রৰ আঘাতত তেওঁৰ হনু ভঙাৰ দুখত তেওঁৰ নাম দিলে হনুমান । সূৰ্য্যদেৱে দিলে নিজ তেজৰ শতাংশ, ব্ৰহ্মাদেৱে দিলে ব্রহ্মজ্ঞান আৰু চিৰায়ু ।

লগতে অইন অইন দেৱতাসকলেও দিলে বিধে বিধে বৰ | বৰৰ প্ৰভাৱত বাঁও হনু-ভঙা হনুমান হৈ পৰিল অতিশয় শক্তিশালী হনুমন্ত বীৰ ।

হনুমানৰ ল'ৰা-সুলভ দুষ্টালি

কথাতে কয়, 'বোলে অতিপাত আদৰত ল'ৰা হয় নষ্ট, তাৰ বাবে লটিঘটি পাব লাগে কষ্ট !' হনুমানক লৈও ঋষিগণৰ একে দশা হ'ল । হনুমানে ঋষিগণৰ আশ্ৰমত সোমাই অত্যাচাৰ আৰম্ভ কৰিলে । ঋষিগণে খঙতে তেওঁক দিলে বাৰুকৈয়ে এছাট ।

তেওঁলোকৰ অভিশাপৰ ছাটত পৰি হনুমানে পাহৰি গ'ল নিজ শক্তিৰ কথা । শেষত যেনিবা সমুদ্র-লঙ্ঘনৰ আগে আগে জাম্বৱানৰ মুখে শুনি তেওঁ আগৰ কথা সোঁৱৰণ কৰিব পাৰিলে ৷

ৰামভক্ত হনুমান

হনুমান আছিল ৰামৰ অতি বিশ্বাসী ভক্ত । সীতা-অন্বেষণৰ সময়ত কিষ্কিন্ধ্যাত সুগ্ৰীৱৰ জৰিয়তে ৰাম-লক্ষ্মণৰ লগত হনুমানৰ পৰিচয় হয় । তেতিয়া ৰামচন্দ্ৰই বুজি পাইছিল যে হনুমান ব্যাকৰণ-শাস্ত্ৰজ্ঞ, বাক্য ৰচনাত অতিশয় নিপুণ আৰু ঋক, যজুঃ আৰু সামবেদতো তেওঁ পণ্ডিত ।

এনে এগৰাকী বিচক্ষণ পুৰুষক সীতা-অম্বেষণৰ দায়িত্ব দিয়াটো যুগুত বুলি ভাবি হনুমানক দক্ষিণফালে পঠোৱা হ'ল। সুৰসা আৰু সিংহিকাৰ প্ৰচণ্ড বাধাকো হনুমানে অতিক্রম কৰিলে । সময়ত সমুদ্র লঙ্ঘন কৰি তেওঁ লঙ্কাত উপস্থিত হ'ল ।

তাত তেওঁ এটা সৰু মেকুৰীৰ নিচিনা হৈ ৰাক্ষকৰ চকুত ধূলি মাৰি সীতাৰ অন্বেষণ কৰিলে । অশোক-বনত হনুমানে সীতাক লগ ধৰিলে। ৰামক বিশ্বাস জন্মোৱাৰ কাৰণে সীতাই হনুমানক দিলে নিজৰ মস্তকৰ মণি। জীৱ মাত্রেই প্ৰবৃত্তিৰ দাস ! হনুমাননো তাৰ ব্যতিক্ৰম হ'ব কেনেকৈ ! হনুমানে অশোক বনখনকে ধ্বংস কৰি হ'লেও নিজৰ পৰাক্ৰম নেদেখুৱাকৈ থাকিব নোৱাৰিলে ৷

পিছে সহ্যৰতো এটা সীমা থাকে ! হনুমানৰ উৎপাত সহিব নোৱাৰি ইন্দ্ৰজিতে হনুমানক বান্ধি নি ৰাৱণৰ সমুখ পোৱালেগৈ । খঙতে ৰাৱণে হনুমানৰ নেজত জুই লগোৱালে । হনুমানৰো খং চৰিল। হনুমানে সেই জুইৰে লঙ্কা পুৰি ছাৰখাৰ কৰি পেলালে । বেচেৰা হনুমান !

সমুদ্ৰ-জলত নেজৰ অগ্নি নিজে নুমাইহে তেওঁ ৰক্ষা পালে । পাছত ৰামৰ কাষলৈ উভতি আহি ৰামক সকলো বিবৰি ক'লে ।

লঙ্কা-যুদ্ধত হনুমানৰ বীৰত্ব

লঙ্কা-যুদ্ধত বীৰ হনুমানৰ বীৰত্ব চমৎকৃত হ'বলগীয়া ৷ অকম্পন, জম্বুমালী, নিকুম্ভ আদি বহুতো প্ৰসিদ্ধ বীৰক তেওঁ বধ কৰিলে । লক্ষ্মণ শক্তি-শেলত পৰাত ঔষধি-পৰ্বত তেৱেঁই উভাৰি আনিলে । তাত থকা ঔষধেৰে লক্ষ্মণক জীয়াই তুলিলে ।

ৰাৱণ-বধৰ পাছত ভৰতৰ মনোভাব বুজিবলৈ ৰামচন্দ্ৰই লক্ষণক নন্দীগ্ৰামলৈ পঠালে । শেষত ৰাম-লক্ষ্মণ আদিৰ সৈতে হনুমানো অযোধ্যাত উপস্থিত হ'ল। অভিষেক হৈ যোৱাৰ পাছত ৰামচন্দ্ৰই তেওঁৰ সকলো অলঙ্কাৰ অঙ্গদৰ লগতে হনুমানক দান কৰিলে । ৰামচন্দ্ৰই আনকি তেওঁৰ নিজৰ কণ্ঠহাৰো হনুমানৰ ডিঙিত পিন্ধাই দিলে ।

ৰামচন্দ্ৰই হনুমানক এইবুলিও ক'লে যে হনুমানে তেওঁৰ যি উপকাৰ সাধন কৰিছে তাৰ বাবে তেওঁ সদায় হনুমানৰ ওচৰত ঋণী হৈ থাকিব। হনুমানে তেতিয়া ক'লে যে ৰামৰ প্ৰতি চিৰদিনেই তেওঁৰ অচলা-ভক্তি অব্যাহত থাকিব ।

শিক্ষা-দীক্ষা

হনুমানৰ শিক্ষা-দীক্ষাৰ বিষয়ে অদ্ভুত-ৰামায়ণত কিছু কথা পোৱা যায় । ৰামচন্দ্ৰই তেওঁৰ পৰম ভক্ত হনুমানক হেনো সাংখ্যযোগ, ব্ৰহ্মৰ স্বৰূপ আৰু ব্ৰহ্মপ্রাপ্তি সম্বন্ধে নানান দার্শনিক শিক্ষা প্ৰদান কৰিছিল । ধন্য হনুমান !

মহাভাৰতত হনুমান

কুৰুক্ষেত্র যুদ্ধৰ আগমুহূৰ্তত হনুমানে ভ্রাতৃ ভীমসেনক হেনো আশ্বাস দিছিল । হনুমানে ভীমসেনক কৈছিল যে তেওঁ অৰ্জুনৰ ৰণধ্বজত অৱস্থান কৰিব । লগে লগে হনুমানৰ ভীষণ ৰবৰ দ্বাৰা ভীমৰ সিংহ-ৰব ভয়ঙ্কৰ কৰি শত্ৰুক মৃতপ্রায় কৰি পেলাব। ফলত ভীমে নিশ্চয় শত্রুবধ কৰিব পাৰিব।

সামৰণি

হনুমন্ত বীৰৰ বিষয়ে আমি যি লিখিলোঁ, সেয়া বিদ্বৎ ব্যক্তিৰ মুখে শুনা কথা । সিবোৰৰ চাক্ষুস প্ৰমাণ বা পাৰিৱেশিক প্ৰমাণ আমাৰ হাতত নাই । বিজ্ঞজনে কয়, 'বোলে বিশ্বাসে মিলয় হৰি, তৰ্কে বহুদূৰ ।'সেয়েহে আধা বিশ্বাস, আধা সংশয়ত ৰ'লোঁ ।।