বিদ্যালয়সমূহত গুণোৎসৱ
- নিজা প্ৰতিবেদক
- /
- September 04th, 2022

অসমত বিদ্যালয়সমূহত গুণোৎসৱ আয়োজন কৰা হৈছিল। বিদ্যালয়সমূহৰ অসুবিধাবোৰ ওলাই পৰিব বুলি সকলোৱে আশা কৰিছিল।
আমাৰ বিদ্যালয়সমূহ সমস্যাৰে জৰ্জৰিত। ডেক্স-বেঞ্চৰ অভাৱ, ডাঙৰ ব'ৰ্ডৰ অভাৱ, কোঠাবোৰত পোহৰৰ অভাৱ আৰু সকলোতকৈ ডাঙৰ অভাৱ হ’ল শিক্ষকৰ। প্ৰয়োজন অনুসৰি শিক্ষক নাই। একেজন শিক্ষকে একেটা পিৰিয়ডতে একাধিক ক্লাছ চলাব লাগে।
গুণোৎসৱৰ প্ৰতিবেদনত কথাবোৰ ওলাইছিল। কিন্তু সেইবোৰত ধূলি-মাকতি জমা হ’ল। সেই সময়ৰ শিক্ষা মন্ত্ৰী আছিল ড০ হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ মুখ্য মন্ত্ৰী।
পৰামৰ্শবোৰৰ আধাৰত দুৰ্বল বিদ্যালয় সবল কৰাৰ দক্ষতা শিক্ষা মন্ত্ৰীগৰাকীৰ নাছিল। এতিয়া ওলাই পৰিল যে গুণোৎসৱ আঁৰত বিজেপি চৰকাৰৰ আন উদ্দেশ্য আছিল।
বৰ্তমানৰ মুখ্য মন্ত্ৰীয়ে স্কুলবোৰ অজুহাত উলিয়াই বন্ধ কৰাৰ ব্যৱস্থা কৰিলে। দুৰ্বলতা আছিল চৰকাৰৰ। কিন্তু দুৰ্বলতা জাপি দিয়া হ’ল ছাত্ৰ-ছাত্ৰীক। তাচ্ছিল্য কৰা হ’ল যিসকলে বহু পৰিশ্ৰম আৰু সপোনেৰে বিদ্যালয়সমূহ পাতিছিল।
বিজেপি চৰকাৰখনে যি ভাবে সেয়াই শুদ্ধ বুলি ধৰি লয়। বিদ্যালয় বন্ধ কৰা প্ৰক্ৰিয়াটো প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত আৰম্ভ হ’ল। এতিয়া ড০ শৰ্মাই সমষ্ট শক্তিৰে বিদ্যালয়বোৰৰ পৰিচয় বিলোপ কৰিবলৈ উঠি-পৰি লাগিছে।
মুখ্য মন্ত্ৰীগৰাকীৰ কথা-বতৰাৰ পৰা এনে লাগে যেন মাতৃভাষাৰ বিদ্যালয়ৰ প্ৰতি এইখন চৰকাৰৰ পূৰাবলগীয়া কিবা জেদ আছে। অজস্ৰ টকাৰে মুখ্য মন্ত্ৰীৰ পৰিয়ালে অতি চহকী মানুহৰ বাবে ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিছে। সেয়া অধিকাৰৰ ভিতৰতে পৰে।
কিন্তু আমাৰো অধিকাৰ যে মাতৃভাষাৰ বিদ্যালয়বোৰ নিৰ্বাচিত চৰকাৰখনে উন্নত কৰক। তাতেহে মুখ্য মন্ত্ৰীৰ দক্ষতা ফুটি উঠে।।