স্বদেশ স্বাভিমান: নবপ্ৰজন্মৰ চিন্তা


Image Description

অসম সাহিত্য সভা আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠানটি আয়োজিত হয়।

'চিৰ চেনেহী মোৰ ভাষা জননী' গীতেৰে আৰম্ভ হোৱা,কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দিগন্ত কুমাৰ দাসে উদ্বোধন কৰা অনুষ্ঠানটিত আৰম্ভণি বক্তৃতা প্ৰদান কৰে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডঃ কুল শইকীয়াই।

আজিৰ নতুন প্ৰজন্মৰ বক্তৃতামালা আৰম্ভ হয় কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ দেৱাশীষ বৰাই কোৱা 'অসমীয়া চলচ্চিত্ৰৰ ঐতিহাসিক যাত্ৰা' শীৰ্ষক বিষয়েৰে। ১৯৩৫ চনত প্ৰকাশিত 'জয়মতী'ৰ পৰা আৰম্ভ কৰি অসমীয়া চলচ্চিত্ৰৰ ঐতিহাসিক যাত্ৰাৰ বৰ্ণনা দাঙি ধৰা হয়।

পাছত একে শিক্ষানুষ্ঠানৰ ছাত্ৰী আছিয়া বেগমে 'নিয়োগ (বহিঃগমন, কাৰণ), বিকল্প নিয়োজনৰ বাট' সম্পৰ্কে বক্তব্য আগবঢ়ায়। জীৱনত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ অসমীয়াত বক্তৃতা দিয়া বঙালীমূলীয় আছিয়াৰ অংশগ্ৰহণ আছিল এক আশাপ্ৰদ ঘটনা।

গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী নিৰ্মিতা ভট্টাচাৰ্য্যই 'অসমৰ বাৰেৰহণীয়া সাধুকথা'ৰ ওপৰত বক্তৃতা দিয়ে। অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ বক্তৃতাই বিশেষ দৃষ্টি আকৰ্ষণ কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ জ্যোতিষ্মান বৰুৱাই 'অসমৰ ইতিহাসত শীৰ্ষ নেতৃত্বত নাৰী, ভূমিকা আৰু ৰাজনৈতিক অৱস্থান' সম্পৰ্কে সুন্দৰ বক্তৃতা দিয়ে।

অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী সাক্ষী প্ৰিয়ম্বদাই 'অসমৰ সত্ৰ অনুষ্ঠান'ৰ ওপৰত বক্তৃতা দিয়ে। সাক্ষীয়ে সমালোচনাত্মক দৃষ্টিভংগীৰে নিজৰ বক্তব্য দাঙি ধৰে।

সাক্ষীৰ পাছত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ত্ৰিদিব ভাগৱতীয়ে 'অসমীয়া গীতি সাহিত্যৰ স্বকীয় মাধুৰ্য্য 'সম্পৰ্কে অতি অধ্যয়নপুষ্ট বক্তৃতা দিয়ে। বক্তৃতাটোত জ্যোতিপ্ৰসাদে সৃষ্টি কৰা কামৰূপী ৰাগৰ পৰা সাম্প্ৰতিক সময়ৰ ইবছন লাল বৰুৱাৰ সৃষ্টিলৈ কোৱা হয়।

শেষত কটন বিশ্ববিদ্যালয়ৰ তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ সম্পাদক সুদৰ্শন শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় আৰু অসম সংগীতেৰে অনুষ্ঠানটিৰ সমাপ্তি ঘটে।

নবপ্ৰজন্মৰ বক্তব্যই উপস্থিত সকলৰ মনত আশাৰ সঞ্চাৰ কৰে।।