জৈৱিক সম্পদৰ বিলুপ্তি: প্ৰকৃতিৰ ভাৰসাম্য আৰু খাদ্য নিৰাপত্তালৈ ভাবুকি


Image Description

[দ্বিতীয় খণ্ড, ৭৪ সংখ্যাৰ পৰা]
কেৱল কৃষিজাত শস্যই নহয় অন্যান্য বহু প্ৰাণী আৰু উদ্ভিদ প্ৰজাতি বিলুপ্তিৰ পথত৷ অৱশ্যে সকলোৰে বিলুপ্তিৰ কাৰণ আৰু পৰিস্থিতি একে নহয়৷ কিন্তু কাৰক একেটাই- মানুহৰ কৰ্ম আৰু প্ৰধানকৈ অপকৰ্ম৷

উদাহৰণ স্বৰূপে, পৰাশ্ৰয়ী কপৌফুল প্ৰজাতিসমূহ কেৱল অন্য গছতহে জীয়াই থাকে৷ সিবিলাকৰ আশ্ৰয়স্থল অৰণ্যৰ গছ-গছনিসমূহ কাটি নিঃশেষ কৰাৰ সামন্তৰালকৈ এই কপৌফুল প্ৰজাতিসমূহো নিঃশেষ হোৱাৰ পথত৷

আনহাতে ধান, ঘেঁহু আদি শস্যৰ থলুৱা সঁচসমূহ বিলুপ্তিৰ পথত। মানুহৰ অনাদৰৰ বাবে পথাৰত হকে-বিহকে কৃত্ৰিম সাৰ, কীটনাশক আৰু আন ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগৰ ফলত গ্ৰাম্য অঞ্চলৰ ৰাইজৰ পৰিচিত জোক পথাৰত প্ৰায় নোহোৱা হৈছে৷

লোককথা, সাধুকথা আদিত সততে উল্লেখ থকা ভেকুলীৰ টোৰ-টোৰণি বিৰল হৈ পৰিছে৷ এই তালিকা অতি দীঘল আৰু প্ৰতিদিনে অধিক দীঘল হৈ গৈ আছে৷

জৈৱিক সম্পদ এনে এক সম্পদ যাক ধনেৰে মূল্যায়ন কৰিব নোৱাৰি৷ ১৯৭০ দশকৰ শেষৰ ফালে উত্তৰ ভাৰত আৰু দক্ষিণ পূব এছিয়াৰ কেবাখনো দেশৰ ধানৰ টাংৰো নামৰ এবিধ ভাইৰাছজনিত ৰোগে ধানখেতি উচন কৰাৰ উপক্ৰম কৰিছিল৷ সৌভাগ্যক্ৰমে উত্তৰ প্ৰদেশৰ গণ্ডা জিলাৰ এক ভিতৰুৱা অঞ্চলত অ’ৰাইজা নিভাৰা নামৰ ধানৰ বনৰীয়া প্ৰজাতিত এই ভাইৰাছপ্ৰতিৰোধী জিন পোৱা গ’ল আৰু গৱেষকে সংকৰণ পদ্ধতিৰে এই জিন কৃষিজাত ধানৰ উন্নত সঁচলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হ’ল আৰু ধানখেতিক টাংৰো ভাইৰাছৰ পৰা সুৰক্ষা দিবলৈ সক্ষম হ’ল৷

আমি যদি থলুৱা সঁচ, প্ৰজাতি আদিক বিলুপ্তিৰ মুখলৈ ঠেলি দিওঁ তেন্তে হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে নহ’বনে? কেৱল ৰোগপ্ৰতিৰোধী গুণ বা জিনৰ বাবেই নহয়, অন্য বহু লাগতিয়াল অমূল্য জিনৰ ভাণ্ডাৰ হ’ল এই থলুৱা সঁচসমূহ আৰু সমজাতীয় বনৰীয়া প্ৰজাতিসমূহ৷

জলবায়ু পৰিৱৰ্তন, গোলোকীয় উষ্ণতা বৃদ্ধি আদিৰে কৃষিখণ্ডলৈ অনা প্ৰত্যাখ্যানৰ সন্মুখীন হ’বলৈ আমাক লাগিব খৰাং সহনশীলতাৰ জিন, অনুৰ্বৰ মাটিত বৰ্তি থকাৰ সক্ষমতাৰ জিন ইত্যাদি। মানুহৰ পৰিপুষ্টিৰ বাবে উন্নত খাদ্যগুণসমৃদ্ধ, এণ্টি- অস্কিডেণ্টসমৃদ্ধ শস্যৰ সঁচ তথা জেনেটিক সম্পদৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাইছে৷ অসমৰ থলুৱা ধানৰ সঁচসমূহ এই ধৰণৰ জিনসমৃদ্ধ খৰাং পৰিস্থিতিসহনশীল আহুধান, বানপানীপ্ৰবল এলেকাত বানপানীৰ মাজত সহাৱস্থান কৰি বৰ্তি থকা বাওধান, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক চাহিদা থকা সুগন্ধি, সুস্বাদু জহাধান অসমৰ অমূল্য জেনেটিক সম্পদ৷

চাৰিওফালে জৈৱ বিচিত্ৰতাৰ সংশয়, জলবায়ু পৰিবৰ্তন, প্ৰদূষণৰ বিভীষিকাৰ মাজত এই জেনেটিক সম্পদেৰে চহকী উৰিষ্যাৰ কোৰাপট অঞ্চলৰ কৃষকসকলে ব্যৱহাৰ কৰা ধানৰ থলুৱা সঁচৰ সংখ্যা ১৯৫৪ চনত আছিল প্ৰায় ৩০০০৷ কিন্তু ২০১০ চনমানত এই সংখ্যা হ্ৰাস হৈ প্ৰায় ৩০০ হৈছে৷ অৰ্থাৎ প্ৰায় ৯০ শতাংশ ধানৰ সঁচ বিলুপ্ত হৈছে৷ এয়া জৈৱিক সম্পদৰ খহনীয়াৰ উদাহৰণহে৷

অসমৰ ক্ষেত্ৰত সঠিক পৰিসংখ্যা যুগুত কৰাটো জটিল৷ কেতিয়াবা বিলুপ্ত বুলি ধাৰাণা কৰা একোবিধ থলুৱা সঁচ বহুদিনৰ পাছত হঠাৎ কেতিয়াবা পোৱা যায়৷ উজনি অসমত বহুপূৰ্ব্বে পৰিচিত বেতগুটি ধানৰ সঁচ বিলুপ্ত প্ৰায় বুলি ভবা হৈছিল৷ কিন্তু বহু বছৰৰ পাছত মেলেঙৰ ব্যক্তিগত উদ্যোগত গঢ় লৈ উঠা ধানৰ থলুৱা সঁচৰ সংগ্ৰহালয়ত এই ধানৰ সঁচ পোৱা গ’ল আৰু ৰাসায়নিক বিশ্লেষণৰ পৰা জনা গ’ল যে এই ধান এণ্টিঅস্কিডেণ্টত চহকী আৰু খাদ্যগুণো উন্নত৷

পৰস্পৰাগত জ্ঞানৰ আধাৰত পূৰ্বে কৃষকসকলে ধানৰ একাধিক সঁচৰ খেতি কৰিছিল বিভিন্ন চাহিদা পূৰাবলৈ৷ যেনে, পিঠা-পনা তৈয়াৰ কৰিবলৈ বৰা ধান, চকোৱা ধান, তুলনামূলকভাবে দ আৰু পানী থকা মাটিৰ বাবে শালিধানৰ কোনো কোনো সঁচ ৷ বাম আৰু তুলনামূলকভাৱে শুকান মাটিৰ বাবে অন্য একোবিধ সঁচ, ইত্যাদি৷

পূৰ্বে বহুবিধ সঁচৰ খেতি কৰাৰ যি ধাৰা আছিল সেয়া পৰম্পৰাগত জ্ঞানৰ আধাৰত আৰু এতিয়া কৰা হয় বিজ্ঞানসন্মতভাৱে ৷ কোনো অনাকাঙ্খিত পৰিস্থিতিৰ উদ্ভৱ হ’লে, যেনে, কোনো পোঁক -পতঙ্গৰ আক্ৰমণ বা অচিন ৰোগৰ প্ৰাদুৰ্ভাৱৰ ফলত একো একোটি সঁচৰ খেতি উচন হ’লে প্ৰতিৰোধী গুণসম্পন্ন আন কেইবিধমান সঁচৰ খেতি ৰক্ষা পৰিব৷ অৰ্থাৎ এটা প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হয় আৰু উৎপাদন হ্ৰাস হ’লেও শূন্য নহয়৷ এতিয়া চিন্তনীয় বিষয় হৈছে অতি সীমিত সংখ্যক উন্নত সঁচবোৰে জলবায়ুৰ পৰিৱৰ্ত্তন, উষ্ণতা বৃদ্ধি, বায়ুৰ আৰ্দ্ৰতা হ্ৰাস আদি প্ৰতিকূল পৰিস্থিতিত তিষ্ঠি থাকিব পাৰিবনে?

তদুপৰি জলসিঞ্চন, কৃত্ৰিম সাৰ, কৃষি ৰাসায়নিক দ্ৰব্যৰ সঘন প্ৰয়োগতহে ইবিলাক অধিক উৎপাদনক্ষম৷ অন্যথা নহয়৷ কৃত্ৰিম সাৰ, কীটনাশক আদিয়ে মাটি, পানী আৰু পৰিৱেশৰ ক্ষতিসাধন কৰিছে বুলি সততে শুনা যায় আৰু এয়া সঁচৰ ওপৰত অধিক নিৰ্ভৰশীলতাই খাদ্য নিৰাপত্তাৰ প্ৰতি ভাবুকিও আনিছে৷ এনে পৰিস্থিতিত অৱশিষ্ট থলুৱা সঁচবোৰক ৰক্ষণাবেক্ষণ দিয়াটো গুৰুত্বপূৰ্ণ হৈ পৰিছে৷।

(সমাপ্ত)