তেজে ধোঁৱা বুৰঞ্জী
আইনবহিৰ্ভূত হত্যা
উচ্চপদস্থ সামৰিক বিষয়া কাৰাগাৰত


Image Description

(৬ ফেব্ৰুৱাৰী সংখ্যাৰ পৰা)

ইতিমধ্যে ২৩ ফেব্ৰুৱাৰীৰ পুৱাই সেনাবাহিনীয়ে মৃতদেহসমূহ ডুমডুমা থানাত চমজাই দিছিল৷ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহসমূহ পৰীক্ষা কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল আৰু নিশা তালাপ আৰক্ষী চকীলৈ মৃতদেহসমূহ ঘূৰাই আনিছিল৷

এটা সময়ত মই ডাঙৰী পালোঁ৷ তেতিয়া বেলি লহিয়াইছিল৷ ডাঙৰীৰ পথাৰত ৫খন চিতা জ্বলি আছিল– ৫জন নিৰীহ তেজাল যুৱকৰ চিতা৷ অস্তমিত সূৰুযৰ ৰঙচুৱা বৰণ আৰু চিতাৰ জুইৰ ৰঙে আকাশ ছানি ধৰিছিল৷ চাৰিওফালে লোকে-লোকাৰণ্য৷

প্ৰথমবাৰৰ বাবে গণবিদ্ৰোহৰ সমুখত নিৰাপত্তা বাহিনীৰ লোকক নিস্তেজ দেখিছিলোঁ৷ বাটৰ দাঁতিৰ এঠাইত অকলে এজন পৰাজিত সৈনিকৰ দৰে সকলোৰে চকুৰ আঁৰত থিয় হৈ কেৱল চিতাৰ জুইসমূহলৈ চাই আছিলোঁ৷ চকুৰ পানীয়ে চকু ঢাকি পেলাইছিল৷ মাজে মাজে চিতাৰ জুইবোৰ অস্পষ্ট হৈ গৈছিল৷ চিতাৰ জুইৰ শিখা আৰু ধোঁৱাৰ মাজত মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিছিলোঁ– ন্যায় ক’ত?

১৯ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈকে এই কেউটা দিনত মইতো সকলো চেষ্টাই কৰিছিলোঁ, কিন্তু কিয় সেই নিৰ্দোষী যুৱককেইজনৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলোঁ৷ হঠাতে মোৰ কান্ধত এখন হাতৰ স্পৰ্শ অনুভৱ কৰিলোঁ– ঘূৰি চালোঁ, আৰক্ষী অধীক্ষক আৰ কে সিং মোৰ পিছফালে থিয় দি আছে৷ মই তেওঁক দাদা বুলি সম্বোধন কৰিছিলোঁ৷

মই সুধিলোঁ, 'দাদা, মোৰ কিবা ভুল হৈ গ’ল নেকি? মইতো সকলোবোৰ দুৱাৰত টুকুৰিয়াইছিলোঁ, কিয় নিৰ্দোষী যুৱককেইজনক ৰক্ষা কৰিব নোৱাৰিলো?' তেওঁৰ চকুত মই চকুলো দেখিছিলোঁ ।তেওঁ ক’লে, 'তোমাৰ অলপো ভুল হোৱা নাই৷ আমাৰ ভুল, ক’ৰবাত আমাৰ ব্যৱস্থাটোৰো ভুল আছে৷ তুমি হতাশ নহ’বাঁ৷ তুমি যুঁজি যোৱাঁ, ন্যায় পাবাঁ৷ মোৰ শুভেচ্ছা থাকিব৷'

গোটেই নিশা উজাগৰে পাৰ হ’ল৷ পিছদিনা ২৫ ফেব্ৰুৱাৰীৰ পুৱাৰ পৰাই এই কথা জানিবলৈ উদগ্ৰীৱ হৈ আছিলোঁ যে ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো যুৱককেইজনক ভুৱা সংঘৰ্ষৰে কিয় হত্যা কৰা হ’ল? পুৱাৰ পৰাই বিভিন্ন চৰকাৰী বিষয়া, মৃতকৰ পৰিয়ালৰ বিভিন্নজনৰ লগত যোগাযোগ কৰাত যি প্ৰতিচ্ছবি পালোঁ, সি অতি লোমহৰ্ষক৷

মৃতদেহসমূহৰ কাৰোবাৰ চকু উলিয়াই দিয়া হৈছিল, কোনোবাজনৰ জিভা কাটি পেলোৱা হৈছিল, কেইবাজনৰো আঙুলিৰ নখসমূহ উভালি দিছিল, আঁঠুৰ ঘিলা ভাঙি দিছিল৷ সকলোৰে শৰীৰত বৈদ্যুতিক শ্বক্ দিয়াৰ চিহ্ন আছিল৷ পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এই তথ্যসমূহ প্ৰকাশ পাইছিল৷

তেতিয়া মই ধাৰণা কৰিছিলোঁ যে এই ৫জন যুৱকক ইমান নৃশংশভাৱে অত্যাচাৰ কৰা হৈছিল, ন্যায়ালয়ৰ নিৰ্দেশ ওলোৱাৰ লগে লগে সংশ্লিষ্ট সেনা বিষয়াসকল বিবুধিত পৰিছিল, কাৰণ এই যুৱককেইজনক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিব পৰা অৱস্থাত নাছিল আৰু সেইবাবেই ন্যায়ালয়ৰ নিৰ্দেশ ওলোৱাৰ লগে লগেই যুৱককেইজনক ডিব্ৰু-ছৈখোৱা বনাঞ্চললৈ নি হত্যা কৰা হৈছিল আৰু কম আঘাতপ্ৰাপ্ত চাৰিজনক ভিন্ন ভিন্ন বনাঞ্চলত এৰি দিওঁতে বন্দুকৰ নলীৰে ভাবুকি দিছিল যে কোনো কাৰণতে তেওঁলোকক সেনাবাহিনীয়ে নিছিল বুলি কাকোৱেই ক’ব নোৱাৰিব৷

পৰৱৰ্তী সময়ত মহামান্য উচ্চ ন্যায়ালয়ে এক দণ্ডাধীশ তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিলে৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু মৃতদেহৰ আলোকচিত্ৰসহ সেই সময়ৰ ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়া নিৰঞ্জন বৰুৱাই তদন্তৰ প্ৰতিবেদন দাখিল কৰিলে৷ দুয়োখন প্ৰতিবেদন সম্পূৰ্ণ বিপৰীতধৰ্মী হোৱা বাবে উচ্চ ন্যায়ালয়ে চিবিআই তদন্তৰ নিৰ্দেশ দিলে৷ চিবিআয়ে কৰা তদন্ততহে সত্যসমূহ প্ৰকাশ পাইছিল৷

প্ৰকাশ পাইছিল ধলা সামৰিক বাহিনীৰ পৰা দিনৰ ১২.৩০ বজাত কিদৰে ৫জন যুৱকক লাইনা গাঁৱলৈ নি দুখন নাৱত নৈ পাৰ কৰাই ডিব্ৰু-ছৈখোৱা বনাঞ্চললৈ লৈ যোৱা হৈছিল আৰু গুলীয়াই হত্যা কৰিছিল৷ দণ্ডাধীশ তদন্তৰ সময়ছোৱাত সেনাবাহিনীয়ে পুনৰ জীৱিত সাক্ষীকেইজনক উঠাই দিনলৈ বাৰম্বাৰ চেষ্টা কৰিছিল যাতে এই হত্যাকাণ্ডৰ কোনো সাক্ষী নাথাকে৷

কিন্তু আৰক্ষীয়ে সাক্ষীসকলক সুৰক্ষিত কৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল আৰু সফল হৈছিল৷ ২২ ফেব্ৰুৱাৰীতে যদি ‘হেবিয়াছ কৰপাছ’ কৰা নহ’লহেঁতেন, এইটো এটা সংঘৰ্ষ বুলিয়েই হয়তো প্ৰতিপন্ন হ’লহেঁতেন৷

সেনাবাহিনীৰ সেই বিষয়াসকলে ৫জন উগ্ৰপন্থী সফলতাৰে হত্যা কৰাৰ বাবে পৰৱৰ্তী সময়ত সাহসিকতাৰ পুৰস্কাৰ লাভ কৰিছিল৷ যাৰ বাবে সেই সময়ৰ কৰ্ণেল এ কে লাল পৰৱৰ্তী সময়ত মেজৰ জেনেৰেল হৈছিল৷ মেজৰ মেথিউ আৰু কেপ্টেইন চিবিৰেনৰ কৰ্ণেললৈ পদোন্নতি হৈছিল৷ কিন্তু নিৰীহৰ তেজেৰে ধোৱা পুৰস্কাৰ বা পদোন্নতি স্থায়ী নহ’ল৷

সুদীৰ্ঘ ২৪ বছৰ অপেক্ষাৰ অন্তত যোৱা আগষ্ট মাহত দিনজান সেনা ছাউনীৰ পৰা মোক ফোনযোগে ক’ৰ্ট মাৰ্শ্বেললৈ সাক্ষ্য দিবলৈ অনুৰোধ জনালে৷ যথেষ্ট উৎকণ্ঠাৰ মাজত মই সেনা ছাউনী পালোঁগৈ৷ ৩ জন মেজৰ জেনেৰেলৰ দ্বাৰা গঠিত জুৰীৰ সমুখত মই যেতিয়া সাক্ষ্য দিলোঁ, সেইদিনা মই আশাৰ ৰেঙনি দেখিছিলোঁ৷

কাৰণ সেনা ছাউনীত সেনা অধিবক্তা মেজৰ কৰণ সিং আৰু ব্ৰিগেডিয়াৰ কে জি কে নায়াৰৰ বলিষ্ঠ ভূমিকাই মোক যথেষ্ট আশাবাদী কৰি তুলিছিল৷ সেইদিনা মই অনুভৱ কৰিছিলোঁ যে ন্যায় সমাগত আৰু অৱশেষত সম্পূৰ্ণ ২৪ বছৰ ৭ মাহ ২০ দিনৰ পিছত যোৱা ১৩ অক্ট’বৰৰ দিনা নিশা ৭.৩০ বজাত দিনজান সেনা ছাউনীত দিনটো ৰৈ থকা সংবাদিক বন্ধু এজনে ৰায়টোৰ বিষয়ে জনালে৷

এক দীঘলীয়া যাত্ৰাৰ যৱনিকা পৰিল৷ প্ৰথমে উচ্চ ন্যায়ালয়, তাৰ পিছত উচ্চতম ন্যায়ালয়, তাৰ পিছত ক’ৰ্ট মাৰ্শ্বেল, এক দীঘলীয়া পৰিক্ৰমা৷ পুনৰ মোৰ মনলৈ অহা প্ৰশ্নটো হ’ল– কাৰ জয় হ’ল? উত্তৰো পালোঁ– ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু ন্যায় ব্যৱস্থাৰ জয় হ’ল৷ এই ৰায়দানে ভাৰতীয় সাংবিধানিক বিধি-ব্যৱস্থাৰ ওপৰত বিশ্বাস আৰু গৰিমা বৃদ্ধি কৰিলে৷

ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত, ন্যায় ব্যৱস্থাত ন্যায় পোৱা যায়৷ মাথোঁ এই ব্যৱস্থাটোত কোনেও হস্তক্ষেপ নকৰাকৈ নিজধাৰাৰে নিৰপেক্ষভাৱে চলিব দিব লাগে৷ আজি মই উচ্চ ন্যায়ালয়ৰ দুয়োজন অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্য্য আৰু প্ৰণৱ পাঠকক কৃতজ্ঞতা জনাইছোঁ৷

সেই সময়ৰ ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়া বৰ্তমান কোকৰাঝাৰৰ উপায়ুক্ত নিৰঞ্জন বৰুৱা আৰু মৰণোত্তৰ পৰীক্ষা কৰা ডাঃ হেমন্ত মহন্তক কৃতজ্ঞতা জনাইছোঁ৷ এই দুয়োজনে যথেষ্ট দৃঢ়তাৰে এই সুদীৰ্ঘ ২৪ বছৰ সত্যসমূহ উপস্থাপন কৰি এই ন্যায়প্ৰাপ্তিত সহায় কৰিছিল৷ সেই সময়ৰ তালাপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মণিক গোস্বামীক কৃতজ্ঞতা জনাইছোঁ৷ তেওঁ কৰণীয় সকলো যথাযথভাৱে পালন কৰিছিল৷

অকথ্য নিৰ্য্যাতনৰ পিছতো ২৪ বছৰ সত্যৰ পক্ষত থিয় দিয়া চাহ বাগিচাৰ চকীদাৰ শংকৰ ৰায় আৰু নাৱৰীয়া দুৰ্গা ওৰাঙক অভিবাদন জনাইছোঁ৷ শংকৰ ৰায়ে অকথ্য নিৰ্যাতন সহি ৮মাহ কাৰাবাসত থাকিও নিজৰ বক্তব্য সলনি নকৰিলে আৰু দৃঢ়তাৰে সত্যৰ পক্ষত অবিচলিতভাৱে থিয় হৈ ৰ’ল৷

মৃত্যুৰ দুৱাৰডলিৰ পৰা ঘূৰি আহিও ন্যায় প্ৰতিষ্ঠাৰ বাবে সাক্ষ্যদান কৰা গুণীন হাজৰিকা, মতেশ্বৰ মৰাণ, প্ৰকাশ শৰ্মা আৰু প্ৰয়াত মনোৰঞ্জন দাসৰ পৰিয়াললৈ কৃতজ্ঞতা জনাইছোঁ৷ তামুলীগাঁৱৰ গাওঁবুঢ়া হৰেশ্বৰ মৰাণ, লীলা দিহিঙীয়া, খোৱাং চাহ বাগিচাৰ কৰ্মচাৰী অমৃত এক্কা এই তিনিজনেও সাক্ষ্য প্ৰদান কৰি এই ন্যায়প্ৰাপ্তিত সহযোগ কৰিছিল৷ তেওঁলোকলৈও কৃতজ্ঞতা জনালো৷

মহামান্য উচ্চতম ন্যায়ালয়, মহামান্য উচ্চ ন্যায়ালয় আৰু ভাৰতীয় সেনাবাহিনীকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এইবাবেই যে ভাৰতীয় সাংবিধানিক বিধি-ব্যৱস্থাৰ ওপৰত আস্থা স্থাপন কৰিব পৰাকৈ এই অনুষ্ঠানসমূহে এক যুগান্তকাৰী পদক্ষেগ্ৰহণ কৰিছিল৷

পৰিশেষত,

‘Inspite of all, I still believe that justice may be delayed but not denied in Indian democratic system. That is why Indian democracy is still in the sky high with glory.’

(লেখকৰ অনুমতি লৈ পুনৰ প্ৰকাশিত)

সমাপ্ত